চ’ৰাঘৰ / প্ৰকৃতি / গঁড় (ঘনশ্যাম ৰাজবংশী)

গঁড় (ঘনশ্যাম ৰাজবংশী)

সকলোয়ে জানে গঁড় অসমৰ জাতীয় সম্পদ । বিশ্বত পোৱা গঁড়ৰ সংখ্যা বিশেষকৈ এশিঙীয়া গঁড়ৰ ৭৫ শতাংশ অসমতে আছে । এবাৰ বৃটিছ ভায়চৰয়জ লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক লগত লৈ কাজিৰঙা চাবলৈ আহিছিল পশু সন্ধানক ( animal tracker) বিষয় লৈ । সেই সময়ত কাজিৰঙাত মুকলিকৈ পশু চিকাৰ কৰিব পাৰিছিল । মাটিকালিও কম আৰু গঁড়ৰ সংখ্যা তেনেই কম আছিল । হাবিৰ ভিতৰত গঁড়ৰ খোজ বোৰ দেখিহে জানিছিল গঁড়ৰ বুলি । বাপীৰাম হাজৰিকা, যিগৰাকী নিগনা চিকাৰী নামে পৰিচিত । তেখেতে মেৰী কাৰ্জন মহিলা গৰাকীক গঁড় সংৰক্ষণৰ আৱশ্যকতা সম্পৰ্কে অৱগত কৰায় । মেৰী কাৰ্জনে স্বামী লৰ্ড কাৰ্জনক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ নেৰা-নেপেৰাকৈ লাগি থকাত কাজিৰঙা01ৰ মাটিবোৰ সংৰক্ষণৰ বাবে আৱৰ্তন দিলে আৰু তেতিয়াৰ পৰাই পৰ্যায় ক্ৰমে আজিৰ এই কাজিৰঙা বিশ্ব ঐতিয্য ক্ষেত্ৰ ৰূপে পৰিলক্ষিত হ’ল। এই কাজিৰঙাত গঁড় চাবলৈ পৃথিবীৰ বিভিন্ন দেশৰ পয্যটকৰ আগমন ঘটিছে। বন্য জন্তুৰ আচৰণ বিচৰণ কৰা ক্ষেত্ৰখনৰ অধ্যয়ন আৰু গৱেষণা কৰিবলৈ। মই হ’লোঁ ৰখীয়া । তাৰ মাজতে বিভিন্ন জনৰ লগত গৱেষণাৰ কামত সহায় সহযোগ কৰিবলৈ যাওঁ। বহু কথাই আমাক সুধি সুধি তথ্যবোৰ সংগ্ৰহ কৰে আৰু গৱেষণাকাৰী সকলে লাভ কৰে ডক্তৰেট ডিগ্ৰী। আমাৰ দেশৰ লোকেও গঁড় চাবলৈ আহে । গঁড় দেখিলেই চিঞৰিবলৈ ধৰে- গঁড় গঁড় । সেয়েহে ময়ো গঁড়ৰ বিষয়ে বহু কথা আয়ত্ব কৰিলোঁ বিচৰণ কৰি ফুৰা ,স্বভাব আৰু আচৰণ সমুহ। আমাৰ ঐতিহ্য,সংস্কৃতিৰ বাহক এই গঁড় । যাক লৈ আমি গৌৰৱ কৰোঁ । এগৰাকী বিদেশী মহিলাই বনত গঁড়ৰ আৱশ্যকতা অনুভৱ কৰি স্বামীক মান্তি কৰাইছিল । আজি এই নিমাখিত, নিৰ্জু স্বভাবৰ গঁড় আমাৰেই একাংশ কু-চিন্তিত লোকৰ হাতত অকালতে মৃত্যুক আঁকোৱালি লবলগীয়া হৈছে ।

গঁড়ৰ স্বভাৱ আৰু আচৰণঃ

ৰাতিপুৱাৰ দোকমোকালিতে,সন্ধিয়া ঠিক আগে আগে আৰু নিশাৰ ভাগত গঁড়ক অধিক সক্ৰিয় ৰূপত দেখা যায় । দিনৰ বেছি ভাগ সময় গৰম লাগিলে ইহঁতে বোকা-পানীৰ মাজতে পাৰ কৰে । বনত থকা ইকৰা ,খেৰণীৰ ডাঠ জংঘলৰ গঁড় অহা যোৱা পথ বোৰ লুংলুঙিয়া পথ হৈ যায় আৰু এই পথ বোৰেই আন সৰু সৰু জন্তুৰ চলাচল কৰাত সহায়ক হয় । এই পথ বোৰকে ‘দণ্ডি’ বোলে । গঁড়ৰ দৃষ্টিশক্তি দুৰ্বল,কিন্তু ঘ্ৰাণশক্তি প্ৰবল । কুকুৰ দাঁত কেইটা যথেষ্ট শক্তিশালী ,চোকা বটালীৰ দৰে । বহুতে গঁড়ে চেলেকে বুলি কয়, আচলতে দাঁতেৰেহে কামুৰে আৰু খড়্গৰে হানি হানি আক্ৰমন কৰে । বেগাই দৌৰিব পাৰে আৰু প্ৰয়োজনত সাঁতুৰিবও পাৰে । সেউজীয়া কোমল ঘাঁহ,বিভিন্ন জলজ উদ্ভিদ লকচা বন ইহঁতৰ প্ৰিয় খাদ্য । আমোদজনক যে গঁড়ে সাধাৰণতে একে ঠাইতে মল ত্যাগ কৰে । বহু ক্ষেত্ৰত গোবৰেই অহাযোৱা কৰা পথ নিৰোপনত সহায়ক হয় । গঁড়ৰ মাত বহু দুৰৰ পৰা শুনা যায় । সময়ত ভিন ভিন মাতৰে নিজৰ লগত যোগাযোগ কৰে । পোৱালীবোৰ ৫/৬ বছৰ পিচত প্ৰজননক্ষম হৈ উঠে । সাধাৰণতে তিনি-চাৰি বছৰৰ অন্তৰালত পিচৰটো পোৱালী জন্ম দিয়ে এবাৰত এটাকৈ। প্ৰজননৰ সময়ত মাইকী গঁড় জনীয়ে শক্তিশালী বলৱান মতাক হে বাচনি কৰি লয়। এই ক্ষেত্ৰত মতাটো দুৰ্বল হ’লে মাইকী জনীয়ে মতাটো খেদিবলৈ ধৰে। খেদা-খেদিত মাইকীজনীয়ে মতাটোক তপিনাত কামুৰি কামুৰি ফালি দিয়ে দাঁত মাৰি মাৰি ফলত তেজ বিৰিঙিব ধৰে। সময়মতে তেজ ওলোৱা নিজে নিজে বন্ধ হয় আৰু ঘাঁ বোৰ শুকাই যায়।
গঁড়ৰ গুৰুত্ব এই কাৰণে যে তৃণভোজী প্ৰাণীবোৰে ঘাঁহ খায় ,ঘাঁহনী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গঁড় বিশাল তৃণভোজী । যদি কেনেবাকৈ গঁড় নোহোৱা হয় তেন্তে ইয়াৰ প্ৰভাৱ সমগ্ৰ অৰণ্যতে পৰিব । ঘাঁহনিৰ ঠাইত কাঠনি হ’ব আৰু সৰু সৰু প্ৰাণীবোৰ ডাঠ হাবিত চলা-চল কৰিব নোৱাৰিব। গঁড় থকা ঠাইৰ বননি সুৰক্ষিত হৈ থকা মানে জীৱকুলো সুৰক্ষিত হৈ থাকিব । গঁড় অধ্যুষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া বহু মানুহৰ জীৱন-জীৱিকা বহুলাংশে নিৰ্ভৰশীল। পৰ্যটনৰ জৰিয়তে ৰাজ্যত ৰাজহ উপাৰ্জন বহুখিনি সম্ভৱ হৈছে কেৱল গঁড় থকা বাবেহে । গতিকে দেশৰ নাগৰিক হিচাবে আপুনি আমি সকলোৱে গঁড়ৰ লগতে আন বন্যজীৱক সুৰক্ষা প্ৰদান কৰাটো কৰ্তব্য হিচাবে গণ্য কৰিব পাৰোঁ ।

গঁড় হত্যা প্ৰতিৰোধ সম্পৰ্কেঃ

গঁড় হত্যা কেনেকৈ ৰোধ কৰিব পাৰি সেই লৈ অসমৰ বিভিন্ন ঠাইত আলোচনা, সমালোচনা আৰু প্ৰতিবাদ আদিয়ে সচেতন মহলক চিন্তিত কৰিছে । বিভিন্ন জনে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে বন বিভাগক, চৰকাৰক তথা বন মন্ত্ৰী মহোদয়ক । তথাপিও কিন্তু কমা নাই গঁড় আৰু অন্য জীৱ-জন্তুৰ হত্যা । গঁড় হত্যাৰ বাবে প্ৰতি জন অসম বাসীৰ হৃদয়ত শোকে খুন্দা মাৰি ধৰাৰ লগতে ক্ষোভত মূখ্যমন্ত্ৰী, বনমন্ত্ৰী আৰু বন বিভাগক নানা ধৰণৰ গালি-গালাচ পাৰি চহৰ নগৰত প্ৰতিবাদ কৰে। প্ৰতিজন সচেতন অসমবাসীয়ে বন্যপ্ৰাণীক যে বিশেষ কৈ পৃথিবীৰ আপোৰোগীয়া এশিংঙীয়া গঁড়ক নিজৰ সন্তান বুলি ভাবিবলৈ লৈছে ; ইয়াত কাৰো দ্বিমত নাই । এচাম অৰ্থ লোভী চোৰাং কাৰাবাৰত জড়িত থকা ব্যাক্তিৰ জৰিয়তে গঁড় হত্যা হৈ থকাৰ কথা অসম তথা ভাৰতবৰ্ষৰ সকলোৱে জানিছে ।
গঁড় হত্যা কেনেকৈ ৰোধ কৰিব পৰা যাব তাৰ চিন্তা কৰি মোৰ মনত উদ্ভভ হোৱা আৰু চাকৰি জীৱনত পাই থকা অভিজ্ঞাতৰ পৰাই মোৰ অনুভৱ বোৰ প্ৰকাশ কৰিলোঁ ।
প্ৰশ্ন আহে, বনত থকা গঁড় বা অন্য বন্যজন্তু ৰখে কোনে ? একেষাৰে স্বীকাৰ কৰিব লাগিব যে নিম্ন পৰ্য্যায়ৰ বন কৰ্মী সকলেহে দিনে নিশাই অৰণ্যত থাকি পহৰা দিয়ে । এই সকলেই প্ৰকৃত ৰখীয়া । আদেশ নিৰ্দেশ, বিভাগীয় কাম কাজ আৰু আঁচনি প্ৰস্তুুত কৰা আদিহে ওপৰ মহলৰ কাম আৰু তেওঁলোকৰে আটাইটকৈ সুবিধা বেচি । আমি কি কি কৰিব পাৰোঁ বা কৰা উচিত , সেই সম্পৰ্কে আমাৰ মনত উদয় হোৱা কথাকেইটা এনেধৰণৰ …..
(১) প্ৰথমেই গঁড় হত্যাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বন-শিবিৰ এলেকাত থকা নিম্ন পৰ্য্যায়ৰ বনকৰ্মী সকলৰ অভাৱ অভিযোগ জানি তাৰ সমাধান কৰিব লাগিব । কাৰণ বন-শিবিৰ এলেকাত কোনো গেজেটত বিষয়া নাথাকে । বৃহৎ অঞ্চল ভেদেহে বন-বিষয়া এজন বা দুজন থাকে ।
(২) বনকৰ্মীৰ সংখ্যা বৃদ্ধি কৰি বৰ্তমান আধুনিক অস্ত্ৰ শস্ত্ৰ যোগান দি বিশেষ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব । লগতে বন্য প্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সু-স্বাস্থ্য সবল কৰ্মদক্ষ বনকৰ্মীকহে নিযুক্তি দিয়াব লাগিব । বিশেষকৈ বন্যপ্ৰাণী সংৰক্ষণত শাৰীৰিক পৰিশ্ৰম অতি বেচি । যিকোনো পৰিস্থিতিতে পানী,হাবি,জংঘলত দৌৰা-দৌৰি কৰিবলগীয়া হয় অৰণ্যৰ ভিতৰত, হয় চিকাৰীৰ লগত নহয় বন্যজন্তুৰ লগত । যাতে নিয়ুক্তিৰ ক্ষেত্ৰত ৰাজনৈতিক প্ৰভাৱ নপৰে আৰু বৰ্তমান বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্বত থকা বয়সীয়া ৰোগীয়া ( চকু, নাক,কাণৰ সমস্যা থকা) বিশেষকৈ ৫০ বছৰ উৰ্দ্ধৰ বনকৰ্মীসকলক সেই দায়িত্বৰ পৰা অন্য শাখালৈ বদলি কৰিব লাগিব আৰু অন্য শাখাৰ পৰা কম বয়সীয়া কোনো দিনে বন্য প্ৰাণী শাখাত খাটি নোপোৱা সকলক বন্য-প্ৰাণীৰ সুৰক্ষাত নিয়োগ কৰিব লাগে ।
(৩) যি বোৰ এলেকাত বন শিবিৰ বা টংচি (টাৱাৰ) দৰকাৰী , সোনকালে সাজি দিয়াৰ ব্যবস্থা কৰিব লাগিব । Patroling path,পানীত ব্যৱহাৰ কৰিবলৈ হাত নাও, মেচিন নাও বোৰ ঠিকে ৰাখিব লাগিব । যান বাহনৰো সুব্যবস্থা অতি জৰুৰী ।
(৪) ৰাষ্ট্ৰীয় উদ্যান,অভয়াৰণ্যৰ দাঁতিকাষৰীয়া গাঁৱৰ উপযুক্ত যুৱকক শতাংশ অনুপাতে স্থায়ী বা অস্থায়ী পদত মকৰল কৰিব লাগিব । বৰ্তমান ইয়ো এটা প্ৰধান বিষয় । ৰাজনৈতিক প্ৰভাবৰ ফলত অন্য ঠাইৰ লোকে চাকৰি পোৱাত স্থানীয় লোকে চাকৰি নোপোৱাৰ ক্ষোভত কিছুলোক চোৰাং চিকাৰীৰ লগ লাগে । যি সকল অস্থায়ী বনকৰ্মী আছে সেই সকলক পৰ্যায়ক্ৰমে স্থায়ী উপযুক্ত পদত মকৰল কৰিব লাগিব। চাকৰি স্থায়ী নোহোৱাৰ ক্ষোভত হয়তো চোৰাং চিকাৰী লগ লাগিবও পাৰে । ইতিমধ্য কেইবাটাও ঘটনাৰ প্ৰমাণ পোৱা গৈছে আৰু সৎ বনকৰ্মী সকল বদনামৰ ভাগী হৈ পৰিছে ।
(৫) ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যৰ ওচৰৰ গাঁও সমুহত সজাগতা আনিব লাগিব । গাঁৱৰ ৰাইজৰ ওজৰ-আপত্তি অভাৱ-অভিযোগ জানি তাৰ সমাধানৰ উপায় দিব লাগিব ।
(৬) খবৰ যোগনীয়াৰ ব্যৱস্থা আৰু পুৰস্কাৰ দিয়াৰ ব্যৱস্থাৰ লগতে পুলিচ প্ৰশাসনেও সক্ৰিয় ভুমিকা পালন কৰিব লাগিব । লগতে সহৃদয়তাৰে সহযোগ কৰিব লাগিব। দেখা যায় বন বিভাগৰ লগত সময়ত সহযোগিতাৰ অভাব ঘটে ।
(৭) ৰাষ্ট্ৰীয় উদ্যনৰ আশে-পাশে থকা চৰকাৰী মাটিত বসবাস কৰা সন্দেহজনক বাসিন্দাক উচ্ছেদ কৰিব লাগিব । এইবোৰ অঞ্চলেই চোৰাং চিকাৰীৰ প্ৰথম আশ্ৰয় স্থল ।
(৮) ওচৰৰ চৰ-চাপৰি,পাহাৰ বোৰত সঘনাই তালাচীৰ ব্যৱস্থা লব লাগে । চোৰাং চিকাৰী এইবোৰ অঞ্চলৰ পৰাই বেচি ভাগ ধৰা পৰে আৰু বন্যপ্ৰাণী ওলাই গ’লে হত্যা কৰিবলৈয়ো কুন্ঠা বোধ নকৰে ।
(৯) বান পানীৰ সময়ত জীৱ-জন্তু বিলাকে খাদ্য আৰু ওখ আশ্ৰয় স্থল বিচাৰি বাহিৰলৈ যায় । যথা সম্ভৱ কিছু কিছু এলেকাত ওখ ওখ মথাউৰিসদৃশ ভেটি তৈয়াৰ কৰাই দিয়ক। নতুবা অৰণ্যৰ ভিতৰুৱা পথবোৰ ওখ ওখ কৈ বন্ধা হওক। আনহাতে যিবোৰ অৰণ্যত খৰালি জীৱ-জন্তু বাবে পানীৰ অভাৱ, তেনেবোৰ অৰণ্যৰ ভিতৰত ডাঙৰ ডাঙৰ পুখুৰী খান্দি দিয়াৰ ব্যৱস্থা কৰক । জন্তুৰ খোৱা পানীৰ অভাৱ অথৱা বানপানীৰ সময়ত ওলাই যোৱাত সেই সুযোগতে বৰ্তমান চিকাৰীয়ে গঁড় হত্যাৰ লগতে অন্য জন্তু হত্যা কৰাৰ সম্ভৱনাই অধিক হৈ পৰিছে । তেনেবোৰ অঞ্চলত চোকা পহৰাৰ ব্যৱস্থা ল’ব লাগিব। সন্দেহজনক অঞ্চলত থকা অবৈধ অস্ত্ৰ শস্ত্ৰ সেনা বাহিনীৰ সহযোগত তালাচী চলাই উদ্ধাৰ কৰিব লাগিব ।
১০/ পুৰণি বন-আইন সংশোধন ঘটাব লাগিব । যিকোনো বনজ-সম্পদ ক্ষতি কৰা, বন্যপ্ৰাণী হত্যা কৰা সকলৰ বিৰুদ্ধে বিভাগৰ গেজেটেত বিয়ষাই দাখিল কৰা আৰু আচামিৰ স্বীকাৰোক্তিৰ ভিত্তিতে শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে । আদালতত গোচৰ ৰুজো হোৱাৰ পিচত উকিলৰ জেৰাত সঁচাও মিচা হয় এই দেশদ্ৰোহী সকলৰ ।
এটা গঁড়ৰ খড়্গৰ বোলে কোটি টকালৈকে মূল্য ! সেয়েহে নিশ্চয় দেশৰ প্ৰভাৱশালী কোনো ব্যাক্তি এই কাৰ্যত জড়িত আছে । কোন সেই সকল প্ৰভাবশালী লোক আৰু কোন বেক গ্ৰাউণ্ডত থকা ব্যাক্তি আছে, তেনে ব্যাক্তি সকলৰ অনুসন্ধান লওক চৰকাৰে। আনহাতে আজিকালি গঁড় হত্যাত উগ্ৰপন্থীও জড়িত আৰু অত্যাধুনিক মৰাণাস্ত্ৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । সেয়েহে এই ক্ষেত্ৰত মাননীয় বনমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে