বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / নাৰী অধ্যয়ন বিশেষ (পৃষ্ঠা 2)

নাৰী অধ্যয়ন বিশেষ

বিবাহ বিচ্ছেদ আৰু নাৰী-বিদ্বেষ ( জুনু বৰা )

ভাৰতৰ উচ্চতম ন্যায়ালয়ে কিছুদিনৰ আগতে বিবাহ বিচ্ছেদ সম্পৰ্কীয় এক গোচৰত ৰায়দান কৰিছিল। সেই ৰায় প্ৰদানক কেন্দ্ৰ কৰি সচেতন মহলত সমগ্ৰ দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিভিন্ন ধৰণৰ চৰ্চা চলিছে। বিশেষকৈ ছচিয়েল নেটৱৰ্কিং ছাইটত ইয়াৰ পক্ষে – বিপক্ষে নানা বাদানুবাদ চলিছে , য’ত ব্যাপক সংখ্যক নৱপ্ৰজন্মই ভাগ লৈ নিজৰ মত …

অধিক চাওক

পুৰুষৰ বাবে ‘নাৰী অধ্যয়ন’ৰ আৱশ্যকতা ( চন্দ্ৰালী শৰ্মা )

‘নাৰী অধ্যয়ন’ক বিষয় হিচাপে লৈ স্নাতকোত্তৰ শ্ৰেণীত পঢ়ি থকাৰ কালছোৱাত বহুলোকে আমাক সোধা মনত পৰে; বিষয়টোনো কি? ইয়াৰ বিষয়বস্তু কেনেধৰণৰ ? বহুলোকৰ বিষয়টোক লৈ নানা ভ্ৰান্ত ধাৰণা থকাও দেখা পাইছিলো। বহুজনে আকৌ বিষয়টোক অপ্ৰাসংগিক বুলি উপলুঙা কৰাও মনত আছে। ‘নাৰী অধ্যয়ন’ বিষয়টো অনান্য পৰম্পৰাগত বিষয়তকৈ (সাহিত্য, বুৰঞ্জী, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান …

অধিক চাওক

নাৰী, আৰু কিমান দিনলৈ? ( আবিদ আজাদ )

নাৰী সবলীকৰণ বুলি যেতিয়া কোৱা হয়, আমাৰ জ্ঞাতে বা অজ্ঞাতে তাৰ সৈতে দুটা শব্দ জৰিত হৈ পৰে – এটা হৈছে ‘সবল’ আৰু আনটো হৈছে ‘দুৰ্বল’৷ ‘সবল’ বুলি কওঁতে আমি আচলতে কি বুজাব বিচাৰোঁ? কিহৰ সবলীকৰণ বিচাৰিছোঁ আৰু কাৰ পৰা বিচাৰিছোঁ? বাৰ্ট্ৰাণ্ড ৰাছেলৰ মতে সমাজ বিজ্ঞানৰ মূল আধাৰটো হৈছে ক্ষমতা আৰু …

অধিক চাওক

নাৰী অধ্যয়নঃ এক আলোকপাত ( লখিমী দেৱী )

‘নাৰী অধ্যয়ন’ কি? ‘নাৰী অধ্যয়ন’ৰ প্ৰয়োজনীয়তা কি? নাৰীৰ বিষয়ত ইমান অধ্যয়ন কৰিবলৈ কি কি বিষয় আছে? এনেধৰণৰ বহু প্ৰশ্নৰ সম্মুখীন বহু সময়ত হ’বলগীয়া হয় যেতিয়া নাৰী অধ্যয়ন বা মহিলা সম্পৰ্কীয় যিকোনো বিষয় যিকোনো ক্ষেত্ৰত সৰ্বসাধাৰণৰ আগত দাঙি ধৰিবৰ প্ৰয়োজন হয়। যিহেতুকে ‘নাৰী অধ্যয়ন’ক সাধাৰণতে গতানুগতিক ভাৱধাৰাৰ গণ্ডীৰ ভিতৰত ধৰা নহ’য় …

অধিক চাওক

কৰ্মনিয়োজন আৰু নাৰী ( উপাসনা কৃষ্ণায়েত্ৰ )

ইন্দিৰা নুয়ী, জয়াললিতা, চন্দা কোচ্চাৰ, কিৰণ মজুমদাৰ শ্ব’ আদিৰ দৰে মহিলাসকলৰ কথা মনলৈ আহিলে এনে লাগে ইমানবোৰ ‘অতি সফল’ নাৰী থকা স্বত্বেও এনে বিষয়ত আলোচনা কৰাৰ অৰ্থ আছে জানো? দৰাচলতে নব্য অৰ্থনীতিৰ সৈতে অহা ধাৰণা ‘চেষ্টাৰ জৰিয়তে সকলো সম্ভৱ’ আদিয়ে প্ৰায়ে আমাক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে যথাসম্ভৱ কষ্ট কৰা …

অধিক চাওক

‘বিধৱাৰ পাগ’-নাৰীৰ বিৰুদ্ধে আন এক অপৰাধ ( প্ৰতিম প্ৰতাপ বৰুৱা )

অসমকে ধৰি ভাৰতৰ প্ৰায় সকলো ঠাইতে নাৰী নিৰ্যাতনৰ, সঠিককৈ ক’লে নাৰীৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা প্ৰতিদিনে বাঢ়িছে আৰু একে সময়তে এই অপৰাধবিলাকৰ নৃশ্ংসতাও ভয় লগাকৈ বৃদ্ধি পাইছে, সেয়া অস্বীকাৰ কৰাৰ উপায় নাই। পৰিসংখ্যাই আমাক ভালেখিনি তথ্য জানিবলৈ দিয়ে (অৱশ্যে, পৰিসংখ্যাই যিমানখিনি তথ্য দিয়ে সেইখিনি সম্পূৰ্ণ নহয়। কাৰণ পৰিসংখ্যাৰ আউটিলৈ সেইখিনি ঘটনাহে …

অধিক চাওক

নাৰী, সমসাময়িক সমাজ আৰু নাৰী অধ্যয়ন : কিছু চিন্তা ( কংকনা বৈশ্য )

‘নাৰীবাদ’ , ‘নাৰী সৱলীকৰণ’ ; ‘নাৰীৰ অধিকাৰ’, ‘বৈষম্য’ সমাজৰ বহুল চৰ্চিত বিষয়। কিন্তু ইয়াক প্ৰকৃত অৰ্থত কিমানে বুজে, সেইটো চিন্তনীয় বিষয়।এই শব্দবোৰৰ যদিও শব্দ হিচাপে অৰ্থ এটা, কিন্তু পৰিস্থিতি অনুসৰি ইয়াৰ অৰ্থ ভিন্নজনৰ কাৰণে ভিন্ন ভিন্ন। উদাহৰণস্বৰূপে আমি দুটামান দৃশ্যই ল’ব পাৰো। আমি প্ৰায়ে শুনো তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ লোকে কয়,” …

অধিক চাওক