বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / ইত্যাদি (পৃষ্ঠা 2)

ইত্যাদি

স্বামী বিবেকানন্দ দেৱৰ দৃষ্টিত ধৰ্ম ( ভৱেশ নাথ )

[ স্বামী বিবেকানন্দ দেৱৰ ১৫৫ তম জন্ম জয়ন্তী উপলক্ষে ] “If one religion be true, then all the others must be true. Thus the Hindu faith is as much yours as it is mine” — Swami Vivekananda স্বামী বিবেকানন্দ দেৱৰ ভাষাৰেই কওঁ “যদি কোনো এক ধৰ্ম সচাৰ ওপৰত প্ৰতিষ্ঠিত হয়, …

অধিক চাওক

শিক্ষাৰ প্ৰদূষণ ( ডঃ ছবি গগৈ )

এসময়ত শিক্ষাৰ পোহৰ নাছিল। প্ৰকৃতিৰ সৈতে মানুহৰ আত্মীয়তা আছিল। নিৰ্ভৰশীল আছিল। পৰিৱেশৰ নিৰ্মলতাও আছিল। শিক্ষাৰ প্ৰৱৰ্তন আৰু প্ৰসাৰৰ লগে লগে মানুহৰপৰা প্ৰকৃতিৰ প্ৰতি থকা আত্মীয়তা, নিৰ্ভৰশীলতা আৰু পৰিৱেশৰ নিৰ্মলতা কমি আহিবলৈ ধৰিলে। বিজ্ঞান, প্ৰযুক্তিৰ আৱিষ্কাৰ মানুহৰ বাবে যেনেকৈ সহায়ক হৈছে, তাৰ বিপৰীতে অপব্যৱহাৰৰ ফলত অভিশাপ হৈয়ো উঠিছে। শিক্ষিতৰ সংখ্যা বাঢ়িছে …

অধিক চাওক

‘বৌদ্ধিক বিচাৰ’ৰ এবছৰ ( প্ৰাণজ্যোতি নাথ )

ইণ্টাৰনেট সেৱাৰ দ্ৰুত প্ৰসাৰৰ সমান্তৰালকৈ বিকশিত হোৱা এটি নব্য গণ মাধ্যম হ’ল অনলাইন কাকত আৰু আলোচনীসমূহ। হাতৰ মুঠিতে কঢ়িয়াব পৰা স্মাৰ্ট ফ’নটোৱে ভূমিকা গ্ৰহণ কৰিছে, এই কাকত-আলোচনীসমূহৰ দ্ৰুত প্ৰচাৰ আৰু প্ৰসাৰত। জনপ্ৰিয় তথা সৰ্বাধিক বিক্ৰী হোৱা কাকতসমূহ ছপা মাধ্যমতো উপলব্ধ হোৱাৰ বিপৰীতে কেৱল অনলাইন আলোচনীৰ ধাৰণাটো কিছু নতুন আৰু এইসমূহ …

অধিক চাওক

মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ( ড: ভূপেন হাজৰিকা )

সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী হোৱাৰ কোনো আশা বা সপোন মোৰ কোনো কাহানিও নাই। মই পলিটিকেল চাইন্সত এম. এ. পাছ কৰিছো ৰাজনীতি জানিবৰ কাৰণে। তাৰ পাছত বিধান সভাৰ মজিয়ালৈ সোমাইছোঁ। অল ইণ্ডিয়া ৰেডিঅ’ৰ টকৰ (Talk) বিষয়া হিচাপে শ্বিলঙৰ বিধান সভাৰ ভিতৰত সোমাই ইমান জঘন্য কিছুমান ব্যক্তি দেখাৰ …

অধিক চাওক

ল’ৰা-ছোৱালীহঁতক গৰমবন্ধ কিয় লাগে ? ( ইমতিয়াজ হুচেইন)

আমি কলেজত পঢ়ি থাকোতে জৰ্জ বাৰ্নাৰ্ড শ্বৰ ‘Life and Learning’ বুলি এটা পাঠ পঢ়িছিলোঁ। পাঠটোত শ্ব’ই আসোঁৱাসযুক্ত আনুষ্ঠানিক, বিশেষকৈ স্কুলীয়া শিক্ষাক কঠোৰ সমালোচনা কৰিছে। তেওঁ স্কুলক কাৰাগাৰৰ সৈতে তুলনা কৰিছে। স্কুলৰ আমনি লগা দৈনন্দিন সময়পঞ্জীৰ কাৰণে স্কুলত জীৱনৰ দৰকাৰী শিক্ষা পোৱা নাযায় বুলি কৈছে। তেওঁৰ মতে, আমাৰ প্ৰকৃত শিক্ষা আৰম্ভ …

অধিক চাওক

ৰাইট ভ্ৰাতৃদ্বয়ৰ পথ ( পংকজজ্যোতি মহন্ত )

আজিৰপৰা ১১৫ বছৰৰ আগতে ৰাইট ভ্ৰাতৃদ্বয় (অৰভিল ৰাইট আৰু উইলভাৰ ৰাইট) আজিৰ দৰে বিখ্যাত নাছিল। তেওঁলোক আছিল সম্পূৰ্ণ অখ্যাত। তেওঁলোকৰ পৰিৱৰ্তে তেতিয়া বিখ্যাত আছিল ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী। আজি ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী নামটো কোনোবাই বহুলভাৱে শুনিছেনে? আজি ৰাইট ভাতৃদ্বয় যেনেদৰে পৰিচিত আৰু ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী প্ৰায় অপৰিচিত, ঠিক তেনেদৰেই ১১৫ বছৰ …

অধিক চাওক

বেবেৰিবাং ( বংকুশ প্ৰতিম মহন্ত)

অ’ বোলো ঘৰ আহিলেই এই একেটাই প্ৰব্লেম! উত্তৰাধিকাৰিসূত্ৰে সাক্ষাৎ জমদগ্নিৰ বৰ প্ৰাপ্ত আপকামিং “NRC চাৰ্টিফাইড” মোৰ একমাত্ৰ মাতৃৰ লোকভাষণৰ (গালি)নিয়মীয়া ৰেৱাজ !! . আজিটো ঘটনা বিষমেই। কাউৰীপুৱাই ঘৰৰ কাঢ়লীজনীৰ পঘা আঁ‌জুৰি ভোৰভোৰাই আছে বোলে ঘৰৰ গেবাৰি খাটোতে খাটোতে আদ্ বয়স গ’ল ! হেৰৌ কোনোবাই য’দি চাহ একাপকে তপতাই খুৱালেহেঁ‌তেন !! …

অধিক চাওক

আমি সময়ৰ পৰা পিছলৈ গৈ ডাইন’ছৰ কেনেদৰে চাম? ( ৰঞ্জন ভূঞা )

আমি বাৰু বৰ্তমানৰ পৰা অতীতলৈ গৈ অতীতৰ ঘটনাৱলী আদি কেনেকৈ দেখিব পাৰিম ? সাংঘাতিক আকৰ্ষণীয় বিষয় নহয় নে বাৰু? আমিবোৰে এটা টেলিস্কোপৰ সহায়ত বৰ্তমানৰ পৰা পিছলৈ গৈ ডাইন’ছৰ চাব পাৰিম৷ ডাইন’ছৰেই কিয়, সম্ভৱ হ’লে আমি আমাৰ পৃথিৱীৰ সম্পূৰ্ণ অতীত চাব পাৰিম। সচাঁ অৰ্থত বৰ্তমান সময়ত অতীত দৰ্শন একেবাৰে অসম্ভৱ কথা আৰু আমি …

অধিক চাওক