চ’ৰাঘৰ / পৰ্যালোচনা

পৰ্যালোচনা

হীৰেন ভট্টাচাৰ্য৷৷ মনোজ বৰপূজাৰী৷৷

কামিজৰ সীয়নিত দুখ, দুখৰ স্তুতি মোৰ গাত হাত থ’লেই পাবা হীৰেন নামৰ কবি – এই কবিতাফাঁকি অসমীয়া কাব্যপ্ৰেমী পঢ়ুৱৈৰ বাবে অতিকৈ চিনাকি। অসমৰ সৰ্বকালৰ জনপ্ৰিয় কবিগৰাকীৰ বহুতো কবিতাৰ পংক্তিয়ে অজস্ৰ কাব্যসুধী লোকৰ মনত গুণগুণনি তুলি আহিছে। এই কবিৰ আৰু একো নাই/এটাই মাথোঁ কামিজ/তাৰো ছিগো ছিগো চিলাই / প্ৰেম নিশ্চয় এনেকুৱাই/আৱৰণ …

অধিক চাওক

অসমীয়া কবিতাত বিহু (হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ বিশেষ উল্লেখেৰে এক সংক্ষিপ্ত আলোচনা)৷৷ মৃদুল মৰাণ৷৷

অসমীয়া কবিতাত বিহুঃ বিহু অসমৰ জাতীয় উৎসৱ। বিহুক বাদ দি অসমৰ কথা ভাবিব নোৱাৰি। সাহিত্যিকৰ সৃষ্টি ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ পৰা নিলগত থাকিব নোৱাৰে। সেইবাবেই অসমীয়া কবিসকলে বিহু আৰু ইয়াৰ লগত জড়িত বিভিন্ন প্ৰসংগবোৰক এৰাই চলা নাই। অৱশ্যে সকলো সময়তে দৃষ্টিভংগী একে হৈ থকা নাই আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তন হোৱাটোৱেই স্বাভাৱিক। …

অধিক চাওক

জীবনানন্দৰ বনলতা সেন : এটি পৰ্যালোচনা ৷৷ টুনুজ্যোতি গগৈ৷৷

আধুনিক বাংলা সাহিত্যৰ গৌৰৱোজ্জ্বল ৰবীন্দ্ৰযুগৰ কবি হৈয়ো ৰবীন্দ্ৰনাথৰ সৰ্বগ্ৰাসী প্ৰভাৱৰ পৰা মুক্ত, অথচ আকাশলংঘী কাব্য প্ৰতিভাৰে আধুনিক বাংলা কবিতাৰ ইতিহাসত এক নতুন দিগন্ত উন্মোচন কৰোতা, কবিতা সৃষ্টিৰ ক্ষেত্ৰত আপোন জীৱনৰ স্বপ্ন-স্মৃতি-যন্ত্ৰণা-সংশয়ৰ লগতে চৌপাশৰ ৰূপে-ৰঙেৰে ভৰা পৰিৱেশৰ সৈতে একান্ত ‘মইময়তা’ৰে নিকট সম্পৰ্ক গঢ়ি তোলা জীবনানন্দৰ কবিতাৰাশিক বিংশ তথা একবিংশ শতিকাৰ এন্দুৰ …

অধিক চাওক

জয়মতী সম্পৰ্কে কিছু কথা৷৷ জিতেন বেজবৰুৱা৷৷

এইটো বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠিত সত্য যে জয়মতী চৰিত্ৰটো তথা জীৱন-কাহিনীটো সম্পৰ্কে পৰ্যাপ্ত ঐতিহাসিক সমলৰ অভাৱ। পুৰণি বুৰঞ্জীসমূহত চৰিত্ৰটোৰ কোনো উল্লেখ পোৱা নাযায়। এই সংক্ৰান্তত জে. এম. ফ’ষ্টাৰে কাশীনাথ তামুলীফুকনৰ বুৰঞ্জীখনৰ যিটো আৰম্ভণিৰ সংস্কৰণৰ কথা উল্লেখ কৰিছে সেইটোও পাবলৈ নাই। সেইবাবে চৰিত্ৰটো তথা তৎকেন্দ্ৰিক কাহিনীটোৱে সময়ে সময়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে। (‘The …

অধিক চাওক

লিংগ অধ্যয়নৰ আলোকত অসমীয়া সাধুকথা৷৷ মৃদুল মৰাণ৷৷

(লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘মেকুৰীৰ জীয়েকৰ সাধু’ আৰু ‘চিলনীৰ জীয়েকৰ সাধু’ শীৰ্ষক সাধু দুটাৰ বিশেষ উল্লেখেৰে) অৱতৰণিকাঃ লোকসংস্কৃতি অধ্যয়নৰ মানকসমূহৰ ভিতৰত লিংগ অন্যতম। সাম্প্ৰতিক সময়ত লোকসংস্কৃতিৰ অধ্যয়নত লিংগ অধ্যয়নৰ নানা দিশৰ প্ৰয়োগ আৰম্ভ হৈছে আৰু ই লোকসংস্কৃতিৰ অধ্যয়নক এক নতুন মাত্ৰা প্ৰদান কৰিছে। লোকসংস্কৃতিৰ লিংগ অধ্যয়নে সামৰি লোৱা …

অধিক চাওক

জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা৷৷ জিতেন বেজবৰুৱা৷৷

জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া হয় সেইসমূহৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। পঢ়িবলৈ পোৱা মতে, কিছুসংখ্যক নাৰী পণ্ডিতেহে (চিন্থিয়া এনল’, কুমাৰী জয়াৱাৰ্দেনা, নীৰা য়ুভাল-ডেভিছ আদি) প্ৰসংগটো গুৰুত্বসহকাৰে আৰু বহল ৰূপত আলোচনা কৰিছে নিজা …

অধিক চাওক

বেজবৰুৱাৰ সাধুকথাত নাৰী চৰিত্ৰ৷৷ সীমা ভূঞা৷৷

সাধাৰণতে সাধুকথা বুলিলে কেৱল শিশুৰ উপযোগী ৰচনাকে বুজা যায়৷ পুৰণি কালৰপৰা প্ৰচলিত হৈ থকা সাধুকথাবোৰত একোটা জাতিৰ আচাৰ-আচৰণ, ধ্যান-ধাৰণা, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ প্ৰতিফলন দেখা যায়৷ অৰ্থাৎ, একোটা জাতিৰ জাতীয় জীৱনৰ সামগ্ৰিক স্বৰূপ সাধুকথাত নিহিত হৈ থাকিব পাৰে৷ সেয়ে, অসমীয়া জনসমাজত প্ৰচলিত সাধুকথাবোৰতো স্বাভাৱিকতে অসমীয়া সমাজৰ বিভিন্ন দিশ সম্পৃক্ত হৈ আছে৷ …

অধিক চাওক

ৰূপকোঁৱৰৰ নাটকত আৱহ সংগীত ৷৷ কুশল কৃষ্ণ দেৱ গোস্বামী৷৷  

(নাটকত আৱহ সংগীত প্রয়োগ অৰ্থাৎ সংগীত প্রয়োগ এটা বৃহৎ অধ্যায়। তাতে আকৌ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা দেৱৰ নাটকত আৱহ সংগীত প্রয়োগ। বিষয়টো গভীৰৰ পৰা গভীৰতৰলৈ ব্যাপ্ত। নিজৰ সম্যক অভিজ্ঞতা আৰু চিন্তাৰ ভিত্তিত, কোনো পাঠ্যপুথিৰ সমল নলৈ সূত্র আকাৰে ক্ষুদ্র জোলোঙাৰ একোণৰ পৰা জাৰি জোকাৰি উলিয়াই দিয়া হৈছে। বিজ্ঞজনে বিষয়টোৰ সম্পৰ্কত সুস্থ …

অধিক চাওক