চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ঐতিহাসিক পাঁচো ৰজা অঞ্চলৰ তিৱা লোকগীত৷৷ শৰৎ পাটৰ৷৷

ঐতিহাসিক পাঁচো ৰজা অঞ্চলৰ তিৱা লোকগীত৷৷ শৰৎ পাটৰ৷৷

অসমৰ খিলঞ্জীয়া জনজাতিসকলৰ ভিতৰত তিৱাসকল অন্যতম খিলঞ্জীয়া জনজাতি। এওঁলোক অসমৰ ভূমিপুত্ৰ। মংগোলয়ড নৃ-গোষ্ঠীৰ অন্তৰ্গত তিৱাসকলক চীন তিৰ্ব্বতীয় ভাষা পৰিয়ালৰ এটি শাখা বুলি চিহ্নিত কৰা হৈছে। বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা তিৱাসকলে কলং, কপিলী, বৰপানী, কিলিং বা গোভা নৈৰ উপত্যকাত বসবাস কৰিছিল। তিৱা ভাষাত ‘তি’ মানে পানী, ‘ৱা’ মানে গোষ্ঠী বা কুল, লিবিং মানে মানুহ। তিৱাসকলে নিজকে তিৱা লিবিং বুলি আত্মপৰিচয় দিয়ে। অন্যহাতে, ভৈয়ামত বসবাস কৰা তিৱাসকলে নিজকে লালুং বুলি পৰিচয় দি গৌৰৱবোধ কৰে।

পূৰ্বতে এওঁলোকৰ ‘জয়ন্তীয়া’ আৰু ‘গোভা’ নামেৰে দুখন স্বাধীন ৰাজ্য থকাৰ কথা বুৰঞ্জীয়ে কয়। জয়ন্তীয়া ৰাজ্যৰ মিত্ৰ ৰাজ্য হিচাপে নেলী, খোলা আৰু চহৰী নামৰ অধীনত বাৰখন সৰু সৰু ৰাজ্য আছিল। সেইবাবে এওঁলোক সাতো ৰজা আৰু পাঁচো ৰজা বুলি জনাজাত আছিল। সাতো ৰজাৰ ৰাজ্য হ’ল ক্ৰমে তেতেলীয়া, কুমৈ, শুখনাগোগয়া, তৰানি কলবাৰী, বখৰা, ঘগুৱা আৰু কছাৰী গঞা। অন্যহাতে, পাঁচো ৰজাৰ ৰাজ্য কেইখন হ’ল ক্ৰমে টোপাকু¸ছি বাৰপুজীয়া, মিকিৰ গাঁও, ফুলগুৰি আৰু খাইগড়। কালক্ৰমত ১৮৩৫ চনত কেপ্তেইন লিয়েষ্টাৰৰ নেতৃত্বত আহোম ৰাজ্যত বৃটিছৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ আগবাঢ়ি আহোঁতে চক্ৰান্তত পৰি ৰাজ্য হেৰুৱাই বৃটিছৰ অধীনলৈ যায়। এই তিৱাসকল স্বকীয় ভাষা, সামাজিক ৰীতি-নীতি, আচাৰ অনুষ্ঠান আৰু নিজস্ব কলা সংস্কৃতিৰে মহিমামণ্ডিত।

১৯০১ চনত জৰ্জ আব্ৰাহাম গ্ৰিয়াৰচন চাহাবৰ Linguistic Survey of India নামৰ গৱেষণা গ্ৰন্থত তিৱা ভাষা কওঁতা লোকৰ সংখ্যা ৪০,১৬০ জন বুলি উল্লেখ কৰিছে। সম্প্ৰতি উক্ত ভাষা কওঁতা লোকৰ সংখ্যা তেনেই নগণ্য। কাৰ্বি আংলঙৰ পাহাৰীয়া অঞ্চল নগাঁও আৰু মৰিগাঁও অঞ্চলৰ কিছু অঞ্চলৰ বিশেষত মেঘালয় ৰাজ্যৰ খৈৰাম আৰু মিলিম জিলাত বসবাস কৰা লোকসকলৰ মাজত তিৱা ভাষাৰ প্ৰচলন আছে। অন্যহাতে, নগাঁও, মৰিগাঁও, কামৰূপ, ধেমাজি, লখিমপুৰ, যোৰহাট আৰু কাৰ্বি আংলঙৰ ভৈয়াম অঞ্চলত বসবাস কৰা গৰিষ্ঠ সংখ্যক লোকেই অসমীয়া ভাষী। তেওঁলোকে অসমীয়া ভাষাতেই মনৰ ভাৱ প্ৰকাশ কৰি সম্প্ৰতি নিজক লালুং অসমীয়া অথবা অসমীয়া লালুং বুলি পৰিচয় দিয়ে। কুৰি শতিকাৰ আগভাগতেই ভৈয়ামৰ অসমীয়াভাষী লোকসকলৰ সংস্পৰ্শলৈ আহি পাঁচো ৰজা অঞ্চলৰ তিৱালোকসকলে নিজা ভাষা সম্পূৰ্ণ ৰূপে হেৰুৱাই পেলাইছিল। অৱশ্যে জনগোষ্ঠীটোৰ নিজা আচাৰ অনুষ্ঠান, পূজা-পাতল আদি সম্পূৰ্ণ নেউচা নিদি, মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছিল। গীত মাতবোৰ প্ৰথমে নিজৰ ভাষাত, মাজতে আধা অসমীয়া আৰু আধা তিৱা ভাষাত খিচিৰি পগাই শেষত সম্পূৰ্ণৰূপে অসমীয়া ভাষাতেই গাবলৈ ধৰে। সম্প্ৰতি পাঁচো ৰজা অঞ্চলৰ মানুহখিনিয়ে গীতসমূহ সম্পূৰ্ণৰূপে অসমীয়া ভাষাতেই পৰিৱেশন কৰি অসমীয়া জাতিসত্বাৰ এক অবিচ্ছেদ্য অংগ ৰূপে তুলি ধৰি বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অংশীদাৰ হোৱাৰ গৌৰৱবোধ কৰে। ইয়াত পাঁচো ৰজা অঞ্চলৰ অসমীয়া ভাষী তিৱাসকলৰ লোক গীতসমূহৰ বিষয়ে এক চমু আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে। তিৱাসকল সাধাৰণতে কৃষিজীৱী। কৃষিজীৱী তিৱাসকলৰ ডেকা-গাভৰু, আদহীয়া সকলোৱে খেতিৰ বতৰত সংঘবদ্ধ হৈ কাম কৰে আৰু ইয়াক ‘হেদাৰি’ খেলোৱা বুলি কোৱা হয়। এইদৰে সংঘবদ্ধ হৈ কাম কৰোতে তেওঁলোকে গীত মাত গাই ৰং ফুৰ্তি কৰি কামবোৰ আগবঢ়াই নিয়ে।

প্ৰেম-পীৰিতি, মনৰ অদম্য কামনা বাসনা এই গীতৰ মূল উপজীৱ্য বিষয়। এই বনগীতসমূহ অমাৰ্জিত হোৱা বাবে বহু সময়ত পৰিৱেশন কৰাৰ পৰা বিৰত থাকিব লগা হয়। তাৰ ভিতৰত মাৰ্জিত বনগীতৰ ফাঁকি সমূহহে ডেকা-গাভৰুসকলে পৰিৱেশন কৰে।

আই সৰস্বতী মাগো পাৰেৱতী অ’
তোমালৈ বান্ধিলো অ’ বেল।
পাহৰা পদ্যকে সোঁৱৰাই এদিবা –
যেনে মাথাত লোৱা তেল।
আই সৰস্বতী মাগো পাৰেৱতী অ’
তোমালৈ বান্ধি যাওঁ কলা,
পাহৰা সুৰকে সোঁৱৰাই এদিবা –
যেনে পাঁজি কটা শলা।।

পাঁচো ৰজা অঞ্চলৰ তিৱাসকলৰ গদালবৰীয়া বুলি এবিধ গীত আছে। ইয়াক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। এবিধ খেতিৰ বতৰত আৰু আনবিধ অৱসৰ বিনোদনৰ সময়ত গোৱা হয়। প্ৰথমবিধৰ ভাৱ ভাষা বনগীতৰ দৰেই দ্বিতীয়বিধ অৱশ্যে নৃত্যৰ ছন্দযুক্ত। খেতিৰ বতৰত গোৱা গদালবৰীয়া গীত—

কোনে আনি দিব নৈৰ পানী টুপি
কোনে ৰান্ধি দিব অ’ ভাত।
কোনে পাৰি দিব শোৱাৰে বিচনা
কোনেনো লগাই যাব মাত।।

অৱসৰ বিনোদৰ সময়ত গোৱা গদালবৰীয়া গীত—

তামোলৰ আমোল মোলে অ’ নাচনী অ’
তামোলৰ আমোল মোল।
কৰ পৰা আহিছে দেৱা চালি খোৱাজনী
তামোলৰ নুবুজ মোল।
এখনি নেখাঁও মই দুখনি নেখাঁও মই
গাঠিত চাৰিখনি শুকাও।
লগৰ লগৰীয়াক দিও চাৰিখনি-
এ মাহত তামোল শটা ঢুকাও।।

অসমৰ অন্যান্য লোকসকলৰ দৰে পাঁচো ৰজা অঞ্চলৰ তিৱাসকলেও বিহু পালন কৰে অতি উলহ-মালহেৰে। এওঁলোকে সকলো পূজাতে কুকুৰা বলি দিয়াতো তাৎপৰ্যপূৰ্ণ। ব’হাগ বিহুৰ দিনা পুৱাৰ ভাগত ‘ফা’ মহাদেউক উদ্দেশ্যি কুকুৰা বলি দিয়াৰ উপৰি মাহ-প্ৰসাদৰ নৈবেদ্যও আগবঢ়োৱা হয়। বলিৰ কুকুৰা চৰায়ে আগন্তুক নতুন বছৰৰ শুভাশুভ নিৰ্ণয় কৰে বুলি তিৱাসকলৰ লোকবিশ্বাস। পূজা-পাতল শেষ কৰি গৰুক গা-ধোৱাবলৈ নিওঁতেই ঢুলীয়া-তালীয়া আৰু পোঁপা বাদকসকলে বিহুৰ ঝুনা গোৱা সুৰেৰে গাঁও ভূঁই ৰজনজনাই তোলে। সন্ধিয়া গৰু গাই ঘৰলৈ অহাৰ আগমুহূৰ্তত পদূলিত তুঁহ জুই একুৰা ধৰি বিহলঙনী পোৰাৰো এক পৰম্পৰা বিদ্যমান। বিহুৰ আৰম্ভণী দিনাৰ নিশাৰ পৰা সপ্তাহলৈকে তিৱাসকলে হুঁচৰী গোৱাৰ নিয়ম। বিহু গীতৰ নমুনা—

ডেকা— ঐ চ’তৰে চকৰী ব’হাগৰ বগৰী,
জেঠৰে অমনা ধান।
কেৰাণী নহ’লো মহৰী নহ’লো,
তোমাক কেনে কৰি পাম।
ঐ লিটিং টিং বঙালৰে ভগা টিং
আলি বাটত নচুৱাই দিং।
গাভৰু— ঐ কলঙত উঠিলে গেলাকৈ বৰালি,
তাকে চাই শুকুতা বাচো।
ৰঙা টিপে টিপে পনীয়া তামোলখনি,
নেখাই মই ধনাই তোক যাচো।
ঐ মতিলাল দেখিবলৈ বৰ ভাল
খহতা পৰিলে গাল।

তিৱাসকলৰ লালি হিলালী গীত— তিৱাসকলৰ সন্তানৰ অশৌচীয়া কৰ্মত এই গীতৰ পৰিৱেশন কৰা হয়। একেটা কুলৰে বহু সংখ্যক সন্তানৰ একেলগে অশৌচীয়া কৰ্ম কৰাৰ নিময়।
সমাজৰ বুঢ়াসকলৰ হাতত ল’ৰা সন্তান আৰু বৰঘৰৰ আইসকলৰ হাতত ছোৱালী সন্তানবোৰ শোধাই দিয়াৰ আগতে বুঢ়া-বুঢ়ীসকলে মুখা মুখিকৈ বহি ইদলে সিদলক উদ্দেশ্যে গায়—
লালি হিলালী বাপা লাইয়ে মোৰ পিতাদেউ
লালি হিলালী অ’ লাই।
লালি লাং ঘৰতে বাপা বিড়ালী সোমালে,
চাংতল সৰকি যায়।
লালুঙৰ ললিতং বাপা লালি হিলালী,
দেহানৰ ললিতং অ’ পুথি,
আঁউসী নেজানো বাপা মৰাহি নেজানো,
হালৰো গাইয়ে গল অ’ পদ
পদৰে মূৰতে বাপা কিৰিলি মাৰিলে
চাক ঐ লালুঙনীৰ অ’ মদ।

ইয়াৰ পাছতেই বুঢ়া-বুঢ়ীসকলে সন্তান সন্ততি সকলক কোলাত লৈ ৰাইজৰ মাজলৈ আগুৱাই ঘূৰণীয়াকৈ ঘূৰি ঘূৰি জোকাৰি জোকাৰি নচুৱাই গায়—
ল’লে লাহ ঐ ল’লে বাহ ঐ, লালা হেলয়া লাই
হেই লালি লাং লহে ল বাই, লালিলাং লহে ল বাই
লইন লতি ল’ বাই লালা হেলয়া লাই।
ধৰা বুৰি মদকে চাক নো তিনি বেলি
মদে লাগিবকে ডৰাই।
মদকে চাকিলি মদকে বাকিলি
ডাৰণনো কৰিলি কাতি।
কাতি কুটা কৰি খাবলৈ নেপালি
মজিয়াত মেহেলা পাতি।

এনেদৰে গীত গাই গাই বুঢ়া-বুঢ়াসকলে সন্তান সন্ততিসকলক মাক-বাপেকৰ হাতত চমজি দিয়ে।
বুঢ়াসকলে গোৱা গীতৰ লগত বৰঘৰৰ ভিতৰত আই (বুঢ়ী) সকলে গোৱা লালি হিলালী গীতৰ সুৰো একেই পদৰ ৰচনা বোৰহে বেলেগ।

তিৱাসকলৰ মৃতকৰ কৰম কাজৰ (শ্ৰাদ্ধ) সময়ত এবিধ গীত গোৱা হয় ইয়াক বনলগা গীত বুলি কোৱা হয়। এই গীতৰ সুৰ বনগীতৰ দৰেই।

গাঁৱৰ খেলে কৰমৰ কাম কাজসমূহ সুনিয়াৰিকৈ পৰিচালনাৰ্থে সজাতি দিচিয়াল চকীয়ালক খেলৰ ৰাইজ আৰু অভ্যাগত সকলক সোধ-পোচ কৰাত ক্ৰুটি নহয়, তেনে কামৰ দায়িত্ব অৰ্পণ কৰা হয়। এই কৰম কাজত ৰাইজক সেৱা সৎকাৰ কৰিবলৈ অনেক ভাত খোৱা পাত্ৰ, পানী আৰু মদ খোৱা পাত্ৰৰ প্ৰয়োজন। এই বিলাক বৰঘৰৰ পৰা কিছু দূৰৰ মুকলি ঠাইত এটা গোটে লগ লাগি কলগছৰ বৌখাৰে এটা সঞ্চয় কক্ষ সাজে। ইয়াক ‘জেলাহাৰিনে ন্ব’ বোলা হয়। বৰঘৰৰ পৰা তলৈকে মদৰ যোগান ধৰা হয় আৰু এনে কৰ্তব্যৰত মুহূৰ্তত বনলগা গীত গোৱা হয়—
লালুং হ’ব জান তই।
সাজিব নাজান ঠলা।
দৰ্জীৰ বটীয়া মাৰিব জান তই
নিচিন্ বেজীৰ জলা।

এনে গীতসমূহৰ ভাষা মাৰ্জিত। কিয়নো এই গীতসমূহ ঘৰৰ কাষতহে গোৱা হয়।

তিৱাসকলৰ ঘৰত কাৰোবাৰ অসুখ-অশান্তি আদি হ’লে প্ৰথমে আই সকাম পতাৰ নিয়ম। ইয়াৰ পাছতহে বেজ কবিৰাজ চিকিৎসক আদি লগোৱা হয়। এই আই সকামত আইসকলে ১২ অধ্যায় নাম দি ৰোগীক নৰীয়াৰ পৰা উপশম ঘটাবলৈ তুতি-মিনতি ধৰে। কেতিয়াবা কাৰোবাৰ গাত আই লম্ভিলেও আই নাম ধৰা হয়। জেঠ মাহৰ শেষত গাঁৱৰ ৰাইজে আই সকাম পাতি কলৰ বৌখাৰে নাও সাজি তাত ফুল, বগা পাৰ এযোৰ সেন্দুৰ সানি ধুপ-ধূনা দি গাঁৱৰ পশ্চিম দিশত পানীত এৰি দিয়া হয়। আই নামৰ নমুনা—
দেউৰী হাতাৰি গোঁসাই পূজা কৰে।
হৰে হৰে হৰে ৰাম নাৰায়ণে,
উত্তম তুলসীৰ তলে হৰি এ হে
হৰে হৰে হৰে ৰাম নাৰায়ণে,
দেউৰী হাতাৰি গোঁসাই পূজা কৰে।
আকাশী গংগা জলে হৰি এ হে।
তুলসী কমল ফুল-
সেয়েহে আনিমে,
ভকতে গাঠিলে মালা হৰি এ হে
নামো অময়া ভকতো অমায়া,
অময়া ভকত নামে হৰি এ হে-
এহে নামে সংসাৰ তাৰিব,
বিপদ সংকটৰ বেলা হৰি এ হে।
দেউৰী হাতাৰি গোঁসাই পূজা কৰে।

পাঁচো ৰজা অঞ্চলৰ তিৱাসকলৰ মাজত ৰাতি সেৱা বা ভকত সেৱা বুলি এক অনুষ্ঠানৰ প্ৰচলন আছে। এই সেৱা ভাগ মদ (সাজ), গাহৰি (পহু), কুকুৰা (পখী) পূৰ্ণ শংকৰৰ নামত উৰ্চগা কৰা হয়। গোটেই ৰাতিটো ভকতসকলে বিভিন্ন সুৰেৰে টোকাৰীৰ সংযোগত দেহ বিচাৰৰ গীত গায়। শংকৰৰ পূজা অৰ্চনা কৰে। এই সেৱা ভাগত অৱশ্যে অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে জড়িত থাকে। আনকি অন্য ধৰ্মাৱলম্বী মানুহে এই সেৱা ভাগত গোপনে জড়িত থকাৰ প্ৰমাণ পোৱা যায়। তেনে এটি গীতৰ নমুনা—
আহে হালিজালি জালত নগা মিৰি,
চৈৰাঙৰ বালিতে ৰয়।
চৈৰাঙৰ বালিতে নগাই ক্ৰন্দন কৰে,
বালিৰে মৃৰ্ত্তিকা লই।
বালিৰে মৃৰ্ত্তিকা পেলা দলিমাৰি,
ইয়াত গুৰু গোঁসাই নাই,
নগাৰ কান্দে ঝৰি দিহিঙে উটালে
গোঁসাই বিচাৰি যায়।।

ৰজাঘৰীয়া এই তিৱাসকলৰ ঐতিহ্য সুঁৱৰী আজিও পাঁচো ৰজা অঞ্চলৰ ৰাইজৰ মাজত এই পৰম্পৰা লোকগীত মাতসমূহ চলি আহিছে যদিও সম্প্ৰতি পৰিৱৰ্তিত সমাজ ব্যৱস্থাত ইয়াৰ প্ৰচলন ক্ৰমান্বয়ে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। জনগোষ্ঠীটোৰ জাতীয় অনুষ্ঠান সমূহে সম্প্ৰতি ইবোৰ পুনৰ উদ্ধাৰ আৰু প্ৰসাৰৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। তিৱাসকলৰ এই লোকগীতসমূহ সংৰক্ষণ হোৱাতো অতি আৱশ্যকীয়। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আৰু বৰ্ণিল অসমীয়া সংস্কৃতিৰ বেদীত তিৱাসকলৰ পৰম্পৰাগত এই লোকগীতসমূহো নিশ্চয় এপাহি নজহা-নপমা সুগন্ধি ফুল হৈ ৰ’ব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে