দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / সমকাল (পৃষ্ঠা 14)

সমকাল

চাহ শ্ৰমিকৰ সমস্যা : এক আংশিক আলোকপাত ( জিতেন বেজবৰুৱা )

এটা কথাত কোনো সন্দেহ নাই যে চাহ শ্ৰমিক আদিবাসীসকলেই অসমৰ সবাতোকৈ শোষিত আৰু অৱদমিত জনগোষ্ঠী। ঔপনিবেশিক যুগৰেপৰা এইসকল লোকে চাহ বাগান-কেন্দ্ৰিক ঘেট’সমূহত যি দাৰিদ্ৰ্য আৰু শোষণৰ বোজা বহন কৰি জীৱন নিৰ্বাহ কৰি আহিছে আজিও তাৰ বিশেষ গুণগত পৰিবৰ্তন ঘটা বুলি ক’ব নোৱাৰি। আন দিশৰপৰা, সম্পূৰ্ণ অৰ্থত শ্ৰমিক বুলি ক’বলৈ হ’লে …

অধিক চাওক

ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক আহ্বান (কৌশিক তালুকদাৰ)

এক বিশেষ পৰিস্থিতিত আৰু অন্তৰৰ এক বিশেষ তাগিদাত ডঃ হিমন্ত বিশ্ব শৰ্মালৈ বুলি দু-আষাৰমান লিখাৰ প্ৰয়োজনবোধ কৰিলোঁ ৷ আজি দুদিনমান আগতে অসমৰ পৰা আইতা এগৰাকীয়ে ফোন কৰি আমাৰ লগত কিছু কথা পাতিছিল ৷ আইতাই কৈ গৈছিল, মই মাথোঁ শুনি গৈছিলোঁ৷ শৈশৱত আইতা-ককাৰ মুখৰ পৰা সাধুকথা শুনি শুনি ক’ব নোৱাৰাকৈয়ে নিদ্ৰাত …

অধিক চাওক

মাইহাং বাটিৰ সোৱাদ পানী উভৈনদী ক’ত? (চেমবাচ গগই)

দৃশ্যপটত এখন বিশেষ বিপণী৷ অৱশ্যে আজিকালি এইবিধ বিপণী সমগ্ৰ ৰাজ্যতে সহজলভ্য৷ যিখন বিপণীৰ কথা উল্লেখ কৰিছো, সেইখন হৈছে গুৱাহাটীৰ এক ব্যস্ত এলেকাৰ৷ সেই এলেকাটোত সৰু-ডাঙৰ বিভিন্ন সামগ্ৰীৰ অসংখ্য বিপণীৰ লগতে আছে এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন মহাবিদ্যালয় আৰু দুখনকৈ ‘জাগ্ৰত’ উপাসনাস্থলী৷ সিবিলাক উপৰুৱা কথা৷ মূল কথাটো হ’ল–ভৰ দুপৰীয়াই ইতিপূৰ্বে …

অধিক চাওক

অস্ত্ৰ নে অনশন? ( জুৰি বৰুৱা )

হিংসা নৈতিক নে অনৈতিক? টক শ্ব’ৰ পুৰণি প্ৰশ্ন এটাই আজি কিছুদিন ধৰি অশান্তি কৰি আছে। তাৰ মাজতে ইৰম শ্বানু শৰ্মিলাই তেওঁৰ সুদীৰ্ঘ ১৬ বছৰজোৰা আমৰণ অনশন শেষ কৰিলে। কথাটোৱে কেইদিনমান বাতৰিৰ শিৰোনাম দখল কৰাৰ বাহিৰে আন একো কৰিব নোৱাৰিলে। ৰাষ্ট্ৰযন্ত্ৰৰ নিৰ্দেশত পালিত AFSPA বিপক্ষে শৰ্মিলাৰ এই সংগ্ৰাম এজন ব্যক্তিৰ সংগ্ৰাম …

অধিক চাওক

নাৰী সৱলীকৰণ সম্ভৱনে? (ইলামণি শইকীয়া)

(এক) বিগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছকে ধৰি বিজেপি, অগপ,এ আই ইউ ডি এফ, বি পি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহে মহিলাৰ সৱলীকৰণ সন্দৰ্ভত নিৰ্বাচনী প্ৰচাৰত ভাষণ ৰাখিছিল৷ মহিলাসকলৰ বাবে সংৰক্ষিত ৩৩ শতাংশ আসন, কিন্তু কোনেও মহিলাক দিব নুখুজিলে৷ ১২৬ বিধান সভা সমষ্টিৰ ১০৬৪ জন প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থী মাত্ৰ ৮৭ …

অধিক চাওক

সম্পাদক সমীপেষু: কাল ৰূপ ধৰিছে গেছ ক্ৰেকাৰে (গোবিন চাংমাই)

সম্প্ৰতি ডিব্ৰুগড়ৰ লেপেটকটাৰ গেছ ক্ৰেকাৰ প্ৰকল্পই ( বি চি পি এল ) কাল ৰূপ ধাৰণ কৰিছে । প্ৰকল্পটোৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছ আৰু ভয়ানক তৈল জাতীয় পদাৰ্থই প্ৰায় পাঁচ শতাধিক গাঁৱৰ লাখৰো অধিক লোকৰ জীৱন তিল তিলকৈ মৃত্যুৰ অভিমুখে লৈ গৈছে । তদুপৰি লাখ লাখ জীৱ-জন্তু মৃত্যু মুখত পৰাটো নিশ্চিত …

অধিক চাওক

বৌদ্ধিক দাসত্ব বনাম বৌদ্ধিক স্বাধীনতা ৷৷ টুনুজ্যোতি গগৈ৷৷

‘যি জাতিৰ সভ্যতা যিমানেই পুৰণি, সেই জাতিৰ মানসিক দাসত্বও সিমানেই পুৰণি৷ ভাৰতবৰ্ষৰ সভ্যতা যে প্ৰাচীন, তাত সন্দেহ নাই আৰু সেয়েহে ইয়াৰ গতিপথত বাধাৰ প্ৰাচীৰো অলেখ৷ প্ৰগতিৰ পথত সবাতোকৈ ডাঙৰ অন্তৰায় হ’ল বৌদ্ধিক দাসত্ব৷’ প্ৰখ্যাত সমাজ বিজ্ঞানী, সাম্যবাদী আন্দোলনৰ বাটকটীয়া ৰাহুল সাংকৃত্যায়ন[১৮৯৩-১৯৬৩] ৰ এই মন্তব্যৰ খেও ধৰি ভাৰতীয় সভ্যতাৰ প্ৰাচীনত্ব আৰু …

অধিক চাওক

বিক্ষিপ্ত সময়ৰ চিন্তা (পঞ্চানন হাজৰিকা)

সময়বোৰ ভাল নহয়, সময়বোৰ হতাশাজনক বুলি আমি বিভিন্ন মাধ্যমত কৈ আছোঁ৷ আমি এই কথাও কৈ আছোঁ যে আমি কিছুমান ঐতিহাসিক ভুলৰ চিকাৰ হৈছোঁ৷ কিন্তু বাৰম্বাৰ আমি সেই ভুলবোৰৰে পুনৰাবৃত্তি কৰিছোঁ– কেতিয়াবা জানি-বুজি আৰু কেতিয়াবা নজনাকৈ৷ ছচিয়েল মিডিয়াই মত প্ৰকাশৰ বাবে নিশ্চিতভাৱে এখন সহজ মঞ্চ আমাৰ আগত তুলি ধৰিছে৷ বহুতেই সেই …

অধিক চাওক