চ’ৰাঘৰ / অনুবাদ / উলংগ ৰজা৷৷ মূল: নীৰেন্দ্রনাথ চক্রবর্তী, ভাষান্তৰ : নীলাভ সৌৰভ৷৷

উলংগ ৰজা৷৷ মূল: নীৰেন্দ্রনাথ চক্রবর্তী, ভাষান্তৰ : নীলাভ সৌৰভ৷৷

সকলোৱে দেখিছে যে ৰজা উলংগ,
তথাপি সকলোৱে হাত তালি দিছে।
সকলোৱে টেটু ফালিছে; চাব্বাচ, চাব্বাচ!
কাৰোবাৰ মনত সংস্কাৰ,
কাৰোবাৰ ভয়;
কোনোবাই নিজৰ বুদ্ধি বিবেচনাক আনৰ হাতত বন্ধকত থৈছে;
কোনোবা পৰজীৱী অথবা কৃপাপ্রার্থী
কোনোবা পদপ্ৰাৰ্থী অথবা প্রবঞ্চক

কোনোবাই ভাবিছে-
সঁচাকৈয়ে যিহেতু ৰাজবস্ত্র, ইমান সৰু চকুত ধৰা নপৰিব পাৰে
হয়তো আছে,
অন্ততঃ থকাটো সিমান অসম্ভৱ নহয়।

সাধুটো সকলোৱে জানে।
কিন্তু সেই সাধুকথাৰ ভিতৰৰে কেইজনমানেহে মাথোন প্রশস্তিবাক্য-উচ্চাৰণ কৰা নাছিল
বা আপাদমস্তক ভীৰু, ফন্দিয়াৰ অথবা
নির্বোধ তেলীয়া নাছিল ৷

এটি শিশুও আছিল
সত্যবাদী, সৰল, সাহসী এটি শিশু

বাস্তৱৰ প্রকাশ্য ৰাস্তাৰে পুনৰ সাধুকথাৰ ৰজা নামি আহিছে
আকৌ হাততালিৰ জোৱাৰ উঠিছে ;
খেল জমি গৈছে
তোষামোদকাৰীৰ ভিৰ ৷
কিন্তু মই আজি
ভিৰৰ মাজত সেই শিশুটিক দেখা নাই।

শিশুটি ক’লৈ গ’ল? কোনাবাই তাক কোনো
পাহাৰৰ গোপন গুহাত লুকুৱাই ৰাখিছে নেকি?
নে শিল-ঘাঁহ-মাটিৰে খেলি খেলি সি শুই পৰিল দূৰৈৰ কোনো নির্জন নদীৰ সোঁতত
অথবা কোনোবা প্রান্তৰৰ গছৰ ছাঁত?

যি নহওক , যিকোনো প্ৰকাৰে তাক বিচাৰি আনা হওক-
বিচাৰি আনা-

সি আহি এবাৰ এই উলঙ্গ ৰজাৰ সন্মুখত
নির্ভয়ে থিয় হওক।
সি আহি এবাৰ এই হাততালিৰ ঊর্ধ্বলৈ গৈ চিঞৰি প্ৰশ্ন কৰক:
হেই ৰজা, তোৰ কাপোৰ ক’ত?

এটা মন্তব্য

  1. মোৰ এই কবিতাটো প্ৰকাশ কৰি উৎসাহিত কৰা বাবে সম্পাদনা কক্ষলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে