চ’ৰাঘৰ / সম্পাদকীয় / সম্পাদকীয় – বৌদ্ধিক বিচাৰ অবিহনে আমি বৰ্বৰতাৰ অৰণ্যলৈ গতি কৰিম

সম্পাদকীয় – বৌদ্ধিক বিচাৰ অবিহনে আমি বৰ্বৰতাৰ অৰণ্যলৈ গতি কৰিম

ভাৰতৰ সৰ্বত্ৰে দুৰ্নীতিয়ে ইমান গভীৰলৈ শিপাই গ’ল যে সেই শিপা উভালি পেলোৱাটো আজি অসম্ভৱ হৈ পৰিছে৷ আমাৰ ৰাজনৈতিক নেতা-পালিনেতাৰ পৰা আৰম্ভ কৰি আমোলা-বিষয়া, দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াৰ পৰা আৰম্ভ কৰি লেন্স নায়কলৈ সকলোৱে দুৰ্নীতিৰ বোকাত লুতুৰি-পুতুৰি হৈ পৰিছে৷ পৰিস্থিতি এনেকুৱা হৈছে যে ভাৰতত দুৰ্নীতি (অপ)সংস্কৃতিৰ এটি ধাৰালৈ ৰূপান্তৰিত হৈছে৷ আমি যিকোনো সামাজিক অনুষ্ঠানৰ আয়োজন কৰাৰ সিদ্ধান্ত ল’লেই ধন সংগ্ৰহৰ প্ৰশ্নটো আহি পৰে৷ তেতিয়া আমি প্ৰথমেই স্থানীয় বিধায়ক, আৰক্ষী বিষয়া আদিৰ কাষ চাপো৷ কিয়নো, তেওঁলোকে দুৰ্নীতিৰ মাধ্যমেৰে অনেক ধন গোটাইছে আৰু সেই ধনৰ সামান্য এটা অংশ ৰাজহুৱা কামত দি তেওঁলোকে সমাজখনৰ পৰা সন্মান বুটলিব বিচাৰিছে৷ তেওঁলোকৰ পৰা সৰহীয়াকৈ সংগ্ৰহ কৰা ধনৰ বিনিময়ত তেওঁলোকক সাংস্কৃতিক অনুষ্ঠানটোত আগ স্থান দি সন্মান যাচো৷ কিন্তু হাইস্কুলৰ শিক্ষকজনে যে টকা এশ বা দুশ দি সহায় কৰিছে, তেওঁক সন্মান জনোৱাৰ প্ৰশ্নই নুঠে৷ ইয়েই হ’ল দুৰ্নীতিৰ সংস্কৃতিকৰণ৷editorialcoverop

আমাৰ মন্ত্ৰী, সাংসদ, বিধায়ক আদিয়ে দুৰ্নীতি কৰাত আমাৰ আপত্তি নাই৷ কিয়নো, তেওঁ আমাৰ সামাজিক অনুষ্ঠানলৈ ডাঙৰ অংকৰ ধন এটা দি থৈছে৷আমাৰ চৰকাৰী আমোলা-বিষয়াসকলক দুৰ্নীতিৰ আশ্ৰয় ল’বৰ বাবে আওপকীয়াকৈ উৎসাহিত কৰে চৰকাৰী যন্ত্ৰটোৱে৷ চৰকাৰী যন্ত্ৰ মানে মন্ত্ৰী-বিধায়ক আদিৰ লগতে ৰাজহুৱা সেৱা আয়োগ জাতীয় অনুষ্ঠানটোৱে৷ তেনে এক পৰিস্থিতিত কোনোবাই যদি আমাৰ ৰাষ্ট্ৰৰ পৰা দুৰ্নীতি নিৰ্মূল কৰাটো সম্ভৱ বুলি ক’ব খোজে, তেতিয়া আমি ক’ম যে ভাৰতীয় ৰাজনীতিকসকলৰ স্থিতি সম্পৰ্কে তেওঁৰ সামান্যতমো জ্ঞান নাই৷ অথচ, স্বাধীনতাৰ পূৰ্বেই গ্ৰেট বৃটেইনৰ প্ৰধানমন্ত্ৰী চাৰ উইনষ্টন চাৰ্চিলে মহাত্মা গান্ধীক কৈছিল–‘ভাৰতবৰ্ষক এতিয়াই স্বাধীনতা প্ৰদান কৰা নহ’ব মিঃ গান্ধী৷ কাৰণ ভাৰতীয়সকল এতিয়াও শিক্ষিত আৰু সংস্কৃতিবান ব্যক্তি হৈ উঠা নাই৷ তেনে পৰিস্থিতিত ভাৰতক স্বাধীনতা প্ৰদান কৰিলে অশিক্ষিত, অৰ্ধশিক্ষিত আৰু অতি নীচমনা ভাৰতীয় ৰাজনীতিকসকলে বিশৃংখলতাৰ মাধ্যমেৰে ভাৰতীয় জাতিটোক বৰ্বৰতাৰ মাজলৈ ঠেলি দিব৷’

চাৰ্চিলৰ সেই উক্তি এতিয়া আখৰে আখৰে প্ৰমাণিত হোৱা নাই জানো? ৰাজনীতিকসকলৰ ক্ষমতাৰ প্ৰতি থকা উদগ্ৰ নিচাই ভাৰতীয় জাতি আৰু ভাৰতকেই ধ্বংসৰ মুখলৈ ঠেলি নি আছে৷ আমাৰ ৰাজনীতিকসকলে একধৰণৰ বৌদ্ধিক বেশ্যামিৰ আশ্ৰয় লৈ গণতন্ত্ৰৰ টেটু চেপি হত্যা কৰাৰ বাবে উদ্যত হৈ পৰিছে৷ সেয়াই সত্য হ’লে ভাৰতৰ সৰ্বসাধাৰণ কোনোদিন শোষণৰ শৃংখলাৰ পৰা মুক্ত হ’ব নোৱাৰিব৷ এই সময়ছোৱাত সৰ্বসাধাৰণৰ লগতে আমাৰ শিক্ষিত সকলে যুক্তিনিষ্ঠ বৌদ্ধিক বিচাৰ আদৰি লোৱাৰ বাহিৰে গত্যন্তৰ নাই৷ সকলো ক্ষেত্ৰতে নিৰপেক্ষ বৌদ্ধিক বিচাৰেহে ভাৰতবাসীক বৰ্বৰতাৰ সঘন অৰণ্যৰ পৰা ফিৰাই আনিব পাৰিব৷

সদৌটিলৈ শাৰদীয় শুভ-ইচ্ছাৰে….

ডঃ যোগেন্দ্ৰ নাথ

 

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে