চ’ৰাঘৰ / কথাশিল্প / মাছৰ ফিছাৰ ঢৌ৷৷ কোকিল শইকীয়া৷৷

মাছৰ ফিছাৰ ঢৌ৷৷ কোকিল শইকীয়া৷৷

মাছৰ ফিছাৰ ঢৌত পানীৰ কঁকাল ভাঙে জলগাভৰুৰ
ঢৌ মেথনিলৈ উজাই অাহে
নামি যায়
ৰ’দৰ জিলিঙনিত উটি উটি গুচি যায়
তাইৰ লাস্যময়ী চুলিকোচা

কোনোবা দুপৰীয়াৰ ঘাটত গৰখীয়া ল’ৰা নৈত নামে গা ধুবলৈ অকলে অকলে
বুৰ মাৰি উঠি অাহোতে
বাউসীত উঠি অাছে দীঘল চুলি এডালৰ গোন্ধ

গৰখীয়াৰ বুঢ়ীমাকৰ পাতচৰুত চাউল সিজে
বুদ বুদ বুদ
পুৰণি জপাটোত খমখমাই উঠে
প্ৰাচীন পাটৰ সাঁজযোৰ

পাকঘৰৰ বেৰৰ মাটিত লিপিত খাই থকা
চিৰালৰ গুটিবোৰৰ পৰা
এদিন বিৰাট মস্ত চিৰাল এটা হ’ব
টান ৰ’দত পকিব ফাটিব

বৰ সোৱাদ হ’ব
বৰ সোৱাদ

মাছৰ ফিছাৰ ঢৌটোৱে
চিঞৰ এটা মাৰে ৰাতিদুপৰ
চাকি এটাৰ পোহৰত চাপৰি চাপৰি বুঢ়ীমাক উঠি অাহে
কেঁচা বাঁহৰ চাঁচেৰে
চিঙি দিয়ে চিঞৰ

মাছৰ ফিছাৰ ঢৌ
জলগাভৰুৰ কোলাত ৰূপালী জোন
গাভৰু হয়

ওৰে নিশা বৈ থকা নৈ খনৰ ওপৰত
তৰাৰ সৈতে ধেমালি খেলি ৰাতিপুৱা শুই যায়
জলগাভৰুৰ জী

নৈত মাছৰ ফিছাৰ ঢৌত পানীৰ কঁকাল ভাঙে৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে