চ’ৰাঘৰ / বিষ্ণু প্ৰসাদ ৰাভা বিশেষ সংখ্যা (পৃষ্ঠা 4)

বিষ্ণু প্ৰসাদ ৰাভা বিশেষ সংখ্যা

বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? ( ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য)

বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? তুমি সাৰে আছা, সাৰে আছো আমি আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলীত চিফুং বাঁহীৰ কৰুণ সুৰ; বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে। জনতাৰ চকু চকুৰ পানীৰে পূৰ। মাজনিশা কোনে ৰাজআলিয়েদি আক্ষেপ কৰি যায়, ‘বিষ্ণুৰাভা আজি নাই।’ নিজান চেলত তুমি সাৰে আছা সাৰে আছে ক্ৰুৰ ইটাৰ দেৱাল …

অধিক চাওক

এইবাটেদিয়ে উভতিবা কমৰেড ( অনিতা গগৈ )

পথাৰৰ আলিৰ দুবৰি গছকি এইফালেদিয়ে পাৰ হৈ গ’ল চিফুঙৰ পাঁচোটা আঙুলি, কাঁহৰ বাটিত পৰি জীণ গ’ল নুপুওৱা ৰাতিৰ নিয়ৰসৰা সুৰ এটি, গাঁৱে গাঁৱে বুকুৱে বুকুৱে স্থবিৰ হৈ ৰ’ল বেলি . এই বাটেদিয়ে উভতিবা কমৰেড্ ! ৰ’দৰ মুখীয়াকৈ পাৰি দিছো মোৰ বেওচনীয়া বুকু, ৰৈ আছে তোমাৰ বাবে… কেঁকোৰাৰ গাঁতত পোত খোৱা …

অধিক চাওক

ভোলানাথ বিষ্ণুপ্ৰসাদ ৰাভা ( ফণী শৰ্মা )

গুৱাহাটীৰ উজান বজাৰত এদিন মোৰ সোদৰপ্ৰতীম বিষ্ণুপ্ৰসাদ ৰাভাক লগ পালো। ‘ক’ত আছে’ বুলি সোধাত খলিল বজাৰত থকা বুলি ক’লে । কলেজ এৰাৰ কথা সোধাত, বিপ্লৱী দলত আছো বুলি আৰু কলেজৰ অধ্যক্ষই সন্দেহ কৰি আন কলেজলৈ স্থানান্তৰ হ’বলৈ কোৱাত কলেজকে এৰি দিলো বুলি উত্তৰ দিলে। ‘এতিয়া কি কৰিছ’ বুলি সোধাত আমদানি-ৰপ্তানিৰ …

অধিক চাওক