চ’ৰাঘৰ / শিল্প (পৃষ্ঠা 2)

শিল্প

স্নেহাংকৰৰ কাল্পনিক চুটি চিনেমাখন ( মনোহৰ দত্ত )

এখন চুটি অসমীয়া চিনেমা নিৰ্মাণ কৰিছে স্নেহাংকৰ নামৰ এজন অসমীয়া চিনেমা অনুৰাগীয়ে। চিনেমাখনৰ নামটো ইংৰাজীত দেখিয়েই ভাবিছিলোঁ, নামটো কিয় অসমীয়াত নিদিলে? অৱশ্যে চিনেমাখন চোৱাৰ পিছতো নামটো কিয় ‘ৰঙা+হালধীয়া= (ৰঙা যোগ হালধীয়া সমান)’ বুলি দিয়া নহ’ল, সেয়া বুজিব পৰা নাই। যিহওক, এখন ভাল চুটি চিনেমা উপহাৰ দিয়া কাৰণে প্ৰথমতেই স্নেহাংকৰলৈ আন্তৰিক অভিনন্দন জনালোঁ। …

অধিক চাওক

অসমৰ শিল্পকলা চৰ্চাত স্থবিৰতা আৰু সম্ভাৱনা ( পল্লৱ শইকীয়া, ধৰ্মেন্দ্ৰ প্ৰসাদ )

অসমৰ শিল্পকলাৰ ক্ষেত্ৰখনৰ পয়াঁলগা অৱস্থা সৰ্ম্পকে বিশেষ আলোচনা দেখা নাযায়। নীলমণি ফুকন আদিৰ দৰে মাত্ৰ কেইজন মান আঙুলিৰ মূৰত লেখিব পৰা সমালোচকক বাদ দিলে পিঠি চপৰিওৱা প্ৰশংসাৰ বাদে অন্য একো দেখা নাই। শিল্পকলাৰ নামত ব্যৱসায়িক, ভীষণভাৱে পুঁজিবাদী Art piece-এ এতিয়া অসমৰ শিল্পকলাৰ পৰিচয় হৈছে। অসমৰ শিল্পকলাত অসমৰ শিল্পী, অসমৰ আৰ্ট কলেজৰ …

অধিক চাওক

বেণু মিশ্ৰ : কিছু স্মৃতিকথা, কিছু ছবিৰ কথা ( নীলমণি ফুকন )

যোৱা শতিকাৰ ষাঠিৰ আৰম্ভণিতে মহেন্দ্ৰ বৰা সম্পাদিত মণিদীপৰ সাংস্কৃতিকী শিতানত ছপা হোৱা ৰবীন্দ্ৰনাথৰ এটা কবিতাৰ আধাৰত অঁকা, বেণু মিশ্ৰৰ ছবি-নিৰ্ঝৰেৰ স্বপ্নভংগ দেখি বিশেষভাৱে আনন্দিত হৈছিলোঁ। ভাবনা, ৰূপকল্পনা, অংকনদক্ষতা আৰু চিত্ৰভাষাৰ ফালৰপৰা ছবিখন সেই সময়ৰ অসমীয়া চিত্ৰকৰকেইজনৰ ছবিৰপৰা পৃথক, ব্যতিক্ৰমী, নতুন আছিল। ছবিখন তেওঁ বিশ্বভাৰতীৰ কলাভৱনৰ ছাত্ৰ হৈ থাকোঁতেই আঁকা। মিশ্ৰৰ …

অধিক চাওক

পদ্মাৱতী বিতৰ্ক ( সৌৰভ শইকীয়া )

ভাৰতত চিনেমাকেন্দ্ৰিক বিতৰ্ক এয়ে প্ৰথম নহয়। ভাৰতীয় চিনেমা উদ্যোগৰ আৰম্ভণিৰে পৰা বহু ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চিনেমাক লৈ যথেষ্ট বিতৰ্ক দেখা যায়। ’নীল আকাশেৰ তলে’, ‘গৰম হাৱা’, ‘আন্ধি’, ‘বেণ্ডিট কুইন’, ‘ব্লেক ফ্ৰাইডে’’, ‘ইণ্ডিয়াজ ডটাৰ’ ইত্যাদি ভালেমান বিতৰ্কিত চিনেমা ভাৰতীয় চেন্সৰ বোৰ্ডৰ দ্বাৰা নিষিদ্ধ হোৱাৰ দৃষ্টান্তও আছে। শেহতীয়াকৈ সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত …

অধিক চাওক

মাজ ৰাতি কেতেকী : সুস্থ ৰুচিৰ উৎকৃষ্ট নিদৰ্শন ( প্ৰিয়ংকা চক্ৰৱৰ্তী )

A film is not a shot, it is built৷ চলচ্চিত্ৰই বাস্তৱক যান্ত্ৰিকভাৱে পুনৰ সৃষ্টি নকৰে৷ কলাৰ লক্ষ্য বাস্তৱক অনুকৰণ কৰা নহয়, বৰং মৌলিকতাৰ সৃষ্টি কৰি নতুন ব্যাখ্যা আগবঢ়োৱা৷ ‘মাজ ৰাতি কেতেকী’ এখন কলাত্মক চলচ্চিত্ৰ৷ ইয়াৰ ভাষাক সমাজৰ নিৰংকুশ নিৰ্ণায়কৰূপে চিহ্নিত কৰাতকৈ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি কাৰকৰ সৈতে চলচ্চিত্ৰখনৰ ভাষাৰ গূঢ়াৰ্থ …

অধিক চাওক

জুৰি সন্দিকৈ গগৈৰ শিল্পকৰ্ম

আধুনিক অসমীয়া চিত্ৰকলা জগতত জুৰি সন্দিকৈ গগৈ এটি সম্ভাৱনাপূৰ্ণ নাম৷ বৰ্তমান সময়ত চিত্ৰকলাই হৈছে এক কলা,যাৰ সমাদৰ সৰ্বাত্মক তথা ক্ৰমবৰ্ধমান৷ এই ক্ৰমবৰ্ধমান কলাক উচ্চ পৰ্যায়লৈ লৈ যাবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা নৱীন চিত্ৰশিল্পী জুৰি গগৈ সন্দিকৈয়ে কম সময়ৰ ব্যৱধানত ,এক্ৰাইলিক, তৈলআৰু ছাৰক’ল ব্যৱহাৰ কৰি বিভিন্ন বিষয়ৰ চিত্ৰ অংকনেৰে চিত্ৰামোদীৰ মাজত …

অধিক চাওক

শোভা ব্ৰহ্মৰ ছবি : এটি সংক্ষিপ্ত টোকা ( নীলমণি ফুকন )

আধুনিক অসমীয়া চিত্ৰকলাৰ বিকাশ, বিৱৰ্তন আৰু প্ৰসাৰত শোভা ব্ৰহ্মৰ এটা তাৎপর্যপূর্ণ ভূমিকা আৰু অৱদান আছে। ব্ৰহ্ম বােধহয় আমাৰ সময়ৰ আটাইতকৈ গুৰুত্বপূর্ণ চিত্ৰকৰ। যোৱা শতিকাৰ ষাঠিৰ দশকৰপৰা এতিয়ালৈকে তেওঁ একেৰাহে ছবি আঁকি আছে, অজস্র ছবি। এতিয়াও সজীৱ, প্ৰাণৱন্ত হৈ আছে তেওঁৰ সৃজনশীল মন আৰু দৃশ্যগত চেতনা। ব্ৰহ্মৰ বিনম্র, মগ্ন, শান্ত, শিল্পীব্যক্তিত্বৰ …

অধিক চাওক

জ্ঞানেন্দ্ৰ বৰকাকতীৰ ‘মতা কুকুৰাৰ ডাক’ ( ত্ৰিদিৱ দত্ত )

ডিঙি ফুলাই কুকৰাটোৱে ভৰ দুপৰীয়া ডাক দিছিল, অদ্ভূত এক অট্টহাস্যত নীৰৱতা ভাঙিছিল ক্ষত বিক্ষত শৰীৰ, বিদীৰ্ণ হিয়া। তথাপি সুগভীৰ আত্মবিশ্বাসত থিয় হৈ আছে তাৰ প্ৰতিবাদী সত্তা। জগাই দিয়া জগাই দিয়া। ডাক দিয়া ডাক দিয়া। এটা কাঠত কটা ভাস্কৰ্যৰ কথা আছিল সেয়া, শিল্পীৰ অন্তৰত জ্বলি থকা একুৰা জুইৰ পৰা উফৰি অহা …

অধিক চাওক