চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা

অতিথি সম্পাদকৰ চ’ৰা

তিৱা সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰা৷৷ ধীৰাজ পাটৰ৷৷

অৱতৰণিকা : অসম তথা উত্তৰ পূব ভাৰতলৈ অহা মঙ্গোলীয় প্ৰজাতিৰ অন্যতম জনগোষ্ঠী হৈছে তিৱাসকল। প্ৰাচীন কালৰে পৰা মঙ্গোলীয় প্ৰজাতিৰ লোকসকলে অসমলৈ স্তৰে স্তৰে আহি নিগাজিকৈ বসবাস কৰিবলৈ লয় যাক বৰ্তমান অসমৰ ভূমি পুত্ৰ বুলি কোৱা হয়। তিৱাসকলৰ মাজত শাৰীৰিক গঠন, বাসস্থান, খোৱা-লোৱা, সামাজিক লোকাচাৰ, পৰম্পৰাগত ৰীতি-নীতি ইত্যাদিবোৰৰ মাজত মঙ্গোলীয় প্ৰজাতিৰ …

অধিক চাওক

কৃষ্টিৰ উৰ্বৰথলী বৰমাৰ্জঙত দুনিশা৷৷ মুংছা জনাৰ্দন পাটৰ৷৷

বৰমাৰ্জং। পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৈঠালাংছ’ বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন পৰিচিত তিৱা গাঁও — য’ত উদ্ভাসিত হৈ আছে তিৱা সংস্কৃতিৰ নানা ৰূপ, য’ত বিৰাজমান জনগোষ্ঠীটোৰ সমৃদ্ধ আৰু শক্তিশালী কৰি তুলিব পৰাকৈ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতিৰ। সাংগঠনিক নতুবা সাংস্কৃতিক বিভিন্ন অনুষ্ঠানৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চি, উমচোৱাই ইত্যাদি বিভিন্ন …

অধিক চাওক

ঐতিহাসিক পাঁচো ৰজা অঞ্চলৰ তিৱা লোকগীত৷৷ শৰৎ পাটৰ৷৷

অসমৰ খিলঞ্জীয়া জনজাতিসকলৰ ভিতৰত তিৱাসকল অন্যতম খিলঞ্জীয়া জনজাতি। এওঁলোক অসমৰ ভূমিপুত্ৰ। মংগোলয়ড নৃ-গোষ্ঠীৰ অন্তৰ্গত তিৱাসকলক চীন তিৰ্ব্বতীয় ভাষা পৰিয়ালৰ এটি শাখা বুলি চিহ্নিত কৰা হৈছে। বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা তিৱাসকলে কলং, কপিলী, বৰপানী, কিলিং বা গোভা নৈৰ উপত্যকাত বসবাস কৰিছিল। তিৱা ভাষাত ‘তি’ মানে পানী, ‘ৱা’ মানে গোষ্ঠী বা …

অধিক চাওক

‘মূল্যবোধ বনাম ভোগবাদ বিশেষ’ৰ সম্পাদকীয় টোকা

আমাৰ সাম্প্রতিক সমাজ জীৱনত সততে চৰ্চিত হোৱা এটা শব্দ হৈছে— অৱক্ষয়। দৈনন্দিন জীৱনৰ তুচ্ছ প্রাত্যহিকতা আৰু আত্মকেন্দ্রিকতাই আমাক এনেদৰে আৱৰি ৰাখিছে যে আমি কেওফালে সংঘটিত নেতিবাচক ক্রিয়া-কাণ্ডক দেখি থাকিও প্রতিবাদৰ ভাষা পাহৰিছোঁ বা ইচ্ছাকৃতভাবে মৌনতা অৱলম্বনেই শ্রেয় বুলি ভাবিছোঁ। ভাবিবলৈ বাধ্য হৈছোঁ। এনে পৰিস্থিতিত বিশেষকৈ ক্ষতিগ্রস্ত হৈছে আমাৰ উঠি অহা …

অধিক চাওক

ব্যক্তিনমস্যতা আৰু সমাজ-চিন্তা ৷৷ ইন্দ্ৰজিৎ বৰা৷৷

“ওঁ পূৰ্ণমদঃ পূৰ্ণমিদং পূৰ্ণাৎ পূৰ্ণদমুচ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণামেৱাৱশিষ্যতে।” উপনিষদৰ এই কালজয়ী শ্লোকৰ বৰ্ণনা মতে, যেনেকৈ চৈতন্য সম্পূৰ্ণ তেনেকৈ পাৰ্থিৱ জগতখনো সম্পূৰ্ণ৷ কাৰণ এই পৰিপূৰ্ণতা সেই পূৰ্ণতাৰে প্ৰকাশ ৷ তাৰ ভাৱান্তৰ কৰি শংকৰাচাৰ্যই কৈছে যে চৈতন্য অবিভাজ্য আৰু সদায় ঐকিক ৷ সেয়ে মানৱীয় সত্তাবিলাকৰ মাজত থকা পাৰ্থক্যও ভ্ৰান্ত ধাৰণাহে মাথোঁ৷ গীতাত …

অধিক চাওক

ব্ৰেণ্ডেড সামগ্ৰী ৷৷ প্ৰাঞ্জল অনুভৱী ৷৷

ৰাতিপুৱা শুই উঠিয়েই আমি প্ৰতিদিনে এখন বিজ্ঞাপন জগতৰ মুখামুখি হওঁ। পেপাৰত বিজ্ঞাপন, আলোচনীত বিজ্ঞাপন, টিভিৰ পৰ্দাত বিজ্ঞাপন, বিজ্ঞাপন ৰেডিঅ’ এফ এম’ত। পদূলি মূৰৰ পৰাই শাৰী শাৰী প্ৰকাণ্ড প্ৰকাণ্ড হোৰ্ডিং। সুন্দৰী অৰ্ধনগ্ন নাৰীৰ লয়লাস ভংগিমা! দুহাত প্ৰসাৰিত কৰি আপোনাক আমন্ত্ৰণ জনাইছে – আহক, আমাৰ ব্ৰেণ্ডৰ সামগ্ৰী কিনক। আমাৰ তেল ব্যৱহাৰ কৰিলে …

অধিক চাওক

ভোগবাদ আৰু অসুখী মনবোৰ ৷৷ দেৱাঞ্জন বৰঠাকুৰ৷৷ 

আজি আমেৰিকানসকলৰ হাতত পূৰ্বতকৈ দুগুণ সংখ্যক গাড়ী আছে, ধন-সম্পত্তিও বাঢ়িছে৷ কিন্তু সেই অনুপাতে সুখ বাঢ়িছেনে? কেৱল আমেৰিকা কিয়, আমাৰ অসমতো ভোগবাদী মানসিকতাই মানুহক বান্ধি পেলাইছে৷ যেন অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ মানুহক বাধ্য কৰা হৈছে৷ ভোগবাদৰ লগত অৱধাৰিতভাৱেই আহে বস্তুবাদৰ কথা৷ ইয়াত কাৰ্ল মাৰ্ক্সৰ ধাৰণাও উল্লেখনীয়৷ তেওঁ কৈছিল, “Commodity Fetishism“ ৰ কথা …

অধিক চাওক

ভোগবাদ : এক প্রহসন ৷৷ বিদ্যুৎ বিকাশ চিৰিং৷৷

‘এডি ভেডাৰ’ নামৰ সংগীত শিল্পীজনে তেওঁৰ ‘ছোচাইটি’ শীৰ্ষক গীতটিত গাইছে -“When you want more than you have, you think you need; and when you think more than you want your thoughts begin to bleed.”( যেতিয়া তুমি তোমাৰ থকাখিনিতকৈ অধিক বিচাৰা, তুমি ভাবা যে তোমাক প্ৰয়োজন; আৰু যেতিয়াই তুমি নিজে বিচৰাখিনিতকৈ …

অধিক চাওক