চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা (পৃষ্ঠা 21)

অতিথি সম্পাদকৰ চ’ৰা

মিতভাষ ( অনিতা গগৈ)

সেই যে তেওঁক সিঁচিছিলোঁ মোৰ বুকুতে…, ভাবিছিলোঁ লহপহীয়াকৈ গজিব, কথা আছিল ফুলে ফলে দোঁ খাই পৰিব, ..চৰাইবোৰক মাতি আঁকোৱালি ল’ব বুকুত , সিহঁতে আহি সাধু শুনাব .. আকাশৰ সিপাৰৰো আকাশৰ…সাগৰৰ সিপাৰৰো সাগৰৰ । তেওঁ গজিলেই লানি নিচিগাকৈ আহিব গানৰ মেঘবোৰ ..আমি একেলগে কুঁহিপাতৰ ৰঙচুৱা হ’ম। আমাৰ সেউজীয়া ডেউকা গজিব.আৰু আমি …

অধিক চাওক

ডঃ ছবি গগৈৰ বিশেষ কাব্যধাৰা

স্বপ্নবাক জুই একুৰাই মোক খেদি ফুৰিছে । ময়ো জুইকুৰাক খেদি ফুৰিছোঁ । আমাৰ এই খেদা-খেদিত নৈবোৰ শুকাই আহিছে । বতাহবোৰ গৰম হৈ আহিছে । আইৰ ছালখন শোতোৰা পৰিছে । পিতাৰ চুলিকেইডালে বাৰীৰ চুকত মাটি এডোখৰ নিজৰ বাবে নামজাৰী কৰিছে । ধেৎ ! মইচোন অলপ অলপকৈ ছাই হৈ গৈ আছোঁ ! …

অধিক চাওক

তিনিশৰীয়া কবিতা (হৰেকৃষ্ণ ডেকা)

অভিধান মেলি লৈ শব্দ বিচাৰি থাকোতে বাক্য পূৰা নহয়গৈ ## তেওঁ ব্যৱহাৰ কৰা শব্দকেইটাক আপুনি ৰসাল বুলি কৈছিল মই কওঁতে মুখ বিকটালে আগতে চোবোৱা কুহিয়াৰ চোবাব দিলে ৰস নোলায় ## তেওঁ বিষ্ণু বিষ্ণু বুলি মূর্তিক সেৱা কৰিলে বিষ্ঠাত ভৰি দি আপুনি বিষ্ণু বিষ্ণু চিঞৰিলে নামৰেই মাহাত্ম্য

অধিক চাওক

শব্দ শিল্প (দিলীপ কৌশিক)

এথোপা শিমলু ফুলত ৰঙীন চাকি জ্বলাই গৰখীয়া বেলিটো কোবাল খোজেৰে যায়গৈ.. আৰু বেদীত এপাহ ছাইৰঙী ফুল লৈ প্ৰয়াত সময়ৰ আকাশত মই শ্বহীদ হৈ জিলিকি থাকোঁ তোমাৰ ঠিকনা বিচাৰি স্মৃতিৰ বৰ্ষাৰণ্যত কোনোবা প্ৰেমিক কবি বহি থাকে কবিতাৰ ছাতি লৈ….!!

অধিক চাওক

সহজ সত্য ( বিশাল অনুৰাগ )

যাওঁ বুলিও সমূলি গুচি নাযায় কোনো যিদৰে নাযায় বৰষা টোপ টোপকৈ সৰি থাকে চকুলো প্ৰেমিক গছৰ শোক হৈ ।।

অধিক চাওক

মনমর্মৰ ( পূণ্য শইকীয়া)

১ ভবামতেই সকলো হৈছে ৷ শিলাবৃষ্টি হৈছে ৷ কুমলীয়া কলপাতবোৰ কৰকাঘাতত চিৰিলি চিৰিলি হৈছে ৷ পৃথিৱীখন বগা হৈছে- আকাশখন ক’লা ৷ দৃশ্যপট সলনি হৈছে ৷ চৰাইৰ আৰাও সলনি হৈছে ৷ এই যে ঘটনাক্ৰম- ইয়াৰ স্থায়িত্বৰ বাবে প্ৰাৰ্থনা জনাওঁ । কিন্তু কাক ? ২. মই তোমাৰ নামটোকে সহস্ৰবাৰ লিখিম ৷ বেৰে-ছালে …

অধিক চাওক

মিতভাষঃ এক চমু অৱলোকন ( কৰবী ডেকা হাজৰিকা)

‘মিতভাষ’ অসমীয়া সাহিত্যৰ পাঠকৰ বাবে অপৰিচিত নহয়৷ নব্বৈৰ দশকৰ পৰা নগেন শইকীয়াৰ মিতভাষ ওলাইছে, আৰু ওলাই আছে৷ আলোচনী, কাকতৰ বুকুত প্ৰকাশ পোৱা এই অভিনৱ সাহিত্য-প্ৰকাৰে পাঠকৰ মনত কৌতূহলৰ সৃষ্টি কৰাৰ লগতে এক অগতানুগতিক আমেজো দান কৰিছে৷ গ্ৰন্থ আকাৰে প্ৰকাশ পোৱা তিনিটি সংকলনৰ পাছত শেহতীয়াকৈ ‘মিতভাষ সমগ্ৰ’ প্ৰকাশ হোৱাত মিতভাষৰ বিষয়ে …

অধিক চাওক

কবিতা, অকবিতা ইত্যাদি (পুণ্য শইকীয়া)

তাহানিতে এটা বাংলা শ্ৰব্য কেছেটত এটা কৌতুক শুনা মনত পৰে। কৌতুকটোৰ মূল কথাকিটা মনত আছে। কৌতুকৰ কথকজনে উদ্বিগ্নতাৰে লালবাজাৰলৈ (পশ্চিমবংগ পুলিচ হেড কোৱাৰ্টাৰ) ফোন কৰি চিঞৰি চিঞৰি কৈছে– ‘চাৰ আপুনি ততাতৈয়াকৈ পুলিচ বাহিনী পঠিয়াওক, ৰবীন্দ্ৰনাথ মহা সংকটত পৰিছে তেওঁক সোনকালে উদ্ধাৰ কৰিব লাগে।’ কথকজনৰ মতে, ৰবীন্দ্ৰ নাথৰ সংকটটো হ’ল কবিগুৰুৰ …

অধিক চাওক