চ’ৰাঘৰ / ধাৰাবাহিক / লিংগ বিভ্ৰাট (ডঃ ছবি গগৈ)

লিংগ বিভ্ৰাট (ডঃ ছবি গগৈ)

পদবী, আসন, কৰ্ম আদি বিশেষণবোৰত লিঙ্গ বিচাৰ কৰাত বৰ খেলিমেলি হয় । সাধাৰণতে পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ বিভাজনেৰে এইবোৰ শব্দক ব্যৱহাৰ কৰা হয় । কিন্তু এইবোৰ বিশেষণবাচক শব্দৰ লিঙ্গবিভাজন কৰিবই নালাগে ।

উদাহৰণঃ সভাপতি=সভানেত্ৰী/ সম্পাদক= সম্পাদিকা/ বিধায়ক=বিধায়িকাি/ পৰিচালক=পৰিচালিকা…… ইত্যাদি ।

সভাৰ পতি বা গৰাকীজনক সভাপতি বোলে । পতি বা গৰাকীৰ পুংলিঙ্গ স্ত্ৰীলিঙ্গ নাই । ই উভয়লিঙ্গবাচক শব্দ । পতি শব্দটো স্বামী বা গিৰিয়েক অৰ্থত ব্যৱহাৰ কৰিলেহে তাৰ পুংলিঙ্গ পত্নী ব্যৱহাৰ হয় । এই ফালৰপৰা সভাৰ পতি বা গৰাকীজন যদি মহিলা হয় তেন্তে হ’ব লাগিছিল ” সভাপত্নী” । কিন্তু সেয়াতো ক’তো ব্যৱহাৰ নহয় ! সভাখনৰ পৰিচালনাৰ সুবিধাৰ বাবে এজন ব্যক্তিক সেই সময়ছোৱাৰ বাবে সকলোৱে গৰাকী বা মূৰব্বী বুলি মানি আসনত বহুৱাওঁ বাবে সেই আসনখনক আৰু আসনাধিষ্ঠ ব্যক্তিজনক স্ত্ৰী পুৰুষ নিৰ্বিশেষে সভাপতি পদবীৰে আখ্যা দিয়া হয় । গতিকে সভানেত্ৰী শব্দটো ভুলকৈয়ে ব্যৱহাৰ কৰি অহা হৈছে ।

আনহাতে নেত্ৰী হ’ল নেতাৰ স্ত্ৰীলিঙ্গবাচক শব্দ । দলৰ মূৰব্বীজনক দলপতি বা নেতা বোলা হয় । যাৰ নীতিৰে দল পৰিচালিত হয় তেৱেঁই নেতা। সভাখন দল নহয় ! সভাৰ মূৰব্বীগৰাকী মহিলা হ’লেও নেত্ৰী শব্দটো ব্যৱহাৰৰ কোনো যুক্তি নাই । গতিকে সভানেত্ৰী শব্দটো এইফালৰপৰাও ভুল ।

সেইদৰে, সম্পাদনা কৰোঁতাজনকে সম্পাদক বোলে । কাৰ্য এটা সমাপন কৰা আৰু সম্পাদনা কৰাৰ মাজত পাৰ্থক্য আছে । সম্পাদনা এক কৰ্ম যাৰদ্বাৰা ভুল শুদ্ধ বিচাৰ কৰি সুচিন্তিত ৰূপ দিয়াটোক বুজায় । এনে কৰ্মৰ দায়িত্ব লোৱাজনেই সম্পাদক । কামৰ পুং বা স্ত্ৰী লিঙ্গ নাথাকে । কামত অধিস্থিতজনৰো লিঙ্গ বিচাৰ হ’ব নালাগে । সম্পাদিকা ৰূপটোও ভুল ব্যৱহাৰ ।সম্পাদকিনী ৰূপটো বৈয়াকৰণিকভাৱে শুদ্ধ যদিও তেনেকৈ ব্যৱহাৰ কৰা নহয় ।

লিখক বা লেখক শব্দক স্ত্ৰীলিঙ্গবাচক লিখিকা বা লেখিকা কৰাটোতো একেই সমস্যা ।

কি অৰ্থত বা কি স্থানত ব্যৱহাৰ কৰা হৈছে সেয়া লক্ষ্য কৰিলে এনে ভুল প্ৰয়োগ নহ’লহেঁতেন । বহু আগৰেপৰাই এনে ভুল প্ৰয়োগ হৈ আহিছে।

যেনেকৈ কৰ্মবাচক শব্দ “খেতি”টো খেতিনী নহয় , তেনেকৈ “খেতিয়ক”টো খেতিয়কনী নহয় । তেন্তে সম্পাদকটো সম্পাদিকা বা সম্পাদকিনী কিয় হ’ব ? সেইদৰে গিৰিয়েকৰ বিপৰীত শব্দ ঘৈণীয়েক যদি , পতিৰ বিপৰীতে পত্নী যদি ; সভাপতিৰ বিপৰীতে সভাপত্নী কিয় নহ’ল ? ভাবকচোন !!

মহাশয়, মহোদয় শব্দ দুটাকো মহাশয়া আৰু মহোদয়াৰূপে ব্যৱহাৰ কৰা হয় । তেন্তে মহামহিম শব্দটোক মহামহিমা বা মহামহিমনী বুলি লিখা দেখিছে নেকি কোনোবাই ? মান্যবৰেষু শব্দটোক মান্যাবৰেষু বা মান্যবৰেষী বুলি লিখা দেখিছে ? স্থান একেই , মৰ্যাদাও একেই কিন্তু !!

মন্ত্ৰী শব্দটোক যদি মন্ত্ৰীনী কৰা নাই , বিধায়ক শব্দটোক কিয় বিধায়িকা কৰা হ’ল ? মহিলা হ’লেও ৰাষ্ট্ৰপতি , বনমন্ত্ৰী, প্ৰধানমন্ত্ৰী বুলিয়েই কোৱা হয় । ভাবক আৰু শুদ্ধকৈ কোৱাৰ আৰু লিখাৰ অভ্যাস কৰক ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে