চ’ৰাঘৰ / সমকাল / আকৌ এন আৰ চি : অসমীয়া-বাঙালী সংঘাত৷৷ জিতেন বেজবৰুৱা৷৷

আকৌ এন আৰ চি : অসমীয়া-বাঙালী সংঘাত৷৷ জিতেন বেজবৰুৱা৷৷

এন আৰ চিক কেন্দ্ৰ কৰি অসমীয়া আৰু বাঙালীৰ মাজৰ সম্পৰ্কটো ক্ৰমাৎ অধিক তিক্ত হৈ পৰিছে। ভিতৰি ভিতৰি বাঢ়ি আহিছে অবিশ্বাস আৰু বিদ্বেষ। এই পৰিবেশৰ মাজত আমি থোৰতে দুটামান কথা ক’ব খুজিছো, বিস্তাৰিতভাৱে লিখাৰ সময় নাই। এই বিষয়টো সম্পৰ্কে আমাৰ বক্তব্য ইতিমধ্যে ভালেকেইটা লেখাত প্ৰকাশ পাইছে – তাৰ সৈতে এয়া কিঞ্চিৎ সংযোজন মাত্ৰ।

অসমীয়া দল-সংগঠন তথা নাগৰিক সমাজে এইটো অস্বীকাৰ কৰি লাভ নাই যে পূৰ্বৰেপৰা নাগৰিকত্বৰ নামত (ডি-ভোটাৰ) আৰু এতিয়া এন আৰ চিৰ নামত বৃহৎসংখ্যক লোকৰ ওপৰত আইনী-বেআইনী হাৰাশাস্তি চলি আহিছে, আৰু তাৰ ভিতৰত গৰিষ্ঠসংখ্যক লোক বাঙালী মুছলমান আৰু হিন্দু। গতিকে এই সমস্যাটো প্ৰথমে স্বীকাৰ কৰি ল’ব লাগে – ইয়াৰ কোনো বিকল্প নাই। সমস্যাটো স্বীকাৰ কৰি তাক মানৱীয়ভাৱে আৰু আইনগতভাৱে কেনেকৈ সমাধান কৰিব পাৰি তাৰ বাবে চিন্তা-চৰ্চা কৰিব লাগে তথা চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে। নিজৰ জাতি ৰক্ষাৰ বাবে আন কাৰো মানৱ অধিকাৰ কাঢ়ি লোৱাৰ নৈতিক অধিকাৰ অসমীয়া জাতিৰ নাই বুলিয়েই আমি ভাবো। সেয়ে এই সমস্যাটোক কেন্দ্ৰীয় গুৰুত্ব প্ৰদান কৰিব লাগে। দ্বিতীয়তে, এন আৰ চিৰ সপক্ষে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চালিত প্ৰতিবাদে যাতে সচেতন- বা অসচেতনভাৱে বাঙালী-বিদ্বেষৰ ৰূপ নলয় তাৰ বাবে সতৰ্ক হোৱা দৰকাৰ – প্ৰতিবাদৰ ৰাজনৈতিক-আদৰ্শগত চৰিত্ৰ সম্পৰ্কে স্পষ্টতাৰ দৰকাৰ। অসমীয়া মানুহক এন আৰ চি কিয় লাগে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখন কিয় নালাগে, সেই বিষয়ে গভীৰ আৰু বাস্তৱিক আৰ্থ-ৰাজনৈতিক-সাংস্কৃতিক কাৰণ আছে – তাৰ বাবে অযথা পেৰানয়াৰ প্ৰয়োজন নাই। গণ ৰাজনীতিত ৰেট’ৰিকৰ ৰূপত বিভিন্ন কথা আহিব পাৰে, তাত আচৰিত হ’বলগীয়া একো নাই। কিন্তু “অমুক হ’ব, তমুক হ’ব” বুলি ভয়ানক ভৱিষ্যতৰ আগজাননী দিবলৈ যাওঁতে যাতে কোনো আন গোষ্ঠীৰ বিৰুদ্ধে বিদ্বেষৰ আশ্ৰয় লোৱা নহয়, কোনো গোষ্ঠীৰ স্বাৰ্থ বা সমস্যাক যাতে নস্যাৎ কৰা নহয়। অসমত থাকিবলৈ হ’লে অসমীয়া হ’বই লাগিব, অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি ল’বই লাগিব বুলি দাবী কৰাটো বা অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগে বুলি কোৱাটো অগণতান্ত্ৰিক আৰু আধিপত্যবাদী কথা। অসমত বসবাস কৰা বিভিন্ন ভাষাভাষী, বিভিন্ন ধৰ্ম তথা সংস্কৃতি আচৰণ কৰা সকলো লোকৰে সমান গণতান্ত্ৰিক নাগৰিক অধিকাৰ আছে – এই লৈ কোনেও প্ৰশ্ন কৰিব নোৱাৰে। কিন্তু এই কথাই অসমীয়া জাতি তথা অন্যান্য থলুৱা জাতি-গোষ্ঠীৰ অস্তিত্ব আৰু স্বাৰ্থৰক্ষাৰ বাবে যে কেতবোৰ বিশেষ আৰ্থ-ৰাজনৈতিক সুৰক্ষা কৱচ তথা সংৰক্ষণৰ প্ৰয়োজন আছে, সেইটো অস্বীকাৰ নকৰে। এইখিনি কথা আমি মূলসুঁতিৰ অসমীয়া জাতীয়তাবাদী দল-সংগঠনসমূহক উদ্দেশ্য কৰি লিখা নাই, এই দিশত তেওঁলোকৰপৰা বিশেষ আশা কৰিবও নোৱাৰি। লিখিছো বাঁও-গণতান্ত্ৰিক দল-সংগঠন তথা নাগৰিক সমাজক উদ্দেশ্য কৰিহে – তেওঁলোকেই এই ক্ষেত্ৰত ৰাজনৈতিক-আদৰ্শগত নেতৃত্ব বহন কৰিব লাগিব। আৰু মূলসুঁতিৰ জাতীয়তাবাদী দল-সংগঠনক এই প্ৰচেষ্টাত চামিল হ’বলৈ হেঁচা প্ৰয়োগ কৰিব লাগিব তেওঁলোকেই। এন আৰ চি কেৱল ভালকৈ উলিয়ালেই নহ’ব, তাৰ পৰৱৰ্তী পৰ্যায়ত আহিবলগীয়া সমস্যাসমূহৰ কথাও চিন্তা কৰিব লাগিব। এন আৰ চিৰ পাছত যদি বিভিন্ন দল-সংগঠনে আনুমানিকভাৱে দাঙি ধৰি অহাতকৈ কমসংখ্যক বিদেশী ওলায়, তেন্তে সেই দল-সংগঠনসমূহে ওলোটাই গোটেই প্ৰক্ৰিয়াৰ বিৰুদ্ধে থিয় দিব নেকি, আৰু সন্দেহ-সংশয়ৰ পূৰ্বৰ বাতাবৰণ আকৌ ঘূৰি আহিব নেকি? তাতোকৈ ডাঙৰ কথা হ’ল, যিসকল বিদেশী বুলি চিনাক্ত হ’ব তেওঁলোকক কি কৰা যাব? আমি ভাবো এন আৰ চিক লৈ এইটো সবাতোকৈ ডাঙৰ প্ৰশ্ন। তেওঁলোকক কাৰাগাৰত ৰখা হ’ব নে বাংলাদেশলৈ ঘূৰাই পঠোৱা হ’ব? বাংলাদেশে ঘূৰাই ল’বনে? যদি ল’ব নোখোজে তেন্তে বাংলাদেশক মান্তি কৰাবৰ বাবে যথোচিত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অসম তথা ভাৰত চৰকাৰক দাবী জনাই এক জোৰদাৰ আন্দোলন কিয় হোৱা নাই? বা চলি থকা আন্দোলনবিলাকত এই প্ৰশ্নটোৱে কিয় কেন্দ্ৰীয় গুৰুত্ব পোৱা নাই? এইবিলাক অতিকে জৰুৰী প্ৰশ্নৰ উত্তৰ কি হ’ব সেয়া এতিয়াও তেনেই ধূসৰ হৈ আছে। সিবোৰক অনিশ্চয়তাৰ অন্ধকাৰৰ মাজত এনেকৈ আৰু ৰাখি থ’ব পৰা নাযায়। গতিকে বাঁও-গণতান্ত্ৰিক দল-সংগঠনসমূহে সাহস দেখুৱাই এইসমূহ প্ৰশ্ন উত্থাপন কৰক, আলোচনা কৰক আৰু আন্দোলন কৰক। আইনসন্মতভাৱে, কিন্তু মানৱীয় অধিকাৰ অক্ষুণ্ণ ৰাখি কেনেকৈ এইসমূহ প্ৰশ্নৰ মীমাংসা কৰিব পাৰি সেই লৈ চৰকাৰৰ ওচৰত দাবী জনাওক।

আনহাতে, এন আৰ চিৰ সমালোচনা তথা বিৰোধিতা আহিছে ঘাইকৈ বৰাকৰ বাঙালী দল-সংগঠন তথা নাগৰিক সমাজৰপৰা, যাৰ সৈতে যোগ হৈছে মানৱ অধিকাৰৰ প্ৰশ্নক লৈ সোচ্চাৰ বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মহল। কিন্তু আমি ঘাইকৈ বৰাকৰ প্ৰসংগতে আলোকপাত কৰিম। সি যি নহওক, এই সমালোচনা তথা বিৰোধিতাৰ মাজত প্ৰায় ক্ষেত্ৰতেই দুটা সমস্যা আমি দেখা পাইছো। প্ৰথমটো হ’ল, দীৰ্ঘদিনীয়া প্ৰব্ৰজনে অসমৰ সমাজ-অৰ্থনীতিত পেলোৱা ভয়ংকৰ প্ৰভাৱ, আৰু তাৰ ফলস্বৰূপে অসমীয়া তথা অন্যান্য থলুৱা জাতি-গোষ্ঠীৰ প্ৰতি আহি পৰা আৰ্থ-সামাজিক তথা পৰিচয়গত সংকটৰ প্ৰতি আওকণীয়া মনোভাব; দ্বিতীয়টো হ’ল, সমস্যাটোৰ বৈকল্পিক ৰাজনৈতিক সমাধানসূত্ৰ দাঙি ধৰাত অপাৰগতা। এই লৈ কোনেও সন্দেহ কৰিব নোৱাৰে যে প্ৰব্ৰজন অসমৰ সমাজ-অৰ্থনীতিৰ এক দীৰ্ঘায়িত ভয়াৱহ সমস্যা, আৰু ইয়াৰ ফলপ্ৰসূ সমাধান অসমীয়া তথা অন্যান্য থলুৱা জাতি-গোষ্ঠীৰ স্বাৰ্থ আৰু পৰিচয়ৰ সুৰক্ষাৰ বাবে অতিকে জৰুৰী পূৰ্বচৰ্ত। গতিকে প্ৰব্ৰজনক কেন্দ্ৰ কৰি অসমীয়া মানুহৰ যি সংশয় আৰু আৱেগ, সি কেৱল হাৱা নহয়। আৰু তাক হাৱা বুলি উৰাই দিয়াসকলে এক প্ৰত্যাখ্যান আৰু অসম্ভৱতাৰ ৰাজনীতি কৰি আছে, যি অবিশ্বাস আৰু বিদ্বেষ বঢ়োৱাৰ বাদে আন একো ফলাফল দিব নোৱাৰে। আনহাতে, উগ্ৰ বাঙালী জাতীয়তাবাদী এচামে অসমীয়া জাতীয়তাবাদক অলীক কল্পনা বুলিও কৈছে। আচলতে প্ৰতিটো জাতিয়েই একোটাহঁত কল্পিত সম্প্ৰদায় – অসমীয়া জাতি যেনে, বাঙালী জাতিও তেনে। কিন্তু সেই কল্পনা কোনো দিবাস্বপ্ন নহয় – সি হ’ল এক ঐতিহাসিক নিৰ্মাণ। সেই অৰ্থত প্ৰতিটো জাতিয়েই ঐতিহাসিক নিৰ্মাণ। আনহাতে, জাতীয়তাবাদৰ এইটো সাধাৰণ লক্ষণেই যে সি অন্য বা শত্ৰুভাবাপন্ন জাতিৰ জাতীয়তাবাদক সংকীৰ্ণ প্ৰাদেশিকতা, উগ্ৰ জাতিদাম্ভিকতা আদি বুলি অভিহিত কৰে, যাৰ বিপৰীতে সি নিজৰ প্ৰকৃত, উদাৰ জাতীয়তাবাদক উপস্থাপন কৰিব বিচাৰে। অসমীয়া জাতীয়তাবাদক অলীক, উগ্ৰ জাতিদাম্ভিক, আধিপত্যবাদী বুলি অভিহিত কৰি তাক নস্যাৎ কৰা বাঙালী বুদ্ধিজীৱীসকলে নিজেনো কাক প্ৰতিনিধিত্ব কৰে সেই কথা বুজাই কোৱাৰ প্ৰয়োজন নাই। বৰাকত সম্প্ৰতি এক উগ্ৰ বৃহৎ বাঙালী জাতীয়তাবাদৰ প্ৰবল ঢৌ উঠিছে। ইয়াৰ প্ৰতি বাহিৰৰ বাঙালী সমাজৰপৰাও সমৰ্থন আহিছে। তদুপৰি ইয়াৰ আঁৰত যে সংঘ পৰিয়ালৰ প্ৰত্যক্ষ-পৰোক্ষ উচটনিয়েও কাম কৰিছে সেইটোও স্পষ্ট। এন আৰ চিয়ে নিম্নবৰ্গীয় বাঙালী মানুহক কৰা হাৰাশাস্তিৰ কথা এই ঢৌটোৱে সজোৰে তুলি ধৰিছে। কিন্তু সেই সমস্যাৰ কোনো ৰাজনৈতিক সমাধান উলিওৱাত যে তেওঁলোক আগ্ৰহী তাৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই। কিয়নো ৰাজনৈতিক সমাধানৰ প্ৰতি আগ্ৰহী হ’লে অসমীয়া তথা অন্যান্য থলুৱা জাতি-গোষ্ঠীৰ স্বাৰ্থ তথা অস্তিত্বৰ প্ৰশ্নটো স্বীকাৰ কৰি ল’ব লাগিব। এই প্ৰশ্নটো সমূলে নস্যাৎ কৰা কোনো শক্তিকে অসমীয়া জাতিয়ে কেতিয়াও সহ্য নকৰে, আৰু সেইটো হ’বলৈ হ’লে উক্ত সমস্যাৰ কোনো ৰাজনৈতিক সমাধান সম্ভৱ নহয়। কিন্তু এই সত্যটো অস্বীকাৰ কৰি বাঙালী দল-সংগঠন তথা নাগৰিক সমাজে কেৱল ক্ষোভৰ পৰিবেশটো ঘনীভূত কৰি তুলিছে – কোনো সদৰ্থক ৰাজনৈতিক প্ৰস্তাৱ বা দাবী দাঙি ধৰা নাই। আনহাতে, নাগৰিকত্বৰ নামত হাৰাশাস্তিৰ সন্মুখীন হোৱা নিম্নবৰ্গীয় বাঙালী ৰাইজৰ সমস্যাটো দাঙি ধৰিলেও বৰাকৰ বৃহৎ বাঙালী জাতীয়তাবাদৰ ঘাই চালিকাশক্তি হৈছে বাঙালী স্বাভিমান তথা অসমীয়াৰ বিৰুদ্ধে থকা ক্ষোভহে। প্ৰকৃতাৰ্থত নিম্নবৰ্গীয় বাঙালী ৰাইজৰ সমস্যাৰ ৰাজনৈতিক সমাধান অধিক দূৰলৈ ঠেলি দিয়াৰ জৰিয়তে এই জাতীয়তাবাদৰ ধ্বজাধাৰীসকলে তেওঁলোকক একপ্ৰকাৰ বিশ্বাসঘাতকতাহে কৰিছে। তদুপৰি এই জাতীয়তাবাদৰ ধ্বজাধাৰীসকলৰ ভণ্ডামি উন্মোচন হয় তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি আগ বঢ়োৱা সমৰ্থনৰ মাজত। এফালে তেওঁলোকে হিন্দু-মুছলিম সকলো বাঙালীকে অসমীয়াৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আহ্বান জনাইছে, আনফালে মুছলমানক অন্তৰ্নিহিতভাৱেই বিদেশী বুলি অভিহিত কৰা বিধেয়কখনৰ প্ৰতি সমৰ্থন আগ বঢ়াইছে। এইটো দোহৰাৰ প্ৰয়োজন নাই যে সংঘ পৰিয়ালে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নমাই অনা ধাৰাবাহিক সৰ্বাত্মক আক্ৰমণৰ এক প্ৰধান অংগ হ’ল নাগৰিকত্ব সংশোধনী বিধেয়কখন, যাৰ জৰিয়তে মুছলমানক বাদ দি বাকী সকলো ধৰ্মৰ লোককে ভাৰতীয় নাগৰিকত্বৰ ন্যায্য দাবীদাৰ হিচাপে গ্ৰহণ কৰিছে। এই বিধেয়কখনে এফালে ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাক আঘাত কৰিছে আৰু আনফালে অসমৰ নিচিনা সীমান্তৱৰ্তী ৰাজ্যত ভয়াৱহ আৰ্থ-সামাজিক সংকটৰ দুৰ্ভাবনা কঢ়িয়াই আনিছে। এনে এখন বিধেয়কৰ প্ৰতি সমৰ্থন আগ বঢ়োৱাৰ জৰিয়তে বৰাকৰ বৃহৎ বাঙালী জাতীয়তাবাদৰ প্ৰবক্তাসকলে নিজৰ জ্ঞাতিভাই মুছলমানসকলকেই প্ৰতাৰণা কৰিছে। তাৰ পাছত হিন্দু-মুছলিম সকলো বাঙালী মিলি বাঙালী জাতি গঢ়াটো কেনেকৈ সম্ভৱ হ’ব? বৃহৎ বাঙালী জাতিৰ কল্পনাটো তেওঁলোকে জন্মতেই অসম্ভৱ কৰি পেলাইছে। গতিকে সেই জাতীয়তাবাদে নিম্নবৰ্গীয় বাঙালী ৰাইজৰ সমস্যাৰ সমাধান কৰিব পাৰিবনে? তেওঁলোকে যদি সঁচাকৈয়ে নাগৰিকত্বৰ নামত হোৱা হাৰাশাস্তিৰ অন্ত পৰাটো বিচাৰে তেন্তে অসমীয়া মানুহৰ স্বাৰ্থ তথা পৰিচয়ৰ চিন্তাক স্বীকাৰ কৰি লওক, আৰু তাৰ ভিত্তিত তেওঁলোকৰ সৈতে এক ৰণনীতিগত বুজাবুজিলৈ আহক আৰু ৰাজনৈতিক দৰদাম কৰক। ৰাজনৈতিক দৰদামৰ জৰিয়তেহে তেওঁলোকে আলোচ্য সমস্যাৰ এক সম্ভৱপৰ ৰাজনৈতিক সমাধানত উপনীত হ’ব পাৰিব। নিছক প্ৰত্যাখ্যানৰ ৰাজনীতিয়ে এনে ৰাজনৈতিক দৰদামৰ পৰিবেশ সুদূৰপৰাহত কৰিহে তুলিব। এন আৰ চি প্ৰক্ৰিয়াটোক স্বীকাৰ কৰি লৈ তাৰ আসোঁৱাহসমূহ দূৰ কৰিবৰ বাবে আইনগত-ৰাজনৈতিক দাবী জনাওক, ন্যায়ালয়ৰ কাষ চাপক।

এইখিনিতে বাঙালী জাতীয়তাবাদী নহয়, কিন্তু নাগৰিকত্বক লৈ মানুহৰ ওপৰত হোৱা হাৰাশাস্তিৰ সমালোচনা তথা বিৰোধিতা কৰে – এনে কিছু মহলৰ চিন্তা-চৰ্চা সম্পৰ্কেও দুটামান কথা কোৱা দৰকাৰ। এই কথাটো ভুল যে বৈকল্পিক ৰাজনৈতিক সমাধানসূত্ৰ এটা সাজু কৰি লৈহে কোনোৱে ঘটনা বা প্ৰক্ৰিয়া এটাক সমালোচনা কৰিব পাৰিব। তেনেদৰে ভবাৰ মানে হ’ল সমালোচনাক একপ্ৰকাৰ নিষিদ্ধ ঘোষণা কৰা। কিন্তু ৰাজনীতিত এটা ঘটনা বা প্ৰক্ৰিয়াৰ সমালোচনাৰ লগে লগে তাৰ বৈকল্পিক ৰূপটোৰ প্ৰশ্ন ক্ৰমাৎ জৰুৰী হৈ পৰে, তাক আৰু দীৰ্ঘদিনলৈ এৰাই চলিব পৰা নাযায়। বৈকল্পিক ৰূপটো কেনে হ’ব সেই প্ৰশ্নটো অলপো বিবেচনা নকৰাকৈ কোনো ৰাজনৈতিক হস্তক্ষেপ সম্ভৱ নহয় – তেনে কৰিলে ভাল হোৱাৰ ঠাইত অধিক নৈৰাজ্যৰহে সৃষ্টি হ’ব। এন আৰ চিক লৈ হোৱা সমালোচনা-বিৰোধিতাবিলাকৰ ক্ষেত্ৰতো এই কথা খাটে। এন আৰ চিক সমস্যাজনক বা ভয়ংকৰ বুলি অভিহিত কৰিলেই নহ’ব, তাৰ কাৰ্যকৰী ৰাজনৈতিক সমাধান কি হ’ব তাৰো উত্তৰ দিব পাৰিব লাগিব। তাৰ উত্তৰ আপুনিয়েই দিব লাগিব বুলি কথা নাই, কিন্তু প্ৰশ্নটোৰপৰা সম্পূৰ্ণ আঁতৰি আপুনি উদাসীন হৈ সমালোচনা কৰি যাব নোৱাৰে। এন আৰ চি প্ৰক্ৰিয়াটো সম্পূৰ্ণ বন্ধ কৰি দিব লাগিব নেকি, যদি বন্ধ কৰি দিব লাগে তেন্তে তাৰ আঁৰত লুকাই থকা প্ৰশ্নৰাজিৰ সমাধান কেনেকৈ সম্ভৱ হ’ব? তাৰ কিবা সংশোধন ঘটাব লাগিব নেকি, যদি লাগে সেয়া কেনেধৰণৰ সংশোধন হ’ব? এইসমূহ প্ৰশ্ন এৰাই চলিব নোৱাৰি। আনহাতে, এন আৰ চিক কেৱল ৰাষ্ট্ৰই জাপি দিয়া একধৰণৰ নিয়ন্ত্ৰণ আৰু অৱদমনৰ ব্যৱস্থা বুলি অভিহিত কৰিব নোৱাৰি। কাৰণ প্ৰব্ৰজনৰ সমস্যাক কেন্দ্ৰ কৰি যিটো প্ৰক্ৰিয়াৰ মাজৰপৰা এন আৰ চি ওলাই আহিছে, সেই গোটেই প্ৰক্ৰিয়াটো ৰাস্তাৰপৰাহে অহা – ৰাষ্ট্ৰই ওপৰৰপৰা জাপি দিয়া নহয়। অসমীয়া মানুহৰ দীৰ্ঘদিনীয়া প্ৰবল প্ৰতিবাদৰ প্ৰতি ৰাষ্ট্ৰই জনোৱা সঁহাৰিৰে এক অংগ হ’ল এন আৰ চি। সি যি নহওক, যিসমূহ মহলে মানৱাধিকাৰ ভংগৰ প্ৰশ্নত এন আৰ চি প্ৰক্ৰিয়াটোৰ সমালোচনা আগ বঢ়াই আহিছে, সেইসকলে প্ৰব্ৰজনৰ সমস্যা তথা তাৰ পৰিপ্ৰেক্ষিতত অসমীয়া আৰু অন্যান্য থলুৱা জাতি-গোষ্ঠীৰ স্বাৰ্থ আৰু পৰিচয়ৰ প্ৰশ্নসমূহৰ ৰাজনৈতিক সমাধান সম্পৰ্কেও আলোচনাত যোগ দিয়া ভাল। অন্যথা তেওঁলোকৰ সমালোচনাই ৰাজনৈতিকভাৱে ফলপ্ৰসূ কোনো উত্তৰ দিব নোৱাৰিব।

এন আৰ চিক কেন্দ্ৰ কৰি অসমীয়া আৰু বাঙালী দুই পক্ষই যিধৰণে দুই বিপৰীত মেৰুত অৱস্থান কৰিছে, তাৰ ফলস্বৰূপে কাৰো লাভ হোৱা নাই। এনে প্ৰেক্ষাপটত উভয় পক্ষই যদি এক ৰণনীতিগত বুজাবুজিলৈ আহি ৰাজনৈতিক দৰদাম কৰিব পাৰে, তেনেহ’লে দুয়োপক্ষৰে সমস্যাসমূহৰ ৰাজনৈতিক সমাধানৰ বাট মুকলি হ’ব। সাম্প্ৰতিক তিক্ত ৰাজনৈতিক পৰিস্থিতিত সেইটো সম্ভৱ হ’ব নে নহয় ক’ব নোৱাৰি। কিন্তু তেনে এক পথ অবিহনে দুয়ো পক্ষৰে লাভজনক কোনো বৈকল্পিক উপায় আমি দেখা নাই। এটা কথা ঠিক যে অসমীয়া-বাঙালী সংঘাতৰ স্থায়ী নিৰসনৰ বাবে পৃথক বৰাক ৰাজ্য সৃষ্টিৰ গত্যন্তৰ নাই। কিন্তু সেইটো এটা দীৰ্ঘম্যাদী প্ৰশ্ন। আৰু তাৰ বাবেও বৰাকৰপৰা প্ৰত্যাখ্যানৰ ৰাজনীতিৰ সলনি সদৰ্থক ৰাজনৈতিক বিকল্পৰ জোৰদাৰ প্ৰস্তাৱ আহিব লাগিব। গতিকে সদ্যহতে অসমীয়া আৰু বাঙালী দুয়ো পক্ষই উপৰোক্তধৰণে ৰাজনৈতিক প্ৰচেষ্টা হাতত লোৱাই হয়তো সময়োপযোগী হ’ব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে