বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / ধাৰাবাহিক (পৃষ্ঠা 2)

ধাৰাবাহিক

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’– দুই (গীতালী বৰপাত্ৰগোহাঁই)

(যোৱা সংখ্যাৰ পাছৰ পৰা) সাধাৰণতে নাৰী বিষয়ক আলোচনাবোৰত এনে কিছু কথা প্ৰায়েই উল্লেখ হোৱা দেখা যায় যে ‘নাৰীহে নাৰীৰ শত্ৰু’ বা ‘নাৰীক নাৰীৰ পৰাহে মুক্তি লাগে’। নাৰীবাদক পুৰুষ বিদ্বেষী বুলি অশুদ্ধ ধাৰণা প্ৰতিষ্ঠা কৰিব বিচৰাসকলে এনে উদাহৰণ দি আশ্বস্ত হ’ব বিচাৰে যে যৌতুক প্ৰথা, কন্যা সন্তানক হেয় জ্ঞান কৰা, সন্তানহীনা নাৰীক …

অধিক চাওক

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’– এক ( গীতালী বৰপাত্ৰগোহাঁই)

সমাজৰ অশুভ শক্তিবিলাকক প্ৰত্যাহবান জনাই উত্তৰণমুখী সমাজ ৰূপান্তৰত সহায়ক হিচাবে যিবিলাক তত্ত্ব বা মতবাদৰ সৃষ্টি হৈ আহিছে, সেইবিলাকৰ যদি সাৰভাগ শুদ্ধ ৰূপত প্ৰসাৰ আৰু প্ৰচাৰ নহয়, তেন্তে সমাজ পৰিৱৰ্তন প্ৰক্ৰিয়াটো হৈ পৰে লেহেমীয়া আৰু বিভ্ৰান্তিপূৰ্ণ। কোনো কোনো ক্ষেত্ৰত দেখা যায় যে একোটা মতবাদত বিশ্বাসীসকলৰ নিজৰ মাজতো মতান্তৰ তথা দ্বিপাক্ষিক যুক্তি …

অধিক চাওক

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ/ দুই (ডঃ কমল কুমাৰ তাঁতী)

( যোৱা সংখ্যাৰ পৰা) ১৯০০-১৯৩০ চনৰ সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত আদিবাসী চাহ-শ্ৰমিকসকলৰ নেতৃত্ত্বত সংঘটিত হোৱা শ্ৰমিক আন্দোলনসমূহৰ সম্পৰ্কে কিছু কথা এই লেখাৰ জৰিয়তে আলোকপাত কৰিব বিচৰা হৈছে ৷ ‘Forms of Labour Protest in Assam Valley Tea Plantations, 1900-1930’-শীৰ্ষক গৱেষণাপত্ৰখনত বিশিষ্ট সমাজ-বিজ্ঞানী ৰাণাপ্ৰতাপ বেহেলে এই বিষয়ে আলোচনা আগবঢ়াইছে ৷ কুখ্যাত বনুৱা চালান …

অধিক চাওক

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ (ডঃ কমল কুমাৰ তাঁতী)

(১) ঐতিহাসিক তথ্য-পাতিসমূহ আৰু তদানীন্তন ব্ৰিটিছ চৰকাৰৰ বিভিন্ন চৰকাৰী নথি-পত্ৰৰ জৰিয়তে এই কথা স্পষ্টভাৱে প্ৰমাণিত হৈছে যে, বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত, অৰ্থাৎ ১৯০০ চনৰপৰা ১৯৩০ চনৰ মাজৰ সময়চোৱাত, ঔপনিৱেশিক অসমৰ চাহ-বাগিছাসমূহত আদিবাসী চাহ-শ্ৰমিকসকলৰ নেতৃত্ত্বত এলানি শ্ৰমিক আন্দোলন সংঘটিত হৈছিল ৷ তদুপৰি, কিছু তথ্য-পাতিয়ে এই কথাও উনুকিয়াই দিয়ে যে – …

অধিক চাওক

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ (টুনুজ্যোতি গগৈ)

( যোৱা সংখ্যাৰ পাছৰ পৰা) কোম্পানীৰ আগমনত পোনতে অসমৰ সৰ্বসাধাৰণে স্বস্তিৰ নিশ্বাস কাঢ়িলেও কম দিনৰ ভিতৰতে কোম্পানীৰ অমানৱীয় শাসন-শোষণৰ কেকোঁৰা চেপাত তেওঁলোক বিদ্ৰোহী হৈ উঠিছিল৷ কোম্পানীৰ সেই খাজনা শোষণৰ প্ৰতিবাদত খাটিখোৱা কৃষকসকলে অসমৰ ঠায়ে ঠায়ে ৰাইজমেল অনুষ্ঠিত কৰিছিল৷ উল্লেখ্য যে আহোম ৰাজত্বৰ সামন্তীয় শোষণৰ বিৰুদ্ধে সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহআৰু ব্ৰিটিছৰ …

অধিক চাওক

ভাষাৰ ব্যৱহাৰ ( ডঃ ছবি গগৈ)

ভাষা এটা জীয়াই থাকে মানুহৰ মুখত। গ্ৰন্থৰ ভাষাটো এক শ্ৰেণীৰ মানুহৰ মাজতহে সীমিত হৈ থাকে । মুখৰ ভাষাটোৱে সমাজৰ বহল অংশ অধিকাৰ কৰি থাকে। বহু সময়ত মুখৰ ভাষাই লিখিত ভাষাটোক প্ৰভাৱিত কৰাও দেখা যায়। এই প্ৰভাৱে ভাষাৰ লিখিত ৰূপক কেতিয়াবা সমৃদ্ধ কৰে; কেতিয়াবা আপচু আৰু বিকৃত কৰে। সেয়ে মুখৰ ভাষাক …

অধিক চাওক

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ ( টুনুজ্যোতি গগৈ )

( যোৱা সংখ্যাৰ পাছৰ পৰা) পুৰন্দৰ সিংহই প্ৰথম তিনিবছৰ কোম্পানীক নিৰ্দ্ধাৰিত পৰিমাণৰ খাজনা দিবলৈ সক্ষম হ’লেও চতুৰ্থ বছৰত সেই পৰিমাণৰ খাজনা দিবলৈ সক্ষম নহ’ল৷ পঞ্চম বছৰত খাজনা দিবই নোৱাৰিলে৷ উল্লেখ্য যে ৰাজ প্ৰশাসনৰ চিৰস্তাদাৰ আৰু বৰ ভঁৰালী হিচাবে খাজনা সংগ্ৰহৰ দায়িত্বত আছিল মণিৰাম৷ মণিৰামে ৰাজ প্ৰশাসনক নিৰ্দ্ধাৰিত পৰিমাণৰ খাজনা সংগ্ৰহ …

অধিক চাওক

লিংগ বিভ্ৰাট (ডঃ ছবি গগৈ)

পদবী, আসন, কৰ্ম আদি বিশেষণবোৰত লিঙ্গ বিচাৰ কৰাত বৰ খেলিমেলি হয় । সাধাৰণতে পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ বিভাজনেৰে এইবোৰ শব্দক ব্যৱহাৰ কৰা হয় । কিন্তু এইবোৰ বিশেষণবাচক শব্দৰ লিঙ্গবিভাজন কৰিবই নালাগে । উদাহৰণঃ সভাপতি=সভানেত্ৰী/ সম্পাদক= সম্পাদিকা/ বিধায়ক=বিধায়িকাি/ পৰিচালক=পৰিচালিকা…… ইত্যাদি । সভাৰ পতি বা গৰাকীজনক সভাপতি বোলে । পতি বা গৰাকীৰ পুংলিঙ্গ স্ত্ৰীলিঙ্গ …

অধিক চাওক