চ’ৰাঘৰ / সমকাল / গোষ্ঠীগত সংঘাত আৰু অসমীয়াৰ ভৱিষ্যত ৷৷ সঞ্জীৱ বৰুৱা৷৷

গোষ্ঠীগত সংঘাত আৰু অসমীয়াৰ ভৱিষ্যত ৷৷ সঞ্জীৱ বৰুৱা৷৷

বৰ্তমান অসমত যিধৰণৰ অৰাজকতা চলিছে অদূৰ ভৱিষ্যতে অসমীয়া সত্বাটো জীয়াই থাকিব নে নাই, সন্দেহ আছে৷ শেহতীয়া কাৰ্বি আংলঙৰ ঘটনাটোৱে সমগ্ৰ অসমত এক জোকাৰণি সৃষ্টিৰ লগে লগে সমান্তৰাল কেইবাটাও দুষ্ট চক্ৰই চচিয়েল মিডিয়াত জনগোষ্ঠী আৰু অসমীয়াৰ মাজত এক সংঘাত সৃষ্টি কৰিব পৰা পোষ্ট, মন্তব্য প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ দুজন প্ৰতিভাসম্পন্ন যুৱকক পাশৱিক অত্যাচাৰ কৰি হত্যা কৰিলে৷ নিতান্তই এইটো গৰিহণাৰ যোগ্য ঘটনা, প্ৰকৃত দোষীয়ে উপযুক্ত শাস্তি পাওক , এইটো আমাৰ কাম্য ৷ মাত্ৰ কেইজনমান মূৰ্খৰ ভুলৰ বাবে সমগ্ৰ কাৰ্বি আংলঙৰ কাৰ্বিসকলক দোষাৰোপ কৰিবলৈ আমাৰ অধিকাৰ আছেনে? আজি কেৱল কাৰ্বি আংলঙত কিয় দিল্লীত, গুৱাহাটীত এনেধৰণে ৰাজহুৱাকৈ অসমীয়াৰ হত্যাৰ ঘটনা সংঘটিত হোৱা নাছিল নে?

অসমত জনগোষ্ঠীয় সংঘাতৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিবলৈ গৈ কেইবাজনো ব্যক্তিয়ে জনগোষ্ঠীৰ সমৰ্থনত সমগ্ৰ অসমীয়া জাতিটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ অসমৰ দুটা প্ৰধান জনগোষ্ঠী কাৰ্বি আৰু বড়োসকলৰ উন্নয়নৰ হেতু বড়ো স্বায়ত্ব শাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ গঠন হ’ল ৷ কিন্তু গঠনহোৱা দিন ধৰি আজি পৰ্যন্ত দুয়োখন পৰিষদৰ যি গতিত উন্নয়ন হব লাগিছিল সেয়া হৈ নুঠিল৷ তাৰ কাৰণে দুয়োখন পৰিষদৰ ভিতৰুৱা দুজনমান হিতাধিকাৰীয়ে দোষাৰোপ কৰিছে অসমীয়াক৷ কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখা যায় দুয়োখন পৰিষদৰ ৰাজনৈতিক নেতাসকলৰ অবাধ দুৰ্নীতিৰ বাবেই উন্নয়নৰ শিতানৰ পূঁজি অবাধ হাৰত লুণ্ঠন হৈ আহিছে৷ পৰিষদৰ সদস্য তথা বিভাগীয় কাৰ্য্যবাহী সদস্যৰ অনুমোদন নাথাকিলে আমোলাই ধন ঘটিবলৈ সুবিধা পাবনে? সদস্যসকলৰ অঙহী-বঙহী বোৰৰ মাজতে পৰিষদৰ উন্নতি সীমিত হৈ আছে৷ অথচ পৰিষদৰ সেই হিতাধিকাৰীকেইজনে এইবোৰ কথা প্ৰকাশ নকৰে৷ কিন্তু তেওঁলোকে এই ভূমিপুত্ৰসকলক অসমীয়াবিৰোধী কৰি তুলিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই৷

ঐতিহাসিক ভাৱেই অসম এখন নৃগোষ্ঠীয় ৰাজ্য, ইয়াত বসবাস কৰা প্ৰতিজনলোকেই প্ৰতিটো জাতি-জনগোষ্ঠীৰ আৱেগ অনুভূতিক গুৰুত্ব দিয়া উচিত৷ কেৱল আৱেগৰ বৰ্শৱতী নহৈ আমি সময়ৰ ঘটনাসমূহক বিশ্লেষণ কৰা উচিত৷ বহুকেইটা চক্ৰই বিচাৰি আছে অসমীয়া/ বড়ো, অসমীয়া/ কাৰ্বি, অসমীয়া/ মিছিং ইত্যাদিধৰণৰ এটি সংঘাত সৃষ্টি হওক৷ এই চক্ৰটোৱে বিচাৰি আছে, অসমীয়াৰ নিজৰ মাজৰ সংঘাতে আজি দুসপ্তাহৰ আগতে নাগৰিকত্ব বিধেয়কৰ সপক্ষে একগোট হোৱা অসমীয়া সত্বাটো ধ্বংস হওক৷ এয়া অবিৰাম প্ৰচেষ্টা চলি আছে খুব বুদ্ধিৰ মাজেৰে৷ সামগ্ৰিক পৰিস্থিতি আমি বিশ্লেষণ কৰি চাব লাগিব৷ চাব লাগিব কোনে কোনে কাৰ্বি আংলঙৰ ঘটনাটোক লৈ বিৰূপ মন্তব্য কৰি আহিছে৷ কেৱল কাৰ্বি কিয়, অসমৰ প্ৰত্যেকখন জিলাতেই প্ৰত্যেক জনগোষ্ঠীৰ লোকে বসবাস কৰি আছে৷ এনেদৰে যদি এটা জনগোষ্ঠীক লক্ষ্য কৰি অসমীয়াৰ মাজত সংঘাত সৃষ্টি হয়, অচিৰেই অসমত বিদেশীয়ে থিতাপি ল’বলৈ সুবিধা পাব৷ সাৱধান হ’বৰ হ’ল আমি৷ কাৰ্বি, বড়ো, মিচিং, ৰাভা ইত্যাদিসকলো জাতি-জনগোষ্ঠীক লৈহে অসমীয়া সত্তাটো গঠন হৈছে ৷ বড়ো জনগোষ্ঠীৰ লোক কেৱল কোকৰাঝাৰতে নাই, অসমৰ প্ৰত্যেক জিলাতে আছে, ঠিক তেনেদৰে কাৰ্বি সকলো আছে ৷ সকলোৰে মাজত ঐক্য, সম্প্ৰীতি, সদভাৱ, আলোচনাৰ মাজেৰেহে সমস্যাৰ সমাধান আশা কৰিব পাৰি৷ আমি দাবী কৰা উচিত সমাজত উৰাবাতৰি বিয়পোৱা এই দুষ্টচক্ৰবোৰৰ বিৰুদ্ধে চৰকাৰে উপযুক্ত ব্যৱস্থা লওক৷ সমাজৰ পৰা অন্ধবিশ্বাস দূৰীকৰণত উপযুক্ত আঁচনি লোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱতৰ্নৰ বাবে চৰকাৰক দাবী জনাব লাগে, যাতে পুনৰ আমি নিলোৎপল ,অভিজিতৰ দৰে প্ৰতিভা হেৰুৱাব লগা নহয়৷

ইয়াৰ বিপৰীতে আমি কাৰ্বিয়ে মাৰিলে বুলি কাৰ্বিসকলৰ ওপৰত প্ৰতিশোধৰ মনোভাৱ প্ৰকট কৰিবলৈ যাওঁ নিসন্দেহে ই হব জাতিটোৰ বাবে এক আত্মহত্যা৷ সচেতন হওক সকলো, কাৰ্বিসকলো আমাৰ অসমৰে ভূমিপুত্ৰ ৷ জীয়াই থকাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ অসমীয়া হিচাপে প্ৰত্যেকজন অসমীয়াৰ অসমৰ সকলো ঠাইতে আছে ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে