মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা (পৃষ্ঠা 2)

অতিথি সম্পাদকৰ চ’ৰা

কোন দিশে আমাৰ সমাজ ? ৷৷ ইফটিখাৰ হুছেইন৷৷

বহুত আগৰ কথা নাজানো, কিন্তু ১৯৯১ চনৰ মুক্ত অৰ্থনীতিৰ পিছৰ পৰা ভাৰতীয় সমাজ জীৱনৰ পৰিৱৰ্তন নিজ চকুৰে দেখিছোঁ। বিদেশী সামগ্ৰী আৰু সংস্কৃতিৰ পয়োভৰে ভাৰতৰ সাধাৰণ মানুহকো চুবলৈ ধৰিলে। ভোগবাদ ভাৰতত অধিক জনপ্ৰিয় হ’বলৈ ধৰিলে। পিছে ইয়াতনো বেয়া পাবলৈ কি আছে? কোনোবাই বহুত বেছি উপাৰ্জন কৰি বেছি সুখ শান্তিত থকাটো নিশ্চয় …

অধিক চাওক

ভোগবাদী সমাজ আৰু গণশিল্পী ভূপেন হাজৰিকাৰ গীত ৷৷ খগেশ সেন ডেকা৷৷

ভোগবাদত আচ্ছন্ন সাম্প্ৰতিক অসমীয়া জন-মানসক এতিয়াৰ সংগীতৰ জগতখনে যেন ৰোগাক্ৰান্ত কৰি তুলিছে৷ পূৰ্বৰ মেলডিযুক্ত গীতৰ সলনি এতিয়া মাত্ৰ শুনা যায় বাদ্যযন্ত্ৰৰ অহেতুক কোলাহল ৷ এতিয়াৰ প্ৰায়ভাগ গীতৰ কথাবস্তু তথা শব্দ-চয়ন তেনেই নিশকতীয়া৷ গায়ক-গায়িকাসকলৰো সমাজৰ প্ৰতি কোনো দায়বদ্ধতা অনুভূত নহয়৷ সমাজ জীৱনলৈ অহা পৰিৱৰ্তন দুই ধৰণৰ : এবিধ কল্যাণকৰ আৰু আনবিধ …

অধিক চাওক

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা

চিৰ বিদ্ৰোহী ৰূপান্তৰৰ মই যুগান্তৰৰ মই  ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য্য বিপ্লৱে বিপ্লৱে বিজুলী-বজ্ৰ হানি সুঘোষিত কৰি যাঁও অগ্নি-তূৰ্য্য। কালান্তৰৰ যি ৰূপান্তৰৰ যি যুগমীয়া সত্য সিয়েহে গুপ্ত অনিত্য সেই ব্যাপ্ত বিজুলীৰে গঢ়ি লও আগ্নেয় অস্ত্ৰ, অম্বৰ ফালি-চিৰি দিগম্বৰ যোগী মই যুগে যুগে পিন্ধো মাথোঁ উপযোগী নৱ নৱ যুগ বস্ত্ৰ । মহাকালে …

অধিক চাওক

ৰাজেশ কুমাৰ তাঁতীৰ কবিতা

মই আহি আছোঁ  জয়াল ৰাতিবোৰৰ মাজেদি আহি থকা কথাটো তোমাক মই কোৱা নাই, ফুলি থকা সূৰ্যমুখী ফুলটোৰ দিশেৰে গৈ থকা কথাটোও মই তোমাক নকলোঁ ৷ মই যে মাতাল হৈ আছোঁ সহস্ৰ বছৰ মোৰ দেশৰ মাটিৰ নিচাত, উপচি পৰা শইচৰ পথাৰত ৷ তুমি যিমানেই দাবী নকৰা দেশ মানে কেতিয়াও ভূগোলৰ মানচিত্ৰ …

অধিক চাওক

কবিৰঞ্জন শইকীয়াৰ দুটিমান কবিতা

আত্মসমালোচনাৰ দুটি স্তৱক ১. তোমালোকৰ বাবেই মই অকাতৰে উছৰ্গা কৰিব পাৰোঁ মোৰ সমস্ত সময় আৰু ভৱিষ্যৎ চোৱা! কিমান নৃশংসভাৱে বিধ্বস্ত হৈ যায় মোৰ কোঠা সমস্ত সময়! প্ৰিয় কলমবোৰ.. প্ৰিয় ৰঙা ৰং বগা ৰং আৰু নিজৰ হাততেই বিধ্বস্ত হয় মোৰ ভালপোৱা কিমান পৰলৈ মই তোমালোকৰ বন্ধু হৈ থাকিম… তোমালোকেইবা কিমান সহিবা …

অধিক চাওক

অসমীয়া প্ৰগতিশীল কবিতাৰ উন্মেষ-কালৰ কিছু কথা ( সমীন্দ্ৰ হুজুৰি )

  সাহিত্যৰ বুৰঞ্জী প্ৰণেতাসকলে অসমীয়া ৰোমান্টিক সাহিত্যৰ সময় নিৰ্ণয় কৰিছে ১৮৮৯-১৯৪০ চনৰ মাজৰ ৫১ বছৰ কাল । তাৰ পৰৱৰ্তী কালৰ সাহিত্যক বুলিছে সাম্প্ৰতিক ধাৰা বা বৰ্তমানৰ সাহিত্য । ডঃ মহেশ্বৰ নেওগৰ ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ আৰু ডঃ সত্যেন্দ্ৰনাথ শৰ্মাৰ ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ দুয়োখন সাহিত্যৰ বুৰঞ্জীত একে সময় বিভাজন কৰা হৈছে। …

অধিক চাওক

মেগন কছাৰীৰ তিনিটি কবিতা

গৰখীয়া সপোন  নিদ্ৰা ভালপোৱা তুমি। আৰু যেতিয়া সপোনৰ কোলাত মূৰ থৈ তুমি, টোপনি যোৱা মই হিচাপ কৰো কুকুৰাৰ ডাক… যেতিয়া তুমি প্ৰকাশ কৰা, কাৰো ওচৰত পদানত নোহোৱা আৰু শিৰোনত নকৰাৰ বীৰত্বপূৰ্ণ ঘোষণা বা যেতিয়া তোমালোকে বিভ্ৰান্তিৰ বাটেৰে মিথ্যা আৰু শূন্যতাৰ সমৰ্থনত, সমদল যাত্ৰা কৰা তেতিয়া মই হিচাপ কৰো, ঘনীভূত আন্ধাৰৰ …

অধিক চাওক

হেম বৰুৱাৰ দুটি কবিতা

পোহৰতকৈ এন্ধাৰ ভাল সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখা উন্মাদ বাসনা আমাৰ নাই ৷ আমি বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফছিল হেৰা শকুন্তলা,তোমাৰ চকুৰ শেৱালি পাহিত দুষ্মন্তৰ চুমাৰ চেকা ৷ কোৰিয়াত জৰাসন্ধৰ কংকাল এছিয়াৰ আকাশত আগুৰি শগুণৰ জাক ৷ আমি জীয়াই আছো যুগৰ সীমান্তত প্ৰাচীন নাবিকৰ জঁকা ৷ কালিদাস তুমি কোন অলকাৰ পলাতক কবি? …

অধিক চাওক