চ’ৰাঘৰ / সমকাল / পাণজুৰি, অন্ধবিশ্বাস আৰু কিছু কথা৷৷ ভৱেশ নাথ৷৷

পাণজুৰি, অন্ধবিশ্বাস আৰু কিছু কথা৷৷ ভৱেশ নাথ৷৷

কাৰ্বি আংলঙৰ ডেনগাঁৱৰ পাণজুৰিত সংঘটিত ঘটনাটো খুবেই দুখজনক, নিন্দনীয় আৰু গৰিহণাযোগ্য। সম্পূৰ্ণৰূপে ‘অন্ধবিশ্বাস’জনিত কাৰকৰ লগত জড়িত এই ধৰণৰ ঘটনা অসম মূলুকত এয়াই প্ৰথম নহয়, ইয়াৰ আগতেও বহুকেইটা হৃদয়বিদাৰক ঘটনা এইখন অসমত সংঘটিত হৈ গৈছে। অকল অসমেই নহয় বিভিন্ন সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ বিভিন্ন জন লোকে প্ৰাণ হেৰুৱাইছে, সেই কথা ইতিমধ্যে কাগজে পত্ৰই প্ৰকাশ পাই আহিছে। “অন্ধবিশ্বাস” কেনেদৰে গণ উন্মাদনালৈ পৰিৱৰ্তিত হ’ব ধৰিছে, সেই কথা কাৰ্বি আংলঙৰ ঘটনাটোৱে পুনৰবাৰ আমাৰ ওচৰত দেখুৱাই দিলে। কোনো ধৰণৰ প্ৰমাণ, তথ্য অবিহনে কেৱল মাত্ৰ “সোপাধৰা” নামটোৰ অচিলা লৈ এক ধৰণৰ ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ উন্মাদনাত মত্ত ৰাইজে নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ দুজনকৈ যুৱ শিল্পীক চকুৰ পচাৰতে হত্যা কৰি পেলালে। সঁচাকৈ খুবেই হতাশাজনক।

ঘটনাটোক এতিয়া বহুতেই বৰ্ণবাদী দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবলৈ লৈছে। অৰ্থাৎ কাৰ্বিয়ে অসমীয়াক হত্যা কৰিলে অথবা কাৰ্বিৰ হাতত অসমীয়াৰ মৃত্যু হৈছে নাইবা জনজাতিয়ে অজনজাতিক হত্যা কৰিলে। কিন্তু কোনেও প্ৰশ্ন কৰা নাই অথবা চিন্তা কৰা নাই যে কোনো কাৰ্বি বা কোনো অজনজাতিয়ে কোনো অসমীয়াক হত্যা কৰা নাই, হত্যা কৰিছে মানুহৰ মগজুত স্থায়ী ভাৱে বাহ লবলৈ আৰম্ভ কৰা “অন্ধবিশ্বাস” নামৰ মানসিকতাটোৱে। এই মানসিকতা ইমানেই ভয়ানক যে ই কোনো কাৰ্বি, ডিমাছা, ৰাভা, কোচ, নাথ, কলিতা, হুছেইন, আহমেদ, আলি চিনি নাপায়; চিনি পায় মাথোঁ অবিশ্বাস, অবৈজ্ঞানিক তথা যুক্তিহীন ভ্ৰান্ত ধাৰণা। গতিকে মানুহ যেতিয়া যুক্তিহীন হৈ ভ্ৰান্ত ধাৰণাসমূহকেই সঁচা বুলি মানি লৈ নিজৰ চিন্তা-চৰ্চাক বিসৰ্জন দি কেৱল মাত্ৰ অন্ধ ভাৱে সকলোবোৰ বস্তুক বিশ্লেষণ কৰিবলৈ যায়, তেতিয়াই মানুহ উন্মাদৰ শাৰীলৈ গতি কৰে আৰু এনে উন্মাদনাই সৃষ্টি কৰে গণ হত্যা।

এটা কথা আপোনালোকে হয়তো লক্ষ্য কৰিছে যে যিসময়ত এই ঘটনাটো সংঘটিত হৈছে, সেইসময়ত গোটেই দেশতেই কিছুমান অবৈজ্ঞানিক, যুক্তিহীন আলোচনাৰ পয়োভৰ। এই সকলোবোৰক আকৌ সাৰ পানী যোগাইছে দেশৰ শাসক শ্ৰেণীয়ে। দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়েই কয় যে ভাৰতবৰ্ষতেই হেনো বংশগতি বিজ্ঞান আৰু শল্য চিকিৎসাৰ আৰম্ভণি। ইয়াক সমৰ্থন কৰিবলৈ গৈ তেখেতে মহাভাৰতৰ কৰ্ণ আৰু গণেশৰ মূৰ সংৰোপণ কৰাৰ যুক্তি আগবঢ়াইছে। অথচ যাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। ত্ৰিপুৰাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ শেহতীয়া মন্তব্য— মহাভাৰতৰ যুগতেই হেনো ইণ্টাৰনেটৰ ব্যৱস্থা আছিল। মানৱ সম্পদ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী সত্যপাল সিঙৰ মতেতো ডাৰ উইনৰ জৈৱ বিবৰ্তন তত্ত্বৰ কোনো ভিত্তিয়েই নাই, যাৰ বাবে তেখেতে স্কুলীয়া পাঠ্যক্ৰমৰ পৰা ডাৰউইনৰ তত্ত্বকেই উঠাই দিয়াৰ পোষকতা কৰিছে। বিজেপিৰ কেইগৰাকীমান শীৰ্ষ নেতাৰ বক্তব্যৰ পৰা প্ৰকাশিত তথ্যসমূহ এনেধৰণৰ—গৰুৱে একমাত্ৰ জীৱ যিয়ে উশাহ আৰু নিশাহ দুয়োটা ক্ষেত্ৰতে অক্সিজেন গেছ গ্ৰহণ কৰে, গো মূত্ৰ কৰ্কট ৰোগৰ বাবে একমাত্ৰ ঔষধ, প্ৰাচীন ভাৰতত বিমানৰ প্ৰচলন আছিল, ষ্টিফেন হকিঙৰ মতে বেদত হেনো আইনষ্টাইনৰ E=mc2(square) ত কৈও অধিক উন্নত তথ্য আছে। এনেকুৱা আৰু অধিক বক্তব্য যোৱা সময়ছোৱাত শাসক শ্ৰেণীৰ জনপ্ৰতিনিধিবোৰৰ মুখৰ পৰা প্ৰকাশিত হৈছে, যিবোৰৰ কোনো বৈজ্ঞানিক সত্যতা নাই। তেওলোকেও জানে যে এই কথাবোৰ অসত্য, ভ্ৰান্ত , যুক্তিহীন। কিন্তু কিয় প্ৰকাশ কৰিছে? কাৰণ এইবোৰ বক্তব্য প্ৰকাশৰ মাজেৰে তেওলোকে জনতাক কিছুমান ভ্ৰান্ত ধাৰণাৰ মাজত সোমোৱাই ৰাখি প্ৰকৃত সত্যৰ পৰা জনতাক আতৰাই ৰাখিব পাৰে। যিমানেই যুক্তিহীন অবৈজ্ঞানিক চিন্তা চৰ্চাৰে জনতাক ব্যস্ত ৰাখিব পৰা যায়, সিমানেই জনতাৰ চিন্তা কৰিব পৰা শক্তিৰ বিলোপ ঘটে , মনবোৰ সম্পূৰ্ণৰূপে অন্ধবিশ্বাসী হৈ পৰে। বেলেগ উদাহৰণলৈ নগৈ যোৱা বৰ্ষত অসমত পালিত হোৱা নমামী উৎসৱৰ কথা ভাবক। নদী পূজা !! কেনে এক অবৈজ্ঞানিক চিন্তা চৰ্চা। নদী পূজাৰে সমস্যাৰ সমাধান সম্ভৱ জানো!! বিধান সভা যাগ যজ্ঞৰে শুদ্ধিকৰণ কৰা, অষ্ট লক্ষীৰ ধাৰণা এই যে কৰ্ম কাণ্ডবোৰ এইবোৰৰ সুনিৰ্দিষ্ট পৰিকল্পনা আছে? যাৰ একমাত্ৰ উদ্দশ্যে বৈজ্ঞানিক ভাৱে , যুক্তিসন্মত ভাৱে মানুহক চিন্তা কৰিবলৈ বাধা প্ৰদান কৰি বিশ্বাসৰ আধাৰত মানুহক চিন্তা কৰিবলৈ প্ৰয়াস কৰোৱা।

বিশ্বাসৰ আধাৰত মানুহক চিন্তা কৰিবলৈ কৰোৱা প্ৰচেষ্টাৰ অংশ ই হৈছে ফেক মেছেজ, সোপাধৰা, বিভিন্ন ধৰণৰ ধৰ্মীয় অনুভুতি যুক্ত whats app বাৰ্তা। আপোনালোকে হয়তো পাইছে , ময়ো পাওঁ কেতিয়াবা যে ভগৱান কৃষ্ণৰ নামত এই মেছেজটো দহজনক প্ৰেৰণ কৰক, আপুনি দহ মিনিটৰ ভিতৰত ভাল খবৰ পাই যাব। ভগৱন্ত হনুমানৰ এই ছবিখন এশজনলৈ প্ৰেৰণ কৰক, এসপ্তাহৰ ভিতৰত আপুনি আপোনাৰ সমস্যাৰ পৰা মুক্তি পাব। এইধৰণৰ মেছেজবোৰ , ভিডিঅ’ বোৰ প্ৰেৰণ কৰা হয় এক নিৰ্দিষ্ট চক্ৰৰ দ্বাৰা, যাৰ লগত শাসক শ্ৰেণীৰো অংশদাৰিত্ব থাকে। এইদৰেই সমাজ খনত প্ৰতিটো দিনে অন্ধবিশ্বাসৰ পোকবোৰ সোমোৱাই দিবলৈ প্ৰয়াস কৰি থকা হৈছে। যাৰ ফলস্বৰূপে আজি কাৰ্বি আংলঙৰ ঘটনা সমাজখনত সংঘটিত হবলৈ লৈছে। আন এক উদ্যেশ্য হৈছে এই ধৰণৰ ঘটনা সমূহৰ জৰিয়তে শাসক শ্ৰেণীয়ে প্ৰচলিত সমস্যাৰ পৰা জনতাক আঁতৰাই ৰাখিব বিচাৰে। মূল্যবৃদ্ধি, কৰ্মসংস্থান, নাগৰিকত্ব সংশোধনী বিধেয়ক এই যে সমসাময়িক ইচ্ছ্যুবোৰ এইবোৰৰ বিৰুদ্ধে জনতাৰ চকু অন্যফালে ঢাল খুৱাবলৈও শাসক শ্ৰেণীয়ে সদায় এনেধৰণৰ ঘটনাৰ সুযোগৰ অপেক্ষাত থাকে। এইবোৰ যিমানেই সংঘটিত হ’ব সিমানেই শাসক পক্ষৰ বাবে সুবিধা জনক।

আনফালে অন্ধবিশ্বাসৰ ৰূপ চাওক। জন্ম হোৱাৰ দুই তিনি বছৰৰ পিছতেই শিশুটিক নামঘৰটো দেখুৱাই কোৱা হয় — সৌ ফালে চাই নমু দিয়া, তাত এজন মানুহ থাকে, ভগৱান! সেইজনেই আমাৰ সকলোবোৰ হৰ্তা কৰ্তা। মানুহজনক দেখিছে নে দেখা নাই সেইবোৰ মাৰ গুলি, কেৱল বিশ্বাস কৰা। স্কুল-কলেজত সৰস্বতীৰ আৰাধনা সেই বিশ্বাসৰেই অংশ। হাতৰ আঙুলিত ৰিষ্ট নাশ কৰাৰ আঙুঠি, ৰাহু কেতুৰ জৰিয়তে অশুভ শক্তিক আতৰ কৰা, যাগ যজ্ঞ পাতি মানৱ মুক্তি কৰা, এই সকলোবোৰ সেই বিশ্বাসৰেই অংশ। এই বিশ্বাসে পৰৱৰ্তী পৰ্যায়ত এনে ভাৱে গঢ় লৈ যে সকলোবোৰ নিয়ন্ত্ৰণৰ কাৰক হৈ পৰে সেই বিশ্বাস। কিবা পালেও নাপালেও দুখ কৰিব লগা নাই, কাৰণ আপুনি বিশ্বাস কৰা সেই শক্তিটোৱেই সকলো সমস্যাৰ মূল সমাধান। চৰকাৰ, ৰাজনীতি, অৰ্থনীতি এই সব তেৰাৰ দৰ্শনতেই চলে। আপুনি যেতিয়া এইধৰণে ভাবিবলৈ আৰম্ভ কৰে তেতিয়া শাসক শ্ৰেণীও গাখীৰতে মহৰ খুটি পোৱা যেন অনুভৱ কৰে।

গতিকে কেইজনমান কাৰ্বিয়ে দুজন অসমীয়াক হত্যা কৰিলে বুলি কাৰ্বি আংলঙৰ ঘটনাটোক কেৱল মাত্ৰ এটা দৃষ্টিকোণেৰে বিশ্লেষণ কৰিবলৈ যোৱাটো অনুচিত হ’ব। এই ঘটনাটোৰ বাবে যদি আপুনি বা ম ই গোটেই কাৰ্বি সমাজখনক জগৰীয়া কৰিবলৈ যাওঁ তেতিয়াহলে লক্ষী ওৰাংৰ ঘটনাটোক লৈ আপুনি কাক জগৰীয়া কৰিব?? আজি আপুনি বা ম ই কাৰ্বি আংলঙৰ ঘটনাটোক লৈ যিমান সচেতন; অন্ধবিশ্বাস, কু সংস্কাৰ, যুক্তিহীন ,অবৈজ্ঞানিক চিন্তা-চৰ্চাৰ বিৰুদ্ধেও আমি সিমানেই সচেতন নে বাৰু ?? যদি সচেতন নহয়, তেতিয়াহলে এনেধৰণৰ “ডকমকা” কাণ্ড পুনৰাই যে সংঘটিত নহ’ব তাৰ কোনো নিশ্চয়তা নাই। এটা কথা মনত ৰখা উচিত হ’ব যে ৰংবং তেৰা‌ঙৰ দৰে প্ৰথিতযশা অসমীয়া ভাষাৰ সাহিত্যিকো এইখন কাৰ্বি সমাজৰ বাবেই সৃষ্টি হৈছে। অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোক কেইজন মান নিকৃষ্ট অসমীয়াই শিলগুটি দলিওৱাৰ বাবে যেনেদৰে গোটেই অসমীয়া সমাজখনক জগৰীয়া কৰিব নোৱাৰি, ঠিক তেনেদৰে কাৰ্বি আংলঙত ঘটনাটো সংঘটিত হোৱা বাবেই গোটেই কাৰ্বি সমাজখনক বা কাৰ্বি লোকসকলক জগৰীয়া কৰিবলৈ যোৱাটো উচিত নহব। প্ৰশ্ন কাৰ্বি অনা কাৰ্বি বা অসমীয়া- কাৰ্বি নহয় , প্ৰশ্ন হল — অন্ধবিশ্বাস আৰু আমি ??

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে