মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / বিষ্ণু প্ৰসাদ ৰাভা বিশেষ সংখ্যা (পৃষ্ঠা 2)

বিষ্ণু প্ৰসাদ ৰাভা বিশেষ সংখ্যা

বিতৰ্কৰ গৰালত বিষ্ণু ৰাভা ( হেমৰাজ ৰাভা )

১৯৬২ চন। নবেম্বৰ মাহ। সন্ধিয়া বিষ্ণু ৰাভাৰ প্ৰিয়বন্ধু ফণী শৰ্মাই ৰাভাৰ ভনীয়েক বুদুৰীৰ ঘৰত আহি উচুপি উচুপি নাটকীয় ভংগিমাৰে চিঞৰি চিঞৰি কৈছিল–“বিষ্টু, তই এই ভাৰতৰ স্বাধীনতাৰ বাবে তোৰ শৈক্ষিক জীৱন নষ্ট কৰিলি। তই এই অসমৰ বাবে, অসমীয়াৰ বাবে তোৰ সৰ্বস্ব ত্যাগি এজন ডাল-দৰিদ্ৰৰ জীৱন যাপন কৰিলি। আজি এই স্বাধীন ভাৰতৰ …

অধিক চাওক

বিষ্ণু ৰাভাৰ কবিতাৰ আভা ( ৰাজীৱ বৰা )

বিষ্ণু ৰাভা ৰচনাৱলীৰ প্ৰথমখণ্ড (ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ)ত সন্নিৱিষ্ট বিভাজিত সাহিত্যিক ৰূপসমূহৰ এটি প্ৰধান ভাগ হ’ল গীত আৰু কবিতা৷ গীত আৰু কবিতাক সংকলকে পৃথক ৰূপত চিহ্নিত নকৰি গীত-কবিতাৰ শিতানত অন্তৰ্ভূক্ত কৰাৰ অন্তৰালত অন্য কিবা উদ্দেশ্য থাকিলেও দুয়োটাৰ একত্ৰীকৰণ কাৰ্যৰ খেও ধৰি ক’বলৈ হ’লে গীত আৰু কবিতা একোটাহঁত স্বতন্ত্ৰ বিষয় হ’লেও …

অধিক চাওক

বিষ্ণু ৰাভাৰ জীৱন লেখা ‘কল্যাণ খৰমান’ আৰু অন্যান্য ( মীনাক্ষী বৰুৱা )

প্ৰতি বছৰে ২০ জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বন্দনাৰে অসমৰ আকাশ-বতাহ মুখৰিত হৈ উঠে। চৰ্চিত হৈ পৰে গীত, নৃত্যকে আদি কৰি অসমীয়া কলা কৃষ্টিলৈ তেওঁ যোগাই যোৱা অৱদানৰ কথা। পিছে এই উচ্ছ্বাসৰ ঢৌত অচৰ্চিত হৈ ৰয় দুঃসাহসী শিল্পীজনাৰ বিপ্লৱী সত্ত্বাৰ প্ৰসংগ। বিষ্ণুপ্ৰসাদ ৰাভা আছিল সমাজবাদ আৰু মানৱতাবাদত বিশ্বাসী বিপ্লৱী গণশিল্পী। …

অধিক চাওক

মুক্তি দেউলৰ ৰূপকাৰ বিষ্ণু প্ৰসাদ ৰাভা ( চিন্ময় মাধুৰ্য ডেকা)

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ পাছতে বিষ্ণু প্ৰসাদ ৰাভাক অসমৰ সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া হিচাপে অভিহিত কৰিব পাৰি। বিষ্ণু ৰাভাই জ্যোতিপ্ৰসাদৰ ৰূপান্তৰৰ আদৰ্শৰ মাজেৰেই অসমক চিৰসুন্দৰ কৰাৰ সংকল্প লৈছিল। তিলক হাজৰিকাৰ ভাষাত ক’বলৈ গ’লে– “জ্যোতিপ্ৰসাদৰ ‘জনতা’ হল ৰাভাৰ ‘ৰাইজ’। জ্যোতিপ্ৰসাদে জনতাৰ প্ৰাণৰো প্ৰাণত লুকাই থকা শিল্পীজনক জগাই তুলিব …

অধিক চাওক

অসমীয়া-সমনীয়াৰ পৰা বনুৱা-সমনীয়ালৈ বিষ্ণু ৰাভাৰ বৰ্ণিল যাত্ৰা ( বৰ্ণালী বৰুৱা দাস )

“ৰাভাই নো কি সংস্কৃতি কৰিছিল হে? সংস্কৃতি আৰু কিছুমান অসমীয়া শব্দৰ উৎপত্তি সম্পৰ্কে ৰাভাই অদ্ভূত ব্যাখ্যা দাঙি ধৰিছিল মাথোঁ– তেওঁ য’তে ৰাতি ত’তে কাটি হোৱা মানুহ হে, আমাৰ পিছে ঘৰ বাৰী আছে বাবেই ৰাভাৰ দৰে সংস্কৃতি কৰিব নোৱাৰিলোঁ‌। ৰাভাৰ শৰীৰৰ অবয়ব আছিল বিৰাট, সেয়ে তেওঁ মঞ্চত ওলাই গাটো লৰাই দিয়াতেই …

অধিক চাওক

বিষ্ণু ৰাভাৰ সান্নিধ্যত ( ভূপেন হাজৰিকা )

( সদৌ অসম ছাত্ৰ সন্থাৰদ্বাৰা আয়োজিত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থাকি দিয়া ভাষণ৷ ওদালগুৰি, ১৯৮৮ চন) বিষ্ণু ৰাভাদেউৰ কথা কৈ থাকিলে শেষ নহয়। তেওঁ অতি আধুনিক মানুহ আছিল। অতি সুন্দৰ বিশ্বপ্ৰেমিক আছিল। অতি সুন্দৰ ভাৰতবাসী আছিল। বিষ্ণুপ্ৰসাদ ৰাভাক যদি সন্মান কৰে, তেতিয়া ভাৰতবৰ্ষৰ এজন মহামনীষীক সন্মান কৰা …

অধিক চাওক

শিকলি ভঙাৰ সাহস ( পঞ্চানন হাজৰিকা )

‘বিপ্লৱৰ অৰ্থ’ শীৰ্ষক ৰচনাত বিষ্ণুপ্ৰসাদ ৰাভাই লিখিছিল – ‘সামাজিক অবস্থাৰ পৰিবৰ্তনৰ অৰ্থ হৈছে বিপ্লৱ।’ ৰাভা আছিল প্ৰকৃত অৰ্থত বিপ্লৱী, স্থিতাৱস্থা বিৰোধী, পৰিবৰ্তন আকাংক্ষী তথা নতুন দিনৰ প্ৰস্তাৱক।  সেইবাবেই তেওঁ ক’ব পাৰিছিল লোহাৰ শিকলি ভঙাৰ কথা– সেই লোহাৰ শিকলি আছিল ব্যৱস্থাৰ, পুৰণি সময়ৰ, শাসনৰ, গোড়ামিৰ, দাসত্বৰ, অৰ্থহীন বান্ধোন বা বন্দিত্বৰ। সমাজতন্ত্ৰৰ …

অধিক চাওক

সংস্কৃতিৰ সাধক বিষ্ণুপ্ৰসাদ ৰাভা ( অম্লানিকা কলিতা)

‘সুন্দৰ’ৰ পূজাৰী বিষ্ণু প্ৰসাদ ৰাভাই সপোন দেখিছিল এখন শ্ৰেণীহীন সমাজ গঢ়াৰ৷ সেই সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ কেতিয়াবা হৈ পৰিছিল গীতিকাৰ, কেতিয়াবা সুৰকাৰ, কেতিয়াবা নৃত্য শিল্পী আৰু কেতিয়াবা বিপ্লৱী-নেতা। তেওঁ মনে প্ৰাণে ভাল পাইছিল অসমৰ সংস্কৃতিক, অসমৰ সমাজ জীৱনক৷ এই ভালপোৱাৰ প্ৰকাশ তেওঁৰ গীতত এনেদৰে ঘটিছে – “যাউতি যুগীয়া বৰগীত অমিয়া …

অধিক চাওক