ইতিহাস

বিষ্ণু ৰাভা – বৃহত্তৰ অসমীয়ালৈ বহু দূৰ৷৷ হেমৰাজ ৰাভা৷৷

সপোন? হয় সপোন। কিন্তু কিছুমান অলীক সপোনে মানুহৰ মনত বিভ্রান্তিৰ সৃষ্টি কৰাটো স্বাভাবিক। অসমত হয়তো কোনোৱে আদিম যুগৰ পৰাই সমগ্র অসমৰ জনগোষ্ঠীসকলক লৈ এক বৃহৎ অসমীয়া জাতি গঠন কৰাৰ সপোন দেখিছিল। প্রতিটো যুগত প্রতিটো প্রজন্মৰ মুখতে মাথোঁ এক বৃহৎ জাতি গঠন কৰাৰ কথা শুনি আহোঁ । অকল অসমেই নহয়, সমগ্র …

অধিক চাওক

শংকৰদেৱৰ বিষয়ে নতুন চিন্তা-চৰ্চা ৷৷ টুনুজ্যোতি গগৈ৷৷

আপাত দৃষ্টিত চাবলৈ গ’লে শংকৰদেৱৰ বিষয়ে নতুনকৈ আলোচনা কৰিবলৈ একো বাকী নাই৷ লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, জ্ঞাননাথ বৰাৰ পৰা মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মালৈকে অলেখ বিদ্বান আৰু ধীমান ব্যক্তি, গৱেষক-পণ্ডিতে মধ্যযুগত অসম ভূমিত জন্মগ্ৰহণ কৰা বিৰল প্ৰতিভাসম্পন্ন ঐতিহাসিক পুৰুষ– একাধাৰে ধৰ্মগুৰু, দাৰ্শনিক, পণ্ডিত, নাট্যকাৰ, অভিনেতা, পৰিচালক, সংগীতকাৰ, উদ্ভাৱক শংকৰদেৱৰ জীৱন আৰু …

অধিক চাওক

স্বাধীনতা আৰু দেশ বিভাজন ৷৷ মূল : সুচেতা মহাজন, অনুবাদ : জিতেন বেজবৰুৱা)

  (বিপান চন্দ্ৰ, মৃদুলা মুখাৰ্জী, আদিত্য মুখাৰ্জী, সুচেতা মহাজন আৰু কে. এন. পানিক্কাৰৰদ্বাৰা যুটীয়াভাৱে লিখিত ‘India’s Struggle for Independence’ গ্ৰন্থৰ দুটামান অধ্যায়ৰ অনুবাদ পৃথক পৃথক ৰূপত পাঠকসমাজলৈ আগ বঢ়োৱা হ’ল। অনুবাদৰ সময় ২০১৪ চনৰ প্ৰথমভাগ। এই অনুবাদ-কাৰ্য উক্ত গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰাৰ এক যুটীয়া প্ৰজেক্টৰ অংশবিশেষ, যাৰ মূল স্বত্ব …

অধিক চাওক

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ/ তিনি (ডঃ কমল কুমাৰ তাঁতী)

(যোৱা সংখ্যাৰ পৰা) ১৯০৪ চনৰপৰা ১৯১৬ চনৰ মাজৰ সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত গঢ় লৈ উঠা এক বিশেষ বিদ্ৰোহৰ বিষয়ে কিছু কথা এই লেখাটোৰ জৰিয়তে আলোকপাত কৰিব বিচৰা হৈছে – যাক মই ‘হাট-বিৰোধী বিদ্ৰোহ’ বুলি অভিহিত কৰিব বিচাৰিছোঁ ৷ সমাজ-বিজ্ঞানী ড0 সঞ্জয় বৰবৰাই তেওঁৰ ‘Struggles in the Tea Plantations of Assam: Then …

অধিক চাওক

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ/ দুই (ডঃ কমল কুমাৰ তাঁতী)

( যোৱা সংখ্যাৰ পৰা) ১৯০০-১৯৩০ চনৰ সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত আদিবাসী চাহ-শ্ৰমিকসকলৰ নেতৃত্ত্বত সংঘটিত হোৱা শ্ৰমিক আন্দোলনসমূহৰ সম্পৰ্কে কিছু কথা এই লেখাৰ জৰিয়তে আলোকপাত কৰিব বিচৰা হৈছে ৷ ‘Forms of Labour Protest in Assam Valley Tea Plantations, 1900-1930’-শীৰ্ষক গৱেষণাপত্ৰখনত বিশিষ্ট সমাজ-বিজ্ঞানী ৰাণাপ্ৰতাপ বেহেলে এই বিষয়ে আলোচনা আগবঢ়াইছে ৷ কুখ্যাত বনুৱা চালান …

অধিক চাওক

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ (ডঃ কমল কুমাৰ তাঁতী)

(১) ঐতিহাসিক তথ্য-পাতিসমূহ আৰু তদানীন্তন ব্ৰিটিছ চৰকাৰৰ বিভিন্ন চৰকাৰী নথি-পত্ৰৰ জৰিয়তে এই কথা স্পষ্টভাৱে প্ৰমাণিত হৈছে যে, বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত, অৰ্থাৎ ১৯০০ চনৰপৰা ১৯৩০ চনৰ মাজৰ সময়চোৱাত, ঔপনিৱেশিক অসমৰ চাহ-বাগিছাসমূহত আদিবাসী চাহ-শ্ৰমিকসকলৰ নেতৃত্ত্বত এলানি শ্ৰমিক আন্দোলন সংঘটিত হৈছিল ৷ তদুপৰি, কিছু তথ্য-পাতিয়ে এই কথাও উনুকিয়াই দিয়ে যে – …

অধিক চাওক

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ (টুনুজ্যোতি গগৈ)

( যোৱা সংখ্যাৰ পাছৰ পৰা) কোম্পানীৰ আগমনত পোনতে অসমৰ সৰ্বসাধাৰণে স্বস্তিৰ নিশ্বাস কাঢ়িলেও কম দিনৰ ভিতৰতে কোম্পানীৰ অমানৱীয় শাসন-শোষণৰ কেকোঁৰা চেপাত তেওঁলোক বিদ্ৰোহী হৈ উঠিছিল৷ কোম্পানীৰ সেই খাজনা শোষণৰ প্ৰতিবাদত খাটিখোৱা কৃষকসকলে অসমৰ ঠায়ে ঠায়ে ৰাইজমেল অনুষ্ঠিত কৰিছিল৷ উল্লেখ্য যে আহোম ৰাজত্বৰ সামন্তীয় শোষণৰ বিৰুদ্ধে সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহআৰু ব্ৰিটিছৰ …

অধিক চাওক

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ ( টুনুজ্যোতি গগৈ )

( যোৱা সংখ্যাৰ পাছৰ পৰা) পুৰন্দৰ সিংহই প্ৰথম তিনিবছৰ কোম্পানীক নিৰ্দ্ধাৰিত পৰিমাণৰ খাজনা দিবলৈ সক্ষম হ’লেও চতুৰ্থ বছৰত সেই পৰিমাণৰ খাজনা দিবলৈ সক্ষম নহ’ল৷ পঞ্চম বছৰত খাজনা দিবই নোৱাৰিলে৷ উল্লেখ্য যে ৰাজ প্ৰশাসনৰ চিৰস্তাদাৰ আৰু বৰ ভঁৰালী হিচাবে খাজনা সংগ্ৰহৰ দায়িত্বত আছিল মণিৰাম৷ মণিৰামে ৰাজ প্ৰশাসনক নিৰ্দ্ধাৰিত পৰিমাণৰ খাজনা সংগ্ৰহ …

অধিক চাওক