মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / প্ৰক্সি ( সমুদ্ৰ কাজল শইকীয়া )

প্ৰক্সি ( সমুদ্ৰ কাজল শইকীয়া )

ফটোচেচন শেষ হ’ল কি নহ’ল, অনুৰূপ আৰু দিবাকৰ কোবাকুবিকৈ গে’টখনৰ ফালে আগবাঢ়িল। ৰছিদে খিৰিকিৰে মাত দিলে- “কাহা জা ৰহে হ’?”
“বহুত হ’ গয়া। বহুত হ’ল আৰু। আৰু ভিতৰতে সোমাই থাকিব নোৱাৰি।”
“আৰে, কাপোৰতো সলনি কৰি যা।”
কিন্তু সিহঁতে আৰু উভতি চোৱাত নাই।

নতুন দিল্লীৰ ‘এক্ট এলাইক’ নামৰ নাট্যগোষ্ঠীটোৰ দ্বাৰা “সমাধান” নামৰ হিন্দী ভাষাৰ নাটক এখনৰ প্ৰস্তুতি চলি আছে। এজন উচ্চ পদস্থ পুলিচ বিষয়াৰ কৰ্ম আৰু সমস্যাক সাঙুৰি লোৱা এই নাটকখনৰ মূখ্য ভূমিকাত অভিনয় কৰিবৰ কথা আছিল যশপাল শৰ্মাৰ। যশপাল শৰ্মা বলিউডত নাম কৰা অভিনেতা। মঞ্চ অভিনয়তো যশপাল শৰ্মাৰ নাম আছে। এবছৰৰ আগৰে কন্ট্ৰেক্ট আছিল আৰু সকলো ঠিকেই আছিল। কিন্তু শেহতীয়াকৈ শৰ্মা এখন নতুন হিন্দী চিনেমাৰ কামত ব্যস্ত হ’ব লগীয়া হ’ল, তাতে বিদেশৰ শ্বুটিং থকাৰ বাবে নাটক খনৰ পৰা তেওঁ নিজকে বাতিল কৰি ল’লে। অনুৰূপ, অনুৰূপ বৰঠাকুৰ ‘এক্ট এলাইক’ৰ পুৰণা নাট্য কৰ্মী আৰু এজন সুদক্ষ অভিনেতা। কেবাখনো মঞ্চসফল নাটকত অভিনয় কৰি সি ইতিমধ্যে নাম কৰিছে। যশপাল শৰ্মাই নিজৰ ভূমিকা নাকচ কৰাৰ পিছত অনুৰূপেই সেই চৰিত্ৰত অৱতীৰ্ণ হ’ব লগাত পৰিছে।

অনুৰূপৰ কাম পৰিচালক মুক্তিনাথ পাণ্ডেয়েও ভাল পাইছে, অন্যান্য সতীৰ্থ বৃন্দয়ো শলাগিছে। প্ৰিমিয়াৰৰ বাবে আৰু দুমাহ আছে, কিন্তু প্ৰমোচনেল এক্টিভিটিৰ বাবে এতিয়াৰ পৰাই জোৰদাৰ প্ৰস্তুতি চলিছে। প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যতিৰেকে আজিকালি সাংষ্কৃতিক কাম কাজৰ কোনো গত্যান্তৰ নাথাকেই। গতিকে অনলাইন আৰু অফলাইন সকলো পৰ্যায়তে পৰিকল্পনা আৰম্ভ হৈ গৈছে। প্ৰম’চনেল পষ্টাৰৰ বাবে আজি এটা ফটোচেচন আছিল। তেনেই অলপ সময়ৰ কাম আছিল যদিও সাজ সজ্জা তৈয়াৰ কৰোতে, পোচ্ছাক পৰিচ্ছদ ঠিক ঠাক কৰি সকলোবোৰ কাম নিয়াৰিকৈ কৰি উলিয়াওতে ভালেমান সময় লাগিল। তাতে আকৌ অনুৰূপ অভিনেতা যদিও মঞ্চ অভিনেতা হিচাপে কেমেৰাৰ আগত বৰকৈ থিয় হৈ থাকিবলৈ সি ভাল নাপায়।

এনেকুৱা পোষ্টাৰ পজ একোটা দিবলৈ অন্য অভিনেতাই হ’লে হেতা ওপৰা লগালে হেতেন যদিও সি আকৌ ওলোটাই অলপ বিৰক্তহে হয়। ফটোচেচনৰ পিছতো যথেষ্টখিনি তাচ-আপ কৰা হয়। ফাইনেল ৰিজাল্টটো গৈ কি ওলাবগৈ কোনেও একো ক’ব নোৱাৰে। থ্ৰি পইন্ট লাইটিং ৰাখি পুলিচি পোছাকত তাৰ কেইবাটাও পজ শ্বুট কৰা হ’ল। ফটোগ্ৰাফাৰ আৰু গ্ৰাফিক ডিজাইনাৰ জনে বাৰে বাৰে একেটা কথাকেই কৈ থাকিল,
“অলপমান এটিট্যুড দেখুৱা, এটিট্যুড।”
“আৰে বাবা আৰু কিমান এটিট্যুড দেখুৱাম? এটিট্যুড দেখুৱাম ষ্টেজত।”
“আগতে ইয়াতে দেখুৱাচোন। এইখনহে আচল।”

সোঁভৰিখন চকী এখনত উঠাই বাওঁভৰিত ভৰ দি থিয় দি আটাইতকৈ বেছি পজ লোৱা হ’ল। সোঁহাতৰ লাঠিডালেৰে কৌনিক ভাবে ওপৰলৈ দৰ্শাই বাওঁহাতখন কেমেৰাৰ ফালে আগবঢ়াই কোনোবা যাদুকৰৰ দৰে ভংগীমা এটা কৰি সেই একেটা পজতে সি আটাইতকৈ বেছি শ্বট দিলে। সম্ভৱতঃ সেইটো পজেই পোষ্টাৰ পজ হিচাপে ৰখা হ’ব। যিটো উদ্যম আৰু প্ৰাণ লৈ ফটোচেচন এটা আৰম্ভ হয়, ফাইনেল হোৱালৈ সেই উদ্যম প্ৰায় নাথাকেগৈয়ে।

আৰু এটা কাৰণত তাৰ মনটো ৰাতিপুৱাৰ পৰাই ধৰফৰাই আছিল। ৰাতিপুৱা শুই উঠিয়েই চকুৱে মুখে পানী মাৰি সি ওলাই আহিছিল চাহ একাপো নখোৱাকৈ। চাহ! চাহ যেন চাহ নহয়, তাৰ কাৰণে সঞ্জীৱনী সুধা। ভৰ দুপৰীয়ালৈকে চাহ একাপো খাবলৈ নোপোৱাত তাৰ ধৈৰ্যৰ বান্ধ খুলিছিলেই আচলতে। সেয়েহে ফটোগ্ৰাফাৰ জনে অ’ কে’ বুলি ক’বলৈহে পালে, সি আৰু দিবাকৰ ষ্টুডিঅ’ৰ ভিতৰৰ পৰা উধাও হ’ল।

দিবাকৰৰ ইনোভাখনতে দুয়োটা উঠিল। দিবাকৰে মহাৰাণী বাগৰ ফালে গাড়ীখন ঘূৰাইছেহে। সেইখিনিতে বাইক এখনত মানুহ এটা আছিল সি গাড়ীখন হঠাৎ পিছফালে দেখি কি কৰিব কি নকৰিব ধৰিব নোৱাৰি কাষলৈ গৈ বেলেন্স ৰাখি ৰ’ল। হেলমেটটো খুলি সি গাড়ীখনলৈ খঙেৰে চালে। দেখিও নেদেখাৰ ভাব এটা কৰি দিবাকৰে গাড়ী আগুৱাই নিলে।
“সি বেটাই কিবা নহয় কিবা এটা ক’লেই হেতেন এতিয়া। দিল্লীত ট্ৰেফিকত অগা দেৱা হ’লেই গালি-গালাজ আৰু অলপ বেছি হ’লে মাৰ-পিট।”
“আজি সি একো নক’লে কিয় ক চোন?” দিবাকৰে সুধিলে।
অনুৰূপে গম পালে। সি নিজে পিন্ধি থকা পুলিচৰ খাকী পোছাকযোৰলৈ আঙুলিয়াই দি হাঁহিলে।

আশ্ৰমৰ ফালৰ পৰা আহি মহাৰাণী বাগৰ কোণতে দিবাকৰৰ ইনোভাখন ৰ’ল। এইখিনিতেই ৰাস্তাবোৰ ভাগে ভাগে গৈছে। ডি এন ডি ফ্লাই অভাৰখনেৰে দিবাকৰ নয়ডালৈ যায়গৈ, আৰু এইখিনিৰে পৰাই অটো এখন লৈ অনুৰূপ পটপৰগঞ্জলৈ যায়। এই খিনিতেই সিহঁতে ফুটপাথৰ চাহ একাপ খায়। এই যে ফুটপাথৰ চাহ – আহ! কি যে সোৱাদ তাৰ।

মহাৰাণী বাগৰ পদাৰোহীৰ উৰণীয়া সেতুখনৰ কাষেৰে যোৱা গলিটোতে ইনোভাখন অৱস্থান কৰি দিবাকৰ দুৱাৰ খুলি ওলাল। অনুৰূপ অলপ সময় বহি থাকিল। দিবাকৰে তালৈ চালে, সি পিন্ধি থকা নাটকৰ পুলিচি-পোছাকযোৰলৈ চালে। সুধিলে, “তই বহিয়েই থাকিবি নেকি? চাহ ইয়ালৈকে আনি দিম নেকি?”

অনুৰূপে অলপ সময় একো নক’লে। তাৰ পিছত ড্ৰাইভাৰৰ আইনাখনত নিজকে চাই মিচিকিয়াই হাঁহিলে।
“ইনোভাত বহি চাহ খায় নেকি? ফুটপাথৰ চাহ ফুটপাথতে খাব লাগে। নেহী ত’ এক্টৰ কিছ কাম কা?”

দুৱাৰখন সদৰ্পে খুলি অনুৰূপ ওলাই আহিল।
সি মন কৰিলে সকলোবোৰ মানুহে যেন তালৈকে হা কৰি মুখ মেলি চাই আছে। এহ্- সি লগতে লাঠি এডাল আনিব লাগিছিল। তেতিয়াহে সম্পূৰ্ণ হ’ল হেতেন। সি কল্পনা কৰিলে হঠাৎ সকলোবোৰ, চাৰিওফালে থকা পৰিবেশটো আৰু মহাৰাণী বাগৰ চিৰায়ত কোলাহলটো যেন শ্ল’ ম’চন হৈ গৈছে। সি খোজ দিলে শ্ল’ ম’চনত। মাজতে এবাৰ ভাবিলে তেলুগু চিনেমাৰ ষ্টাইলত ক’লা চছমা এবাৰ হাততে চাৰিপাকমান ঘূৰাই পিন্ধি ল’ব নেকি?

“তু বচ অ’ভাৰ এক্টিং মত কৰনা।”
দিবাকৰৰ কথাত সি সচেতন হৈ পৰিল। সি স্বাভাৱিক হ’বলৈ চেষ্টা কৰিলে। ওচৰৰ কোনো মানুহৰ লগতে যাতে তাৰ চকুৱে চকুৱে নপৰে তাৰ বাবে সি সাৱধান হৈ থাকিল। সেয়া তাৰ সৰুকালৰে অভিনয়ৰ শিক্ষাৰ পৰা আহৰিত জ্ঞান। মঞ্চত উঠি সি কোনো দৰ্শকৰে চকুলৈ নাচায়। সন্মুখত বহি থকা অগণিত দৰ্শকৰ মাজৰ কোনোবা এটা ভান্টেজ পইন্ট সি অনুমান কৰি লয় আৰু তাৰ কল্পনাৰ ইপ্সিত দৰ্শকজনক সি বহুৱাই লয়। সেই কোনেও নেদেখা অদৃশ্য দৰ্শকজনৰ বাবেই সি অভিনয় কৰি যায়। কোনো মুহূৰ্তত কাৰোবাৰ চকুৱে চকুৱে পৰিলেই সি নিজকে লৈ বেচি সচেতন হৈ পৰিব পাৰে – মই কোন? মই ইয়াত কিয়? মই কি কৰি আছোঁ? কাৰ বাবে আৰু কেনেকৈ কৰি আছোঁ?

যথাসম্ভৱ স্বাভাৱিকতাৰে সিহঁত চাহৰ দোকানখনৰ ফালে আগবাঢ়ি গ’ল। অনুৰূপ একেবাৰে ওচৰলৈ নগ’ল। ওচৰতে ‘শ্ব’লে কুলছে’ বেচা লাড়িখনৰ ওচৰতে সি ৰ’ল। চাহদোকানীজনে দহটা কথা সুধি থাকিব আৰু কোনে সেইবোৰৰ উত্তৰ দি থাকে?

দিবাকৰে চাহ লৈ আহিল। চাহত সোহা মাৰি দিবাকৰে ক’লে,
“অনু, তেৰে চাথ ইচি বাত কা মজা হেই। বুজিছনে, তোৰ লগত এইটোৱেই মজা। আনবোৰ মানুহে এইটো বুজি নাপায়। আমি দুটাই মিলি এনেকুৱা কিমান যে ‘উৎ-পাতাং’ কাম কৰাৰ নজিৰ আছে।”
“আটাইতকৈ বেছি মজা আছিল এদিন সন্ধিয়া যে আমি ফুটপাথত কোনোবাই দিনতে শুকাবলৈ থৈ দিয়া কম্বল এখনত পেস্ৰাব কৰি থৈ আহিছিলোঁ।”
“ধ্যেৎ”, দিবাকৰে হাঁহিলে, “সি কোন আছিল নাজানোঁ, কিন্তু বেচেৰাই ছাগৈ সেই ৰাতি বৰ ধুনীয়া সপোন দেখি দেখি শুলে। আমিও সেইদিনা অলপ বেছিকৈয়েই মাতাল হৈ আছিলোঁ।”
“শুন, তই মোৰ সন্মুখলৈ আহ, মই আঁৰ হওঁ”, পুলিচৰ গাড়ী এখন আহি থকা দেখি অনুৰূপে ক’লে।
অনুৰূপৰ পুলিচৰ খাকী ছোলাটোত থকা নাম-ফলক খনলৈ চাই দিবাকৰে হাঁহিলে।
“তেনেহ’লে ইন্সপেক্টৰ চি চৌধুৰী, ডাল মে কুছ কালা হেই ক্যা?”
“আৰে ধেমালী কৰি নাথাকিবি, পুৰা ডাল হি কালা হেই যাঃ”
দিবাকৰে তাক আঁৰ কৰি ধৰিলে।
“এৰা, কি ঠিক এতিয়াই এইখিনিতে আকৌ এখন ‘আচল পুলিচ, নকল পুলিচ’ নামেৰে নতুন নাটক এখন আৰম্ভ হৈ যাব পাৰে।”

পুলিচৰ গাড়ীখন অৱশ্যে সেইখিনিত বেছি সময় নৰ’ল। দিবাকৰে চিগাৰেট এটা উলিয়াই জ্বলাইছিলহে মাত্ৰ-
ধুপ…
এটা অদ্ভূত শব্দত আটাইবোৰ মানুহ উৎকীৰ্ণ হৈ গ’ল। সকলোৱে শব্দটো ঠিক কোনখিনিত হ’ল সেইটো বুজিবলৈ এফালে সিফালে চালে। সেইখিনি সময়তে মেইন ৰাস্তাত থকা কিছুমান মানুহে ঢপলিয়াবলৈ আৰম্ভ কৰিলে। সামান্য উৎকীৰ্ণ হৈয়ে নিৰুদ্বেগ হৈ থাকিবলৈ চেষ্টা কৰা দিবাকৰে ক’লে,
“এই যাঃ – খুন্দিয়ালে কোনোবাই। এইখিনি ঠাইত সদায়েই কিবা এটা নহয় কিবা এটা হৈয়েই থাকে।”

লওঁ নে নলওঁ বুলি অলপ পৰ ভাবি অনুৰূপেও চিগাৰেট এটা ল’লে। ৰাজহুৱা স্থানত চিগাৰেট খোৱা নিষিদ্ধ, তথাপি মানুহে খায়। এয়া বাৰু তেনেকুৱা ‘ৰাজহুৱা স্থান’ নহয়। তথাপি পুলিচে বাৰু চিগাৰেট খাব লাগে নে নেলাগে? হয়তো সি এইবোৰ কথাহে ভাবি আছিল। সি যে আন মানুহৰ চকুত এই মুহূৰ্তত চি চৌধুৰী নামৰ নাম-টেগ থকা এজন পুলিচ, সেই কথাটো মাজে মাজে মনলৈ আহি থাকে।

অলপ সময় যোৱাৰ পিছতহে সিহঁতে সেই ধুপ-কৈ শব্দ হোৱা ঠাইখনৰ ফালে ভালকৈ মন দিলে। কোনোবা ছোৱালী দুজনীয়ে চলাই অহা কাৰ এখনৰ সৈতে বস্তু কঢ়িওৱা ঠেলা এখনৰ কিবা সংঘাত এটা। ছোৱালী দুজনী দেখিহে সিহঁত দুটাৰ সেইফালে কি হৈছেনো জানিবলৈ অলপ আগ্ৰহ হ’ল।
“আৰু একাপ চাহ হৈ যাওক, নে কি?” অনুৰূপে ক’লে।
“এতিয়াতো আৰু একাপ লাগিব যেনেই পাইছোঁ”, গাড়ীখনৰ কাষতে ছোৱালী দুজনী আৰু ঠেলাৱালাটোৰ তৰ্কাতৰ্কিটোলৈ চাই থাকি দিবাকৰে সঁহাৰি দিলে।

এক্সিডেন্টটোৰ ওচৰত জুম বান্ধি ধৰা মানুহবোৰ অলপ অলপ কৈ পাতলিছে। চাউথ দিল্লীৰ ফালৰ পৰা আহি থকা ছোৱালীহঁতৰ কাৰখন উৰণীয়া পদপথৰ ঠিক তলতে ৰৈছিলহি। তেতিয়া এটা সাময়িক যান-জঁটৰো সৃষ্টি হৈছিল। মহাৰাণী বাগ নামৰ ঠাইডোখৰ যান-জঁটৰ বাবেই প্ৰসিদ্ধ। মেট্ৰ’, বাই পাছ, ফ্লাই অভাৰ – আৰু কিমান কি কৰাৰ পিছতো এই ঠাইডোখৰৰ যান-জঁটৰ এটা স্থায়ী সমাধান চৰকাৰে আজিলৈকে উলিয়াব নোৱাৰিলে। সেইখিনিতেই ড্ৰাইভিং আসনত থকা ছোৱালীজনীয়ে দুৱাৰখন অলপমানকৈ খুলিছিলহে পিছফালৰ পৰা আহি থকা ঠেলাখনে খুলন্ত দুৱাৰখনতে দিলেহি এখুন্দা। কাৰখনৰ দুৱাৰখনো অলপ ক্ষতিগ্ৰস্ত হ’ল, ঠেলাখনৰো চকাটোৰ অৱস্থা তথৈবচ। মানুহটোৱে ভৰিতো অলপমান দুখ পালে।

এক্সিডেন্ট বুলিলেই হ’ল, মানুহৰ জুম বান্ধেই। এই ঠাইডোখৰত এইটো এটা নৈমিত্তিক আৰু সৰু ঘটনা। সেয়েহে বেছি মানুহ জমা নহ’লহেতেন। কিন্তু দুজনী আধুনিকা গাভৰুৱে চলাই অহা কাৰ আছিল বুলিয়েই হয়তো ভিৰটো অলপ বেছি হৈছিল। কিন্তু এক্সিডেন্টটোত মানুহখিনিয়ে বিশেষ ‘মনোৰঞ্জক’ কিবা এটা বিচাৰি নাপালে। সেয়েহে সকলো দিহাদিহি যাবলৈ আৰম্ভ কৰিলে।

বহুত দেৰীলৈকে মানুহটো আৰু গাড়ীখনত বহি অহা ছোৱালীজনে তৰ্কাতৰ্কি কৰি থাকিল। চলাই অহা ছোৱালীজনীয়ে বিশেষ কথা কোৱা দেখা নগ’ল। গোটেই ঘটনাটোত লাগে লাহে অনুৰূপ আৰু দিবাকৰে আমোদৰ খোৰাক বিচাৰি পোৱা হ’ল। ছোৱালী দুজনী দেখি নয়ডাৰ ফালে কোনোবা এম এন চি-ত কাম কৰা ছোৱালী যেনেই লাগিল। এজনী কর্পোৰেট সাজত আছে, আনজনী কেজুৱেল। বেচ দেখনীয়াৰ আৰু নক’লেও হ’ব যে ধনী ঘৰৰে ছোৱালী। চলাই অহা ছোৱালী জনীয়ে কালৈ ফোন কৰিছে? বয়ফ্ৰেইণ্ড? দেউতাক? সিজনী ছোৱালীয়ে কি বুলি তৰ্কাতৰ্কি কৰি আছে? ক্ষতিপূৰণ দিব লাগিব বুলি কৈছে? পুলিচ মাতিম বুলি ভয় দেখুৱাইছে নেকি? এইখিনি ঠাইতে, অভাৰব্ৰিজখনৰ তলতে থকা সৰু কোঠালি এটা আছে য’ত ট্ৰেফিক পুলিচ থাকে – সিহঁত আগবাঢ়ি অহা নাই কিয়? নে ইয়াত তেওঁলোকৰ কোনো ভূমিকা নাই? ড্ৰাইভাৰ ছোৱালীজনীয়ে পুলিচলৈ ফোন কৰিছে নেকি?

পুলিচ? দিবাকৰে অনুৰূপলৈ চালে।
“তেনেহ’লে ইন্সপেক্টৰ চি চৌধুৰী। ক্যা খয়াল হেই?”
“খয়াল ত’ চহী হেই।” এই বুলি কৈ অনুৰূপ আগবাঢ়ি গ’ল। দিবাকৰেও পিছ ল’লে।

অনুৰূপে কাৰখন ঘূৰি পকি চালে, ঠেলাখন চালে, ছোৱালী দুজনীলৈ চালে, ঠেলাৱালাটোলৈ চালে। মিশ্ৰিত ভাবৰ চাৱনিৰে ছোৱালীদুজনীয়ে অনুৰূপলৈ চালে, ঠেলাৱালাটোৱে সন্দিগ্ন হৈ তালৈ চালে। অনুৰূপে দিবাকৰলৈ চালে, আৰু মুখখন বিকটাই অলপ হঁহাৰ নিচিনা কৰিলে। ভাবটো এনেকুৱা, “এইবোৰৰ একো নহ’ব দেই, এইবিলাক ঘটনা কিমান চাবা আৰু।”

দিবাকৰে মনে মনে হাঁহিলে আৰু বুজি পালে, অনুৰূপে প্ৰথম চালটোতেই পাছ কৰি গ’ল। “এহ নকবি আৰু” এনেকুৱা এটা বেপেৰুৱা ভঙ্গী দেখুৱাই সিও অনুৰূপলৈ চালে। এতিয়া অনুৰূপ অনুৰূপ নহয়, সি এতিয়া ‘চি চৌধুৰী’।

ছোৱালী দুজনী ভাল। ভাল মানে সিহঁতে ইমান পৰে ধাৰণা কৰি থকাৰ দৰে উৰণচণ্ডী ধৰণৰ বা মুখে মুখে তৰ্কা তৰ্কি কৰা ধৰণৰ নহয়। ঠেলাৱালাটোও ভাল। এটা সহজ সৰল মানুহ। আনহাতে ঘটনাটো ঘটিল জটিল। কাৰখন এইখিনিত পাৰ্ক কৰাতো দূৰৰে কথা, হল্ট কৰাও মানা। তেনেক্ষেত্ৰত এইখিনিত কাৰখন ৰোৱাটোৱেই প্ৰথম ভুল। কিন্তু যিহেতু সেই সময়ত সামান্য ট্ৰেফিক জাম এটা হৈছিল গতিকে সেইটো কনচিডাৰ কৰিব পাৰি। কিন্তু ড্ৰাইভাৰৰ দুৱাৰখন খোলাটোতো একেবাৰে ভুল। ব্যস্ত পথ এটাত বাওঁহাতে ৰখোৱা কাৰ এখনৰ সোঁহাতৰ দুৱাৰখন খোলাটো সদায়েই ৰিস্কি। এতিয়া, ঠেলাৱালাটোৰো নিৰ্ঘাত ভুল। যিহেতু পিছফালৰ পৰা আহিহে সি খুন্দিয়াইছে, গতিকে সি অজুহাত দেখুৱাবলৈ আইনী ভাবে কোনো ৰাস্তা নাই। কিন্তু তাৰো যুক্তি আছে। সিনো কেনেকৈ জানে সেইখিনি সময়তে দুৱাৰখন খোল খাব বুলি?

পুলিচ আনুৰূপ অলপ দোমোজাত পৰিল। সি নিজৰ বুদ্ধিটো ঠিকেই চলালে। ঘড়ীটো চালে, আৰু হঠাৎ খৰধৰ কৰিবলৈ আৰম্ভ কৰিলে।
“যি হ’ল হ’ল, এইবোৰ সৰু কথা। তহঁতে সোনকালে নিজৰ মাজতে মীমাংসা কৰ আৰু ইয়াৰ পৰা সোনকালে আঁতৰ হ। বেছি সময় ইয়াত থাকিব নোৱাৰ।”

দিবাকৰে মূৰ দুপিয়ালে। এই খৰধৰ কৰাটো আছিল পুলিচ অনুৰূপৰ দ্বিতীয় সফল চাল।

কিন্তু ইমান সময়ে অলপ শান্ত ধৰণৰ বুলি ভাবি থকা ড্ৰাইভাৰ ছোৱালীজনী অলপ বেছিয়েই সপ্ৰতিভ হৈ উঠিল।
“মই এতিয়া এই পোটোকা পৰা কাৰখন নি দেউতাক কি বুলি দেখুৱাম? যেনেকৈয়েই নহওক মোক ক্ষতিপূৰণ লাগিবই। আজি মই ইয়াক সুদাই নেৰো। আপুনি কি চাই আছে?”
“মেডাম দোষ আপোনাৰেই। ভুল ফালেদি আপুনি ভুল ঠাইত দুৱাৰ কিয় খুলিছিল?”
“সি মোক দেখিছিল। তাৰ পিছতো আহি পিছফালৰ পৰা খুন্দিয়াইছে।”
“মেডাম কি নাম আপোনাৰ?”
“পূজা”
“আপোনাৰ কি নাম?”
ঠেলাৱালাজনে নিজৰ নামটো ক’লে। দিবাকৰে বুদ্ধি কৰি অনুৰূপৰ ওচৰলৈ গৈ কাণে কাণে কথা এটা ক’লে-
“বুৰ্বক, পুলিচে ঠেলাৱালা ৰিক্সাৱালাবোৰক আপুনি বুলি নকয়। তই বুলি সম্বোধন কৰিবি।”
অনুৰূপ সচেতন হ’ল।

অনুৰূপে ঠেলাৱালাটোৰ কিমান ক্ষতি হ’ল, মেৰামতিৰ বাবে কিমান খৰচ পৰিব সকলোবোৰ উমান ল’লে। ছোৱালীজনীকো সুধিলে। তাৰ পিছত এটা উদ্ভট সিদ্ধান্তলৈ আহিল। সি ছোৱালীজনীক একাষৰীয়াকৈ মাতি আনি ক’লে যে
“ঠেলাৱালাটোক পাঁচ শ টকা এটা দি দিয়ক, আৰু যিমান পাৰে সোনকালে এইখিনিৰ পৰা আঁতৰি গুছি যাওক।”
“হোৱাট?”
চিঞৰ মাৰি উঠিছিল ছোৱালীজনীয়ে।

একে ধৰণেৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ঠেলাৱালাটোৱে। “ছাৰ মোৰ দেখোন মেৰামতিৰেই খৰছ কমেও এহেজাৰ টকা।” অনুৰূপে তাক ধমকিয়াই থ’লে-
“চুপ, যি কৈছোঁ শুন আৰু ভাগ ইয়াৰ পৰা। ইয়াত ৰৈ থাকিলে তোৰ আৰু প্ৰব্লেম আছে। ৰাতিপূৱাহে তহঁতৰ ইয়াত পাৰ্মিট আছে, এঘাৰ বজাৰ পিছত নাই নহয়। এনেয়েও তই অনুমতি নথকা সময়ত হাই-ৱেত আহি সোমাইছহি। যি পাইছ সেয়া মোৰ কাৰনেই পাইছ। এতিয়া সজে সজে ভাগ ইয়াৰ পৰা।”

গোটেই খেলিমেলিখিনি দেখি দিবাকৰৰ লাহে লাহে ধৈৰ্য হেৰাইছিলেই আৰু। নাৰ্ভাচো হৈছিল, কিবা কাৰণত সঁচা পুলিচ আহি ওলায়হি বুলি। মুঠতে বহুত জটিলতাৰ মাজতো কেনেবাকৈ অনুৰূপে ছোৱালীজনীক সৈমান কৰি ঠেলাৱালাটোক পাঁচশ টকা দিয়ালে আৰু দুয়োপক্ষকে সেই ঠাইৰ পৰা বুদ্ধি কৰি খেদালে।

ততাতৈয়াকৈ অনুৰূপ আৰু দিবাকৰো গৈ নিজৰ গাড়ীত বহিলগৈ আৰু সেই ঠাইৰ পৰা উধাও হ’ল। খেলিমেলিখন হৈ থাকোতেই দিবাকৰলৈ তেওঁলোকৰ নাটকখনৰ পৰিচালক মুক্তিনাথ পাণ্ডেৰ ফোন আহিছিল। ষ্টুডিঅ’লৈ আকৌ মাতি পঠাইছে। গতিকে ঘৰমুৱা নহৈ সিহঁত দুটা আকৌ ষ্টুডিঅ’ অভিমুখে আগবাঢ়িল।

“মই মুক্তিদাৰ ফোনত লাগি থাকোতেই তই ইফালে ছোৱালীজনীক কেনেকৈ সৈমান কৰালি ধৰিবই নোৱাৰিলোঁ। এইখিনি সময়তে তাইৰ লগত তোৰ কিবা কেমিষ্ট্ৰী আৰম্ভ হৈয়েই গ’ল নেকি?” তাৰ সহজাত দুষ্ট হাঁহি এটা মাৰি দিবাকৰে বাটত সুধিলে।
“একো নাই। এটা হিউমেনেটেৰিয়ান গ্ৰাউণ্ডতে তাইক মনাই দিলোঁ। ছোৱালীজনী আচলতে ভাল ছোৱালী এজনীয়েই।”
“হিউমেনেটেৰিয়ান গ্ৰাউণ্ড? সেইটো আকৌ কি বস্তু?”
“মানে তাইক বুজালোঁ, এইটো গৈ পুলিচ কেছ হ’বলগীয়া একো যুক্তি নাই। তাত লাভ যিমান লোকচান বেছি। গাড়ীৰ পঞ্জীয়ন চেকিঙৰ পৰা ইটো সিটো ভেৰিফিকেচনৰ নামত বাৰে বাৰে থানালৈ অহা যোৱা কৰি থকাটো সহজ কথা নহয়। সময়ো নষ্ট, টকা পইচাও নষ্ট। গতিকে ইয়াতেই এটা সমাধান হৈ গ’লে সকলোৰে ভাল।”
“তাতেই মানি ল’লে নে?”
“আৰু ঢেৰ কিবা কিবি বুজালোঁ। ক’লোঁ, এই মানুহটোক দেখি যেনেকুৱা লাগিছে সি ক্ষতিপূৰণ দিব পৰা মানুহ এটা নহয়। তাই যদি তাক পাঁচ শ টকা এটা দি দিয়ে, তাইৰ সাংঘাটিক সমস্যা একো নহয়। মই ক’লোঁ এইটো হৰা জিকাৰ কথা নহয়। এইটো পানিছমেন্ট বা ফাইন বুলি ধৰিবই নালাগে। মই কোৱাই নাই যে আপোনাৰ কিবা ভুল আছে। মই ক’ব খুজিছোঁ যে সেই মানুহটোলৈ চালে তাৰ যিমানখিনি ক্ষতি হ’ল সেইখিনিৰ পৰিমান বেছি। গোটেইখিনি নেলাগে, কিন্তু তাক কিবা এটা পইচা যদি হাতত দি দিব পৰা যায় সি মনে মনে থাকিব, আৰু তাৰ ভালো হ’ব। পাঁচ শ টকা এটা আজি জানিবা আপোনাৰ বেছিকৈয়ে ক্ষতি হ’ল বুলি বা ক’ৰবাত চিনেমা চাওতে বা কফি খাওতে খৰচেই হ’ল বুলি ধৰি লওক।”
“কি কৈছ? তেনেকৈ দেখোন আৰু জাঙুৰ খাই হে উঠিব।”
“উঠিছিলেই। আৰু মোৰো ধোৱাঁ ওলাবৰ হৈছিল আৰু। ধৰা পৰিলো যেনেই লাগিছিল। কাৰণ মই একেবাৰে মোৰ সেই জকাইচুকীয়া গাঁৱলীয়া কাইদাত মীমাংসা এটা দিলোঁ হ’বলা।”
“তাৰপিছত?”
“বুজালোঁ আৰু। শুনক মেডাম, বৰঞ্চ কথাটো এনেকৈয়ো ভাবিব পাৰি নেকি যে- আজি বাটত মানুহ এজন অলপ বিপদত পৰিল আৰু আপুনি তেওঁক পাঁচশ টকা এটা দি সহায় কৰিলে। মানুহ হিচাপে আপুনি যদি এবাৰ এনেকৈ ভাবিব পাৰে, তেনেহ’লে আৰু আপোনাৰ মনত কোনো ক্ষোভ বা অপমানবোধ নাথাকিব। মনটো ভাল হে লাগি থাকিব।”
“সঁচা কৈছ? তই এনেকৈয়ে ক’লি আৰু তাই শুনিলে?”
“তেনেকুৱাতে সিজনী ছোৱালীয়ে তাইক ফোনটো আহি ধৰাই দিলেহি। সিফালৰ পৰা কোনোবাই কিবা চিঞৰি বাখৰি কৈ আছিল। কোন বা কি কথা নাজানোঁ। ফোনকলটো শেষ হোৱাৰ পিছত তাই আহি হ’ব বুলি ক’লে। এতিয়া মই নাজানোঁ, তাই আচলতে মোৰ কথাখিনিত পতিয়ন গ’ল নে সিফালৰ পৰা অহা ফোনটোৰ কথাখিনিত কিবা এটা ঘটিল। সেয়া ভগৱানে হে জানে।”

ইতিমধ্যে সিহঁত উভতি আহি ষ্টুডিঅ’ পাইছেহি।
দিবাকৰে ইনোভাখন পাৰ্ক কৰি কৰি ক’লে,
“আৰে ৱাহ, আৰে ৱাহ। তই সঁচাকোইয়ে ইন্সপেক্টৰ চি চৌধুৰী হৈ গ’লি দেখোন।”
“হুঁ, ৰবি এতিয়াহে ভাবিছোঁ, এই চি চৌধুৰী নামৰ পুলিচৰ চৰিত্ৰটোৰ সম্পূৰ্ণ নামটো চাচা চৌধুৰী নহয়তো?”
দুয়ো হাঁহিলে।
“হোৱাটেভাৰ, পাৰফেক্ট ৰোল প্লে’।”

ষ্টুডিঅ’লৈ গৈয়েই অনুৰূপে খৰধৰকৈ পোছাকযোৰ সলাই ল’লে। পোছাকযোৰ পিন্ধি বাহিৰত ঘূৰি ফুৰা বুলি মুক্তিদাৰ আগত ক’ব নোৱাৰি।

মুক্তিদা সাময়িকভাবে পাতি লোৱা সৰু অফিচৰুমটোতে বহি আছিল।
“আহ। তহঁতৰ কাৰণেই কিমান সময় ধৰি মই ৰৈ আছিলোঁ। দিবাকৰে বাটত আছোঁ বুলি কোৱা কাৰণেহে আকৌ মাতি পঠালোঁ। নহ’লে আমি কাইলৈকো এইখিনি কথা পাতিব পাৰিলোঁহেতেন। আৰু অনুৰূপ, তোৰতো ফোন কেতিয়াও নালাগে।”
অনুৰূপে একো নকৈ মূৰ খজুৱালে।
“খোৱা বোৱা কৰিলি?”
“অঁ, হৈ গ’ল।”
দিবাকৰে ক’লে। কিন্তু আচলতে সিহঁত দুইটাৰ পেটত কেঁচু কুমটিয়ে দৌৰি আছিল তেতিয়া।
“কফি মগাও ৰ।”
মুক্তিনাথে কফি মগাই পঠালে। সিহঁতে মন কৰিলে মুক্তিনাথে মূল কথা আৰম্ভ নকৰি অন্য কথা পাতি হে সময় পাৰ কৰি আছে। আনহাতে দিবাকৰ আৰু অনুৰূপ যিমান পাৰে সোনকালে ওলাই পলোৱাৰ ধান্দাত আছে। কফি অহাৰ পিছত হে আচল কথাখিনি আৰম্ভ হ’ল।

যশপাল শৰ্মাৰ চিনেমাৰ চিডিউলটো সলনি হৈছে। শ্বুটিঙৰ তাৰিখ পিছুৱাই দিয়াৰ কাৰণে যশপাল শৰ্মাই আগতে কৰি থোৱা প্লেনমতেই এইখন নাটকত অভিনয় কৰিব। এই খবৰটো দিবৰ বাবেই যশপাল শৰ্মাই সিহঁত দুটাক আকৌ মাতি পঠাইছিল। অনুৰূপে যিহেতু এই কেইদিন ইমান ভাল অভিনয় কৰি দেখুৱাইছিল, তাৰ কাৰনে আৰু এটা চৰিত্ৰ নাট্যকাৰক কৈ সুমুৱাই লোৱা হ’ব।

“ৰিহাৰ্ছেল কেইদিনমান বন্ধ ৰাখিম। মই ভাবিছিলোঁ ফোনতো ক’ব পাৰি বা কাইলৈকো ক’ব পৰা গ’ল হেতেন। কিন্তু ভাবিলোঁ ইমান এক্সচাইটমেন্টৰ খবৰ এটা গৰমে গৰমে দিব পাৰিলে মনটো ভালেই লাগিব। কেন ইউ ইমাজিন, যশপাল শৰ্মা! যশপাল শৰ্মা মানেই এটা বলিউডী নাম। এটা ক্ৰাউড পুলাৰ। যশপাল শৰ্মাক কিমান দিন ধৰি আমি চেষ্টা কৰি আহিছিলোঁ। ফাইনেলি, উই ডিড ইট। ল, কফি ল। চিয়েৰ্ছ ফৰ যশপাল শৰ্মা!”

অনুৰূপে কফিকাপত সোহা মাৰি বুজিলে, কফিকাপ তিতা।

*
এমাহ পাৰ হ’ল, ইটো সিটো বাহানা দেখুৱাই অনুৰূপ ‘এক্ট এলাইক’ নাট্যগোষ্ঠীৰ পৰা আঁতৰি ফুৰিছে। ৰিহাৰ্ছেল পূৰ্ণউদ্যমেৰে আকৌ আৰম্ভ হৈছে বুলি গম পাইছে, তাক মাতি থকা হৈছে কিবা ৰ’ল এটাৰ কাৰণে, কিন্তু সি সময় উলিয়াব পৰা নাই। আচলতে সময় উলিয়াব বিচৰা নাই। দিবাকৰৰ লগতো দেখা দেখি হোৱা নাই। অৱশ্যে ফোনত কথা হৈয়েই থাকে।

আজি বহুত দিনৰ মূৰত সি দিবাকৰৰ নয়ডাৰ ফ্লেটলৈকে যাবলৈ ওলাইছে। দিবাকৰে বহুত দিন লগ পোৱা নাই বুলি মাতি পঠাইছে। অনুৰূপ লক্ষ্মীনগৰ মেট্ৰো ষ্টেচনলৈ গ’ল। ইয়াত সদায়েই ভীড় থাকে। সি ষ্টেচনলৈ সোমাওতেই মেট্ৰো ৰে’ল এখন ৰৈয়েই আছিল। কিন্তু বহুত ভীড় থকা বাবে উঠিব নুখুজিলে। পিছৰ খনলৈ বাট চাব পাৰি। ৰৈ থকা মেট্ৰ’খন আঁতৰি যাওঁতেই তাৰ চকুত পৰিল, আনটো প্লেটফৰ্মত ডাঙৰকৈ জিলিকি আছে “সমাধান” নাটকৰ পোষ্টাৰ। “এক্ট এলাইক দলৰ চাঞ্চল্যকৰ প্ৰযোজনা, যশপাল শৰ্মা অভিনীত সমাধান”।

অনুৰূপে ৰ লাগি পোষ্টাৰখনলৈ চাই থাকিল। এজন পুলিচ বিষয়াই সোঁভৰিখন চকী এখনত উঠাই বাওঁভৰিত ভৰ দি থিয় দি আছে। সোঁহাতৰ লাঠিডালেৰে কৌনিক ভাবে কৰবালৈ দৰ্শাই আছে- সেইফালে কিছুমান গ্ৰাফিক ডিজাইনে কিছুমান ৰহস্যময় খেলা কৰিছে। বাওঁহাতখন দৰ্শকৰ ফালে আগবঢ়াই কোনোবা যাদুকৰৰ দৰে ভংগীমা এটা কৰিছে। সেই হাতখনৰ পৰাই যেন ওলাই আহিছে তেনেকৈ টাইপ’গ্ৰাফী ডিজাইন কৰি লিখা আছে – “সমাধান”। অনুৰূপে চিনি পালে চকীত উঠাই থোৱা সেইখন তাৰ সোঁভৰি। সেইখন তাৰ বাওঁহাত। এটিট্যুড দেখুৱাই সামান্য হেলনীয়াকৈ ঠিয় দি থকা সেইটো তাৰ গা।

তাৰ গা সেইটো। তাৰ দেহা। তাৰ শৰীৰ। মুখখন হয়তো গ্ৰাফিক ডিজাইনাৰে কম্পোজ কৰি…

পিছৰখন মেট্রো ৰে’ল আহি পোষ্টাৰখন আঁৰ কৰি ধৰিলে। অনুৰূপ মেট্রোত উঠিল। ভাগ্য ভাল যে এইখনত ভীড় যথেষ্ট কম। আসন এখনত বহিয়েই আকৌ উঠি দিলে। সি হঠাতে মন নকৰাকৈ মহিলাৰ ছিট এটাত বহি দিছিল। সন্মুখত অন্য ছিট এটা খালী থকা দেখি সি তালৈ গ’ল। ৰে’লখন চলিবলৈ ধৰিলে। পৰৱৰ্তি ষ্টেচন ‘যমুনা বেঙ্ক’তে নামি সি নয়ডা অভিমুখী অন্য এখন মেট্ৰ’ ধৰিব লাগিব। হঠাতে তাৰ সি আহি আগতে বহা মহিলাৰ ছিটটোৰ ফালে চকু গ’ল। ইমান পৰে কোনোবা ধুনীয়া ছোৱালী এজনী আহি তাত বহিছেহি। চকুত চকু পৰিলত সি চকু আঁতৰাই নিলে। কিন্তু তাৰ এনে লাগিল যেন তাইক সি ক’ৰবাত দেখিছে। তাৰ খুব চিনাকি ছোৱালীবোৰৰ মাজতে কোনোবা এজনী নেকি? কিজানিবা তাৰ এক্টিঙৰ ফেন-বোৰৰ মাজত কোনোবা? সি আকৌ এবাৰ আঁৰ চকুৰে চাবলৈ চেষ্টা কৰিলে। হঠাত চিৰিং কৈ মনত পৰিল। তাইৰ নাম পূজা। সি তাইক মহাৰাণী বাগত পাইছিল।

ভাগ্য ভাল যে ইতিমধ্যেই ‘যমুনা বেংক’ ষ্টেচনটো আহি পালে। তাৰ নামিবৰ হ’ল।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে