চ’ৰাঘৰ / শিল্প / চলচ্চিত্ৰ

চলচ্চিত্ৰ

“Loving Vincent” – কথাছবিৰ নতুন কনচেপ্ট ৷৷ মুকুল মাধৱ বৈশ্য৷৷

ভিনচেণ্ট ভেন গঘ কোননো বুলিলে আজিৰ পৃথিৱীত প্ৰশ্নটো কিবা খাপচাৰা যেন লাগে। তেওঁ চিত্ৰকৰ, তেওঁ শিল্পী নে তেওঁ মানৱ মনৰ বিশ্লেষক – কোনটো শাৰীত তেওঁক প্ৰতিষ্ঠা কৰিব পৰা যাব সেইটোৱেই এটা জটিল সমস্যা। তেওঁ কি আঁকিছিল, তেওঁ কি বুজাব বিচাৰিছিল, তেওঁ কি মনোজগতত বাস কৰিছিল – এই আটাইবোৰেই একো একোটা …

অধিক চাওক

স্নেহাংকৰৰ কাল্পনিক চুটি চিনেমাখন ( মনোহৰ দত্ত )

এখন চুটি অসমীয়া চিনেমা নিৰ্মাণ কৰিছে স্নেহাংকৰ নামৰ এজন অসমীয়া চিনেমা অনুৰাগীয়ে। চিনেমাখনৰ নামটো ইংৰাজীত দেখিয়েই ভাবিছিলোঁ, নামটো কিয় অসমীয়াত নিদিলে? অৱশ্যে চিনেমাখন চোৱাৰ পিছতো নামটো কিয় ‘ৰঙা+হালধীয়া= (ৰঙা যোগ হালধীয়া সমান)’ বুলি দিয়া নহ’ল, সেয়া বুজিব পৰা নাই। যিহওক, এখন ভাল চুটি চিনেমা উপহাৰ দিয়া কাৰণে প্ৰথমতেই স্নেহাংকৰলৈ আন্তৰিক অভিনন্দন জনালোঁ। …

অধিক চাওক

পদ্মাৱতী বিতৰ্ক ( সৌৰভ শইকীয়া )

ভাৰতত চিনেমাকেন্দ্ৰিক বিতৰ্ক এয়ে প্ৰথম নহয়। ভাৰতীয় চিনেমা উদ্যোগৰ আৰম্ভণিৰে পৰা বহু ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চিনেমাক লৈ যথেষ্ট বিতৰ্ক দেখা যায়। ’নীল আকাশেৰ তলে’, ‘গৰম হাৱা’, ‘আন্ধি’, ‘বেণ্ডিট কুইন’, ‘ব্লেক ফ্ৰাইডে’’, ‘ইণ্ডিয়াজ ডটাৰ’ ইত্যাদি ভালেমান বিতৰ্কিত চিনেমা ভাৰতীয় চেন্সৰ বোৰ্ডৰ দ্বাৰা নিষিদ্ধ হোৱাৰ দৃষ্টান্তও আছে। শেহতীয়াকৈ সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত …

অধিক চাওক

মাজ ৰাতি কেতেকী : সুস্থ ৰুচিৰ উৎকৃষ্ট নিদৰ্শন ( প্ৰিয়ংকা চক্ৰৱৰ্তী )

A film is not a shot, it is built৷ চলচ্চিত্ৰই বাস্তৱক যান্ত্ৰিকভাৱে পুনৰ সৃষ্টি নকৰে৷ কলাৰ লক্ষ্য বাস্তৱক অনুকৰণ কৰা নহয়, বৰং মৌলিকতাৰ সৃষ্টি কৰি নতুন ব্যাখ্যা আগবঢ়োৱা৷ ‘মাজ ৰাতি কেতেকী’ এখন কলাত্মক চলচ্চিত্ৰ৷ ইয়াৰ ভাষাক সমাজৰ নিৰংকুশ নিৰ্ণায়কৰূপে চিহ্নিত কৰাতকৈ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি কাৰকৰ সৈতে চলচ্চিত্ৰখনৰ ভাষাৰ গূঢ়াৰ্থ …

অধিক চাওক

বেগম জান, বিদ্যা বালান ইত্যাদি ( কুইলিন কাকতি )

‘বেগম জান’ চালোঁ। চিনেমাখনৰ কথা শুনি আছিলোঁ যদিও ইমানদিনে চোৱা হোৱা নাছিল। চিনেমাখন চাই শেষ কৰাৰ পাছত মই বহু সময় থৰ হৈ আছিলোঁ। কি কওঁ, কি ভাব প্ৰকাশ কৰোঁ ভাবিয়েই পোৱা নাই। পুৰুষতান্ত্ৰিক বলিউডত বিদ্যাই ইতিমধ্যে বহু বাৰ প্ৰমাণ কৰি আহিছে যে এখন ভাল চিনেমাৰ বাবে এজন ধুনীয়া নায়কৰ সৈতে …

অধিক চাওক

আলিফাঃ এক ৰসোত্তীৰ্ণ বাস্তৱবাদী কথাছবি ( ডা: অজিত কুমাৰ পটঙ্গীয়া)

যিদিনা সৌন্দৰ্যৰ উপাসক প্ৰাচীন শিল্পীয়ে তেওঁৰ চাৰিওকাষে থকা জগত খনৰ বৈচিত্ৰতা আৰু অপৰূপ সৌন্দৰ্য্যত মুগ্ধ হৈ ৰং-তুলিকাৰ মূৰ্চ্ছনাত দৃশ্যমানক দৃশ্যপটত ধৰি ৰখাত ব্ৰতী হৈছিল, সিদিনা চলমান ৱাস্তৱৰ গতিক ইজেলৰ ওপৰত দৃশ্যপৰম্পৰাৰে জীৱন্ত কৰাৰ কল্পনা হয়তোবা আছিল অলীক৷ শিল্পীয়ে বাছি লৈছিল কোনো এটি বিশেষ দৃশ্য বা কল্পনাৰ অভিনৱ কোনো ছন্দ, খেয়াল …

অধিক চাওক

এখন নাৰীবিহীন সমাজৰ কথা ( নন্দিতা খাখলাৰী )

এগৰাকী মাতৃৰ প্ৰসৱ বেদনাৰ কাতৰ চিঞৰ। বাহিৰত ৰৈ আছে উদ্বিগ্ন স্বামী। সেই উদ্বিগ্নতাৰ ওৰ পেলাই কিছুসময় পিছত যেতিয়া এটি কণ্যা সন্তানৰ জন্ম হয়, গাঁওৰ প্ৰচলিত প্ৰথা অনুসৰি আপোন পিতৃয়ে তাইক গাখীৰত ডুবাই হত্যা কৰি পেলায়। প্ৰাৰ্থনা কৰে, যাতে অহাবছৰ এটি পুত্ৰ সন্তান জন্মে। ২০০৩ চনত মুক্তিপ্ৰাপ্ত আৰু শ্ৰী মণিষ ঝাৰ …

অধিক চাওক

চলচ্চিত্ৰ যেতিয়া জীৱনবোধৰ দিশ হয় ( অনিতা ডেকা বৰা )

বিশ্ব চলচ্চিত্ৰত এক যুগজয়ী সৃষ্টি হ’ল দ্য বাইচাইকেল থীফ। ব্যক্তিৰ জীৱনৰ প্ৰতিটো খোজত ভগ্ন অৰ্থনৈতিক অৱস্থা আৰু ধৈৰ্যৰ এক অপূৰ্ণ সংমিশ্ৰণ। এক কথাত ক’ব গ’লে Cinematic Treatment of Actuality-ক সম্পূৰ্ণ বাস্তৱ সন্মত ভাবে প্ৰতিফলিত হোৱা সফল ছবি। যুদ্ধোত্তৰ সময়ৰ পিছত ইটালীৰ নিবনুৱা সমস্যাই বিভিন্ন পৰিয়ালক গ্ৰাস কৰি তুলিলে। ৰোমৰ নিয়োগ …

অধিক চাওক