চ’ৰাঘৰ / কথাশিল্প / বতৰৰ কবিতা৷৷ টুনুজ্যোতি গগৈ৷৷

বতৰৰ কবিতা৷৷ টুনুজ্যোতি গগৈ৷৷

দুপৰ বেলা ভোকত ৰ’ব নোৱাৰি
উঠন গৰখীয়া দৌৰ মাৰে বাঁৰী তিৰোতাৰ বাৰীলৈ
জেওৰা জঁপিয়াই ছিঙি আনে দুটি পকা আম
পোকে ধৰা আমৰো সুকীয়া গোন্ধ থাকে
তাৰ ওঁঠ-জিভাত নিস্পেষিত হয় পূৰঠ গুটি দুটিও

মৌজাদাৰৰ বাৰীত ৰঙচুৱা হৈ
‘মোক খা’ ‘মোক খা’ কৰি ওলমি থাকে দুটি ডালিম
ওখ জেওৰা জঁপিয়াই, ৰখীয়াৰ চকুত ধূলি মাৰি
ডালিম খাব নোৱৰাৰ দুখে দহে তাৰ হৃদয়

এদিন এজুপি ডালিম সি নিজে ৰুলে ঘৰৰ বাৰীত
পকা ৰঙচুৱা ডালিম ফালি
মুখলৈ গলিয়ালে এটি দুটি গুটি
গৰু চৰাবলৈ এৰি হালৰ মুঠিত ধৰিলেও
সি চকু দিয়ে আনৰ বাৰীৰ ডালিমলৈ–
মৌজাদাৰৰ বাৰীৰ ডালিম খোৱাৰ লোভ
সি এৰিব নোৱাৰে আজিও।

এটা মন্তব্য

  1. প্ৰাচুৰ্য বৰা

    বৌদ্ধিক বিচাৰ এক ভাল প্ৰচেষ্টা। ইয়াত নীতি আদৰ্শৰ ওপৰত এটা সুকীয়া নিয়মীয়া লেখা প্ৰকাশ কৰিব পাৰি নেকি ভাৱি চাবচোন।বাকী সকলোৰে লেখাবোৰ ভাল পাইছো। ইয়াৰ ওপৰি এই চিন্তাটো টেব্লইদ আকাৰত ছপা মাধ্যমত উলিয়াই অসমৰ বিদ্যালয় মহাবিদ্যালয় সমুহত প্ৰচাৰ কৰিব পাৰি নেকি ভাৱিব। এইটো আমাৰ ব্যক্তিগত ঈচ্ছা আছিল। এতিয়ালৈকে আমি বিশ্বাসযোগ্য সহযোগী পোৱা নাই বাবে সম্ভৱ কৰি তুলিব পৰা নাই। আপোনালোক যদি আগবাঢ়ে ভাল লাগিব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে