মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / সমকাল (পৃষ্ঠা 2)

সমকাল

বাঙালী প্ৰগতিশীলসকলৰ বিষয়ে দুটামান কথা৷৷ জিতেন বেজবৰুৱা৷৷

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ চলি থকাৰ সময়ছোৱাত বহুসংখ্যক প্ৰগতিশীল বাঙালী ব্যক্তি তথা সংগঠনেই এক ভণ্ডামি তথা দ্বিচাৰিতাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ বহুতেই অসমীয়া প্ৰগতিশীল শিবিৰক আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লৈছে৷ কিন্তু প্ৰায় কোনেও দ্ব্যৰ্থবিহীনভাৱে আৰু সবলভাৱে বিধেয়কখনৰ বিৰোধিতা কৰা নাই৷ …

অধিক চাওক

দৰিদ্ৰ ছাত্ৰক সহায়ৰ বাবে আগবাঢ়ি আহক৷৷ জমিৰউদ্দিন তালুকদাৰ৷৷

যোৱা ২৫ মে’ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় ৷ ঘোষিত ফলাফল অনুসৰি চলিত বৰ্ষত মেট্ৰিকত ৩,৪৪,২১৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় ৷ তাৰে ১,৮৯,১৯১ গৰাকী উত্তীৰ্ণ হয়৷ প্ৰথম বিভাগত ৬০,৯৮৭ গৰাকী, দ্বিতীয় বিভাগত ৮১,৮৫৩ গৰাকী আৰু তৃতীয় বিভাগত ৪৬,৩৫১ গৰাকী উত্তীৰ্ণ হয়৷ ৬,৪৭৭ গৰাকীয়ে ডিষ্টিংচন লাভ কৰে ৷ তাৰে …

অধিক চাওক

জুইৰ লগত ধেমালি ৷৷ হোমেন বৰগোহাঞি৷৷

একে আষাৰে ক’বলৈ গ’লে বিদেশী হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমত সংস্থাপন দিয়া প্ৰশ্নটোক লৈ কিছুমান মানুহে জুইৰ লগত ধেমালি কৰিছে। তেওঁলোকে ইতিহাসৰ পৰা শিক্ষা ল’বলৈ বিন্দুমাত্ৰ চেষ্টা কৰা নাই আৰু অসমীয়া মানুহৰ মনস্তত্ব বুজিবলৈ চেষ্টা কৰা নাই। বিভিন্ন কাৰণত অসমীয়াসকলৰ মনটো হৈ আছে সুপ্ত আগ্নেয়গিৰিৰ নিচিনা, বা অধিক শুদ্ধকৈ …

অধিক চাওক

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ ১৯৫১ বিচৰাসকললৈ একাষাৰ ৷৷ লক্ষ্যজ্যোতি গগৈ৷৷

এক . মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১৯৭১ চনক ভিত্তিবৰ্ষ কৰি NRC ৰ কাম চলি আছে বাবে ১৯৫১ বা ১৯৭১ চনৰ বিতৰ্কত সোমোৱা নাছিলোঁ। কিন্তু শেহতীয়াকৈ দেখা পাইছোঁ যিসকলে ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে বিচাৰে, তাৰ অধিকাংশই আৰ এছ এছৰ সমৰ্থক। তেওঁলোকেই নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ বিচাৰে, অথচ যুগ যুগান্তৰলৈ অহা হিন্দু বিদেশীক …

অধিক চাওক

নাগৰিকত্ব (সংশোধনী) বিধেয়ক : অসম চুক্তি আৰু অসমবাসী৷৷ সুপ্ৰকাশ তালুকদাৰ৷৷

নাগৰিকত্ব [সংশোধনী] বিধেয়ক, ২০১৬ক কেন্দ্ৰ কৰি অসমৰ সমাজজীৱন কিমান উত্তাল আৰু অশান্ত হৈ পৰিছে তাৰ উমান পোৱা গ’ল বিধেয়কখনক লৈ গঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ অসম ভ্ৰমণৰ সময়ত। জাতি-জনগোষ্ঠী সম্পৰ্কীয় প্ৰশ্নবোৰক লৈ অসম এনেয়েও স্পৰ্শকাতৰ। কিন্তু নাগৰিকত্ব (সংশোধনী) বিধেয়কখনে ৰাজ্যখন যিদৰে জোকাৰি গৈছে, সেই প্ৰাবল্য সাম্প্ৰতিক অতীতত অসমত দেখিবলৈ পোৱা …

অধিক চাওক

সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখি নাগৰিকত্ব বিলৰ বিৰোধিতা কৰক

ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ ছত্ৰছায়াত থকা দুই এক সংগঠনৰ বাহিৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দলমত নিৰ্বিশেষে সকলোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিছে, মাৰ বান্ধি থিয় দিছে৷ শিল্পী,সাহিত্যিক আৰু সাংবাদিকসকলো ৰাজপথলৈ ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিছে৷ ই আমাৰ জাতীয় জীৱন আৰু জাতীয় পৰিচয়ৰ বাবে গৌৰৱৰ কথা! কিন্তু আমি উদ্বেগেৰে …

অধিক চাওক

ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীৰ সমস্যাৰ উৎস সন্দৰ্ভত৷৷ ভৱেশ নাথ৷৷

১৯৯২ চনৰ নতুন অৰ্থনৈতিক নীতিৰ মূল উদ্দেশ্যই আছিল চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তোলা। বৰ্তমানৰ শাসনাধিষ্ঠত কেন্দ্ৰীয় চৰকাৰখনে উদাৰীকৰণ অৰ্থনৈতিক নীতিক এনে ভাৱে আগুৱাই লৈ গৈছে যে এই প্ৰক্ৰিয়া অব্যাহত থাকিলে ২৫-৩০ বছৰৰ ভিতৰত ভাৰতবৰ্ষত চৰকাৰী খণ্ড বুলি একো নাথাকিব। যিসমূহ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বৰ্তমান আছে, সেই সমূহতো ব্যক্তিগত …

অধিক চাওক

নিতুপৰ্ণ ৰাজবংশীৰ চেঙাতেল

অধিক চাওক