মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / সমকাল / মাইহাং বাটিৰ সোৱাদ পানী উভৈনদী ক’ত? (চেমবাচ গগই)

মাইহাং বাটিৰ সোৱাদ পানী উভৈনদী ক’ত? (চেমবাচ গগই)

দৃশ্যপটত এখন বিশেষ বিপণী৷ অৱশ্যে আজিকালি এইবিধ বিপণী সমগ্ৰ ৰাজ্যতে সহজলভ্য৷ যিখন বিপণীৰ কথা উল্লেখ কৰিছো, সেইখন হৈছে গুৱাহাটীৰ এক ব্যস্ত এলেকাৰ৷ সেই এলেকাটোত সৰু-ডাঙৰ বিভিন্ন সামগ্ৰীৰ অসংখ্য বিপণীৰ লগতে আছে এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন মহাবিদ্যালয় আৰু দুখনকৈ ‘জাগ্ৰত’ উপাসনাস্থলী৷ সিবিলাক উপৰুৱা কথা৷ মূল কথাটো হ’ল–ভৰ দুপৰীয়াই ইতিপূৰ্বে উল্লেখিত বন্ধ বিপণীখনৰ আগত থিয়া-থিই কৰি আছে একুৰিমান ডেকা৷ বয়স বোধহয় ওঠৰৰ পৰা বাইশ বছৰৰ ভিতৰত৷ এতেকে ডেকাসকলৰ বয়সৰ মাধ্যমান হয়তো বিশ বছৰতে ৰ’ব৷

উদ্দেশ্যবিহীনৰো হেনো উদ্দেশ্য থাকে৷ এই কথাৰ আলমতে ক’ব পৰা যায় যে ডেকাকেইজন বিনা কাৰণত তাত ৰৈ থকা নাই৷ এবিধ বিশেষ দ্ৰব্য সংগ্ৰহ কৰিবলৈহে আহিছে তেওঁলোক৷ যদিও মহানগৰীখনত এনে বিপণী অসংখ্য আছে, এইখন বিপণীহে বোধহয় তেওঁলোকৰ পছন্দৰ৷ ধৰা হওক, তাত তেওঁলোকৰ চিনাকি বিক্ৰেতা আছে, গতিকে দাম অধিক নলয় অথবা তাত নিৰ্ভেজাল দ্ৰব্য পোৱা যায়৷ কিন্তু বিপণীখন খুলিব দুই বজাতহে৷ তাৰমানে দুঘণ্টা এতিয়াও বাকী৷ ডেকাকেইজনৰ একাংশৰ বাবে দ্ৰব্যবিধ সংগ্ৰহ কৰাটো বিশেষ জৰুৰী৷ কাৰণ, পিছদিনা পিকনিক খাবলৈ যাব৷ বাকীসকলৰো বেলেগ বেলেগ কাৰ্যসূচী আছে৷ সিবিলাকতো সেই বিশেষ দ্ৰব্যবিধৰ প্ৰয়োজন হ’ব৷ গতিকে, বিপণীখন খোলাৰ লগে লগেই ডেকাকেইজনে তেওঁলোকৰ অতি প্ৰয়োজনীয় সামগ্ৰীপদ সংগ্ৰহ কৰিব খুজিছে৷ ইমানখিনি বৰ্ণনাৰ পাছত খুলি নক’লেও সকলোৱে বুজি পাইছে যে এই ডেকাকেইজন ৰৈ আছে এখন তথাকথিত বিলাতী মদৰ দোকানৰ সন্মুখত৷ আনহাতে, বুজিবলৈ সহজ যে ওপৰৰ দৃশ্যপটটো প্ৰাংসগিকভাৱে সৃষ্টিহে কৰি লোৱা হৈছে৷ ক’বলৈ ৰৈ গৈছে, কেৱল যুৱ চামৰ মাজতে মদিৰা বা সুৰাৰ আদৰ বাঢ়িছে বুলি ক’লে পক্ষপাতিত্বৰ দোষে চুব৷ কাৰণ, দেশত বৰ্তমান সুৰাৰ ভক্ত অনেক৷ আনহাতে, ভক্তৰ সংখ্যা চক্ৰবৃদ্ধি হাৰত বাঢ়ি গৈ আমাৰ ৰাজ্যখন ছানি ধৰিছে, ঠিক যেনেকৈ বাৰিষা কালত গেৰেকনি বিলখন বিহ মেটেকাৰে ভৰি পৰে৷ সম্প্ৰতি ৰজাঘৰেও এনে বিপণীৰ সংখ্যা বৃদ্ধিত বিশেষ উদগনি যোগাব খুজিছে৷ কথাটো নিঃসন্দেহে চিন্তনীয়৷ এই সংক্ৰান্ততে কিছু কথা বলকিবলৈ আগবাঢ়িছো৷

অলপতে সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ৰাজ্য চৰকাৰে বিলাতী মদৰ পাছত এইবাৰ দেশীয় আৰু পৰম্পৰাগত মদৰ বাবে অনুজ্ঞাপত্ৰ দিব৷ যি সময়ত দেশৰ কে’বাখনো ৰাজ্যই সুৰাৰ প্ৰচলন ৰোধ কৰিবৰ বাবে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে, সেই সময়ত আমাৰ ৰাজ্য চৰকাৰখনে ৰাজহ বৃদ্ধিৰ বাবে সুৰাৰ নদী বোৱাব খুজিছে৷ কিন্তু সুৰা সেৱন নকৰাসকলৰ কথা বাদেই, খোদ সুৰাসক্তজনেও স্বীকাৰ কৰিব যে সুৰাপান ব্যক্তিগত, পাৰিবাৰিক আৰু সামাজিক জীৱনৰ বাবে কেৱল দুৰ্ভাগ্যজনকেই নহয়, আতংকৰো কাৰণ৷ উল্লেখযোগ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়াই তেওঁলোকৰ বিধানসভাৰ নিৰ্বাচনৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰা প্ৰতিশ্ৰুতি পালনৰ অৰ্থে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈয়ে সমগ্ৰ ৰাজখনতে সুৰা নিষিদ্ধ কৰিলে৷ এই কাৰ্যৰ ফলত তেওঁৰ ৰাজ্যখনে বছৰি এহেজাৰ কোটি টকাৰ ৰাজহ হেৰুৱাব আৰু কেইবাহাজাৰো লোক জীৱিকা আহৰণৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হ’ব৷ তথাপি সুৰাই সৃষ্টি কৰা শাৰীৰিক অশান্তি, হিংসা, দুৰ্ঘটনা, সামাজিক অস্থিৰতা আদি নিৰ্মূল কৰাৰ অভিপ্ৰায়েৰে বিহাৰ চৰকাৰে সুৰা নিষিদ্ধ কৰাত দৃঢ় পদক্ষেপ লৈছে৷ শেহতীয়াকৈ সুৰা নিষিদ্ধ আইনখনৰ সংশোধন ঘটাই অধিক কঠোৰ কৰি তুলিছে৷ এই কঠোৰ নীতিৰ বাবে বিৰোধীয়ে চোকা সমালোচনা কৰিলেও বিহাৰ চৰকাৰে নিজৰ স্থিতি সলনি নকৰে৷ ইয়াৰ বিপৰীতে, আমাৰ ৰাজ্যত পৰিৱৰ্তনৰ ঢাক-ঢোল বজোৱা নতুন চৰকাৰখনে ৰাজহ বৃদ্ধিৰ স্বাৰ্থতে ৰাজ্যজুৰি সুৰাৰ বন্যা সৃষ্টিৰ পৰিকল্পনা চূড়ান্ত কৰা বুলিহে জনা গৈছে৷ বাতৰিত প্ৰকাশ যে ভাৰতত প্ৰস্তুত কৰা তথাকথিত বিদেশী সুৰাৰ লগতে দেশীয় সুৰা আৰু পৰম্পৰাগত থলুৱা সুৰাও বিপণীত উপচাই দিব৷ থলুৱা সুৰা বুলি কওঁতে ৰাজ্যৰ বিভিন্ন জনজাতিৰ পৰম্পৰাগত সুৰাৰ কথাকে নিশ্চয় বুজাইছে৷ তেনেহ’লে বুজিব লাগিব যে মিচিংসকলৰ পৰম্পৰাগত পানীয় ‘আপং’, দেউৰীৰ ‘চুজেঁ, ৰাভাৰ ‘চকো-মাখাম-ছিনিছনীয়া’, তিৱাৰ ‘জ্যু’, বড়োৰ ‘জুমাই’ বা ‘জৌ’, কাৰ্বিৰ ‘হৰলাং’ আৰু ডিমাচাসকলৰ ‘জ্যু-ডিমা’ আদি সুৰা চৰকাৰে বাণিজ্যকৰণৰ বাবে নিৰ্বাচিত কৰিছে৷ জানিব পৰা মতে, চৰকাৰে বছৰি এহেজাৰ কোটি টকা আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে ইমানতে ক্ষান্ত নাথাকি ৰাজ্যখনৰ মদৰ মহলত বিক্ৰী হৈ থকা দেশীয় সুৰাও (প্ৰধানকৈ চাহ বাগিচা থকা অঞ্চলত অধিক প্ৰচলিত) সহজলভ্য কৰিব খুজিছে৷ এইবিধ সুৰা হেনো পূৰ্বৰ দৰে মহলত পোৱা নাযাব কেৱল সুৰাৰ বিপণীতহে পোৱা যাব৷

শেহতীয়া বাতৰি মতে ৰাজ্যৰ আবকাৰী বিভাগে যুদ্ধকালীন তৎপৰতাৰে পৰম্পৰাগত সুৰাৰ বাণিজ্যকৰণৰ যাৱতীয় প্ৰস্তুতি অহা ত্ৰিশ  নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব খুজিছে৷ মুঠতে চৰকাৰক আবকাৰী ৰাজহ লাগে৷ বাকী যি হয় হৈ থাকক৷ অতি আশ্চৰ্যৰ কথা যে এগৰাকী মুধা-ফুটা সাহিত্যিক-বুদ্ধিজীৱীয়েও চৰকাৰী প্ৰচেষ্টাৰ শলাগ লৈ পৰম্পৰাগত সুৰাৰ বাণিজ্যকৰণ হ’লে বহু জনজাতীয় লোকৰ সংস্থাপনৰ সুযোগ ওলাব বুলিহে মন্তব্য কৰিছে৷ কিন্তু বৰ্তমান ৰাজ্যখনৰ গাঁও-চহৰ নিৰ্বিশেষে সকলোতে সুৰাৰ প্ৰভাৱে সমাজ-জীৱনত ঋণাত্মক প্ৰভাৱ পেলোৱাৰ লগতে বহুতক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া দিশটোলৈ তেওঁ সম্পূৰ্ণ আওকাণ কৰিলে৷ ইয়াৰ কাৰণটোহে আমাৰ বোধগম্য নহ’ল৷ আনহাতে, উৎপাদনগত দিশটোলৈ মন কৰিলে দেখা যায় যে জনজাতীয় সুৰা প্ৰস্তুতকৰণ প্ৰণালীৰ পৰা বিপণীত উপলব্ধ হোৱালৈকে এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আহিব লগা হ’ব৷ বৰ্তমান সময়ত বজাৰ অৰ্থনীতিৰ প্ৰাধান্যলৈ চাই জনজাতীয় সুৰাৰ বাণিজ্যকৰণৰ ব্যৱস্থাতো তথাকথিত সুৰা সম্ৰাটসকলৰ প্ৰভাৱ বিস্তাৰৰ আশংকা আছে৷ যদি সেয়ে হয়, ৰাজ্যখনৰ দুৰ্ভগীয়া জনজাতিসকল সুৰাৰ বাণিজ্যকৰণৰ দ্বাৰা লাভবান নহৈ সুৰা উৎপাদন উদ্যোগৰ সস্তীয়া শ্ৰমিকতহে পৰিণত হ’ব৷ সন্দেহ হয় যে জনজাতীয় সুৰা উদ্যোগত কোনো দলে-পেগু, বসুমতাৰী-নাৰ্জাৰী, ৰাভা-হাকাচাম, পাটৰ-ডেকা ৰজা, টেৰণ-ইংতি, থাছচেন-লাংঠাছা আদি উপাধিৰ ব্যক্তিক স্বত্বাধিকাৰী হিচাপে পোৱা নাযাব৷ কথাটো চিন্তনীয়৷ অৱশ্যে তেওঁলোকে খুচুৰা বিক্ৰেতা হ’ব পাৰিব৷ কাৰণ অনুজ্ঞাপত্ৰ লাভ কৰাত তেওঁলোকে অগ্ৰাধিকাৰ নিশ্চয় পাব৷ কথা হ’ল সুৰা যেতিয়া হাত মেলিয়েই পোৱা অৱস্থাৰ সৃষ্টি হ’ব, তেতিয়া নাচনী আইতাজনীৰ নাতিনীৰ বিয়া হ’লে যি অৱস্থা হয়, সেইটোৱেই হ’ব অথবা এনেকৈও ক’ব পাৰি যে ঢোলটো নেবাবি বুলি ক’লেও দুচাপৰ মাৰি হাতৰ খজুৱতি মাৰিব খোজা উৎপতীয়া ল’ৰাটোক ঢোলটো এৰি দিলে সুদাই এৰিবনে? নেৰে, উধাই-মুধাই ঢোলটো কোবাই থাকিব৷

শেহতীয়াকৈ ৰাজ্যখনৰ আবকাৰী মন্ত্ৰীগৰাকীয়েও সুৰপোয়ীসকলৰ পক্ষ লোৱা যেনহে অনুভৱ হৈছে৷ তেওঁ ‘যুক্তি’ সহকাৰে ‘ড্ৰাই ডে’ৰ সংখ্যাও হ্ৰাস কৰিব বুলি ৰাজহুৱা ঘোষণা কৰিছে৷ সেয়ে মন্তব্য কৰিব পাৰি যে সুৰা উভৈনদী কৰি ৰজাঘৰে ৰাজ্যখনক পাৰিবাৰিক অশান্তি, গাৰ্হস্থ্য হিংসা, সামাজিক অস্থিৰতা আৰু পথ দুৰ্ঘটনা আদিৰ বৃদ্ধিৰ পথ সুগম কৰাৰ ক্ষেত্ৰত যেন অৰিহণাহে যোগাব খুজিছে৷ এয়া পৰিতাপৰ কথা৷ অৱশ্যে ইয়াৰ বিপৰীতে অসমৰ নাম ৰৈ বৈ যাব৷ ‘মনোৰমা ইয়েৰ বুক’ বা দেশৰ অন্য সাধাৰণ জ্ঞানৰ কিতাপত নতুনকৈ সংযোজিত হ’ব এটা প্ৰশ্ন–‘ভাৰতৰ কোনখন ৰাজ্যত দেশী-বিদেশী আৰু স্থানীয় সোমৰস খোৱাপানীতকৈ সহজে পোৱা যায়?’ অসমীয়া ভাষাৰ কিতাপে ইচ্ছা কৰিলে কিছু সংশোধন কৰি সুধাকণ্ঠৰ গীতৰ কথাৰে প্ৰশ্নটো এইদৰে সজাব পাৰে–‘মাইহাং বাটিৰ সোৱাদ পানী উভৈনদী ক’ত?’

পৰিশিষ্টঃ নক’লেও হ’লেহঁতেন, তথাপি কওঁ–শিৰোনামাত শ্ৰদ্ধেয় ভূপেন হাজৰিকাদেৱৰ ‘ৰিম ঝিম, ৰিম ঝিম বৰষুণে’ শীৰ্ষক গীতটোৰ অতি অৰ্থৱহ শাৰী এটা ধাৰ কৰি সামান্য পৰিৱৰ্তন ঘটোৱা হৈছে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে যোৱা ২০০৮ চনত ব্যতিক্ৰমী ৰাজনীতিক, সুলেখক প্ৰয়াত অঞ্জন দত্ত ডাঙৰীয়াই ‘মাইহাং বাটিৰ সোৱাদ পানী’ শীৰ্ষক কেইবাটিও লেখা (বিভিন্ন লেখকৰ) তেওঁৰ দ্বাৰা প্ৰকাশিত অধুনালুপ্ত ‘আজিৰ দৈনিক বাতৰি’ কাকতখনৰ দেওবৰীয়া বিশেষ ‘অনুভূতি’ত (তেওঁ সম্পাদক আছিল) প্ৰকাশ কৰিছিল৷ অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰা পানীয়ৰ সবিশেষ প্ৰকাশ পাইছিল সেই বছৰৰে ৯ মাৰ্চ আৰু ২৫মে’ সংখ্যা দুটাত৷ স্মৰ্তব্য যে দত্ত ডাঙৰীয়াই তেওঁৰ সম্পাদকীয়ত ‘মাইহাং বাটিৰ সোৱাদ পানী’ সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল-‘ধুলিৰ লগত মিলিব লাগিব যেতিয়া/ খন্তেকীয়া জীৱন মোৰ/যক তেন্তে উটি সুৰাৰ সোঁততে/নপৰক যেন সুখৰ ওৰ’ বুলি ওমৰ খায়ামাৰ কবিতা আওৰাই অত্যাধিক সুৰাপানেৰে জীৱনটো শেষ কৰি দিয়াৰ সপক্ষে আমি নহয়, কাৰোবাক সুৰাপান কৰিবলৈ প্ৰলুব্ধ কৰা উদ্দেশ্যও আমাৰ নাই৷’ কিন্তু বৰ্তমানৰ চৰকাৰে (ৰাজ্য) ওমৰ খায়ামৰ কবিতাৰ সমৰ্থনতহে কাৰ্যপন্থা ল’বলৈ আগবাঢ়িছে৷ সেইটো নিঃসন্দেেহ উদ্বেগৰ বিষয়৷ আবকাৰী ৰাজহ বৃদ্ধিৰ নামত ৰাইজৰ পদূলিয়ে পদূলিয়ে সুৰা উপলব্ধি কৰাৰ অৰ্থে গ্ৰহণ কৰা চৰকাৰী নীতিয়ে অনাগত দিনত ৰাজ্যখনৰ সমাজ জীৱনত বিশেষ ঋণাত্মক প্ৰভাৱ পেলাব বুলিহে ভৱিষ্যত বাণী কৰিব পাৰি৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে