চ’ৰাঘৰ / অসমীয়া প্ৰগতিশীল কবিতা (পৃষ্ঠা 2)

অসমীয়া প্ৰগতিশীল কবিতা

হিমাংশু প্ৰসাদ দাসৰ দুটি কবিতা

এই যে জীৱন … এই যে পৃথিৱী ইমান যে ব্যস্ত কিনো কৰি আছা বন্ধু যি কৰি আছা জীয়াই থাকিবৰ বাবে কৰি আছা আৰু জীয়াই থাকিনো কি কৰিছা জীয়াই থাকিবলৈ কিবা কিবি কৰি আছা বিত্তবান সকললৈ : আপোনাৰ ঘৰত অতি আধুনিক চাউণ্ড চিষ্টেম অথচ কিমান দিন যে হ’ল – আপুনি প্ৰিয় …

অধিক চাওক

সনন্ত তাঁতিৰ তিনিটি কবিতা

মই আকৌ জী উঠিছো অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত হোৱাৰ পিচত মই আকৌ জী উঠিছো মোৰ মৃত্যু আৰু জীৱনৰ এই ৰহস্যাবৃত ঘটনাৰ পম খেদি জনৈক সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নতো বিচলিত নহৈ মই আকৌ ৰহস্যৰ আন্ধাৰত বিলীন হৈ গৈছো মই জানো হৃদয়বান ব্যক্তিসকলৰ মৃত্যু ঘটিব নোৱাৰে অসত্যৰ বিৰুদ্ধে সত্য প্ৰতিষ্ঠা কৰি যুঁজি থকা …

অধিক চাওক

হেমাংগ কুমাৰ দত্তৰ দুটি কবিতা

জনসংখ্যাই সকলো সমস্যাৰ মূল – কবিতাত এখন ৰচনা ৰুটি একে আছে ৰুটি খোৱা মানুহ কিন্তু বাঢ়ি আহিছে (কেক অৱশ্যে বাঢ়িছে হয়- পিছে ৰুটিৰ জিভাক কেক এৰি দিলে বদহজমৰ ভয়) সেইবাবে দেশৰ মানুহে দেশজুৰি মৰিশালি পাতে (তাৰ মাজতে ওখ ওখ ঘৰ জীয়াই থকাৰ কেবামহলীয়া ঠাই আচৰিত হ’ব লগা নাই সেয়া মৰিশালীৰখিয়া …

অধিক চাওক

ৰফিকুল হোছেইনৰ কবিতা ( অৰিন্দম বৰকটকী )

ৰফিকুল হোছেইনৰ একমাত্ৰ কাব্যসংকলন ‘শৰবিদ্ধ আকাশ’ প্ৰকাশ পোৱাৰ আজি পঁচিশ বছৰ হ’ল ৷ কবিতাসমূহৰ সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্বই আজি এনে এক বাস্তৱ তাৎপৰ্য লাভ কৰিছে যাৰ বাবে আমি এই ৰচনাখন লিখাৰ তাড়না অনুভৱ কৰিলোঁ। কিছুদিন পূৰ্বে মৰিধনশিৰি নৈৰ দলঙৰ ওপৰত কবি ৰফিকুল হোছেইন আৰু মই নিশা বহি আছিলোঁ৷ জোনাকৰ পোহৰত …

অধিক চাওক

অমূল্য বৰুৱাৰ দুটিমান কবিতা

কুকুৰ সউদল কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দ’মবিলাকৰ কাষে কাষে সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস নাইকিয়া শুকান একোডোখৰ জাতি-বৰ্ণ বিচাৰ নোহোৱা হাড়; নাইবা কোনোটোৰ মুখত ফুটা জোতাৰ একো টুকুৰা লেকেটা চামৰা। দুই-এটা ভাগ্যৱানৰ বাহিৰে চুৱা-পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাটন। সিহঁতৰ পাছে পাছে ফুৰিছে গাৰ ছাঁৰ দৰে আন্ধাৰ বুভুক্ষা। ক্ষুধাৰ তাড়নাত সিহঁতে …

অধিক চাওক

হীৰেন ভট্টাচাৰ্যৰ দুটি কবিতা

প্ৰস্তাৱনা মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা৷ কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা নিজেই নিহত হওঁ সিহঁতৰ হাতত৷ মোৰ তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ য্ন্ত্ৰণা৷ যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ অনিবাৰ্য ঝন্‍ঝননি৷ সমস্ত শক্তিৰে ছিঙি পেলাওঁ হাতৰ শিকলি৷ সমুখৰ শোভাযাত্ৰাত যোগ দিওঁ অথবা নিশব্দে তুলি লওঁ ছহীদৰ …

অধিক চাওক

ৰুদ্ৰ সিংহ মটকৰ দুটি কবিতা

দেউতা ‘অ’-‘আ’ৰ নিচিনা মোৰ দেউতা আছিল এজন চহা খেতিয়ক ককাদেউতাৰ দিনৰে দ’ পথাৰৰ মাটি দুবিঘাৰ ‘খেতিয়কৰ সমান পৃথিৱীৰ কোনো মানুহ সুখী হ’ব নোৱাৰে খেতিয়কতকৈ পৃথিৱীৰ কোনো মানুহেই বেচি দুখী হ’ব নোৱাৰে’ বাৰান্দাৰ সেই পুৰণি চকীখনত বহি দেউতাই কৈছিল কেৰাচিনৰ অভাৱত চাকি নজ্বলা বসন্তৰ কোনো এক উদাস গধূলি হতভগা বন্ধা কৃষকৰ …

অধিক চাওক

নলিনীধৰ ভট্টাচার্যৰ দুটি কবিতা

ইস্তাহাৰ অতীন্দ্ৰিয় প্ৰতিশ্ৰুতি সমূলি বিফল বুজি পাওঁ ইন্দ্রিয়ৰ স্বৰ গোন্ধ পাওঁ নৰকৰ, ধূসৰ মৰুৰ ঘৃণাৰ কাঁইটে বিন্ধে প্ৰেমৰ হৃদয় পদুম ফুলিব ক’ত? ধুমুহাই মোহাৰি পেলাই কপাহী মেঘৰ ৰং প্ৰেমিক পখিলা উৰি জ্বলন্ত অগ্নিত পৰে এয়েতো প্ৰথম হায় হেৰুৱালো জীৱত ফুল তৰা জোন আৰু দুবৰিৰ কোমল সুবাস যুতি জাঁই মালতীৰ দক্ষিণ …

অধিক চাওক