চ’ৰাঘৰ / কথাশিল্প / সেয়া সময়ৰ তৰপ আছিল৷৷ সৃষ্টি শ্ৰেয়ম৷৷

সেয়া সময়ৰ তৰপ আছিল৷৷ সৃষ্টি শ্ৰেয়ম৷৷

বুকুৰ উঠা-নমাত
লাহে লাহে লাহেকৈ জিলিকিছিল
পখিলাৰ এটা ফছিল
কেতিয়া -বা ছাগৈ উৰিছিল
কেতিয়া -বা ছাগৈ সৰিছিল
কেতিয়া -বা ছাগৈ স্মৃতিয়ে সাৱটিছিল কোলাত
তৰপৰ পাছৰ তৰপত মাথোঁ টোপনি আছিল

টোপনিৰ ঘৰত ছন্দ থাকে
টোপনিৰ ঘৰত প্ৰশান্তি থাকে
টোপনিৰ ঘৰত থাকে নিৰ্জনতাও
আন্ধাৰ আৰু শূন্য
টোপনিৰ উঠা-নমাত মুখ গুঁজি বৰ সন্তৰ্পণে বুকুখনে বৰষুণ অহা চাইছিল

মেঘ সাৰ পালে হেনো মাতাল হয়
শাওনৰ বাৰু শুবলৈকে নাই
মেকুৰীখোজীয়া বৰষুণেও যে পিচে
ভাবিছিলনো কোনে
ছেদেলি ভেদেলি কৰিবহি বুলি টোপনিৰ ঘৰ
নিচুকনিৰ আঁৰ লৈ এদিন আহিছিল
কোনোবা এটা গধূলি
যায়গৈ মানে পখিলা উধাও
জুৰুলি-জুপুৰি ফছিলটোত তেতিয়া
জুনুকা এটা কঁপি আছিল…

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে