চ’ৰাঘৰ / ক্ৰীড়াংগন / ফিফা বিশ্বকাপ আৰু ‘খেলুৱৈসুলভ মনোবৃত্তি’৷৷ মনোৰম গগৈ৷৷

ফিফা বিশ্বকাপ আৰু ‘খেলুৱৈসুলভ মনোবৃত্তি’৷৷ মনোৰম গগৈ৷৷

সময়-সুবিধা মিলাই এইবাৰৰ ফিফা বিশ্বকাপৰ প্ৰায়বোৰ খেলেই চাইছোঁ। খেলবোৰ চাই থকাৰ সময়ত আমাৰ দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন নকৰাৰ কথাটোৱে মনত দুখ দি থাকে যদিও প্ৰায়বোৰ খেল চাই আনন্দ পোৱাৰ লগতে নতুন ভাৱ কিছুমানেও ধৰা দিছেহি।

সংবাদ-মাধ্যমৰ যোগেদি এই প্ৰতিযোগিতাৰ ‘ষ্টাৰ’ খেলুৱৈবোৰৰ বিষয়ে কিছু কথা জানিছোঁ । অন্যান্য ফুটবল প্ৰতিযোগিতাত সুন্দৰ খেলেৰে উজলি উঠা খেলুৱৈসকলক লৈ ক্ৰীড়ানুৰাগীৰ উচ্ছাস বা প্ৰত্যাশা থকাটো স্বাভাৱিক। বা পূৰ্বৰ দিনবোৰত ভাল প্ৰদৰ্শন কৰা দলবোৰৰ পৰাও ভাল ফল আশা কৰাটোত কোনো অস্বভাৱিকতা নাই। কিন্তু কাৰোবাৰ প্ৰিয় খেলুৱৈ বা দলৰ পৰাজয় মানেই কোনোবা প্ৰতিযোগিতাৰ গৰিমা বা আকৰ্ষণ হ্ৰাস পাব বুলি ভৱাটোও অনুচিত। প্ৰতিযোগিতাখনত কিছুমান ‘ষ্টাৰ’ খেলুৱৈৱে অতি বেয়া খেলিছে; আগৰ বিশ্ব চেম্পিয়ন কেইবাটাও দলৰ ক্ৰীড়াশৈলীত আগৰ সৌন্দৰ্য, দলীয় সংহতি আদিৰ অভাৱ। তাৰ বিপৰীতে কেতিয়াও বিশ্বকাপত চেম্পিয়ন নোহোৱা দলেও ভাল প্ৰদৰ্শন কৰিছে আৰু স্বাভাৱিকভাৱেই ভাল খেলা দলবোৰে খেলত জয়লাভ কৰিছে। এয়াইতো যিকোনো খেলৰ সৌন্দৰ্য! এয়াইতো খেল চোৱাৰ মজা!

খেলত জয়-পৰাজয় থাকিবই! জয়, পৰাজয়, সফলতা, বিফলতা সকলোকে সমানে গ্ৰহণ কৰিব পৰা মনোবৃত্তিকেইতো “খেলুৱৈসুলভ মানসিকতা” বুলি কোৱা হয়। জিকিবলগীয়া খেল এখনত হৰা মানেই বুজিব লাগিব যে আৰু ভালকৈ খেলাৰ প্ৰয়োজন আছে। আৰু অধিক পৰিশ্ৰম আৰু সাধনাৰ প্ৰয়োজন আছে!

আমি নিজে খেলপথাৰলৈ নাযাব পাৰোঁ বা ইচ্ছা থাকিলেও নিয়মীয়াকৈ খেলিবলৈ সুযোগ-সুবিধা নাপাব পাৰোঁ! কিন্তু খেলপথাৰত ফুটবল, ভলীবল আদি নেখেলিলেও নিজৰ নিজৰ কৰ্মক্ষেত্ৰত, নিজৰ নিজৰ জীৱন-যাত্ৰাত আচলতে আমি সকলোৱেই এজন এজন খেলুৱৈ নহয় জানো! জীৱনত মাজে মাজে সফলতা আহিবই! মাজে মাজে আহিব বিফলতা! সফলতা-বিফলতা সকলোকে সমভাৱে গ্ৰহণ কৰাৰ মানসিকতা আহৰণ কৰিব পাৰিলেই জীৱনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি!

এখন খেলত পৰাজয় মানেই সকলো শেষ হৈ যোৱা নুবুজায়, একেদৰে কোনো এটা পৰীক্ষাত বা কোনো এটা কামত বিফল হোৱা মানেই আমাৰ জীৱনৰ সকলো শেষ হৈ যোৱা বুলি ভৱা অনুচিত! বিফলতাৰ অভিজ্ঞতাইহে আমাৰ সফলতাৰ বাট উলিয়াই দিয়ে!

খেল এখনত জয়লাভ কৰিবলৈ যিদৰে সততা, নিষ্ঠা, দলীয় সংহতিৰ লগতে প্ৰণালীৱদ্ধ প্ৰশিক্ষণ, পানী নসৰকা পৰিকল্পনা, অসীম ধৈৰ্য, কঠোৰ পৰিশ্ৰম , অক্লান্ত সাধনা আৰু জয়ৰ মনোবৃত্তিৰ প্ৰয়োজন, ঠিক একেদৰে জীৱনৰ বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈও আমাক একেখিনি মানৱীয় গুণৰ প্ৰয়োজন হয়। প্ৰতিপক্ষক লেং মাৰি বগৰাই দি যিদৰে খেলত জয়লাভ কৰিব নোৱাৰ, একেদৰে আনৰ অপকৰ কৰি জীৱনৰ কোনো ক্ষেত্ৰতে সফল হ’ব নোৱাৰি।যিকোনো এখন খেল চাই থকাৰ সময়ত এই কথাবোৰে ব্যক্তিগতভাৱে আমাক অনাবিল আনন্দ দিয়াৰ লগতে দিয়ে অসাধাৰণ জীৱনী-শক্তি!

যিকোনো এখন ক্ৰীড়া প্ৰতিযোগিতা কেৱল গ্লেমাৰ, টকা-পইচা বা কিছুমান পৰিসংখ্যাৰ সমষ্টি মাত্ৰ নহয়, একোখন সুন্দৰ খেলে আমাক জীৱনৰ বাবে প্ৰয়োজনীয় বহু পাঠ দি যাব পাৰে!

আহক, ফিফা বিশ্বকাপৰ পৰৱৰ্তী খেলবোৰ আমি “খেলুৱৈসুলভ মনোবৃত্তি”ৰে চাবলৈ টিভিৰ সমুখত বহাৰ আয়োজন কৰোঁ!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে