চ’ৰাঘৰ / কথাশিল্প / দুটা কবিতা (ড° কমল কুমাৰ তাঁতী)

দুটা কবিতা (ড° কমল কুমাৰ তাঁতী)

পিতল-চকুৱা

শুকান নৰাবোৰৰ কাষে কাষে পিতল-চকুৱাৰ
দীঘল ভৰিৰ খোজ। ভৰিৰ আঙুলিৰে চুই চালোঁ।
সেমেকি সেমেকি শুকান হৈ গৈছে।

নামঘৰৰ নিতাল বাটচ’ৰাটো সেমেকি আছে।
পিতনিৰ বোকা আৰু ৰঙচুৱা মাটিৰে।
শিপা আৰু জৰায়ুৰ ঘাঁৰ কেঁচা ৰঙেৰে।
কোনোবা এজনৰ দেহৰ গোন্ধেৰে।

সিঞাৰি সিঞাৰি আমাৰ মাত শুকালত দেখিলোঁ
বাহঁনিৰ মাজেৰে কাৰোবাৰ খোজ। কোনোবা
কিশোৰীৰ বয়ঃসন্ধিৰ কেঁচা ৰং।

ঘৰ পালোগৈ। আমাৰ দেহবোৰ ঘাম আৰু তেজেৰে
জুৰুলি-জুপুৰি। চোতালখন সেমেকি সেমেকি শুকান
হৈ যোৱাৰ পিছত আমাৰ মুখবোৰো উজ্জ্বল হৈ
পৰিছে। আমাৰ যে দিনকাল ভাল আছিল।

শীতল কৃষ্ণ পদাৰ্থ

সুগভীৰ ক’লা সীমাহীন দাগবোৰৰ মাজত
সেইবোৰ শীতল ক’লা দাগ। পোহৰৰ মাজে মাজে
অথচ মিলিব নোখোজা শক্তিৰ কণিকা।

বহুমাত্ৰিক মধ্যাকৰ্ষণৰ বিস্তাৰিত চালনীত
ওপঙি ওপঙি কৈ গৈ আছে কিছুমান আদিম ৰহস্য।

সেই ৰহস্যই আমাক লৈ যাব খোজে
আঁতৰি যোৱা শ শ মহাব্ৰহ্মাণ্ডবোৰৰ ওচৰলৈ

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে