চ’ৰাঘৰ / সমকাল / তিব্বতত তিনিটা নতুন বিমান বন্দৰ পৰিকল্পনা চীনৰ৷৷ সুমন্ত কাকতি ৷৷

তিব্বতত তিনিটা নতুন বিমান বন্দৰ পৰিকল্পনা চীনৰ৷৷ সুমন্ত কাকতি ৷৷

ভাৰতৰ চিৰবৈৰী দেশ চীনে নিজৰ উপনিলেশ তিব্বতত তিনিটাকৈ নতুন বিমান বন্দৰ নিৰ্মাণ কৰিব লৈছে, ভৌগৌলিক-সামৰিক দৃষ্টিৰে অতি গুৰুত্বপূৰ্ণ আৰু বিবাদমান এলেকাটোত চীনে সমৰসজ্জা অতি ব্যাপক কৰি তুলিছে, এই সমৰসজ্জা অংশস্বৰূপেই এই অতিৰিক্ত তিনিটা বন্দৰৰ নিৰ্মান কৰা হ’ব বুলি ঠাৱৰ কৰা হৈছে। কোৱা বাহুল্য যে তিব্বতত ইতিমধ্যেই চীনৰ ১৪ টাকৈ বিমান বন্দৰ আছে, যত চীনে নিজৰ বিমান বাহিনীৰ বিশাল সংখ্যক যুঁজাৰু বিমান, মাল পৰিবাহী ঝিয়ান ৱাই -২০ বিমান আৰু টেংকাৰ সাজু কৰি ৰখা বুলি উপগ্ৰহৰ ছবিত দেখা পোৱা গৈছে। ভুটান নেপাল আৰু ভাৰত সীমান্তৰ সংবেদনশীল সংগম স্থলৰ তিনি অঞ্চল ক্ৰমে লাহোকা, ঝিগাজ আৰু গাড়ীত  (Lhoka, Xigaze and Ngari) নিৰ্মাণ কৰিব লোৱা বন্দৰ কেইটাই যথেষ্ট অৰ্থবহন কৰিছে। চীনৰ ৰাষ্ট্ৰনিয়ন্ত্ৰিত সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি উক্ত প্ৰকল্প ২০২১ ৰ আগত ১৭.৬ বিলিয়ণ য়ুৱান ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হব আৰু ইয়াৰ জৰিয়তে বাণিজ্য আৰু পয্যটনক ত্বৰাণ্বিত কৰা হব৷ কিন্ত যুদ্ধবাজ চীনৰ এই কাৰ্যৰ অন্তৰালত কি উদ্দেশ্য নিহিত হৈ আছে সেয়া ভাৰতৰ সামৰিক বিশেষজ্ঞ সকলে উদঙাই দিছে ।

২৮,৭০০ বৰ্গকিঃমিঃ বহল বিবাদমান এইভূখণ্ডক ভাৰতে অতীজৰে পৰা অৰুণাচল প্ৰদেশৰ অংগ হিচাপে দাবী উণ্থাপন কৰি আহিছে ,আৰু এই অঞ্চলটো চীন-ভাৰতৰ মাজত বিগত বৰ্ষত চেপা উত্তেজনাই বিৰাজ কৰা ডোকলামৰ পৰা নাতিদূৰৈত অৱস্থিত যি তিব্বত ভাৰতৰ চিক্কিম আৰু ভুটান সীমান্তৰ সংগমস্থলীত অৱস্থিত ।

চীনে সাগৰপৃষ্ঠৰ পৰা যথেষ্ট উচ্চতাত বিমান বন্দৰ নিৰ্মাণ কৰা ঘটনাটোক ভাৰতৰ সামৰিক বিশেষজ্ঞ সকলে চীনৰ দখলদাৰী চতুৰ নীতি বুলি আখ্যা দিছে। উচ্চতাত বিমানকোঠ নিৰ্মাণ কৰি তাৰ জৰিয়তে ডোকলাম আৰু তিব্বতত নিজৰ সামৰিক স্থিতি সবল কৰাটোৱে চীনৰ প্ৰধান লক্ষ্য। তাৰ ফলত ভৱিষ্যতৰ যুদ্ধত ব্যাপক হাৰত সৈন্যপৰিবাহী জাহাজ একত্ৰ কৰি সেনা সঞ্চালন কৰাটো সহজ হৈ পৰিব আৰু পদাতিক সেনাক সহায় আৰু বোমাবৰ্ষণৰ বাবে চীনে যুঁজাৰু বিমানৰ সংখ্যা বঢ়াই তুলিব। কোৱা বাহুল্য যে চীনে একলা-দুকলাকৈ নিজৰ বায়ু শক্তি বঢ়োৱাত গুৰুত্ব প্ৰদান কৰিছে, ইতিমধ্যেই তৃতীয় প্ৰজন্মৰ জে-৭ , জে-৮ , চতুৰ্থ প্ৰজন্মৰ জে -১০ ,জে-১১ জেএফ-১৭ ৪.৫ প্ৰজন্মৰ জে-১৬ ছুখয় -২৭ ছুখয় -৩০ এম কে ছুখয় -৩৫ এছ আৰু সদ্য অন্তভুক্ত পঞ্চম প্ৰজন্মৰ জে-২০  সমন্বিতে ২ সহস্ৰাধিক যুঁজাৰু বিমানৰ সমাগম নিজৰ বায়ুসেনাত কৰিবলৈ সক্ষম হৈছে যিয়ে ভাৰতৰ বায়ুশক্তিৰ তিনিগুণ।

স্বাভাৱিকতেই চীনে নিজৰ বায়ুশক্তিৰ এক-তৃতীয়াংশ ভাৰতৰ পশ্চিম সীমান্তৰৈ সঞ্চালন কৰি ভাৰতৰ বিৰুদ্ধে যুদ্ধপ্ৰস্তুতিত আগবাঢ়ি থকাটো বিচাৰে। চীনে শেহতীয়াকৈ পঞ্চম প্ৰজন্মৰ অত্যাধুনিক জে -২০ বিমান নিজৰ সেনাত অন্তৰ্ভুক্ত কৰিছে, আধুনিক প্ৰযুক্তিৰ বাবে ৰাডাৰত দৃষ্টিহীন আৰু উন্নত ৰেঞ্জ,ৰাডায, এভিয়নিকছ থকা এই বিমান আমেৰিকাৰ বিধ্বংসী এফ -২২ ৰাপ্তাৰ আৰু এফ-৩৫ লাইটনিঙৰ সমপৰ্যায়ৰ বুলি সামৰিক মহলে সকীয়নি দিছে। বিগত জানুৱাৰীত চীনে ৰাছিয়াৰ পৰা পুৰ্বৰ অৰ্ডাৰ মৰ্মে ৪.৫ প্ৰজন্মৰ অত্যাধুনিক বিমান ছুখয়-৩৫ এছৰ ২৪ খন গ্ৰহণ কৰে আৰু তাক ততালিকে বায়ুসেনাত অন্তভুক্ত কৰি জে -২০ ৰ লগত ইয়ায ব্যাপক পৰীক্ষণ তিব্বতত চলায়, এই পৰীক্ষণ কাৰ্যসূচী ভাৰতৰ ছুখয়-৩০ বিমানৰ ৰাডাৰে ধৰা পেলায়। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে তিব্বতত চীনে ব্যাপক যুঁজাৰু বিমান মজুত কৰি ভাৰতক শলঠেকত পেলাবলৈ গ্ৰহণ কৰা কাৰ্য্যপন্থাক প্লেনিং টেবুলৰ কাগজৰ পৰা বাস্তৱ ৰূপ দিছে, ইয়াতেই ক্ষান্ত নেথাকি ভাৰতৰ প্ৰত্যাক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাছিয়াৰ পৰা এছ-৪০০ শৈলীৰ বিমান প্ৰতিৰোধী মিছাইলৰ অৰ্ডাৰ দিছে৷ প্ৰাপ্ত খবৰ অনুসৰি চীনে সৰ্বমুঠ বাৰটা এছ-৪০০ ৰেজিমেণ্ট গঠন কৰিব। স্মৰ্তব্য যে ছিৰিয়াৰ গৃহযুদ্ধত ৰাছিয়াৰ উপৰিউক্ত মিছাইল দেখি পলাই পত্ৰং দিছিল আমেৰিকাৰ প্ৰতাপী এফ-১৫ এফ-১৬ এফ এফ-১৮ যুঁজাৰু বিমানে। চীনে এইমিছাইল বিমানকোঠৰ সুৰক্ষাৰ বাবে যে ব্যৱহাৰ কৰিব সেয়া ধুৰূপ।

ভাৰতেও উক্ত পৰিকল্পনাক গুৰুত্বসহকাৰে লৈ কিছু তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই মুহূৰ্তত দক্ষিণ ব্লকৰ হাত খালী । ভাৰতে ইজৰাইলৰ পৰা ক্ৰয় কৰা স্পাইডাৰ শ্ৰেণীৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী চীন সীমান্তত মোতায়েন কৰিছে যদিও ইয়াৰ কাৰ্যসক্ষমতাৰ ওপৰত যথেষ্ট সন্দেহৰ অৱকাশ আছে, ই অইন বিমান ধ্বংসকাৰী প্ৰতিৰোধ প্ৰণালীৰ দৰে এয়াৰ টু ছাৰফেছ মিছাইল ব্যৱহাৰ নকৰে কৰে ফ্ৰাণ্সত নিৰ্মিত ডাৰ্বী প্ৰভৃতিৰ এয়াৰ টু এয়াৰ মিছাইলহে যাৰ ৰেঞ্জ বাৰুকৈয়ে কম গতিকে কেনেকৈ উচ্চতাত থকা বিমান এখনক ই ধ্বংস কৰিব পাৰিব সেয়া চিন্তনীয় । ভাৰতে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মনোহৰ পাৰিকাৰৰ নেতৃত্বত ৰাছিয়াৰ পৰা পাঁচটা এছ-৪০০ মিছাইল ৰেজিমেণ্ট কিনাৰ বাবে ২০১৫ চনতেই প্ৰস্তাৱ গ্ৰহণ কৰে যদিও এতিয়ালৈ ইয়াক কাৰ্যকৰী কযা হোৱা নাই৷ সমাগত ভাৰত-ৰাছিয়া বৈঠকত ইয়াৰ চূঢ়ান্ত চুক্তি সম্পাদিত হোৱাৰ আশা কৰা হৈছে। চীনৰ এই শক্তিক প্ৰতিহত কৰিবলৈ ভাৰতে নিজৰ ২৭২ খন ছুখয় – ৩০ এমকেআই বিমানক আধুনিকীকৰণৰ প্ৰস্তাৱ লৈছে ,এই প্ৰস্তাৱ মৰ্মে নতুন শক্তিশালী ইঞ্জিন, Aesa নামৰ সৰ্বাধুনিক ৰাডাৰ , উন্নত ISET ট্ৰেকাৰ ,উন্নত ককপিট সংযোজন কৰা হ’ব। উক্ত ব্যৱস্থাৰ সমৃদ্ধিকৰণে ভাৰতৰ ছুখয়-৩০ ক চীনৰ নতুন ছুখয়-৩৫ এছৰ সমপৰ্যায়ৰ কৰিব বুলি কোৱা হৈছে। ছুখয় ৩০ ৰ সক্ষমতা বঢ়াবলৈ ফ্ৰান্সৰ এটা সংস্থাৰ পৰা অত্যাধুনিক দুৰগামী বিমানভেদী মেটেওৰ মিছাইল কিনাৰ সিদ্ধান্ত লোৱা হৈছিল ছুখয়ৰ লগত ৰাছিয়া আৰু ইজৰাইল জড়িত থকাৰ অজুহাতত ফ্ৰাণ্সে উক্ত মিছাইল দিবলৈ অমান্তি হয়। এই খবৰে দক্ষিণ ব্লকৰ কোঠাৰ বিষয়ববীয়াক চিন্তাক্লিষ্ট কৰি তুলিছে। ভাৰতৰ বায়ুসেনাপ্ৰধানে এয়াৰ মাৰ্শ্বাৰ বি এছ ধানোৱাই ভাৰতক ৪.৫ প্ৰজন্মৰ সৰ্বমুঠ ২০০ খন বিমানৰ প্ৰয়োজন বুলি কৈছিল, কিন্তু ভাৰত চৰকাৰে ফ্ৰাণ্সৰ পৰা কেৱল ৩৬ খন ৰাফেলহে ক্ৰয় কৰে য’ত উত্থাপিত হৈছিল দুৰ্নীতিৰ প্ৰসংগও। মেক ইন ইণ্ডিয়া আঁচনিৰ অধীনত আমেৰিকাৰ লকহীন মাৰ্টিন আৰু ছুইডেনৰ ছাব গ্ৰুপ নিজৰ নিজৰ এফ-১৬ আৰু ছাব গ্ৰিপেন বিমান ভাৰতত নিৰ্মান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে যদিও বৰ্তমানৰ প্ৰতিৰক্ষামন্ত্ৰী নিৰ্মলা সীতাৰমণে তাক নাকচ কৰি সেনা বিষয়া আৰু প্ৰতিষ্ঠান দুটাক আশাহত কৰি তোলে । তাৰ সলনি তেঁওৰ মন্ত্ৰালয়ে বিমান ক্ৰয় কৰাৰ বাবে নতুনকৈ সতেজ টেণ্ডাৰ মুকলি কৰে৷ এই টোগলকী হঠকাৰী সিদ্ধান্তৰ অন্তৰালত মুনাভালোভী দূৰ্নীতিগ্ৰস্ত ব্ৰুৰোক্ৰেচীক জগৰীয়া কৰা হৈছে। যিয়ে বিদেশৰ কোম্পানীৰ পৰা উপঢৌকন লৈ ক্ৰয় ব্যৱস্থাত খেলি-মেলি কৰি দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি প্ৰশ্নবোধক অনা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে। ইপিনে ভাৰতৰ বহুপ্ৰত্যাশিত স্বদেশী লঘু বিমান তেজছে অনুমোদৰ ৩৫ বছৰ পিছতো সেনাত সম্পূৰ্ণকৈ অন্তভুক্ত হব পৰাকৈ সাজু হৈ উঠা নাই। কেগৰ শেহতীয়া প্ৰতিবেদন মতে তেজছৰ সৰ্বমুঠ ৩৫ টাকৈ বিংসগতি পোৱা গৈছে, যি অতি ভয়ানক তথ্য। তেজছৰ উক্ত বিসংগতিক দুৰ কৰাকৈ  ৪৩ টা নতুন সংযোজন সন্নিবিষ্ট  কৰি পৰিকল্পনা কৰা তেজছৰ এমকে ৱান এ বিমান প্ৰাৰম্ভিক উৰণটো দুৰৰেই কথা উৎপাদনেই আৰম্ভ হোৱা নাই।  উপৰিউক্ত তথ্যৰ পৰা প্ৰমাণিত হল যে শত্ৰুপক্ষৰ পৰা অহা শংকাক ৰুধিবলৈ ভাৰতৰ বায়ু শক্তি এইমুহূৰ্তত পৰ্যাপ্ত নহয়, প্ৰতিৰক্ষা মন্ত্ৰালয়ে যদি সময়োপচিত কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে দেশৰ প্ৰতিৰক্ষাযে আগ্ৰাসী শত্ৰুৰ দ্বাৰা মষিমূৰ হ’ব, সেয়া নিশ্চিত ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে