দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / সমকাল (পৃষ্ঠা 3)

সমকাল

জাতীয়তাবাদ কি?৷৷ টুনুজ্যোতি গগৈ৷৷

ইংৰাজী ভাষাৰ Nation আৰু Nationalism শব্দ দুটা অসমীয়া ভাষাত ‘জাতি’ আৰু ‘জাতীয়তাবাদ’ হিচাবে ব্যৱহৃত হৈ আহিছে। ইংৰাজী ভাষাত Nationalism বুলিলে ‘‘Ideology of Nationhood’ বুজোৱাৰ দৰে অসমীয়া ভাষাত জাতীয়তাবাদ বুলিলে জাতি সম্পৰ্কীয় মতবাদকে বুজায়। কোনো ব্যক্তি বা সমষ্টিয়ে আত্ম পৰিচয়ক ত্যাগ কৰি আত্ম স্বাৰ্থ থিৰাং কৰিব নোৱৰাৰ দৰে কোনো জাতীয়তাবাদ জাতি …

অধিক চাওক

নাগৰিকত্ব সংশোধনী বিধেয়ক-বিৰোধী প্ৰতিবাদ আৰু প্ৰাসংগিক কিছু প্ৰশ্ন ৷৷ জিতেন বেজবৰুৱা৷৷

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে এই সময়ছোৱাত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক প্ৰতিবাদ ধ্বনিত হৈছে। বহল অৰ্থত এই প্ৰতিবাদৰ প্ৰধান কৃতিত্বটো হ’ল এই যে ই উক্ত আইনখনৰ বিৰোধিতাক এক জাতীয়-জনপ্ৰিয় স্তৰত প্ৰতিষ্ঠা কৰিছে। এই বিৰোধিতাৰ কিমানখিনি বিজেপি-আৰ এছ এছৰ ৰাজনীতিৰ সামগ্ৰিক বিৰোধিতালৈ ৰূপান্তৰিত হ’ব সেয়া সন্দেহজনক। কিন্তু এটা কথাত সন্দেহ নাই …

অধিক চাওক

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু কিছু কথা ৷৷ সৃষ্টি শ্ৰেয়ম৷৷

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ খন গৃহীত নহ’লেও ইয়াৰ উত্থাপন অসমীয়াৰ কাৰণে মংগলজনক বিষয় হিচাপেই পৰিগণিত হৈছে। নহ’লে আমি সঁচাকৈ আমাৰ কি আছিল আৰু কি আছে গমকে লোৱা নাছিলোঁ। তেনেকৈয়ে হয়তো এদিন ত্ৰিপুৰীসকলে নিজৰ মাটিত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল, বাঙালী আধিপত্যত নিজৰ ভাষা হেৰুৱাইছিল। তেনেকৈয়ে হয়তো এদিন আমাৰ কছাৰী ৰাজ্য কাছাৰকে আদি কৰি সমস্ত …

অধিক চাওক

অসমৰ অস্তিত্ব ৰক্ষা কৰিবই লাগিব৷৷ কৌশিক তালুকদাৰ৷৷

যোৱা ৭ মে’ত খানাপাৰালৈ অহা জেপিচিৰ সন্মুখত হাজাৰ হাজাৰ অসমপ্ৰেমীয়ে স্পষ্ট ৰূপত সংবিধান তথা অসম-বিৰোধী ‘নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক, ২০১৬’ৰ বিৰোধিতা কৰি জনাই দিলে যে কোনোপধ্যে ভাৰতৰ ধৰ্মনিৰপেক্ষ সংবিধান তথা ঐতিহাসিক অসম চুক্তিক অৱমাননা কৰিবলৈ দিয়া নহ’ব ৷ ডঃ হীৰেন গোহাঁই, উদয়াদিত্য ভৰালী, ডঃ অপূৰ্ব কুমাৰ বৰুৱা, প্ৰশান্ত ৰাজগুৰু, অজিত …

অধিক চাওক

আকৌ শৰাইঘাট৷৷ টুনুজ্যোতি গগৈ৷৷

(এই লেখাটো ২০১৬ চনৰ ২৪ নৱেম্বৰত মুদ্ৰণ মাধ্যমত প্ৰথম প্ৰকাশিত)  অহা ২৪ তাৰিখে লাচিত দিৱস৷ এটা অগ্ৰণী সামাজিক সংগঠনে লাচিত দিৱসৰ আয়োজন কৰিছে আৰু সেই উপলক্ষে প্ৰকাশিতব্য স্মৃতিগ্ৰন্থখনৰ পৰা মোৰ পৰা এটা প্ৰবন্ধ বিচাৰিছে৷ সম্পাদকে মোৰ বাবে নিৰ্দিষ্ট কৰি দিয়া বিষয়টো এনেকুৱা– সাম্প্ৰতিক সময়ত লাচিত বৰফুকনৰ প্ৰাসংগিকতা আৰু হীৰেন গোহাঁইৰ ভূমিকা৷ বৰফুকন আৰু গোহাঁইৰ বিষয়ে অসমবাসীক নতুনকৈ পৰিচয় …

অধিক চাওক

অসমৰ বঙালী সমাজলৈ এটি আহ্বান৷৷ টুনুজ্যোতি গগৈ৷৷

(এই লেখাটো ২০১৬ চনৰ ১৯ অক্টোবৰতে লিখা৷ কথাবোৰ এতিয়াও প্ৰাসংগিক হৈ থকাৰ বাবে পুনৰ প্ৰচাৰ কৰিলো) ‘জাতি-মাটি-ভেটি’ৰ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতাভাৰ দখল কৰাৰ পাছতেই ওলোটা খৰ মৰা বিজেপি চৰকাৰৰ দিনত এক ভয়াবহ সাম্প্ৰদায়িক বা ভাষিক সংঘাত সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ফেইচ বুকৰ দৰে জনপ্ৰিয় সামাজিক গণ মাধ্যমত বহু অসমীয়া …

অধিক চাওক

জাতীয়তাবাদৰ নতুন তৰংগ৷৷ পঞ্চানন হাজৰিকা৷৷

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাক যেতিয়াৰ পৰা অসমীয়া মধ্যবিত্তই অসমীয়া জাতীয়তাবাদ ৰক্ষাৰ ঠিকাটো দিছিল, তেতিয়াৰ পৰাই অসমীয়া জাতীয়তাবাদে ইয়াৰ গণতান্ত্ৰিক আৰু প্ৰগতিশীল ৰূপতো হেৰুৱাইছিলে; ই সমাজৰ প্ৰান্তীয়, নিপীড়িত শ্ৰেণীটোৰ লগত সম্পৰ্কৰহিত হৈ পৰিছিল। একেদৰে ইয়াৰ মাজত নাছিল অসমৰ অন্য জনগোষ্ঠীৰ অধিকাৰকেন্দ্ৰিক প্ৰসংগবোৰো৷ ইফালে বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াৰ …

অধিক চাওক

পৰিবৰ্তনৰ আলিদোমোজাত ৷৷ জিতেন বেজবৰুৱা৷৷

১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব আইনৰ সংশোধনী ঘটাই ধৰ্মৰ ভিত্তিত বিদেশী নাগৰিক ভাৰতলৈ আমদানি কৰাৰ যি সাংবিধানিক প্ৰমূল্যৰ বিৰোধী আৰু গণবিৰোধী আঁচনি বিজেপি চৰকাৰে হাতত লৈছে তাৰ আমি পোনপটীয়াভাৱে বিৰোধিতা কৰিছো। এই আঁচনিৰ আঁৰত লুকাই আছে বিজেপি তথা সংঘ পৰিবাৰৰ হিন্দুত্ববাদী ৰাজনীতিৰ দীৰ্ঘম্যাদী পৰিকল্পনা। ধৰ্মনিৰপেক্ষতা বা ছেকুলাৰবাদ হ’ল ভাৰতীয় সংবিধান তথা …

অধিক চাওক