বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / পৰ্যালোচনা (পৃষ্ঠা 2)

পৰ্যালোচনা

ভোগবাদী সমাজ আৰু গণশিল্পী ভূপেন হাজৰিকাৰ গীত ৷৷ খগেশ সেন ডেকা৷৷

ভোগবাদত আচ্ছন্ন সাম্প্ৰতিক অসমীয়া জন-মানসক এতিয়াৰ সংগীতৰ জগতখনে যেন ৰোগাক্ৰান্ত কৰি তুলিছে৷ পূৰ্বৰ মেলডিযুক্ত গীতৰ সলনি এতিয়া মাত্ৰ শুনা যায় বাদ্যযন্ত্ৰৰ অহেতুক কোলাহল ৷ এতিয়াৰ প্ৰায়ভাগ গীতৰ কথাবস্তু তথা শব্দ-চয়ন তেনেই নিশকতীয়া৷ গায়ক-গায়িকাসকলৰো সমাজৰ প্ৰতি কোনো দায়বদ্ধতা অনুভূত নহয়৷ সমাজ জীৱনলৈ অহা পৰিৱৰ্তন দুই ধৰণৰ : এবিধ কল্যাণকৰ আৰু আনবিধ …

অধিক চাওক

জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগ্ৰামৰ উত্তৰাধিকাৰ ( ডা: অজিত কুমাৰ পটঙ্গীয়া )

কোনো এখন ঠাইত কোনো এটা যুগত এজন প্ৰতিভাবান মানুহ বা মনীষীৰ আবিৰ্ভাৱ সেইখন সমাজ বিকাশৰ এটা বিশেষ স্তৰত ঠাই খনৰ এটা সামাজিক প্ৰয়োজন, সামাজিক চাহিদা বা সমাজ আকুতিক ভিত্তি কৰিয়েই ঘটে। সেই কাৰণেই মহাপুৰুষ শঙ্কৰদেবৰ যুগত জ্যোতিপ্ৰসাদ আগৰৱালা বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ যুগত মহাপুৰুষ শঙ্কৰদেবৰ আবিৰ্ভাৱ সম্ভৱ হোৱা নাছিল। সেই অৰ্থত …

অধিক চাওক

সৌৰভ কুমাৰ চলিহা আৰু স্বাধীন অসম (টুনুজ্যোতি গগৈ)

অসমীয়া গল্প সাহিত্যৰ অপ্ৰতিদ্বন্দ্বী সম্ৰাট সৌৰভ কুমাৰ চলিহাৰ নামৰ সৈতে ‘স্বাধীন অসম’ শব্দ যুগল আচহুৱা যেন লাগিলেও চলিহাই স্বাধীন অসমৰ পোষকতা কৰিছিল৷ চলিহাই কৈছিল– ‘… আলফাৰ দৰে আমিও অসম স্বাধীন হোৱাটো বিচাৰো, কিন্তু আমি বাৰে বাৰে কৈ আহিছো যে তাৰ বাবে মানুহ মাৰি ফুৰিব নালাগে, আমাৰ মানুহৰ মাজত স্বাধীনতাকাংক্ষাৰ বীজ …

অধিক চাওক

জুবিন প্ৰতিভাৰ এক সমাজতাত্ত্বিক মূল্যায়ন ( টুনুজ্যোতি গগৈ )

অসমৰ সংগীত ৰসিকসকলৰ বাবে ৱেষ্ট ইণ্ডিজৰ অন্যতম দ্বীপৰাষ্ট্ৰ জামাইকাৰ অসাধাৰণ সংগীত প্ৰতিভা ৰৰ্বাট মাৰ্লে বা বব মাৰ্লে এক পৰিচিত নাম৷ পুঁজিপতিৰ দ্বাৰা নিয়ন্ত্ৰিত প্ৰচাৰ মধ্যেমে মাৰ্লেক এগৰাকী প্ৰভাৱশালী গায়ক, গীতিকাৰ আৰু সংগীত পৰিচালক বুলি স্বীকৃতি দিয়াৰ উপৰি তেওঁৰ ভাঙৰ প্ৰতি থকা তীব্ৰ আসক্তিৰ বিষয়েও গুৰুত্বসহকাৰে প্ৰচাৰ কৰে৷ তেনে অবিৰাম প্ৰচাৰৰ …

অধিক চাওক

মহাপ্ৰস্থান ( অভিজিৎ কলিতা )

মহাভাৰত মোৰ সকলোতকৈ প্ৰিয় মহাকাব্য। ইয়াৰ কাহিনী যিমান শক্তিশালী, সিমানেই (যদি তাতকৈ বেছি নহয়) শক্তিশালী চৰিত্ৰ নিৰ্মাণ আৰু চয়ন। মহাভাৰতত সকলো চৰিত্ৰকে যথোপযুক্ত গুৰুত্ব দিয়া হৈছে, সৰু চৰিত্ৰ এটাকো প্ৰয়োজনীয় সন্মান আৰু সময় দিয়াত কৃপণালি কৰা নাই৷ প্ৰত্যেকটো সৰু সৰু কাহিনী বা চৰিত্ৰৰেই ভাল বেয়া দুইটা দিশ সফলতাৰে দেখুৱা হৈছে, …

অধিক চাওক

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত শ্ৰমিক জীৱনৰ চিত্ৰ (টুনুজ্যোতি গগৈ)

স্বাধীনতা পৰৱৰ্তী কালৰ অসমীয়া উপন্যাস সাহিত্যক নতুন আৰু বৰ্ণাঢ্য বিষয়বস্তুৰে সমৃদ্ধিশালী কৰা ঔপন্যাসিকসকলৰ ভিতৰত মামণি ৰয়ছম গোস্বামী (১৯৪২-২০১১) অন্যতম৷ গোস্বামীৰ ‘চেনাবৰ সোঁত’ (১৯৭২), ‘নীলকন্ঠ ব্ৰজ’ (১৯৭৬), ‘অহিৰণ’ (১৯৮০), ‘মামৰে ধৰা তৰোৱাল’ (১৯৮০), ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ (১৯৮৮) ইত্যাদি উপন্যাসৰ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু পটভূমিৰ অভিনৱত্বই অসমীয়া পাঠকসকলক সদায়ে আকৃষ্ট কৰি …

অধিক চাওক

উত্তৰ-ঔপনিৱেশিকতাবাদী সমালোচনাঃ চমু আলোকপাত ( সীমা ভূঞা )

‘উত্তৰ-ঔপনিৱেশিকতাবাদ’ শব্দটো ইংৰাজী ‘Post Colonialism’ শব্দৰ অসমীয়া প্ৰতিশব্দ৷ ব্যুৎপত্তিগত দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে ‘Colonialism’ শব্দটো ৰোমান শব্দ `Colonia` ৰ পৰা আহিছে৷ ইয়াৰ সাধাৰণ অৰ্থ হৈছে, যিসকল লোক ৰোমৰপৰা বাহিৰত থাকি ব্যৱসায় বাণিজ্য কৰে, অথচ নাগৰিকত্ব এৰা নাই, সেইসকলক বুজাবলৈ অৰ্থাৎ ৰোমান মানুহৰ অৱস্থিতিক বুজাবলৈ `Colonia` শব্দৰ ব্যৱহাৰ কৰা …

অধিক চাওক

জুবিন গাৰ্গ ক’ত হেৰাই গ’ল? ( সমুদ্ৰ কাজল শইকীয়া )

অসমৰ সংগীত জগতৰ ইতিহাসত জুবিন গাৰ্গ চিৰদিনৰ বাবে এটা ট্ৰেজেডী হৈ ৰ’ব। কথাষাৰ বিতৰ্ক-উদ্ৰেককাৰী আৰু আখজা লাগিলেও এই কথাষাৰ কেনেকৈ আৰু কিয় ক’ব লগা হ’ল তাৰ আঁতি-গুৰি বিচাৰিয়েই কিছু কথা আলোচনা কৰিম। আজিৰ পৰা কুৰি বছৰৰো আগতে, বিংশ শতিকা আহি যেতিয়া শেষ প্ৰান্তত উপনীত হৈছিলহি, তেনে সময়তে হঠাতে ১-২-৩-৪ [বিৰতি], …

অধিক চাওক