মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ‘ভাববল্লৰী’ৰ স্ৰষ্টা পুণ্য শইকীয়াৰ সৈতে কথোপকথন (ড: ছবি গগৈ)

‘ভাববল্লৰী’ৰ স্ৰষ্টা পুণ্য শইকীয়াৰ সৈতে কথোপকথন (ড: ছবি গগৈ)

প্ৰশ্ন: নমস্কাৰ গ্ৰহণ কৰিব ৷ আমি জানিব খুজিছোঁ যে আপোনাৰ ‘ভাববল্লৰী’ বা ‘মনমর্মৰ’ লিখাৰ প্ৰেৰণা কি ?
উত্তৰ: প্ৰেৰণাটো বুকুৰ ভিতৰৰপৰাহে আহিল ৷ মই কিবা-কিবি পৰীক্ষা-নিৰীক্ষা কৰি থাকি বৰ ভাল পাওঁ ৷ পুৰণা বাটেৰে নগৈ নতুন বাট এটা চিকুণাই ল’বলৈ চেষ্টা কৰোঁ ৷ প্ৰকাশভংগীটো কবিতাই থাকিল, লিখনভংগীটো সলাই দিলোঁ- ইমানেই ৷

প্ৰশ্ন: ভাববল্লৰী আপোনাৰ সুপৰিকল্পিত নিৰ্মাণ নে কোনো বিশেষ মুহূর্তৰ স্বত:স্ফুর্ত প্ৰকাশ ?
উত্তৰ: পৰিকল্পনা এটা নাছিল বুলিনো মই কওঁ কেনেকৈ ! নি:সন্দেহে ই এটা সম্পৰীক্ষা ৷ কবিতাৰ প্ৰথাসিদ্ধ ধ্যান-ধাৰণাবিলাকৰ বিপৰীতে গৈ এটা নতুন স্বাদ দিয়াৰ প্ৰয়াস বুলি ক”ব পাৰি ৷ প্ৰথম অৱস্থাত দুই এটা ভাববল্লৰী লিখি বতাহত এৰি দিলোঁ ৷ পাঠকে গ্ৰহণ কৰা দেখি দুগুণ উৎসাহেৰে লিখিবলৈ ধৰিলোঁ ৷

প্ৰশ্ন: কবিতা আৰু গদ্যৰ মাজৰ সাহিত্যৰ এই নতুন ধাৰাটোক আপুনি কাব্যধর্মী গদ্য নে গদ্যধর্মী কাব্য বুলি ক”ব বিচাৰিব ?
উত্তৰ: “মনমর্মৰ’ৰ ‘কথামুখ’ত প্ৰথম বাক্যটোতে মই প্ৰসংগটো উত্থাপন কৰিছোঁ ৷ ‘ কবিতাধর্মী কিছু কথা কিম্বা কথাধর্মী কিছু কবিতা’ বুলি কৈছোঁ ৷ তাৰমানে মই নিজেই এটা স্থিৰ সিদ্ধান্তলৈ আহিব পৰা নাই ৷ সেইটোক মই অৱশ্যে কোনো সমস্যা বুলিও গণ্য কৰা নাই ৷ মই লিখা মানুহ, গতিকে মই লিখিছোঁ ৷ পাঠকে তাৰ মূল্যায়ন, নৱ-মূল্যায়ন, অৱমূল্যায়ন, পুনৰ-মূল্যায়ন কি কৰে কৰক ৷

প্ৰশ্ন: কিমান চনৰপৰা আপুনি “ভাববল্লৰী” লিখিবলৈ আৰম্ভ কৰিছিল ? আৰু কেতিয়াৰপৰা লিখা হোৱা নাই ?
উত্তৰ: মই ১৯৮৩ চনৰপৰা লিখিছোঁ ৷ প্ৰায় ডেৰ কুৰিমান লিখাৰ পাছত ১৯৮৫ চনমানৰপৰা প্ৰকাশৰ বাবে বাতৰি কাকত, আলোচনীৰ বাবে এৰি দিলোঁ ৷ মোৰ বহু লেখাৰে শুভাৰম্ভণি ঘটে তিনিদিনীয়া ‘অগ্ৰদূত’ কাকতত ৷ ভাববল্লৰীও প্ৰথম প্ৰকাশ পায় অগ্ৰদূতৰ পাততে ৷ পাছলৈ ই সংক্ৰমিত হয় অন্যান্য কাকত আৰু আলোচনীলৈ ৷ বিহু আৰু পূজাৰ বিশেষ সংখ্যাবিলাকতো ওলাইছে ৷ সাময়িক পত্ৰিকা, স্মৃতিগ্ৰন্থবিলাকতো ইবিলাক সিঁচৰতি হৈ আছে ৷
কেতিয়াৰপৰা লিখা হোৱা নাই ? চন তাৰিখ ক’ব নোৱাৰিম ৷ “ভাববল্লৰী” লেখা কামটো লাহে লাহৰ কমি আহি এটা সময়ত প্ৰায় বন্ধ হৈ যোৱাৰ নিচিনা হ’ল ৷ অৱশ্যে এতিয়াও যে লিখা হোৱা নাই এনে নহয় ৷ চকুত লগাকৈ সেৰেঙা হ’ল মাত্ৰ ৷ বন্ধ হৈ যোৱা নাই ৷

প্ৰশ্ন: আপুনি “ভাববল্লৰী”ৰ ধাৰাবাহিকতা অটুট নাৰাখিলে কিয় ? আপুনি ভাবে নেকি যে কিবা অজ্ঞাত কাৰণত পাঠক সমাজৰ বাবে ই অপৰিচিত হৈ ৰ’ল ?
উত্তৰ: মোৰ এটা ডাঙৰ ব্যাধিয়েই হ’ল মই মোৰ লেখাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰোঁ ৷ কিবা অৱসাদ এটা আহি যায় ৷ নাটকৰ ক্ষেত্ৰতো একেই হ’ল ৷ গীত ৰচনাৰ ক্ষেত্ৰতো একেই হ’ল ৷ “ভাববল্লৰী” পাঠক সমাজৰ বাবে অপৰিচিত হৈ পৰাৰো প্ৰধান কাৰণ হ’ল এই ধাৰাবাহিকতাৰ অভাৱ ৷ সঁহাৰি যথেষ্ট পাইছিলোঁ, মইহে খাব নাজানি চোবাই নষ্ট কৰিলোঁ ৷

প্ৰশ্ন: “ভাববল্লৰী”য়ে সমালোচকৰ দৃষ্টি আকর্ষণ কৰিছিল নে ? কোনে কোনে সমালোচনা আগবঢ়াইছিল ?
উত্তৰ: অসমততো এতিয়া কবিতাৰ সমালোচনা নাই ! আমাৰদৰে মজলীয়া চাম লেখকৰ কবিতাৰ সমালোচনা আৰুহে নাই ! জনাজাত হৈ পৰা কবিৰ কবিতাক প্ৰশংসা কৰা মানুহৰ অৱশ্যে অভাৱ নাই ৷ তাক সমালোচনা বুলি ক’ব নোৱাৰি ৷ প্ৰশংসক বুলি ক’ব পাৰি ৷ মোৰ “ভাববল্লৰী”খিনি ‘মনমর্মৰ’ নামেৰে গ্ৰন্থাকাৰে প্ৰকাশ হোৱাৰ পাছত ভালেকেইখন কাকতত ‘পৰিচয়মূলক টোকা’ৰ আকাৰত বহুত প্ৰকাশ পালে ৷ সমালোচনা নহয়, সেই প্ৰশংসাসূচক মন্তব্যৰে ভৰপূৰ ৷ কিতাপখন ব্যক্তিগত উদ্যোগত উলিওৱা হৈছিল ৷ মোৰ এজন গুণী ছাত্ৰই এই ক্ষেত্ৰত আগভাগ লৈছিল ৷ গতিকে ব্যৱসায়িক দৃষ্টিভংগী নাছিল । ফল কি হ’ল ? বৃহত্তৰ পাঠক সমাজে ঢুকি পোৱাকৈ কিতাপখন সহজলভ্য নহ’ল ৷ দ্বিতীয় এটা সংস্কৰণ উলিয়াব পাৰিলে ভাল হয় ৷

প্ৰশ্ন: ভাববল্লৰীৰ ধাৰাবাহিকতা খণ্ডিত হোৱাত সমালোচকৰ অমনোযোগিতাই প্ৰভাৱ পেলোৱা যেন বোধ হয় নেকি ?
উত্তৰ: ই আংশিক সত্য ৷ মোৰ নিজৰ গাফিলতিও ইয়াৰ এটা প্ৰধান কাৰণ ৷
(ধন্যবাদসহকাৰে আপোনাৰ সুস্থাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ )

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে