চ’ৰাঘৰ / কথাশিল্প / ছায়াছবি৷৷ মমিন বৰা৷৷

ছায়াছবি৷৷ মমিন বৰা৷৷

আলকতৰা গলি যোৱা দুপৰীয়া
গান শুনি আলিবাটত শুই পৰে ঘামবোৰ

ঘামৰনো আৰু কি গান
পেটৰ জুইকুৰা- ঘামবোৰৰ গান
বুকুৰ মজ্জাত বাহ লোৱা বিষবোৰ— ঘামবোৰৰ গান

ঘামৰ কান্দোন বুলিবলৈও একো নাই
মাথোন
বুকুৱেদি উৰি ফুৰা ধুলি আৰু
শুকাই কৰ্কৰীয়া হোৱা এখন চকুৰ চোতাল

এই ঘামে
ধুলিৰ সতে লেটি লৈ বেকত কৰে
একবিংশ শতিকাৰ ভৱিষ্যত
মংগল গ্ৰহত পানীৰ সম্ভাৱনা
আৰু
বুলেট বায়ুতকৈ বেগৱান হোৱাৰ সূত্ৰ

ঘামবোৰে জানে –
অনাদিক্ৰমে বানত বুৰ যোৱা
প্ৰতিখন গাওঁ বা চহৰৰ ঠিকনা
জ্ঞাপন কৰে –
সাগৰত হেৰাই যোৱা
প্ৰতিটো মাছমৰীয়া সপোনৰ বাবে সমবেদনা

ঘামবোৰে চিনি নাপায় ঈশ্বৰৰ পোচাক
বিচাৰি নাযায় ঈশ্বৰৰ ঠিকনা

বঞ্চনাৰ জোঙাল শেলৰ খোঁচতো সেও নমনা
ঘামবোৰে বিশ্বাস কৰে
ঘাম আৰু তেজৰ সন্মিলিত মিচিলতে
জব্দ হ‌’ব এদিন
তেজক ঘামলৈ ৰূপান্তৰিত কৰা
প্ৰতিটো পপীয়া তৰাৰ জন্মবৃতান্ত

স্বগতোক্তি:

পপীয়া তৰাবোৰে তেজবোৰ শুহি খোৱাৰ পিছত
সিটা হৈ ৰৈ যোৱা বেজাৰৰ নাম ঘাম

পিছে প্ৰকাশ্য স্খলনৰ আগলৈকে
পপীয়া তৰাও একো একোটা
উজ্জ্বল নক্ষত্ৰ‌ই৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে