চ’ৰাঘৰ / সমকাল / অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী বঙালী লেখক-ব্লগাৰৰ৷৷ ধ্ৰুৱজ্যোতি ধনন্তৰি৷৷

অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী বঙালী লেখক-ব্লগাৰৰ৷৷ ধ্ৰুৱজ্যোতি ধনন্তৰি৷৷

কালি এবিপি নিউজৰ ফেচবুক পেজত এটা লাইভ অনুষ্ঠান চাই আছিলো। তেনেতে বহু লোকৰ লগতে এজন লোকৰ হিন্দীত লিখা কমেণ্ট দেখি হতভম্ব হৈ পৰিলো। হতভম্ব নহ’মেই বা কিয়? কিয়নো তেওঁ কমেণ্টটোত লিখিছিলঃ ”অসম মে বংগালী হিন্দুয়ো কা মৌলিক অধিকাৰ কা হনন হো ৰহা হ্যায়। গলত তৰিকে ছে ওনকা ভোট দেনেকা অধিকাৰ ছীনা জা ৰহা হ্যায়। ওছকে ওপৰ ৰিপৰ্টিং কৰো।’’ লগে লগে তেখেতৰ একাউণ্টটো খুলি চালো। তেখেতৰ একাউণ্ট খুলি পূৰ্বতকৈয়ো অধিক হতভম্ব হৈ পৰিলো। কিয়নো তেখেতৰ টাইমলাইনৰ যোৱা কেইমাহমানৰ অধিকাংশ পোষ্টতে অসম আৰু অসমীয়াক গালি পাৰি গৈছে।

তাতেই ক্ষান্ত নাথাকি উগ্ৰ বঙালীজনে অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে। গণতন্ত্ৰ বিপন্ন হোৱাৰ অভিযোগ তুলি এই দাবী জনাইছে চন্দন চেট্টাৰ্জী নামৰ লোকজনে। ফেচবুক পোষ্টৰ লগতেও ফেচবুক লাইভৰ জৰিয়তে এই দাবী জনালে চন্দন চেট্টাৰ্জীয়ে। বাংলাদেশ আৰু অসমৰ কোনো পাৰ্থক্য নাই বুলিও দাবী কৰিছে চন্দন চেট্টাৰ্জীয়ে। তেখেতে আজি দেওবাৰে প্ৰায় দুপৰীয়া প্ৰায় ১ বজাত দিয়া এটা পোষ্টত লিখিছেঃ ”আসামে গনতন্ত্র বিপন্ন। বাঙালিদের আন্দোলনের সাংবিধানিক অধিকার ও ছিনিয়ে নেওয়া হচ্ছে।
असम में बंगलियोंका गणतंत्र खतरे में है। बंगलियोंके ऊपर हो रहे अन्याय व आत्याचार के खिलाफ आवाज भी उठा नही सकते। तत्काल राष्ट्रपति शासन लागू हो।’’

ইমানতে ক্ষান্ত নাথাকি লাইভত চন্দন চেট্টাৰ্জীয়ে অসমত বাস কৰা প্ৰতিজন বঙালীক অসমীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহ্বান জনাইছে। তেওঁ লিখিছে যে অসমত হেনো বাঙালীসকলক অসমীয়ালৈ কনভাৰ্ট হ’বলৈ ধমকি দি আহিছে উগ্ৰ অসমীয়া জাতীয়তাবাদী সংগঠনে। ফেচবুক লাইভত তেওঁ কৈছে যে অসমত বিজেপি শাসনত থাকিলেও হিন্দুত্বৰ কোনো দাম নাই। কিয়নো অসমৰ বিজেপিৰ নেতাসকলৰ শিপা হৈছে সদৌ অসম ছাত্ৰ সন্থা। ‘আছুৰ পৰা অহা বিজেপি নেতাৰ ওচৰত জয় শ্ৰীৰাম ধ্বনিৰ কি মূল্য থাকিব। তেওঁলোকে কেৱল বঙালীসকলক অত্যাচাৰ চলাব জানে।’’– চন্দনৰ ফেচবুক লাইভত মন্তব্য। অসমত বঙালী সংগঠনে নিজৰ সমৰ্থনত সমদল বাহিৰ কৰাতো অসমীয়া জাতীয়তাবাদী সংগঠনে বাধা দিয়ে বুলিও তেওঁ মন্তব্য কৰে।

১৯৪৭ চনৰ ১৪ আগষ্টৰ পিছত পাকিস্তান তথা পূৰ্ব পাকিস্তানৰ পৰা যিমান মুছলমান আহিছে সেই সকলোকে দেশৰ পৰা বাহিৰ কৰি দিয়া উচিত বুলিও তেওঁ মন্তব্য কৰে। বিপৰীতে কালিও যদি পাকিস্তান তথা বাংলাদেশৰ পৰা ভাৰতলৈ ২০ লাখ হিন্দু আহে তেন্তে ভাৰতৰ যিকোনো ৰাজ্যতে সকলোকে নাগৰিকত্ব দিবই লাগিব বুলিও মন্তব্য কৰে। তেওঁৰ সৈতে লাইভত ভাগ লোৱা আন এজন লোকে এইবুলি প্ৰশ্ন কৰে যে যদিহে বাঙালীসকল অসমৰ বাবে বিদেশী তেন্তে ১৮৮০-৮৫ চনত অসমত কিয় বাংলা ভাষা বাধ্যতামূলক আছিল? যদিহে অসমীয়াসকলে অসমত বঙালীসকলক অত্যাচাৰ অব্যাহত ৰাখে তেন্তে ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুযায়ী অসমক ভাৰতৰ পৰা বাহিৰ কৰি দিয়া উচিত বুলি মন্তব্য কৰে।

ভাৰত চৰকাৰে অসমত বঙালীসকলক উগ্ৰ অসমীয়াসকলৰ আক্ৰমণৰ পৰা সুৰক্ষা দিয়াত ব্যৰ্থ হ’লে উচ্চতম ন্যায়ালয় আৰু প্ৰয়োজন হ’লে নিউয়ৰ্ক, জেনেভা, লণ্ডন, মস্কো, ৰাষ্ট্ৰসংঘ সকলোতে বঙালীসকলৰ অধিকাৰৰ হকে আন্দোলন অব্যাহত ৰখাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আদালতত উত্থাপন কৰিব বুলিও স্পষ্ট কৰি দিয়ে। তেওঁ আৰু কয় যে বঙালী জাতিৰ অধিকাৰৰ হকে তেজ দিবলৈকো সকলো বঙালী সাজু আছে। ৰক্ত অবিহনে আন্দোলন অসম্ভৱ বুলিও তেওঁ মন্তব্য কৰে।

তেওঁৰ সৈতে আলোচনাত ভাগ লোৱা আনজন লোকে কয় যে সমগ্ৰ বিশ্বত ২০ কোটি বঙালী আছে। তেনে ক্ষেত্ৰত ১ কোটি বঙালী দিল্লীৰ ৰাজপথত নামিব আৰু ১ কোটিক যদি ভাৰত চৰকাৰে গুলীয়াই মাৰে তেন্তে ১৯ কোটি বঙালীৰ সুৰক্ষাৰ বাবে ১ কোটি বঙালী প্ৰাণ দিবলৈ সাজু আছে বুলি চন্দন চেট্টাৰ্জীৰ সৈতে লাইভত অংশগ্ৰহণ কৰা আনজন লোকে মন্তব্য কৰা দেখা গৈছে।

এনে ধৰণৰ প্ৰৰোচনামূলক মন্তব্যই যিকোনো মুহূৰ্ততে বিপদ ঘটোৱাৰ সম্ভাৱনা পূৰ্ণ মাত্ৰাই আছে। গতিকে সময় থাকোতে আমি সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰিছে। সাৱধানতা আমি কেনেকৈ অৱলম্বন কৰিম সেয়াও এই মুহূৰ্তত এক জটিল প্ৰশ্ন।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে