চ’ৰাঘৰ / টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ / ঈদ আৰু সম্প্ৰীতি৷৷ টুনুজ্যোতি গগৈ৷৷

ঈদ আৰু সম্প্ৰীতি৷৷ টুনুজ্যোতি গগৈ৷৷

আমি ধৰ্ম, ভগৱান, পূজা-পাতল আদিত অলপো বিশ্বাস নৰখা আৰু এখন ধৰ্মবিহীন মানৱীয় পৃথিৱী গঢ়ি তোলাৰ সপোন দেখা নাস্তিক মানুহ। কিন্তু, এয়াও স্বীকাৰ কৰি ল’বলৈ বাধ্য যে আমাৰ কাংক্ষিত ধৰ্মবিহীন পৃথিৱীখন গঢ় লৈ উঠাৰ বাটত পুঁজিবাদী সমাজ ব্যৱস্থাই ধৰ্মৰ ক’লা ব্যৱসায়ী আৰু ক্ষমতালোভী ৰাজনীতিকৰ সহায়ত বিপুল শক্তিৰে প্ৰবল প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি থাকিব। আমি দেখিছো যে মানৱ সভ্যতা বিজ্ঞান-প্ৰযুক্তিৰ চৰম শিখৰত উপনীত হোৱাৰ পাছতো ধৰ্মৰ সৈতে জড়িত কেতবোৰ অন্ধবিশ্বাস একেদৰেই বৰ্তি আছে, ধৰ্মৰ ব্যৱসায়ীসকলে কিছুমান অন্ধবিশ্বাসক বিজ্ঞানৰ পোচাক পিন্ধাই পূৰ্বতকৈ গজগজীয়াহে কৰি তুলিছে। এখিনিতে এয়াও স্বীকাৰ কৰিব লাগিব— এচাম মানুহ ধৰ্মৰ নামত উন্মাদ হৈ পৰিলেও বহু মানুহক ধৰ্মই আজিৰ তাৰিখতো পূৰ্বৰ দৰেই এক শৃংখলাবদ্ধ, শান্তিপূৰ্ণ আৰু আনন্দময় জীৱন যাপনৰ বাবে বাট দেখুৱাই আহিছে। প্ৰখ্যাত চিন্তাবিদ সুধীৰ কাক্কাৰে কৈছিল যে ব্যক্তিগত স্তৰত ধৰ্মীয় চেতনা এনে এক মানসিক অৱস্থা, য’ত মানৱীয় আৱেগ-অনুভূতিয়ে এক প্ৰশান্তিৰ মাজত অৱস্থান কৰে আৰু আত্ম পৰিচয়ৰ সন্ধান দিয়ে। এই আত্ম পৰিচয় প্ৰতিচ্ছবি, শব্দ, ছন্দৰ মাজেৰে গভীৰ হয় আৰু লাহে লাহে ধৰ্মীয় পৰিচয়লৈ পৰিৱৰ্তিত হয়। এই ধৰ্মীয় পৰিচয় বা চেতনা বিশৃংখলতা আৰু অনিশ্চয়তাৰ মাজত বিভেদকামী শক্তিৰ চিকাৰ হয়। ধৰ্মৰ ‘মই’ পৰিচয়ৰ লগত ‘আমি’ পৰিচয় যুক্ত হয় আৰু এই ‘আমি’ পৰিচয় যিমানেই তীব্ৰ হয়, সিমানেই এটা সম্প্ৰদায় সাম্প্ৰদায়িক হৈ পৰে [The Colors of Violence : Cultural Identities, Religion, and Conflict, University Of Chicago Press, 1996] । ক’বলৈ গ’লে, মানুহ ধৰ্মান্ধ নোহোৱালৈকে বা একাংশ চতুৰ লোকে ধৰ্মক ব্যৱসায় আৰু ৰাজনীতিৰ আহিলা হিচাপে গ্ৰহণ নকৰালৈকে ধৰ্মই মানৱ সমাজৰ ব্যাপকভাবে ক্ষতি সাধন নকৰে। প্ৰাক্ ঐতিহাসিক আৰু ঐতিহাসিক যুগত কিছুমান ধৰ্মৰ মাজত মানৱ সমাজক আগুৱাই নিব পৰাকৈ কেতবোৰ প্ৰগতিশীল উপাদনো পৰিলক্ষিত হৈছিল।

ধৰ্ম হ’ল সংস্কৃতিৰ এক বিশিষ্ট অংগ। এই সংস্কৃতি বা ইংৰাজী কালচাৰ (cultural) শব্দৰ অৰ্থ বিভিন্ন সমাজ বিজ্ঞানী আৰু নৃতত্ত্ববিদসকলে বিভিন্ন ধৰণেৰে ব্যাখ্যা কৰিছে। সমাজ বিজ্ঞানী মেক্লভাৰ আৰু চৰকিনৰ মতে, মানুহৰ নৈতিক, আধ্যাত্মিক আৰু বৌদ্ধিক বিকাশেই সংস্কৃতি। বিখ্যাত নৃতত্ত্ববিদ এডৱাৰ্ড বাৰ্ণেট টেইলৰে কৈছিল যে সমাজৰ অংগীভূত সদস্যৰূপে মানুহে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ-পাৰ্ৱণ, আইন-কানুন, নৈতিকতা আদিৰ সামগ্ৰিক যৌগিক ৰূপেই হ’ল সংস্কৃতি। তেওঁৰ মতে, সংস্কৃতি সামাজিক উত্তৰাধিকাৰ বা ঐতিহ্য। সংস্কৃতিৰ বিশিষ্ট অংগ ধৰ্মও কেতবোৰ বিশ্বাস, মূল্যবোধ, আচৰণ আদিৰ সমষ্টি। সমাজৰ অংগীভূত সদস্যৰূপে মানুহে সচেতন আদেশ-নিৰ্দেশৰ জৰিয়তে আৰু অনুকৰণ-প্ৰক্ৰিয়াৰ সংযোগত ধৰ্ম আহৰণ কৰে।

লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক ডঃ নবীন চন্দ্ৰ শৰ্মাৰ মতে—‘শৈশৱ কালতেই ব্যক্তিয়ে ধৰ্ম সম্পৰ্কীয় শিক্ষাৰ শতকৰা ৫০ ভাগ লাভ কৰে। শিশুসকলে নিৰ্দিষ্ট সংস্কৃতিৰ মাধ্যমতহে পৰিদৃশ্যমান জগতখনক চাবলৈ শিকে। পৰৱৰ্তী জীৱনত শিশুসকল যদি পৰস্পৰ বিৰোধীমতৰ সন্মুখীন হ’বলগীয়া নহয়, তেনেহ’লে তেওঁলোকে কেতিয়াও তেওঁলোকৰ সংস্কৃতি আৰু ধৰ্মীয় সিদ্ধান্তৰ বিপৰীতে সন্দেহৰ ভাৱ পোষণ নকৰে আৰু আত্ম উপলব্ধিৰ নিচিনাকৈ নিজৰ নিজৰ সংস্কৃতি আৰু ধৰ্ম গ্ৰহণ কৰে। (অসমীয়া লোক-সংস্কৃতিৰ আভাস, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড, গুৱাহাটী-১, পঞ্চম প্ৰকাশ, ২০১১, পৃঃ ৬)। তেওঁ ধৰ্মৰ সামাজিক দিশ ব্যাখ্য কৰিবলৈ গৈ আকৌ কৈছে— ‘ধৰ্মক সংস্কৃতিৰ ব্যাপাৰ ৰূপে আখ্যা দিয়া হয়, কাৰণ ই অৰ্থ, মূল্যবোধ, বিশ্বাস আদিৰদ্বাৰা সুসংবৰ্দ্ধিত পদ্ধতি বিশেষ। মানুহে ইয়াৰ সহায়ত পৰিদৃশ্যমান জগতৰ ব্যাখ্যা দিবলৈ প্ৰয়াস কৰে। এই মানুহবিলাকৰ জৰিয়তেই গঠিত হয় সমাজ জীৱন। নিৰ্দিষ্ট সাংস্কৃতিক জীৱন-পদ্ধতিৰ মাজত তেওঁলোকে সামাজিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সম্পাদন কৰে। সামাজিক অন্যোন্যক্ৰিয়াৰ সুনিৰ্দিষ্ট ৰীতি-নীতি আদি বিভিন্ন ধৰ্মীয় বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। এই ৰীতি-নীতি আদিয়েই ধৰ্মীয় ভূমিকাৰ অস্তিত্ব, সামাজিক প্ৰতিষ্ঠা আৰু স্তৰায়ণৰ জন্ম সম্ভৱ কৰে।’ (পূৰ্ব উল্লেখিত গ্ৰন্থ, পৃ-৭)

সি যি নহওক, মুছলমান বা ইছলাম শব্দৰ অসমীয়া অৰ্থ হ’ল – শান্তি। মানুহৰ সামগ্ৰিক কল্যাণ সাধন কৰাটোৱেই মুছলমান ধৰ্মৰ শ্ৰেষ্ঠ আদৰ্শ বুলি বিবেচিত হৈ আহিছে। জীৱনক যাপন কৰিবলৈ, ভাস্বৰিত কৰিবলৈ আৰু জ্ঞানসমৃদ্ধ কৰিবলৈ মুছলমান ধৰ্মত কলিমা, নামাজ, ৰোজা, হজ, জাকাৎ– এই পাঁচ ফৰজ অৰ্থাৎ অৱশ্যে কৰণীয় বিধান নিৰ্দিষ্ট হৈ আছে। এই ধৰ্মৰ প্ৰধান উৎসৱ হ’ল–ঈদ। ইয়াৰ অসমীয়া অৰ্থ হৈছে, আনন্দ। জ্ঞাতব্য যে পঞ্চম দশকৰ পূৰ্বে আৰবত ‘নিৰুজ’ আৰু ‘মিহিৰজান’ নামে দুটা উৎসৱ পালিত হৈছিল। কিন্তু, এই উৎসৱ দুটাত মানুহৰ নৈতিক অধঃপতন অৱধাৰিত হৈ পৰাত পৰৱৰ্তী সময়ত ‘ঈদ-উল-ফিতৰ’ (সৰু ঈদ) আৰু ‘ঈদ-উল-আজহা’ (বৰ ঈদ বা বকৰিদ) নামৰ দুটা ভিন্ন উৎসৱৰ প্ৰচলন আৰম্ভ হয়। এই ঈদ উৎসৱ বছৰৰ দুটা দিনত পালন কৰা হয়। আৰবী ৰমজান মাহত এমাহ ধৰি ৰোজা ৰখাৰ অন্তত সৰু ঈদ পালন কৰাৰ বিপৰীতে আৰবী জিলহজ মাহৰ ১০ তাৰিখে বৰ ঈদ বা বকৰিদ পালন কৰা হয়।

ঈদ উৎসৱে মুছলমান ধৰ্মীসকলক প্ৰদান কৰে সীমাহীন আনন্দৰ অনুভৱ। ঈদৰ দিনটোত মুছলমান লোকসকলে সাংসৰিক জীৱনৰ দুখ-গ্লানি, কষ্ট-যন্ত্ৰণা আদি পাহৰি গৈ, নতুন কাপোৰ-কানি পিন্ধি পৰস্পৰৰ সৈতে ঘনিষ্ঠভাবে মিলিত হয়। এই দিনটোত ধনী-দুখীয়া, বাদশাহ-ফকীৰ, মালিক-শ্ৰমিক আদিৰ মাজত কোনো সামাজিত ব্যৱধান পৰিলক্ষিত নহয়। পৰস্পৰে বিনিময় কৰে শুভ বাৰ্তা– ‘ঈদ মোবাৰক’। ইয়াতে ফুটি উঠে ঈদৰ সামাজিক সাম্য আৰু মৈত্ৰীৰ আদৰ্শ। এই উৎসৱত কেৱল ধৰ্মীয় তাৎপৰ্যই নহয়, সাংস্কৃতিক তাৎপৰ্যও পৰিলক্ষিত হয়। ঈদে মুছলমান ধৰ্মপৰায়ণসকলক ধৈৰ্য, ক্ষমা, সংযম, ত্যাগ আদি মানৱীয় গুণসমূহ উৎকৰ্ষ সাধনৰ যেনেকৈ উৎসাহিত কৰে; তেনেকৈ অন্যান্য ধৰ্মাৱলম্বী লোকসকলৰ সৈতে ভ্ৰাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাবলৈ অনুপ্ৰাণিত কৰে।

এইখিনিতে বৈদ্যুতিন আলোচনী ‘মানবাধিকাৰ খবৰ’ৰ এটি সম্পাদকীয়ৰ উদ্ধৃতি দিয়াৰ লোভ সম্বৰণ কৰিব নোৱাৰিলো। ‘ঈদ হোক মানবতাৰ কল্যাণে সুখেৰ বাৰতা’ শীৰ্ষক সম্পাদকীয়ত কোৱা হৈছে– ‘এই ঈদে ছোট-বড়, ধনী-গৰীব পাৰ্থক্য ঘুঁচিয়ে দিয়ে সকলেৰ তেৰ সাম্যনীতি ও ইনসাফপূৰ্ণ আচৰণেৰ মধ্য দিয়ে সুখ-আনন্দ ভাগ কেৰ নিতে হবে। মানুষ মানুষেৰ জন্য, এই অভেদ নীতেতে সাম্য ও ঐক্যেৰ ভিত্তি ৰচনা কৰতে হবে সুন্দৰ পৃথিবী তৈৰী কৰাৰ জন্য। সমস্ত অকল্যাণ ও পাপ-পঙ্কিলতাকে ধুয়ে মুছে পবিত্ৰ ঈদ হোক কল্যাণময় বাৰতাৰ মহোৎসব। আৰ বাস্তবেই ঈদ সফল হবে তখনই, যখন মানবতা আৰ ধুঁকে ধুঁকে মৰবে না, দুঃখ-যাতনা থাকবে না সমাজেৰ প্ৰতিটি ক্ষেত্ৰে নিৰাপত্তা হীনতা ও বিপদ আশঙ্কাৰ ঘনঘোৰ সৃষ্টি হবে না কোন দুৰ্মদ ও মানবতাবিেৰাধী কোন অপশক্তিদেৰ দ্বাৰা। … জাতীয় কবি কাজী নজৰুল ইসলামেৰ সুমহান আদৰ্শেৰ আলোকে মুসলিম বিশ্বেৰ ঐক্যেৰ বন্ধনে আবদ্ধ হবাৰ গান গেয়েছেন এভাবে– প্ৰকৃত অৰ্থে ঈদেৰ খুশীতে ভেৰ উঠে অনাবিল পৰম সুখেৰ পূত-পবিত্ৰ প্ৰতিটি হৃদয় আকাশ। যেখানে নেই কোন দুঃখ ভাৰাক্ৰান্ত মন, আবিলতা ও হিংসা বিদ্বেষেৰ কোন হঠকাৰিতাপূৰ্ণ চিন্তা চেতনা। সেই সমাজ ও পৰিবেশ, যাতে আছে কল্যাণ, আছে ভালোবাসা, প্ৰেম-প্ৰীতি ও সহমৰ্মিতা। আছে মানবিক মূল্যবোধেৰ মূল্যায়ন। পৰষ্পেৰৰ প্ৰতি সহযোগিতা ও ভ্ৰাতৃত্ব বন্ধনেৰ অনুৰাগ ও মানব কল্যাণেৰ ঐকান্তিক প্ৰবণতা। মানবেৰ তেৰ ঈদ-উল-ফিতৰ সেই শিক্ষা নিয়েই প্ৰতি বছৰ আসে আমাদেৰ মাঝে।’[http://manabadhikarkhabar.com /details.php?id=1879]

উল্লেখ নিস্প্ৰোয়জন যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুছলমানসকলৰ দৰে অসমৰ মুছলমানসকলেও প্ৰতি বছৰে উলহ-মালহেৰে ঈদ পালন কৰি আহিছে। ঈদৰ দিনা অসমৰ মুছলমান ধৰ্মাৱলম্বীসকলক অন্যান্য ধৰ্মৰ লোকসকলে শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰি লগে-ভাগে এসাঁজ আহাৰো গ্ৰহণ কৰিছে। সকলোৱে জনা কথাবোৰ চৰ্বিত-চৰ্বন নকৰি আমি কেৱল ক’ব বিচাৰো যে অসমত বসবাস কৰা মুছলমানসকল ধৰ্মৰ দিশত বৃহত্তৰ ভাৰতীয় ইছলমীয়া সংস্কৃতিৰ সৈতে সম্পৰ্কিত হ’লেও সামাজিক আচৰণৰ ক্ষেত্ৰত তেওঁলোক অসমীয়া সংস্কৃতিৰ সৈতেহে সম্পৰ্কিত। এই অসমীয়া সংস্কৃতি হৈছে সমন্বয় আৰু সমাহৰণৰ সংস্কৃতি। এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত ওচৰা-ওচৰিকৈ বসবাস কৰা আৰু পাৰস্পৰিক সম্পৰ্ক ৰক্ষা কৰা বিভিন্ন জনসমষ্টিৰ সাংস্কৃতিক উপাদানৰ মাজত সংঘটিত সংহতি বা মিলন প্ৰক্ৰিয়াই হ’ল সাংস্কৃতিক সমন্বয় প্ৰক্ৰিয়া। সেইদৰে, বিভিন্ন সাংস্কৃতিক উপাদানৰ সংমিশ্ৰণত সম্পূৰ্ণ নতুন ৰূপ গ্ৰহণ কৰা প্ৰক্ৰিয়া বিশেষেই হ’ল সমাহৰণ।

মূলতঃ বিভিন্ন অষ্ট্ৰীয়-মংগোলীয় নৃ-গোষ্ঠীৰে ভৰা অসমৰ সংস্কৃতিৰ ভেটিটো মংগোলীয় সংস্কৃতিৰ উপাদানেৰে গঠিত হ’লেও ইয়াত বৈদিক আৰ্য আৰু মুছলমানসকলৰ বিভিন্ন সাংস্কৃতিক উপাদনো পৰিলক্ষিত হয়। আৰ্যসকলৰ জন প্ৰব্ৰজন আৰু সাংস্কৃতিক সংক্ৰমণৰ ফলত প্ৰাচীন অসমৰ ভূমিপুত্ৰসকলৰ সাংস্কৃতিক জীৱনে এক নতুন ৰূপ লাভ কৰিছিল। সেইদৰে, বিগত প্ৰায় আঠটা দশকৰ বিভিন্ন সময়ত যুদ্ধ অভিযান, ধৰ্ম প্ৰচাৰ, কৃষিভূমিৰ সন্ধান আদি বিভিন্ন কাৰণত অসমলৈ আহি স্থায়ীভাৱে থাকি যোৱা মুছলমানসকলৰ কেতবোৰ সাংস্কৃতিক উপাদানেও অসমৰ সংস্কৃতিক বৈচিত্ৰ্যময় কৰি তুলিছিল। মুছলমানসকলৰ অসম আগমনৰ ফলস্বৰূপে অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰত অনেক আৰবী আৰু ফাৰ্চী শব্দ প্ৰৱেশ কৰিছিল। অসমৰ মুছলমানসকলৰ ‘ফকিৰ আলি গীত’ত বিয়াহ গোৱা ওজাপালিৰ গীতৰ ঠাঁচ পৰিলক্ষিত হয়। দিহা আৰু ঘোষা যুক্ত জিকিৰ গীতত নৱ বৈষ্ণৱ ধৰ্মৰ গীতৰ প্ৰভাৱ স্পষ্ট। সেইদৰে, অসমৰ মুছলমানসকলৰ মাজত শীতলা-পূজাৰ ক্ষীণ প্ৰভাৱ পৰিলক্ষিত হয়। কামৰূপ আৰু দৰং জিলাৰ কিছুমান অঞ্চলত মুছলমানসকলে বসন্ত ওলোৱাৰ ন দিনৰ দিনা ন বৰণৰ ফুলৰ সৈতে গাখীৰ-কল-চেনি-মুগ আদিৰে ঘৰৰ ভিতৰতে শীতলালৈ নৈবদ্য আগবঢ়ায়। বংগদেশত হিন্দুসকলেই নহয়, মুছলমানসকলেও মনসা-পূজা কৰিছিল। এই পূজা পৰম্পৰা মুছলমানসকলেই অসমলৈ কঢ়িয়াই আনে বুলি বিৰিঞ্চি কুমাৰ বৰুৱা, সত্যেন্দ্ৰ নাথ শৰ্মাৰ দৰে পণ্ডিত-গৱেষকে ক’ব খোজে। উল্লেখ্য যে সুকুমাৰ বৰকাথৰ ‘হস্তীবিদ্যাৰ্ণৱ’ গ্ৰন্থৰ চিত্ৰবোৰ অংকন কৰিছিল দিলবৰ আৰু দেচাই নামৰ দুজন মুছলমান লোকে।

সি যি নহওক, শেহতীয়াকৈ ‘ঈদ-বিহু প্ৰীতি সন্মিলন’ক লৈ অসমৰ সামাজিক গণমাধ্যমত তীব্ৰ বিতৰ্কৰ সূচনা হৈছিল। এই সম্পৰ্কতহে কিছু আলোচনাৰ প্ৰয়োজনবোধ কৰিছো।

অসমৰ জাতীয় উৎসৱ বিহু এক ধৰ্মনিৰপেক্ষ উৎসৱ হ’লেও ইয়াত শংকৰদেৱ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ কিছু প্ৰভাৱ পৰিছিল। নৱবৈষ্ণৱ ধৰ্মই বৈদিক আচাৰ-অনুষ্ঠানৰ বিৰোধিতা কৰিছিল বাবে বিহুৰ ওপৰত পৰা এই প্ৰভাৱক বৈদিক আচাৰ-অনুষ্ঠানযুক্ত হিন্দুধৰ্মৰ প্ৰভাৱ বুলি ক’ব নোৱাৰি। তেনেদৰে কোনোবাই ক’লে, সেয়া বিহুৰ প্ৰকৃতিগত বৈশিষ্ট্য আৰু ধৰ্ম নিৰপেক্ষ চৰিত্ৰক উলাই কৰাৰ নতুন চতুৰালি আৰু কৌশল বুলিহে বুজিব লাগিব। বিহুৰ ওপৰত হিন্দুধৰ্মৰ দৰে মুছলমান ধৰ্মৰ প্ৰভাৱ নপৰিলেও মুছলমানৰ ধৰ্মীয় উৎসৱ ঈদ আৰু জাতীয় উৎসৱ বিহু একেখন মঞ্চতে উদযাপিত হোৱাৰ অৰ্বাচীন ইতিহাস অসমত আছে।

লক্ষণীয় যে ১৯৮৪ চনৰ পৰা ১৯৮৮ চনলৈকে শিৱসাগৰৰ ধাইআলিৰ জেঙনিকটীয়া অঞ্চলত স্থানীয় ৰাইজে ‘ৰংপুৰ ঈদ-বিহু সন্মিলন’ অনুষ্ঠিত কৰি আহিছিল। সেই সময়তে শিৱসাগৰৰ অগ্ৰণী পুৰুষ সেউজ কোঁৱৰ পৰাগধৰ চলিহাই উক্ত অনুষ্ঠানৰ উদ্যোক্তা চফিকুল ৰহমান আৰু মণিৰুল ইছলাম বৰাক ‘ৰংপুৰ ঈদ-বিহু সন্মিলন’ক ‘ঈদ-বিহু প্ৰীতি সন্মিলন’ হিচাবে অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়ে। চলিহাই তেওঁলোকক কয় যে ১৯৮০ চনত শিৱসাগৰৰ শুকানপুখুৰী অঞ্চলত দেৱীপ্ৰসাদ মজুমদাৰ বৰুৱা আৰু থানেশ্বৰ দত্তৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ঈদ-বিহু প্ৰীতি সন্মিলন অনুষ্ঠিত হৈছিল। চলিহাৰ পৰামৰ্শ অনুসৰি ১৯৮৯ চনত প্ৰণৱজিৎ চলিহাক সভাপতি আৰু মণিৰুল ইছলাম বৰাক সাধাৰণ সম্পাদক হিচাবে লৈ ‘ঈদ-বিহু প্ৰীতি সন্মিলন’ৰ উদ্যাপন সমিতি গঠিত হৈছিল আৰু ধুমধামেৰে ‘ঈদ-বিহু প্ৰীতি সন্মিলন’ অনুষ্ঠিত হৈছিল। উক্ত সন্মিলনত হুঁচৰি, বিহুৱতী আৰু ইয়াৰ সমান্তৰালভাৱে জিকিৰ-জাৰী-গজল আদি পৰিৱেশন কৰা হৈছিল। পৰৱৰ্তী সময়ত শিৱসাগৰ জিলাৰ অন্যান্য অঞ্চলতো ‘ঈদ-বিহু প্ৰীতি সন্মিলন’ উদ্যাপিত হৈছিল। অন্য এক সূত্ৰই জনোৱা মতে, ডিব্ৰ্গুড়ৰ বৈৰাগীমঠতো জ্ঞানমালিনী কবি মফিজুদ্দিন আহেমেদ হাজৰিকাৰ উদ্যোগত বহু বছৰৰ পূৰ্বেই ‘ঈদ-বিহু প্ৰীতি সন্মিলন’ৰ দৰে অনুষ্ঠান পালন কৰা হৈছিল।

সন্দেহ নাই, এনেধৰণৰ অনুষ্ঠানে উজনি অসমৰ হিন্দু বা অন্যান্য থলুৱা জনগোষ্ঠী আৰু মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰাত অলপ হ’লেও অৰিহণা যোগাইছিল। কিন্তু, শেহতীয়াকৈ অসমৰ সমাজ-জীৱনত হিন্দুত্ববাদী সাম্প্ৰদায়িক শক্তিয়ে অস্থিৰতা আৰু বিশৃংখলতা সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। এনে প্ৰসংগতে আমি ফেইচ-বুকত লিখিছিলো যে ‘ঈদ-বিহু প্ৰীতি সন্মিলন’ৰ দৰে অনুষ্ঠানৰ পোষকতা আমিও নকৰো। এই সময়ছোৱাত সকলোধৰণৰ ধৰ্মীয় চেতনাৰ উৰ্ধত জাতীয় উৎসৱটো জীয়াই থকাটো বিচাৰো। ত্ৰিশ বছৰৰ আগতে এনে অনুষ্ঠান যি কাৰণতে, যি উদ্দেশ্যৰে আয়োজিত নহওক; বৰ্তমান পৰিস্থিতিত এনে অনুষ্ঠানে অন্যান্য ধৰ্মৰ অশুভ শক্তিবোৰক উৎসাহিত কৰাৰ সম্ভাৱনা আছে।

আমি আশা কৰো যে শংকৰ-আজানৰ দেশত মূৰ দাঙি উঠা বিভেদকামী আৰু সাম্প্ৰদায়িক শক্তিবোৰক অসমৰ শান্তি-সম্প্ৰীতিপ্ৰেমী ৰাইজে প্ৰতিহত কৰিবলৈ সক্ষম হ’ব আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অটুট ৰাখিব। পৱিত্ৰ ঈদৰ বতৰত প্ৰতিজন অসমবাসীৰ এয়াই সংকল্প হোৱা উচিত।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে