চ’ৰাঘৰ / কথাশিল্প

কথাশিল্প

অপৰিচিত৷৷ মূল ইংৰাজী : চৈয়দ আহমদ ছাহ, অনুবাদ: অৱনী বুঢ়াগোহাঁই৷৷

তোমাৰ বাবে কোনো তেজ কাৰো অন্তৰৰ পৰা নিগৰি নাহে, তোমাৰ কলিজাৰ মাজেদি পাৰ কৰিবলৈ কোনো ঘৰ্মাক্ত হাতৰ সেমেকা মুঠিত এখন ছুৰী নাথাকে, তোমাক ঘৃণাও নকৰে প্ৰেমো নকৰে, ময়ো নাজানো, দয়া অনুভৱ কৰো নে ঈৰ্ষা অনুভৱ কৰো । অপৰিচিত ! মৃত মানুহৰ মহানগৰীলৈ তুমিয়েই অহা একমাত্ৰ তেজ-মঙহৰ শৰীৰ, বিভ্ৰান্তিৰ সাঁথৰেৰে ভৰা …

অধিক চাওক

বৰষুণৰ অন্য গদ্য, অন্য পদ্য৷৷ টুনুজ্যোতি গগৈ৷৷

ৰ’দৰ কোঁৱৰে বিয়লি বেলা তেওঁৰ কোঠাৰ ৰুদ্ধ বাতায়ন খুলি দিয়াৰ লগে লগে দেখিলে, ঘৰৰ সন্মুখৰ ফেটীগোমৰ ছালৰ দৰে মসৃণ পকীপথটোৰে আৰু অনন্ত ৰঙা হৈ পৰা দুজোপা কৃষ্ণচূড়াৰ তলেৰে লয়লাস খোজেৰে পাৰ হৈ গৈছে এগৰাকী গৌৰবৰ্ণী দীৰ্ঘাংগী, আহোঁ নাহোঁকৈ নামি অহা ‘সপোন যেন বৰষুণ’জাকে তিয়াই পেলাইছে ছত্ৰবিহীনাৰ দেহ বল্লৰী, নিতম্বলৈকে বৈ …

অধিক চাওক

ছায়াছবি৷৷ মমিন বৰা৷৷

আলকতৰা গলি যোৱা দুপৰীয়া গান শুনি আলিবাটত শুই পৰে ঘামবোৰ ঘামৰনো আৰু কি গান পেটৰ জুইকুৰা- ঘামবোৰৰ গান বুকুৰ মজ্জাত বাহ লোৱা বিষবোৰ— ঘামবোৰৰ গান ঘামৰ কান্দোন বুলিবলৈও একো নাই মাথোন বুকুৱেদি উৰি ফুৰা ধুলি আৰু শুকাই কৰ্কৰীয়া হোৱা এখন চকুৰ চোতাল এই ঘামে ধুলিৰ সতে লেটি লৈ বেকত কৰে …

অধিক চাওক

সেয়া সময়ৰ তৰপ আছিল৷৷ সৃষ্টি শ্ৰেয়ম৷৷

বুকুৰ উঠা-নমাত লাহে লাহে লাহেকৈ জিলিকিছিল পখিলাৰ এটা ফছিল কেতিয়া -বা ছাগৈ উৰিছিল কেতিয়া -বা ছাগৈ সৰিছিল কেতিয়া -বা ছাগৈ স্মৃতিয়ে সাৱটিছিল কোলাত তৰপৰ পাছৰ তৰপত মাথোঁ টোপনি আছিল টোপনিৰ ঘৰত ছন্দ থাকে টোপনিৰ ঘৰত প্ৰশান্তি থাকে টোপনিৰ ঘৰত থাকে নিৰ্জনতাও আন্ধাৰ আৰু শূন্য টোপনিৰ উঠা-নমাত মুখ গুঁজি বৰ সন্তৰ্পণে …

অধিক চাওক

মাছৰ ফিছাৰ ঢৌ৷৷ কোকিল শইকীয়া৷৷

মাছৰ ফিছাৰ ঢৌত পানীৰ কঁকাল ভাঙে জলগাভৰুৰ ঢৌ মেথনিলৈ উজাই অাহে নামি যায় ৰ’দৰ জিলিঙনিত উটি উটি গুচি যায় তাইৰ লাস্যময়ী চুলিকোচা কোনোবা দুপৰীয়াৰ ঘাটত গৰখীয়া ল’ৰা নৈত নামে গা ধুবলৈ অকলে অকলে বুৰ মাৰি উঠি অাহোতে বাউসীত উঠি অাছে দীঘল চুলি এডালৰ গোন্ধ গৰখীয়াৰ বুঢ়ীমাকৰ পাতচৰুত চাউল সিজে বুদ …

অধিক চাওক

উলংগ ৰজা৷৷ মূল: নীৰেন্দ্রনাথ চক্রবর্তী, ভাষান্তৰ : নীলাভ সৌৰভ৷৷

সকলোৱে দেখিছে যে ৰজা উলংগ, তথাপি সকলোৱে হাত তালি দিছে। সকলোৱে টেটু ফালিছে; চাব্বাচ, চাব্বাচ! কাৰোবাৰ মনত সংস্কাৰ, কাৰোবাৰ ভয়; কোনোবাই নিজৰ বুদ্ধি বিবেচনাক আনৰ হাতত বন্ধকত থৈছে; কোনোবা পৰজীৱী অথবা কৃপাপ্রার্থী কোনোবা পদপ্ৰাৰ্থী অথবা প্রবঞ্চক কোনোবাই ভাবিছে- সঁচাকৈয়ে যিহেতু ৰাজবস্ত্র, ইমান সৰু চকুত ধৰা নপৰিব পাৰে হয়তো আছে, অন্ততঃ …

অধিক চাওক

বতৰৰ কবিতা৷৷ টুনুজ্যোতি গগৈ৷৷

দুপৰ বেলা ভোকত ৰ’ব নোৱাৰি উঠন গৰখীয়া দৌৰ মাৰে বাঁৰী তিৰোতাৰ বাৰীলৈ জেওৰা জঁপিয়াই ছিঙি আনে দুটি পকা আম পোকে ধৰা আমৰো সুকীয়া গোন্ধ থাকে তাৰ ওঁঠ-জিভাত নিস্পেষিত হয় পূৰঠ গুটি দুটিও মৌজাদাৰৰ বাৰীত ৰঙচুৱা হৈ ‘মোক খা’ ‘মোক খা’ কৰি ওলমি থাকে দুটি ডালিম ওখ জেওৰা জঁপিয়াই, ৰখীয়াৰ চকুত …

অধিক চাওক

মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা৷৷ উদ্দীপ্ত হাজৰিকা৷৷

মই জেপত পিষ্টল লৈ ফুৰোঁ বুলি আগতে তেওঁলোকে নাজানিছিল সিদিনা হঠাৎ মই যেতিয়া শত্ৰুৰ দুৰ্গত বন্দী তেওঁলোকে পঢ়িলে খবৰ মানুহৰ মুখে মুখে হিচ হিচ বতাহত বাগৰি যোৱা গোপন ইস্তাহাৰখন ঘোষিত হ’ল— সামন্তৰ ভঁৰালত ধান কাঢ়িবলৈ যোৱা মই এটা ডকাইত৷ লগে লগে মোৰ স’তে হোৱা সকলো সন্ধিপত্ৰ ছিঙি তেওঁলোকে এশবাৰ আকাশলৈ …

অধিক চাওক