চ’ৰাঘৰ / জীৱন জীৱন বৰ অনুপম

জীৱন জীৱন বৰ অনুপম

জুলাই সংখ্যাৰ সম্পাদকীয়

“বিশেষ ভাৱে সক্ষম ব্যক্তি” বুলিলেই সকলোৱেই তেওঁলোকৰ প্ৰতি দৰদী হৈ পৰে। এইসকল লোকে সঁচাকৈ জানো আনৰপৰা পুতৌ বিচাৰে ?এই যে বহুতে হঠাৎ কৈ দিয়ে প্ৰতিবন্ধী এজনক–“বেয়াই লাগে ল’ৰাটোলৈ বা ছোৱালীজনীলৈ৷ ” এনে মন্তব্যত আচলতে কি ভাৱ ফুটি উঠে ? ভালপোৱা নে পুতৌ ? বিশেষভাৱে সক্ষম ব্যক্তি এজনে মানুহৰপৰা বিচাৰে সহযোগিতা। সমাজত …

অধিক চাওক

মানৱ অধিকাৰ আৰু বিশেষভাবে সক্ষম ব্যক্তিসকল ( মিণ্টু কুমাৰ )

লেখাটিৰ শিৰােনামাতে অন্তর্নিহিত হৈ আছে লেখাটিৰ মূল বিষয়-বস্তুৰ এক সম্যক ধাৰণা৷ বিশেষ ভাৱে সক্ষম ব্যক্তিসকলৰ মানৱ অধিকাৰ সম্পর্কে এক চমু আৰু বিশ্লেষণাত্মক আলোচনা কৰাই হৈছে এই লেখাটিৰ মূল উদ্দেশ্য। মানৱ অধিকাৰ হৈছে এনে কিছুমান অধিকাৰ যি মানুহে জন্মগত ভাৱে লাভ কৰে। মানৱ অধিকাৰ সমূহে মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড, সন্মান আৰু মৰ্যাদাৰ …

অধিক চাওক

বিহগী কবিৰ জীৱন আৰু কাব্য ব্যক্তিত্ব ( শ্ৰুতিশিখা গোস্বামী ) 

“শুনাহে এবাৰ পখী অভাগাৰ বাণী নালাগে পাৰ্থিব সুখ নকৰোঁ মনত দুখ তোমাৰ লগতে উৰি যাওঁ বিহংগিনী সদায় বৈছে য’ত প্ৰেম মন্দাকিনী ।” প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যৰাজিক শব্দৰ মায়াজালেৰে বান্ধিব খোজা বিহগী কবি খ্যাত ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল ১৮০১ শকৰ মাঘ মাহৰ ৬ তাৰিখে, অবিভক্ত কামৰূপ জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত লাওপাৰা নামৰ …

অধিক চাওক

প্ৰতিবন্ধী শিশুৰ আশ্ৰয় গৃহ “কৌমুদালয়” ( পুৰুষোত্তম কলিতা )

‘কৌমুদালয়’। মানে জোনাকৰ আলয়। জোনাকৰ স্নিগ্ধতা আছে, কিন্তু উত্তাপ নাই। স্নিগ্ধতা আৰু পৱিত্ৰতা লৈ পৃথিৱীত জন্মগ্ৰহণ কৰে প্ৰতিটো শিশুৱেই। কিন্তু সমাজৰ কপটতা-কুটিলতাই সৃষ্টি কৰে এজন হৃদয়্হীন দানৱ আৰু অপৰাধীৰ। সদ্যোজাত প্ৰতিটো শিশুৰে থাকে জীয়াই থাকি সুন্দৰ পৃথিৱীখন চোৱাৰ অধিকাৰ ।কিন্তু শাৰীৰিক অক্ষমতা লৈ জন্মগ্ৰহণ কৰা শিশুসকলক পৃথিৱীৰ সুন্দৰখিনিৰ সৈতে পৰিচয় …

অধিক চাওক

দিব্যাংগসকলৰ কথাৰে ( মানসী বৰা )

যোৱা বছৰৰ কথা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট ষ্টেট ডেলাৱেৰত বাছেৰে এঠাইলৈ গৈ আছোঁ। এটা ষ্টপেজত বাছখন ৰ’ল। দর্জা মুখলৈ ভূমুকিয়াই দেখিলোঁ। অট’মেটিক হুইল চেয়াৰসহ আদহীয়া মানুহ এজন বাছত উঠিবলৈ লৈছে। ইমান ওখ বাছখনত হুইল চেয়াৰৰ সৈতে মানুহজন কেনেকৈ উঠিব বুলি ভাবোতেই বাছ চালকজনে বাছৰ ৰেম্পখন পথৰ সমান্তৰালকৈ নমাই দিলে। হুইল চেয়াৰখনৰ …

অধিক চাওক

আমাৰ দোষ কি? ( সুদেষ্ণা প্ৰিয়ম্বদা )

বৰ্তমান সমাজত শাৰীৰিক প্ৰতিবন্ধীসকলক বিশেষ ভাৱে সক্ষম, দিব্যাংগ আদি বুলি কোৱা হয়। সকলো পিতৃ-মাতৃয়ে সপোন দেখে এটি সবল সুস্থ সন্তানৰ জন্মদাতা হ’বলৈ। কাৰোবাৰ সপোন ভবাৰ দৰে ফলিয়ায় আৰু তেওঁলোকৰ ঘৰখনত আনন্দৰ বন্যা নামে। আন কাৰোবাৰ ঘৰত নৱজাতকটি কোঁচত লৈ যেতিয়া দেখে ই এটি অক্ষম শিশু, তেতিয়া মাক-দেউতাকে কান্দে আৰু ঘৰখনলৈ …

অধিক চাওক

প্ৰীথি শ্ৰীনিৱাসন: ক্ৰিকেটৰ পৰা হুইলচেয়াৰলৈ ( ৰুবী বৰা )

প্ৰীথি শ্ৰীনিৱাসন এক ব্যক্তিত্ব, যাক অচল শৰীৰেও জীৱন যুঁজত বাধা দি ৰাখিব নোৱাৰিলেঃ যি হৈ পৰিল বিশেষভাৱে সক্ষম সকলো ব্যক্তিৰ বাবে প্ৰেৰণাৰ থল, আশাৰ প্ৰদীপ। ১৯৭৯ চনৰ ৫ ছেপ্তেম্বৰত চেন্নাইত জন্ম গ্ৰহণ কৰা প্ৰীথি শ্ৰীনিৱাসন আছিল তামিলনাডুৰ ১৯ বছৰ অনুৰ্ধ্ব মহিলা ক্ৰিকেট দলৰ কনিষ্ঠতম খেলুৱৈ। ৪ বছৰ বয়সৰ পৰাই ক্ৰিকেটৰ …

অধিক চাওক

“ৰ’ড ষ্টাৰ”ৰ এখন মঞ্চ ( নীলিম আকাশ কাশ্যপ )

(১) মানুহৰ এটা জুম। কিনো হৈছে জনাৰ অভিপ্ৰায়েৰে খোজ আগবঢ়ালোঁ জুমটোৰ ফালে। মানুহ ঠাহ খাইছে। পথৰ দাঁতিত বহি আছে এজন লোক, তেওঁলৈ সকলোৰে দৃষ্টি। গল মেলি মানুহজনলৈ চালোঁ। চুটি চুটিকৈ কটা চুলিৰে মানুহজনৰ মুখখনৰ অধিকাংশ আৱৰি ৰাখিছে এমুখ দাড়িয়ে। মিঠা বৰণীয়া মানুহজন। হঠাতে তেওঁৰ চকুলৈ দৃষ্টি বাগৰি গ’ল মোৰ। হয়, …

অধিক চাওক