চ’ৰাঘৰ / ৰসবিতান

ৰসবিতান

আৰ এছ এছৰ সপক্ষে ৷৷ জিতেন বেজবৰুৱা৷৷

আপোনাসৱে কিয় ইমান আৰ এছ এছক বেয়া পায় বুজিব নোৱাৰো। মই ভাবো, এয়া অজ্ঞতা নতুবা বিদ্বেষৰ ফলত হৈছে। মাথাটো অলপ ঠাণ্ডা কৰি গোলৱালকাৰজী বা দীনদয়ালজী বা শ্যামাপ্ৰসাদজীৰ ৰচনা দুখনমান পঢ়কচোন – আপোনাৰ ভুল ভাগিব। আগতে মোৰো কিছু ভুল ধাৰণা আছিল, কিন্তু সেই মহান চিন্তাবিদসকলৰ ৰচনাৰাজি পঢ়াৰ পাছত আৰু আৰ এছ …

অধিক চাওক

হনুমানৰ পেঞ্চন৷৷ টুনুজ্যোতি গগৈ ৷৷

আজিৰ তাৰিখত ভাৰতৰ সপ্ত অমৰ চৰিত্ৰৰ ভিতৰত হনুমানেই আটাইতকৈ সুখী৷ সুখী হ’বৰে কথা – তেওঁৰ পৰম পূজনীয় ৰামৰ আদৰ্শৰে পৰিচালিত দল এটাই ভাৰতত শাসনভাৰ চলাই আছে৷ আজিকালি তেওঁৰ দৰে বহুতেই কথাই কথাই ৰামৰ নাম লয়৷ আকাশে-বতাহে কেৱল ভাহি থাকে– ‘জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম’৷ শেহতীয়াকৈ অসমতো ‘জয় শ্ৰী ৰাম, …

অধিক চাওক

কাহিনী এটা শুন ধনপোনা… ( নীলোৎপল বৰুৱা )

..ভোট জলকীয়া গছ কেইজোপাৰ ফালে ধনুখন ভিৰাই ৰৈ আছে দুলেন হাজৰিকা! কানিমুনি সন্ধ্যা। অলপ পাছতে চোৰে চৰ মাৰিলেও নেদেখা আন্ধাৰ হ’ব। এইখিনিয়েই সময়। ধনুখনৰ গুণ ডাল আৰু অলপ জোৰে টানি হাজৰিকা পোন হৈ ৰৈ থাকিল। জলকীয়াৰ জুইছাই দাম বজাৰত। জলকীয়াৰ দামত ভকুৱা মাছ কিনিব পাৰি। সেনেহেন সময়ত হাজৰিকাৰ ভোট জলকীয়া …

অধিক চাওক

বাস্তৱৰ ন ন পুৰাণ ( গুৰু)

আমাৰ এক বন্ধুৰ হেনো আজিকালি গোটেই পৰিৱেশটো কিবা ধৰ্ম-ধাৰ্মিক-ধৰ্মীয়, হিন্দু-হিন্দী-হিন্দুস্থান-এনেকুৱা লাগি থাকে। কথাটো নোহোৱা নহয়, আমিও মন কৰিছো। সেই গতিকে আমিহে বেদ –পুৰাণ, আখ্যান-উপাখ্যানত মন বহাইছো। তেনে দুই এক বাস্তৱ আখ্যান আপোনাসৱৰ আগত বেকত কৰিব ওলাইছো… টিকাপোৰা আখ্যান- এখন দেশত পূৰ্বৰ দুৰ্বল ৰজাক খেদি এজন প্ৰতাপীয়ে সিংহাসন আৰোহণ কৰিলে। ন-ৰজাই …

অধিক চাওক

এদিন দেওবাৰে ( দিগন্ত কুমাৰ ভট্টাচাৰ্য )

দেওবাৰ ৰাতিপুৱা….। শ্ৰীমতীয়ে পাকঘৰৰপৰা মাত লগালে, ‘হেৰি, এটা কণীও নাই। কেইটামান আনকগৈচোন বজাৰৰ পৰা’। মই লগে লগে বুজি পালো আজি নিশ্চয় ব্ৰেকফাষ্টত লুচী আৰু কণী-আলু ভাজি! এনেতে মোবাইলত এছ.এম.এছ এটা আহিল। সেইটো পঢ়ি মই হাঁহি ৰখাব পৰা নাই। ‘হেৰা শুনাচোন, জমনি কথা এটা…ভগৱানেই হেনো বুজি নাপায়, আমিনো কোন কূটা? শুনিবা?’ …

অধিক চাওক

ধনপোনা আখ্যান ( নীলোৎপল বৰুৱা )

১. শুন ধনপোনা.. বাইবেলৰ কথা। চল্লিশ দিন চল্লিশ ৰাতি একেৰাহে বৰষুণৰ পাছত নোৱাৰ জাহাজ মাটিত লাগিল। নতুনকৈ পৃথিৱীখন আৰম্ভ কৰিবৰ বাবে নোৱাই উদ্ভিদ প্ৰাণী সকলোকে জাহাজৰ পৰা মুকলি কৰি দিলে। কিন্তু…জাহাজত থকা বুদ্ধিজীৱী প্ৰজাতিৰ প্ৰাণীৰ মাত্ৰ এজন হে জীয়াই থাকিল!! নোৱা বিপাঙত পৰিল। ইমান ডাঙৰ পৃথিৱী এজন বুদ্ধিজীৱীৰে কেনেকৈ চলিব!! …

অধিক চাওক