দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / সমকাল (পৃষ্ঠা 10)

সমকাল

লাচিত বৰফুকন ‘মুছলমান খেদা’ বীৰ? ( টুনুজ্যোতি গগৈ)

আজি সমগ্ৰ অসম জুৰি ‘লাচিত দিৱস’ অনুষ্ঠিত হ’ব, লাচিতৰ জীৱন আদৰ্শ, বীৰত্ব আদিক লৈ গুণানুকীৰ্তন কৰা হ’ব৷ অসমৰ সৰ্বসাধাৰণ বুৰঞ্জীবিমুখ হৈ পৰাৰ মুহূৰ্তত জাতিৰ এজন বৰেণ্য বীৰক স্মৰণ কৰাটো নিশ্চয় এক শুভ লক্ষণ৷ এনে শুভ প্ৰচেষ্টাই অসমৰ জাতীয় জীৱনক উদ্দীপিত কৰাৰ স্থল আছে৷ ইমানলৈকে সকলো ঠিকেই আছিল যদিও এটা বিশেষ …

অধিক চাওক

মাদানীয়ে আমাক কি শিক্ষা দিলে? ( জিতেন বেজবৰুৱা )

জমিয়ত উলেমা-ই-হিন্দৰ প্ৰধান আৰ্ছাদ মাদানীয়ে দিল্লীৰ মিটিঙত অসমৰ এন আৰ চি সম্পৰ্কত প্ৰেছৰ আগত কোৱা কথাখিনি অসমৰ সাম্প্ৰতিক স্পৰ্শকাতৰ পৰিস্থিতিত ক্ষতিকাৰক আৰু সেয়ে সমালোচনাৰ যোগ্য। কিন্তু কথাখিনি শুনি আমাৰ ভাব হৈছে: সেয়া এনেধৰণে উচটনিমূলক নহয় যে তেওঁক আইনগতভাৱে দোষী সাব্যস্ত কৰিব পৰা যাব। কথাখিনি ঘাইকৈ বৰ্ণনাত্মক আৰু ভৱিষ্যৎবাণীমূলকহে – এন …

অধিক চাওক

ডঃ হীৰেন গোঁহাইৰ সাহিত্যবীক্ষা আৰু সমাজবীক্ষা বনাম হিন্দুত্ববাদীৰ কলা-কৌশল ( ৰত্না ভৰালী তালুকদাৰ )

অসমৰ বৌদ্ধিক জগতৰ অন্যতম পথ প্ৰদৰ্শক ডঃ হীৰেন গোঁহাই হিন্দুত্ববাদী শক্তিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰাটো নতুন কথা নহয়। অৱশ্যে ৰাজনৈতিক পৰিবেশত এই বোদ্ধাজন বিভিন্ন পক্ষৰ আক্ৰমণৰ সন্মুখীন হৈ অহা আৰু পৰৱৰ্তী সময়ত যুক্তি আৰু সত্যৰে সূৰ্যৰ দৰেই প্ৰতিভাত হৈ প্ৰতিপক্ষক ধৰাশায়ী কৰাটো আমি সদায়েই বিস্ময় আৰু কৌতুকেৰে লক্ষ্য কৰি আহিছোঁ। …

অধিক চাওক

 দেশ আৰু ৰাজ্যৰ কৃষি খণ্ডৰ সংকট আৰু সমাধান ( ভৱেশ নাথ )

ভাৰতবৰ্ষ হৈছে মূলত: কৃষিভিত্তিক অৰ্থনীতিৰ দেশ। কৃষকসকল হৈছে এই অৰ্থনীতিৰ প্ৰধান চালিকা শক্তি। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০-৭০ শতাংশ লোক প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে কৃষি খণ্ডৰ লগত জড়িত। তদুপৰি, কৰ্মসংস্থানৰ ক্ষেত্ৰতো কৃষি খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। মুঠ কৰ্মক্ষেত্ৰৰ প্ৰায় ৫০ শতাংশ কৃষিখণ্ডৰ অন্তৰ্ভুক্ত। লগতে ভাৰতবৰ্ষৰ মুঠ ঘৰুৱা …

অধিক চাওক

বি. এড. শিক্ষাৰ ক্ষেত্ৰত অসমীয়াও এক বিকল্প মাধ্যম হওক ( ভবেশ নাথ )

বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাত বি. এড ( B.ed, Bachlor of Education) ডিগ্ৰীৰ প্ৰাসংগিকতা পূৰ্বতকৈ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। চৰকাৰৰ শেহতীয়া কেতবোৰ নিৰ্দেশনাই বি. এড. ডিগ্ৰীক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত বাধ্যতামূলক কৰা হেতু শিক্ষাৰ লগত জড়িত থকা বা ভবিষ্যতে শিক্ষকতাৰ লগত জড়িত হ’ব বিচৰাসকলৰ বেছিভাগেই বি. এড. ৰ দুবছৰীয়া পাঠ্যক্ৰমত …

অধিক চাওক

গৌৰী লংকেশ প্ৰসংগ : অন্য এক দৃষ্টি ( পাৰ্থ প্ৰতীম বৰকটকী )

গৌৰী লংকেশৰ হত্যাকাণ্ডৰ পৰা এই কথা সুস্পষ্ট হৈ উঠিছে যে এই ধৰণৰ উদ্দেশ্য প্ৰণোদিত হত্যাৰ প্ৰাৱল্যই অসমৰ বৌদ্ধিক তথা সংবাদ মহলতো তুমুল জোকাৰণিৰ সৃষ্টি কৰিছে৷ আৰম্ভ হ’ব ধৰিছে নতুন বাগধাৰাৰ সন্ধান৷ প্ৰসংগ উত্থাপিত হৈছে বস্তুনিষ্ঠ নিৰপেক্ষ আলোচনাৰ৷ ইয়াত আমি অস্বাভাৱিকতাৰ গোন্ধ পোৱা নাই৷ এয়া কিজানি সময়ৰেই আহ্বান যে আমাৰ বাবে …

অধিক চাওক

অখিল গগৈৰ মুক্তিৰ দাবীত দিল্লীত প্ৰতিবাদ # কাৰাৰুদ্ধ গগৈৰ বাণীবদ্ধ বক্তব্য #

দিল্লী একচন কমিটি ফ’ৰ অসমে কৃষক নেতা অখিল গগৈক অসম চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত তথা ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ২৮ ছেপ্তেম্বৰৰ বিয়লি ৩.৩০ বজাৰ পৰা দিল্লীস্থ অসম ভৱনৰ সন্মুখত দিল্লী পুলিচ আৰু চি আৰ পি এফৰ অভূতপূৰ্ব প্ৰতিৰক্ষা বেষ্টনীৰ মাজতো ডেৰঘণ্টীয়া এক প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰে। দিল্লী …

অধিক চাওক

ৰাজস্থানত কৃষক সভাৰ আন্দোলনে ৰূপ ল’লে বৃহৎ গণ আন্দোলনৰ ( মূলঃ নেহা মিশ্ৰ, অনুবাদঃ ভৱেশ নাথ)

ৰাজস্থানৰ চিকৰত সংঘটিত হৈ থকা জংগী কৃষক আন্দোলনে সমাজৰ সকলো অংশৰ জনসাধাৰণৰ পৰা সমৰ্থন পাবলৈ সক্ষম হৈছে। পূৰ্বৰে পৰা ৰাজস্থানৰ চিকৰ জিলা বিভিন্ন সময়ত বিভিন্ন গণ আন্দোলন সংঘটিত হোৱাৰ ঐতিহ্যৰে মহিমামণ্ডিত। কিন্তু শেহতীয়াভাবে যি হৈ গ’ল, সেয়া সচাকৈয়ে আশ্চৰ্যজনক। আন বিষয়বোৰৰ দৰেই যেতিয়া কোনো এক বিষয়ৰ ওপৰত প্ৰতিবাদ হয়, তেতিয়া …

অধিক চাওক