চ’ৰাঘৰ / কথাশিল্প / মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা৷৷ উদ্দীপ্ত হাজৰিকা৷৷

মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা৷৷ উদ্দীপ্ত হাজৰিকা৷৷

মই জেপত পিষ্টল লৈ ফুৰোঁ বুলি
আগতে তেওঁলোকে নাজানিছিল
সিদিনা হঠাৎ মই যেতিয়া শত্ৰুৰ দুৰ্গত বন্দী
তেওঁলোকে পঢ়িলে খবৰ
মানুহৰ মুখে মুখে
হিচ হিচ বতাহত বাগৰি যোৱা
গোপন ইস্তাহাৰখন ঘোষিত হ’ল—
সামন্তৰ ভঁৰালত ধান কাঢ়িবলৈ যোৱা
মই এটা ডকাইত৷

লগে লগে মোৰ স’তে হোৱা
সকলো সন্ধিপত্ৰ ছিঙি
তেওঁলোকে এশবাৰ আকাশলৈ থুৱাই দিলে
তীব্ৰ ঘৃণাত এশবাৰ
তেওঁলোকৰ স’তে জোনাকৰ প্ৰতিজ্ঞাৰে গঢ়া মোৰ সমুহ সন্ধিপত্ৰক কোৱা হ’ল
দুৰ অভিসন্ধি৷

তেওঁলোকে খেপিয়াই ফুৰিছে
ইমান কোমলতাৰ মাজত
কেনেকৈ জ্বলিছে হিংস্ৰ দুটি চকু
(স্বদেশৰ বাবে উত্তপ্ত হোৱাটোক যদিও হিংস্ৰতা নকয়)
মোৰ চকুলৈ চাবলৈ তেওঁলোকৰ আজিকালি ভয়
জানোচা হৃদয়ৰ অমল শান্তিকণ
মোৰ হিংসাৰ কাঁইটে উদং কৰি থয়
আৰু হয়তো তেওঁলোকে ভাবে
মোৰ হৃদয়ত ৰঙাকৈ জ্বলা জুইকুৰা
বৰফ পৰি পৰি মই সম্প্ৰতি এটা
এঙাৰ ক’লা বিষণ্ণ ৰাতি

আৰু মোৰ বিষয়ে অ’তবোৰ
সন্দেহৰ আঁচনি যুগুতোৱাসকলক মই কওঁঃ
মই দিগন্তত দিশহাৰা হৈ যোৱা
অস্তগামী বেলি নহয় যে
মই অন্ধকাৰৰ ওচৰত নতজানু হ’ম
মই ৰাতিৰ অন্ধকাৰতো
সংগোপনে অথচ নিৰ্ভীকভাবে
জ্বলি থকা এটা দোকমোকালি
যাৰ বাবে
মই মোৰ আত্মজৰ সোঁৱৰণত
পদূলিমুখত বন্তি জ্বলাবলৈ বাধ্য হ’লোঁ
যাৰ বাবে
গোলাপতকৈও প্ৰিয় স্বধীনতাক হেৰুৱালোঁ
যাৰ বাবে
উত্তৰ কামৰূপত অনাঘ্ৰাতা কুমাৰী গাভৰুৱে
চকুলোৰে পৃথিৱী ঢাকি ক’লে—
পোহৰতকৈ এন্ধাৰ ভাল

যি ক্ৰুৰ হাতেৰে মোহাৰি গ’ল
মোৰ দেশৰ প্ৰত্যেকখন গোলাপৰ বাগিচা

যিয়ে মোৰ ৰাজনীতি নুবুজা ভাইটোক
বুকুৰ তেজেৰে লিখিবলৈ বাধ্য কৰালে স্বদেশৰ নাম
সেইসকলৰ বাবেই মই উত্তপ্ত হ’লোঁ
সেই সকলৰ বাবেই হাতত তুলি ল’লোঁ
নিষিদ্ধ পিষ্টল
এদিন নহয় এদিন কংসবধৰ ভাওনা
এয়া মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা

মই জানো
এদিন সূৰ্যৰ ফালে চাই কথা ক’বলৈ
তোমালোকেও জুই বিচাৰি মোৰ ওচৰলৈ আহিবা
এদিন নহয় এদিন
তোমালোকে আকৌ মোৰ স’তে
সন্ধিপত্ৰ স্বাক্ষৰ কৰিবলৈ বাধ্য হ’বা
সেই দোকমোকলিটোলৈকে
মই অকলেই উৰাম
মোৰ তেজৰ পতাকা
এয়া মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে