চ’ৰাঘৰ / সমকাল / ভাষাৰ বিলুপ্তি, অস্তিত্বৰ সংকট ৷৷ ডঃ খগেশ সেন ডেকা৷৷

ভাষাৰ বিলুপ্তি, অস্তিত্বৰ সংকট ৷৷ ডঃ খগেশ সেন ডেকা৷৷

অষ্ট্ৰেলিয়াৰ বিশিষ্ট ভাষাতত্ত্ববিদ খ্ৰীষ্ট’ফাৰ ম’ছেলৰ তত্ত্বাৱধানত ইউনেস্ক’ই ভাষাৰ বিলুপ্তি সম্বন্ধে যি অধ্যয়ন চলাইছিল তাত দেখা গৈছিল যে বিশ্বৰ সৰ্বমুঠ ৭৩৫৮টা ভাষাৰ ভিতৰত ইতিমধ্যে ৪৪৬টা ভাষাৰ মৃত্যু ঘটিছে ৷ বাকী ৬৯১২টা ভাষাৰ ২৫০০টা সংকটাপন্ন ৷ অৱশ্যে এই সংখ্যাৰ তাৰতম্য হ’ব পাৰে৷ কাৰণ, কেতবোৰ দুৰ্গম অঞ্চলত কথিত ভাষা সম্পৰ্কীয় তথ্য এতিয়াও উদ্ধাৰ হ’বলৈ বাকী৷
অষ্ট্ৰেলিয়া মহাদেশৰ নিজা জৰীপ অনুসাৰে সেই মহাদেশৰ ২৫০টাতকৈয়ো অধিক থলুৱা ভাষাৰ এতিয়া ১৪৫টা মাত্ৰ বৰ্তি আছে৷ তাৰো ১১০টা গুৰুতৰভাৱে সংকটগ্ৰস্ত ৷ যিকেইটা বৰ্তি আছে তাৰো মাত্ৰ ১৮টা ভাষাহে বিপদমুক্ত ৷
ভাৰতবৰ্ষত কথিত মুঠ ১৩৫২টা ভাষাৰ সৰহভাগেই এতিয়া বিপদগ্ৰস্ত ৷ অন্য শক্তিশালী ভাষাৰ কৰাল গ্ৰাসত পৰি আপেক্ষিকভাৱে দুৰ্বল ভাষাবোৰে বিশেষকৈ জনজাতীয় ভাষাবোৰে বিলুপ্তিৰ ক্ষণ গণিবলগীয়া হৈছে৷ ভূ-গোলকীকৰণ বা বিশ্বায়ন তথা অৰ্থনৈতিক উদাৰীকৰণ ইয়াৰ মূল কাৰণ ৷ উপনিৱেশৰ কবলত পৰি আফ্ৰিকাৰ সৰহভাগ ভাষাৰ অপমৃত্যু ঘটিল৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ভাষাৰ কথা বাদেই প্ৰায় ডেৰ হাজাৰ বছৰীয়া সুদীৰ্ঘ কালৰ লিখিত ঐতিহ্যেৰে মহিমামণ্ডিত অসমীয়া ভাষালৈকো এতিয়া ভাবুকি আহিছে ৷ আজিৰ প্ৰজন্মই ভাষাটোৰ কালিকা সমূলি পাহৰি গৈছে ৷ খণ্ডবাক্য, জতুৱা ঠাঁচ, প্ৰৱাদ-প্ৰবচন, ফকৰা-যোজোনা এতিয়া প্ৰায় পাহৰণিৰ গৰ্ভত ৷ সেইবোৰ ক’ত কেনেদৰে প্ৰয়োগ কৰিব লাগে আজিৰ প্ৰজন্মই  প্ৰায় পাহৰি গৈছে ৷ লোক সংস্কৃতিবিদ এলান ডাণ্ডেছে উল্লেখ কৰা মতে, আফ্ৰিকাৰ জনৈক ইড’ ভাষী যুৱকক হেনো সোধা হৈছিল— তেওঁ নিজৰ ভাষাৰ প্ৰৱাদ-প্ৰবচন, ফকৰা আদি জানেনে বুলি ৷ যুৱকজনে উত্তৰত কৈছিল যে তেওঁ জানে, কিন্তু সেইবোৰ ক’ত, কেতিয়া, কি অৰ্থত, কিদৰে প্ৰয়োগ কৰিব লাগে নাজানে ৷ আমাৰ অৱস্থাও লাহে লাহে সেই পৰ্যায়লৈ গৈ আছে ৷ আমাৰ সুৱদী-সুৰীয়া ভাষাটোৰ অনন্য সম্পদ হৈছে গাঁৱৰ ককা-আইতাহঁতৰ মুখত আখৈ ফুটাদি ফুটা প্ৰৱাদ-প্ৰৱচন, খণ্ডবাক্য, জতুৱা প্ৰয়োগবোৰ ৷ এটা উদাহৰণ দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ ৷ এগৰাকী বুঢ়ী মানুহে এজনী ছোৱালীৰ পিন্ধি থকা কাপোৰ সাজক উপলক্ষ্য কৰি কৈছিল—
“এ আই, তইনো এই সাজ কি কাপোৰ পিন্ধিছ, একেবাৰে দিখৌ মুখলৈকে দেখি ৷”
নক’লেও চলে, কথাষাৰৰ ‘দিখৌ মুখলৈকে দেখি’ অংশটোৱে পাতল কাপোৰ এসাজক বুজাইছে৷ কিন্তু তাকে নকৈ দিখৌ মুখলৈকে দেখা বুলি কোৱাত বক্তব্যৰ প্ৰকাশিকা শক্তি কিমান বৃদ্ধি পাইছে সেয়া অনুধাৱন কৰিবলগীয়া ৷ দুখৰ কথা, সদ্যহতে আমি আমাৰ ভাষাৰ এই গুণ পাহৰিবলৈ আৰম্ভ কৰিছোঁ ৷
আলাস্কা বিশ্ববিদ্যালয়ৰ ‘নেটিভ লেংগুৱেজ চেণ্টাৰ’ৰ একালৰ সঞ্চালক মাইকেল ক্ৰাউছৰ মতেও পৃথিৱী জুৰি কথিত প্ৰায় সাত হাজাৰ ভাষাৰ মাজত মাত্ৰ তিনিশমান ভাষাহে সংকটমুক্ত ৷ তেওঁ আৰু অনুমান কৰিছে যে একবিংশ শতিকাৰ অন্তিম ক্ষণলৈ নব্বৈৰ পৰা পচনব্বৈ শতাংশ ভাষা পৃথিৱীৰ বুকুৰ পৰা চিৰকাললৈ নাইকিয়া হৈ যাব৷
মনত ৰখা ভাল যে, একোটাহঁত জনগোষ্ঠীৰ নিজৰ ভাষা-সংস্কৃতি সেই জনগোষ্ঠীটোৰ দুৰ্ভেদ্য বৰ্ম সদৃশ ৷ তাৰ দ্বাৰা বাহিৰৰ বণিক গোষ্ঠীয়ে জাপি দিয়া অপতৃণবোৰৰ পৰা নিজক ৰক্ষা কৰিব পাৰি ৷ শেহতীয়াভাৱে প্ৰাচ্যতত্ত্বৰ প্ৰবক্তা এডোৱাৰ্ড ছেইডে সেইবাবেই মানুহক নিজৰ স্বকীয়ত্ব বুজিবলৈ আৰু কোনো বিশেষ শক্তিৰ দাস নহ’বলৈ সকীয়াই দিছে ৷ সাম্ৰাজ্যবাদী শক্তিসমূহক মাত্ৰ পণ্য দ্ৰৱ্য বিকিবলৈ বজাৰৰ প্ৰয়োজন ৷ ভাষাৰ স্থান তাত গৌণ ৷ মানুহে কিবা প্ৰকাৰে আখৰকেইটা চিনি পণ্য সামগ্ৰীৰ নাম পঢ়িব পাৰিলেই হ’ল ৷ সেইবোৰৰ গুণাগুণ বুজিবৰ বাবে মানুহ উচ্চ শিক্ষা, নিজ ভাষাৰ জ্ঞানৰ কোনো আৱশ্যক নাই ৷ আমি যেন লাহে লাহে সেই শক্তিসমূহে পতা জালত ক’ব নোৱৰাকৈয়ে আবদ্ধ হৈ পৰিছোঁ৷
ভাষা একোটাৰ বিলুপ্তিৰ প্ৰথম ঢাপটো আৰম্ভ হয় তাৰ বৈয়াকৰণিক বিকৃতিৰে৷
অসমীয়া ভাষাত সেই লক্ষণ ইতিমধ্যে পৰিস্ফূট হৈছে ৷ লিখিত ৰূপটোত বানানৰ বাহিৰে অন্য কোনো বিশেষ বিকৃতি দেখা নগ’লেও, কথিত ৰূপটোত, বিশেষকৈ কিছু সংখ্যক শিক্ষিত লোকৰ কথন-ভংগীত তাৰ প্ৰভাৱ সৰ্বগ্ৰাসী ৰূপত দেখা গৈছে ৷  আমাৰ আইৰ মুখৰ ভাষাৰ প্ৰকৃত ৰূপটো যেন ক’ৰবাত হেৰাই যাবলৈ আৰম্ভ কৰিছে ৷ ভাষাটোৰ জতুৱা ৰূপটো আমি যেন পাহৰি গৈছোঁ৷
একালত উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগী ভাষা আছিল অসমীয়া৷ নাগামিজ, নেফামিজ আদি ভাষা অসমীয়া ভাষাক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠিছিল৷ এতিয়া কিন্তু অসমীয়া ভাষাৰ সেই বিস্তৃতি বহু পৰিমাণে কমি গৈছে ৷ তাৰ ঠাইত সেই সেই অঞ্চলৰ নিজা ভাষাৰ পৰিসৰ বৃদ্ধি হোৱা হ’লে নিশ্চয়কৈ সুখৰ বিষয় হ’লহেঁতেন৷ কিন্তু পৰিতাপৰ কথা সেই ঠাই লৈছে হিন্দীয়ে৷ অৰুণাচল, মেঘালয়, মণিপুৰ আদিলৈ গ’লে এতিয়া হিন্দীৰে কাম চলাবলগীয়া হয়৷
ভাষাৰ বিলুপ্তি একে দিনাই নাহে৷ ই আহে গোপন ব্যাধিৰ দৰে৷ যেতিয়া প্ৰকট হয়, তেতিয়া আৰু চিকিৎসাৰ সকলো সম্ভাৱনা নাইকিয়া হয়৷ এটা ভৌগোলিক পৰিৱেষ্টনত কথিত ভাষাটো যেতিয়া কণ কণ ল’ৰা-ছোৱালীয়ে ক’বলৈ এৰে, তেতিয়াই বুজিব লাগিব যে সেই ভাষ