চ’ৰাঘৰ / সমকাল

সমকাল

অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী বঙালী লেখক-ব্লগাৰৰ৷৷ ধ্ৰুৱজ্যোতি ধনন্তৰি৷৷

কালি এবিপি নিউজৰ ফেচবুক পেজত এটা লাইভ অনুষ্ঠান চাই আছিলো। তেনেতে বহু লোকৰ লগতে এজন লোকৰ হিন্দীত লিখা কমেণ্ট দেখি হতভম্ব হৈ পৰিলো। হতভম্ব নহ’মেই বা কিয়? কিয়নো তেওঁ কমেণ্টটোত লিখিছিলঃ ”অসম মে বংগালী হিন্দুয়ো কা মৌলিক অধিকাৰ কা হনন হো ৰহা হ্যায়। গলত তৰিকে ছে ওনকা ভোট দেনেকা অধিকাৰ …

অধিক চাওক

আকৌ এন আৰ চি : অসমীয়া-বাঙালী সংঘাত৷৷ জিতেন বেজবৰুৱা৷৷

এন আৰ চিক কেন্দ্ৰ কৰি অসমীয়া আৰু বাঙালীৰ মাজৰ সম্পৰ্কটো ক্ৰমাৎ অধিক তিক্ত হৈ পৰিছে। ভিতৰি ভিতৰি বাঢ়ি আহিছে অবিশ্বাস আৰু বিদ্বেষ। এই পৰিবেশৰ মাজত আমি থোৰতে দুটামান কথা ক’ব খুজিছো, বিস্তাৰিতভাৱে লিখাৰ সময় নাই। এই বিষয়টো সম্পৰ্কে আমাৰ বক্তব্য ইতিমধ্যে ভালেকেইটা লেখাত প্ৰকাশ পাইছে – তাৰ সৈতে এয়া কিঞ্চিৎ …

অধিক চাওক

ভাষাৰ বিলুপ্তি, অস্তিত্বৰ সংকট ৷৷ ডঃ খগেশ সেন ডেকা৷৷

অষ্ট্ৰেলিয়াৰ বিশিষ্ট ভাষাতত্ত্ববিদ খ্ৰীষ্ট’ফাৰ ম’ছেলৰ তত্ত্বাৱধানত ইউনেস্ক’ই ভাষাৰ বিলুপ্তি সম্বন্ধে যি অধ্যয়ন চলাইছিল তাত দেখা গৈছিল যে বিশ্বৰ সৰ্বমুঠ ৭৩৫৮টা ভাষাৰ ভিতৰত ইতিমধ্যে ৪৪৬টা ভাষাৰ মৃত্যু ঘটিছে ৷ বাকী ৬৯১২টা ভাষাৰ ২৫০০টা সংকটাপন্ন ৷ অৱশ্যে এই সংখ্যাৰ তাৰতম্য হ’ব পাৰে৷ কাৰণ, কেতবোৰ দুৰ্গম অঞ্চলত কথিত ভাষা সম্পৰ্কীয় তথ্য এতিয়াও উদ্ধাৰ …

অধিক চাওক

ঈদ আৰু সম্প্ৰীতি৷৷ টুনুজ্যোতি গগৈ৷৷

আমি ধৰ্ম, ভগৱান, পূজা-পাতল আদিত অলপো বিশ্বাস নৰখা আৰু এখন ধৰ্মবিহীন মানৱীয় পৃথিৱী গঢ়ি তোলাৰ সপোন দেখা নাস্তিক মানুহ। কিন্তু, এয়াও স্বীকাৰ কৰি ল’বলৈ বাধ্য যে আমাৰ কাংক্ষিত ধৰ্মবিহীন পৃথিৱীখন গঢ় লৈ উঠাৰ বাটত পুঁজিবাদী সমাজ ব্যৱস্থাই ধৰ্মৰ ক’লা ব্যৱসায়ী আৰু ক্ষমতালোভী ৰাজনীতিকৰ সহায়ত বিপুল শক্তিৰে প্ৰবল প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি …

অধিক চাওক

তিব্বতত তিনিটা নতুন বিমান বন্দৰ পৰিকল্পনা চীনৰ৷৷ সুমন্ত কাকতি ৷৷

ভাৰতৰ চিৰবৈৰী দেশ চীনে নিজৰ উপনিলেশ তিব্বতত তিনিটাকৈ নতুন বিমান বন্দৰ নিৰ্মাণ কৰিব লৈছে, ভৌগৌলিক-সামৰিক দৃষ্টিৰে অতি গুৰুত্বপূৰ্ণ আৰু বিবাদমান এলেকাটোত চীনে সমৰসজ্জা অতি ব্যাপক কৰি তুলিছে, এই সমৰসজ্জা অংশস্বৰূপেই এই অতিৰিক্ত তিনিটা বন্দৰৰ নিৰ্মান কৰা হ’ব বুলি ঠাৱৰ কৰা হৈছে। কোৱা বাহুল্য যে তিব্বতত ইতিমধ্যেই চীনৰ ১৪ টাকৈ বিমান …

অধিক চাওক

পাণজুৰি, অন্ধবিশ্বাস আৰু কিছু কথা৷৷ ভৱেশ নাথ৷৷

কাৰ্বি আংলঙৰ ডেনগাঁৱৰ পাণজুৰিত সংঘটিত ঘটনাটো খুবেই দুখজনক, নিন্দনীয় আৰু গৰিহণাযোগ্য। সম্পূৰ্ণৰূপে ‘অন্ধবিশ্বাস’জনিত কাৰকৰ লগত জড়িত এই ধৰণৰ ঘটনা অসম মূলুকত এয়াই প্ৰথম নহয়, ইয়াৰ আগতেও বহুকেইটা হৃদয়বিদাৰক ঘটনা এইখন অসমত সংঘটিত হৈ গৈছে। অকল অসমেই নহয় বিভিন্ন সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ বিভিন্ন জন লোকে প্ৰাণ হেৰুৱাইছে, …

অধিক চাওক

গোষ্ঠীগত সংঘাত আৰু অসমীয়াৰ ভৱিষ্যত ৷৷ সঞ্জীৱ বৰুৱা৷৷

বৰ্তমান অসমত যিধৰণৰ অৰাজকতা চলিছে অদূৰ ভৱিষ্যতে অসমীয়া সত্বাটো জীয়াই থাকিব নে নাই, সন্দেহ আছে৷ শেহতীয়া কাৰ্বি আংলঙৰ ঘটনাটোৱে সমগ্ৰ অসমত এক জোকাৰণি সৃষ্টিৰ লগে লগে সমান্তৰাল কেইবাটাও দুষ্ট চক্ৰই চচিয়েল মিডিয়াত জনগোষ্ঠী আৰু অসমীয়াৰ মাজত এক সংঘাত সৃষ্টি কৰিব পৰা পোষ্ট, মন্তব্য প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ দুজন প্ৰতিভাসম্পন্ন যুৱকক …

অধিক চাওক

সেউজীয়া অৰ্থনীতি কিমান সেউজীয়া?৷৷ ইন্দ্ৰজিৎ বৰা৷৷

পৰিৱেশ বিজ্ঞানৰ অগ্ৰগতিয়ে বিশ্ব পৰিৱেশ দিৱসৰ আনুষ্ঠানিকতাকেই প্ৰত্যাহ্বান জনাব পাৰে নেকি? বিজ্ঞান আৰু প্ৰযুক্তিগত ক্ষমতাৰ সম্প্ৰসাৰণ আৰু পৰিৱেশ সঞ্চালনৰ মাপকাঠি উন্নিতকৰণৰ কোনো গত্যন্তৰ নাই। পৰিবেশ বিজ্ঞান নতুবা জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত জ্ঞানৰ সহায়ত এক কাৰ্যকৰী মাপকাঠিৰ ভিত্তিত মানৱ প্ৰযুক্তিৰ পৰিৱেশৰ ওপৰত থকা প্ৰভাৱ নিৰ্ধাৰণ (Environmental Impact Assessment) কৰা হয়। গতিকে সঠিক মাপকাঠি …

অধিক চাওক