চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা (পৃষ্ঠা 20)

অতিথি সম্পাদকৰ চ’ৰা

ফিডেল কাস্ট্ৰোলৈ ( মূলঃ পাবল’ নেৰুডা, অনুবাদঃ অৱনী বুঢ়াগোহাঁই )

ফিডেল, ফিডেল, মানুহবোৰ কৃতজ্ঞ শব্দবোৰৰ কামলৈ পৰিবৰ্তনত আৰু কৃতকাৰ্যতাৰ সংগীতত, আৰু সেয়ে তোমালৈ মই সূদূৰৰ পৰা কঢ়িয়াই আনিছো একাপ মোৰ দেশৰ ফটিকা এইয়া এজাক ভূগৰ্ভস্থ মানুহবোৰৰ তেজ যাৰ ছাঁ তোমাৰ ডিঙিলৈকে বগুৱা বাই গৈছে সিহঁত খনিৰ শ্ৰমিক, যি শতিকাজুৰি জীয়াই আছে জুই উলিয়াই আনিছে হিমায়িত অঞ্চলৰ মাজৰ ভিতৰৰ পৰা । …

অধিক চাওক

‘অসম ৰত্ন’ৰ বাবে বিবেচিত হ’বনে জননেতা ভীমবৰ দেউৰী ? ( ৰত্নেশ্বৰ বসুমতাৰী )

 (মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিবেচনাৰ্থে) বৃটিছৰ আমোলত সেই সময়ৰ অসমীয়া অভিজাত শ্ৰেণীৰ লোক সকলে ইংৰাজ বিষয়াৰ লগলাগি উচ্চ বৰ্ণহিন্দুসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে কেৱল ইংৰাজক বুজিনি দিছিল। পিছপৰা জনজাতি সকলক অসভ্য বৰ্বৰ বুলি চৰকাৰী কাম কাজত মকৰল কৰোৱাৰ বিপৰীতে কেৱল উচ্চ বৰ্ণ হিন্দুসকলহে ইংৰাজৰ আমোলত বিষয়া আৰু কৰ্মচাৰী আদি পদবীত মকৰল হোৱাৰ উপৰিও …

অধিক চাওক

অসমৰ ৰাজনীতিত ভীমবৰ দেউৰীৰ প্ৰাসংগিকতা ( মেদিনী চৌধুৰী )

স্বৰ্গীয় ভীমবৰ দেউৰীৰ ৰাজনৈতিক জীৱন চমু হ’লেও ইমান গুৰুত্বপূৰ্ণ ঘটনাৰাজিৰে সমৃদ্ধ যে আৰু এনে এক আলোড়িত পৰিস্থিতিত তেওঁ কিছুমান বিশেষ সমস্যা সমাধানৰ ক্ষেত্ৰত নেতৃত্ব দিবলগীয়াত পৰিছিল যে নিবিড় আৰু বিস্তৃত গৱেষণা অবিহনে এই সম্বন্ধে কিবা এটা সঠিক সিদ্ধান্তত উপনীত হোৱাটো সহজ কথা নহয়৷ তৃতীয় দশকৰ মাজভাগৰ পৰা চতুৰ্থ দশকৰ মাজভাগলৈ …

অধিক চাওক

পূজ্য নেতা স্বৰ্গীয় ভীমবৰ দেউৰীৰ সোঁৱৰণত ( নিবাৰণ বৰা )

[পূজা নেতাজনৰ দিবলগীয়া চিনাকি বহু দিনৰ আছিল তেনে নহয় কিন্তু সম্বন্ধটো আছিল অন্তৰংগ আৰু এটা দিশত মোৰ পথ প্ৰদৰ্শক। ১৯৪৫ চনৰ কথা মই সক্ৰিয় ৰাজনীতিত যোগ দিছো ১৯৪২ বিপ্লৱত নিজ সাৰ্থকতা অনুসৰি কাৰ্যনিৰ্বাহ কৰাৰ পিছত৷ মই কংগ্ৰেছত যোগ দিছো সকলো ১৯৪২ ৰ কৰ্মীসকলৰ দৰেই৷ কাম কাজত লিপ্ত হৈছো৷ বনুৱা ক্ষেত্ৰত …

অধিক চাওক

ভাব বল্লৰী, মন মৰ্মৰঃ কাব্য-গদ্যৰ প্ৰথম খোজ ( সত্যেন্দ্ৰ বৰদলৈ )

সাহিত্য শব্দৰ সমাহাৰ। অথচ শব্দবিন্যাসৰ কৌশল আৰু প্ৰয়োগৰ ভিন্নতাই সাহিত্যক কৰি তুলিছে বহুধাবিভক্ত। দৰ্শন-সম্পৃক্ত ভাৰতীয় সাহিত্যত শব্দৰ ব্ৰহ্মত্ব আৰোপ কৰা হৈছিল আৰু শব্দৰ নিহিত শক্তিক সূক্ষ্মাতিসূক্ষ্ম ভাবে বিশ্লেষণ কৰি ইয়াৰ ব্যাখ্যা আগবঢ়াবলৈ যত্নপৰ হৈছিল। শব্দই মূঢ় জনকো কেনেদৰে মোহাৱিষ্ট কৰিব পাৰে, বিশ্বসাহিত্যত বা আমাৰ অসমৰ বৈষ্ণৱ যুগত ৰচিত চৰিত পুথি …

অধিক চাওক

অতিথি সম্পাদকৰ কলম

বৌদ্ধিক বিচাৰ – অনলাইন আলোচনীৰ দ্বিতীয় সংখ্যাটোত অসমীয়া কবিতাৰ সাম্প্ৰতিক গতিবিধিৰ প্ৰতি বিশেষভাৱে দৃষ্টিপাত কৰি সজাই তোলাৰ সিদ্ধান্ত হোৱাত এটা সীমা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিল। এই সীমাৰেখাডাল ক’ৰপৰা টনা হ’ব সেই বিষয়ে টুনুজ্যোতি গগৈৰ সৈতে আলোচনা কৰোঁতেহে অনুভৱ হ’ল যে এইটো নি:সন্দেহে এটা জটিল কাম ৷ তথাপি আমাৰ ওপৰত এই …

অধিক চাওক

অতিথি শিতানৰ কবিতা সম্পৰ্কে সম্পাদনা কক্ষৰ এটি টোকা

এই সংখ্যাটোৰ কবিতাসমূহ ফেইচবুক আৰু ফেইচবুকৰ সাহিত্য গোট “ৰামধেনু”ৰ পৰাই লেখকৰ অনুমতি সাপেক্ষে সংগ্ৰহ কৰা হৈছে । পুণ্য শইকীয়াৰ দুটি নতুন “মনমৰ্মৰ” এই সংখ্যাৰ বৌদ্ধিক বিচাৰত পঢ়িবলৈ পাব। বহুদিনৰ পাছত আকৌ শইকীয়াৰ কাপত মনৰ মৰ্মৰণিৰ ধ্বনিক আৱদ্ধ কৰাৰ এই প্ৰয়াস অসমীয়া কবিতাৰ পাঠকৰ বাবে আনন্দৰ খবৰ । মনমৰ্মৰ সম্পৰ্কে যথাস্থানত সুকীয়াকৈ …

অধিক চাওক

নৈবেদ্য #The Wave of Emotions# ( অনিতা ডেকা বৰা )

১. মই প্ৰেমক দেখা পাইছো, স্পৰ্শ কৰিছো…পান কৰিছো, প্ৰতিপাল কৰিছো আৰু প্ৰেমৰ অগ্নিত দাহ গৈ বিধ্বস্ত হৈছো… অনুৰাগ, অনুভৱ, উত্তাপ, উত্তেজনাক স্পৰ্শ কৰিছো আৰু ক্ৰমান্বয়ে বাঢ়ি অহা ভিতৰৰ আকুলতাক মুক্তি দিছো… মই প্ৰেমক পূৰ্ণ কৰিছো৷ ২. তুমি দেখিছানে প্ৰকৃতিৰ সুগন্ধি আহ্বান…৷ অনবদ্য কম্পনৰ শৃংগাৰ…৷ এই শব্দহীন অৱক্ষয়ত ভাৰাক্ৰান্ত চেতনা মোৰ৷ …

অধিক চাওক