চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / কেনেকৈ পাহৰিম কাৰ্বি আংলঙৰ খেৰণীক ? ৷৷ মীনাক্ষী বৰুৱা৷৷

কেনেকৈ পাহৰিম কাৰ্বি আংলঙৰ খেৰণীক ? ৷৷ মীনাক্ষী বৰুৱা৷৷

১৯৯৮ চনৰপৰা ২০০০ চনলৈকে প্ৰায় আঢ়ৈ বছৰ কাল মই কাৰ্বি-আংলং জিলাৰ খেৰণীত আছিলোঁ। নগাঁও জিলাৰ লংকাৰ পৰা কাৰ্বি আংলং জিলাৰ এই সৰু ঠাইখনলৈ দূৰত্ব প্ৰায় ১৬ কিলোমিটাৰ। কিন্তু বাট-পথৰ শোচনীয় অৱস্থাৰ বাবে তেতিয়াৰ ৪০৭ গাড়ীবোৰত সময় লৈছিল প্ৰায় এঘণ্টা। লংকাৰপৰা খেৰণীলৈ গাড়ী নিৰ্দিষ্ট সময়ৰ মূৰে মূৰেহে চলিছিল। ভীষণ ভীৰ। কোনোবা পাকত খলা-বমা ৰাস্তাৰ ওপৰতে গাড়ীখন বাগৰি পৰিব যেন ভাব হৈছিল। খেৰণী অঞ্চলত কাৰ্বি, গাৰো, বাঙালী, মুছলমান আৰু অসমীয়া ভাষী মানুহৰ তুলনাত বিহাৰী সম্প্ৰদায়ৰ লোক আছিল আটাইতকৈ অধিক। জাতি-ধৰ্ম নিৰ্বিশেষে এই সহজ-সৰল মানুহখিনিৰ মাজত কোনো ধৰণৰ অসমতা কেতিয়াও আমাৰ চকুত পৰা নাছিল। স্থানীয় মানুহখিনিয়ে আমাক সদায়ে বৰ চেনেহৰ চকুৰে চাইছিল। সেয়ে ঠাইখনৰ প্ৰতি আমাৰ মৰম আৰু আকৰ্ষণ দিনে দিনে বাঢ়ি গৈছিল। আমাৰ মানে, মোৰ লগত আৰু দুগৰাকী সহকৰ্মী আছিল। খেৰণীত তেওঁলোক দুয়ো মোতকৈ জ্যেষ্ঠ। খেৰণীত থকা এই সময়চোৱাত বাহিৰৰ পৃথিৱীখনৰ খবৰ আমি বৰকৈ নাপাইছিলোঁ। ৰূমত টেলিভিচন, ৰেডিঅ’ একো নাছিল। কিছু নিলগত থকা ঘুমটি দোকান এখনৰ পৰা বাতৰিকাকত এখন লোৱাৰ ব্যৱস্থা কৰিছিলোঁ যদিও সেয়াও আছিল অনিয়মীয়া। হয় পেপাৰ নাহে, নহয় দোকান বন্ধ থাকে। তথাপিও খেৰণীৰ বহু সুন্দৰ স্মৃতিয়ে এতিয়াও সুযোগ পালেই মোক আপোনপাহৰা কৰি ৰাখে। কোকা নামৰ পিকনিক স্থলীত angling competition চাবলৈ যোৱা, পানীমূৰ জলপ্ৰপাতৰ পানীৰ হো হো শব্দত মোহাচ্ছন্ন হোৱা, শিৱপ্ৰসাদ ঠাকুৰৰ পৰিচালনাত ‘এচেৰেঙা পোহৰ’ নামৰ ডকুমেণ্টৰী এখনত অভিনয় কৰা, তৰালাংচ’ত কাৰ্বি মহোৎসৱ উপভোগ কৰিবলৈ যোৱা, কেম্প্ৰাইদাৰ পৰিয়ালে হৰলাং( স্থানীয় সুৰা) খাবলৈ যচা আদি কত কিমান ৰঙীন অভিজ্ঞতাৰে জীৱন সমৃদ্ধ হৈ আছে, সেই কথা কেনেকৈ পাহৰিম ? কলেজৰ চেয়াৰমেন ৰেনচিং বে’ চাৰ আৰু অধ্যক্ষ নবীন বৰা চাৰেও আমাক প্ৰতিটো কথাতে সহায় কৰাৰ লগতে উৎসাহ যোগাইছিল । খেৰণীত থকা দিনৰ সৰু-বৰ বিভিন্ন স্মৃতিয়ে প্ৰায়েই আমনি কৰে। তাৰে কিছু কথা ক’বলৈ মন গৈছে ।

(১)

কপিলী নৈৰ ওপৰত থকা কংক্ৰিটৰ দলংখনে খেৰণীক দুটা ভাগত বিভক্ত কৰিছে। এটা পাৰত আমাৰ ভাড়াঘৰটো, আনটো পাৰত আছিল কলেজখন। দলংখন আৰু নদীখনৰ নান্দনিক সৌন্দৰ্যই আমাক মোহাচ্ছন্ন কৰি ৰাখিছিল। কলেজলৈ অহা-যোৱা কৰোঁতে দলঙত ৰৈ নৈখনৰ সৌন্দৰ্য পান কৰাটো আমাৰ অভ্যাসত পৰিণত হৈছিল। কপিলী নৈৰ পাৰৰ ভিতৰুৱা অঞ্চল এটাত থকা এঘৰ মানুহৰ সৈতে আমাৰ বৰ আপোন সম্পৰ্ক এটা গঢ়ি উঠিছিল। তেওঁলোকৰ ডাঙৰ জীয়াৰী দীপাই নগাঁও ছোৱালী মহাবিদ্যালয়ত পঢ়া হেতুকে আমাৰ সহকৰ্মী এগৰাকীৰ সৈতে পুৰণি চিনাকি। খেৰণীত থকা সময়চোৱাত প্ৰতিটো বন্ধৰ দিন আমি দীপাহঁতৰ ঘৰতে কটাইছিলোঁ বুলিব পাৰি। তেওঁলোকৰ ঘৰত আমি হেঁপাহ পলুৱাই টিভি চাব পাৰিছিলোঁ, VCP লগাই চিনেমা চাব পাৰিছিলোঁ আৰু টেপ ৰেকৰ্ডাৰ লগাই নাচ-গান কৰাৰ সুযোগ পাইছিলোঁ। দীপাৰ দেউতাক শংকৰ পুৰী খুৰাৰ এখন গেলামালৰ দোকান আছিল। তেওঁলোকৰ চাৰিওটা ল’ৰা-ছোৱালী আমাৰ আপোন ভাতৃ-ভগ্নীৰ দৰে হৈ পৰিছিল। ঘৰখনৰ প্ৰতিজন সদস্যই আমাক সদায়ে ‘ঘৰৰ ছোৱালী’ৰ দৃষ্টিৰে চাইছিল। দীপাহঁতৰ সৈতে কপিলী নৈত গাধোৱাৰ স্মৃতিয়ে এতিয়াও প্ৰায়েই আমনি কৰে। কাৰ্বি-আংলং জিলাত উগ্ৰপন্থীৰ কূটাঘাটৰ বাবে প্ৰায়ে এটা নহয় এটা বন্ধ থাকেই। এইখন জিলাত ‘অসম বন্ধ’ৰ প্ৰভাৱ বৰকৈ নপৰে। এনেকুৱা বন্ধৰ দিন এটাৰ কথা। আমি দীপাহঁতৰ ঘৰত আছোঁ। গধূলি দীপাৰ খুৰাৱক কমল গিৰি আহি খবৰ দিলেহি আগনিশা কাৰ্বি উগ্ৰপন্থীয়ে (KNV) নদীৰ পাৰৰ মুছলমান মানুহ কেইঘৰত সোমাই বৰ অত্যাচাৰ কৰিলে। আজি নিশা নেপালী মানুহ কেইঘৰত সোমোৱাৰ সম্ভাৱনা আছে । কথাটো শুনিয়েই ভয়ত অণ্ঠ-কণ্ঠ শুকাই গ’ল আমাৰ। কি হ’ব এতিয়া? ক’লৈ যাম এই ৰাতিখন? আমি বাৰু আমাৰ ভাড়াঘৰলৈকে গুচি গ’লো, দীপাহঁতৰ পৰিয়ালটোৰ কি হ’ব ? ইতিমধ্যে মোৰ বিয়াৰ দিন ঠিক হৈছিল। অলেখ দুঃশ্চিন্তাৰে মন গধুৰ হৈ পৰিল। খেৰণীলৈ আহিয়েই গড়কাপ্তানী বিভাগৰ SDO জনক উগ্ৰপন্থীয়ে অপহৰণ কৰি নি কিছুদিনৰ পিছত মুকলি কৰি দিয়াৰ কথা শুনিছিলোঁ। তেতিয়াৰেপৰা অহেতুক ভয় এটা এনেয়ো সোমাই আছিল বুকুৰ মাজত। হঠাতে আমাৰ মনত খেলালে দীপাহঁতৰ ঘৰৰ ওখ কাঠৰ চিলিংখনত দেখোন লুকাই থাকিব পাৰি! চিলিঙলৈ উঠা স্থায়ী জখলাদালেৰে আমি তিনিজনীৰ লগতে দীপা আৰু ভনীয়েক বুনু ওপৰলৈ উঠি গ’লো। ওৰে নিশা উগ্ৰপন্থীৰ বিভিন্ন ৰূপ কল্পনা কৰি, কঁপি কঁপি আমি চিলিঙত চকুপানী মচি থাকিলোঁ। পুৱতি নিশা অকণমান পোহৰ হোৱাত তললৈ নামি আহিলোঁ। চোতাললৈ ওলাই ভাব হ’ল কিজানি দীপাহঁতৰ ঘৰৰ পিছফালৰ কুঁহিয়াৰ দৰাতে চোপ লৈ আছে উগ্ৰপন্থীয়ে! তথাপিও সূৰ্য্যৰ পোহৰে আমাৰ মনলৈ কিছু সাহস কঢ়িয়াই আনিলে। দীপাৰ ডাঙৰ ভায়েকে সাহসিকতাৰ প্ৰমাণ দিয়াৰ অৰ্থে সোমাই গ’ল ডাঠ কুঁহিয়াৰ বাৰীখনলৈ। আধাঘণ্টামানৰ পিছত অক্ষত অৱস্থাত ঘূৰি আহি সি স্বগতোক্তি কৰিলেহি, “ইমান ভয় বাইদেউহঁতৰ!” ইয়াৰ তিনিদিনৰ আগতে খেৰণীৰপৰা কিছু নিলগত কে.এন.ভি. উগ্ৰপন্থীয়ে ১১ জন বিহাৰী মানুহ হত্যা কৰিছিল। তাৰ প্ৰতিবাদত সেইকেইদিন কাৰ্বি-আংলং বন্ধ চলি আছিল। পিছদিনা কলেজৰ অধ্যক্ষ নবীন বৰা চাৰে খবৰ দিলেহি, আগনিশা উগ্ৰপন্থীৰ গুলীত আমাৰ ছাত্ৰ বুদ্ধদেৱ ৰংহাং ঢুকাই থাকিল !

(২)

আমি থকা ঘৰখনৰ মালিক প্ৰয়াত ভদ্ৰেশ্বৰ বৰা খুৰাক সকলোৱে “ডাক্তৰ খুৰা” বুলি মাতিছিল। খুৰাই সেই অঞ্চলৰ দুখীয়া ল’ৰা-ছোৱালী কিছুমানক নিজৰ খৰচত ঘৰত ৰাখি পঢ়া-শুনা কৰোৱাৰ লগতে কাম-বন শিকাই ভৱিষ্যত জীৱনৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিছিল। বহুতৰ বিয়া-বাৰুও পাতি দিছিল। সেই অঞ্চলৰ মানুহৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত খুৰাই আছিল সকলোৰে বাবে একমাত্ৰ ভৰসা। মানুহৰ সকলো সমস্যাৰে তৎকালীন সমাধান দিব পৰা আৰু প্ৰাথমিক চিকিৎসাৰ সম্যক জ্ঞান থকা হেতুকেই খুৰা আছিল সকলোৰে বাবে “ডাক্তৰ খুৰা”। আমি ডাক্তৰ খুৰাহঁতৰ ঘৰৰ একাষে থকা ভাড়াঘৰসমূহৰ কোঠা এটাতে থাকিবলৈ ল’লো। চাৰিটা পৰিয়াল থাকিব পৰা এক লাইন ভাড়াঘৰৰ, মাজৰ কোঠাটো আমাক দিয়া হ’ল। পিছলৈ বাৰান্দাখন বেৰি দি একোঠলীয়া ঘৰটো দোকোঠলীয়া কৰা হৈছিল। পাকঘৰো আছিল তেনেকৈ শাৰী পাতি চাৰিটা। এদিনৰ কথা। খেৰণীত ভাগ্যদেৱী থিয়েটাৰ চলিছে। শেষৰ দিনাৰ নাটক “লাটচাহাবৰ লাজ” চোৱাৰ পিছত কমিটিয়ে আয়োজন কৰা নিশাৰ আহাৰত আমাকো উপস্থিত থাকিবলৈ ক’লে। অভিনেতা বিজু ফুকন, মৃদুল ভূঞা, প্ৰাণজিৎ দাস, গিৰিজা শৰ্মা, সুৰভি কটকী আদিৰ সৈতে সৰস আড্ডাত ভাগ লৈ ৰূম পাওঁতে প্ৰায় ১২ বাজিবৰ হৈছিল। চিলমিলিয়া টোপনি আহিছিলহে, এনেতে কোঠাৰ খিৰিকীত কোনোবাই টোকৰ মৰাৰ শব্দ শুনিলোঁ। কোন হ’ব পাৰে এই নিশাখন? কথাটো ভাবি শেষেই নহ’ল, আকৌ টক্ টক্ টক্ । কোন ? মই সুধিলোঁ। উত্তৰ নাই, নিঃশব্দ। অলপ সময় তত্ লৈছোঁহে আকৌ আৰম্ভ হ’ল একেই শব্দ। শৰীৰ অৱশ হৈ আহিবলৈ ধৰিলে। চেঁপা মাতেৰে ইটো কোঠাত শুই থকা সহকৰ্মীক মাত লগালোঁ—”মালা বা, শুনিছানে ?” ভিতৰৰ কোঠাৰপৰা চেপা উত্তৰ আহিল—”ওঁ!” ৰক্ষা ! সিহঁতো অন্ততঃ সাৰে আছে! বিচনাৰ পৰা ভৰিকেইটা কোনোমতে চোঁচোৰাই নমাই চেণ্ডেলযোৰত থৈছোঁহে, আকৌ শুনিলোঁ অনুৰূপ শব্দ। এইবাৰ কিন্তু তিনিবাৰ নহয়, লাহেকৈ এবাৰ। আগন্তুকে পৰ্দাৰ ফাঁকেৰে চাই আছে বুলি ভাবি একে জাঁপে ইটো কোঠা পালোঁগৈ। ভয়তে পেঁপুৱা লাগি সাৱটি ধৰিলোঁ এজনীয়ে আনজনীক। পূৱ ফালৰ কোঠাটোত সপত্নীক শিক্ষক কলিতা থাকে। পশ্চিম ফালৰ আমাৰ কাষৰ কোঠালীটো খালী, শেষৰ কোঠালীটোত বৰদলৈদাহঁতৰ পৰিয়াল আছে। তেওঁলোকে বা শুনিছেনে নাই এই শব্দ ! হঠাতে মূৰত এটা বুদ্ধি খেলালে। গাধোৱা লোৰ বাল্টি এটা ৰূমতে আছিল। বাল্টিটো ওলোটাই লৈ জোকাৰি দিলোঁ সৰ্বশক্তিৰে। মধ্যনিশাৰ নিজান নিতাল পৰিবেশত অস্বাভাৱিকভাৱে বাজি উঠা ঢং ঢং শব্দত ইমূৰৰ পৰা দৌৰি আহিল বৰদলৈদা ।

কি হৈছে ? কি হৈছে ?

ভয়াৰ্ত মাতেৰে আমি তিনিওজনীয়ে চিঞৰি উঠিলোঁ — “বৰদলৈদা, কোনোবা আহিছে, চাওকচোন !”

কোঠাৰ দুৱাৰ খুলি বৰদলৈদাক মাত এষাৰ যে লগাব লাগে সেইকথা আমি সমূলি পাহৰি গ’লো! পিছদিনা ডাক্তৰ খুৰাহঁতে কথাটো গম পাই আমাক অভয় দিলেহি যে খেৰণীত অন্ততঃ অশুভ-দৃষ্টিসম্পন্ন কোনো মানুহ নাই । সেয়া আছিল নিঃসন্দেহে জেঠীৰ নেজৰ শব্দ । লাজতে আমি ইজনীয়ে সিজনীৰ মুখলৈ চালোঁ।

২০০০ চনৰ জুলাই মাহৰ ২২ তাৰিখে খেৰণীৰপৰা বিদায় লোৱাৰ মুহূৰ্তত অনেক সুখৰ স্মৃতিয়ে মোক আবেগিক কৰি তুলিলে। ডাক্তৰ খুৰাৰ সাদৰী পত্নীৰ মাতৃসুলভ স্নেহ, কল্যাণদা আৰু বৌৰ বন্ধুত্বপূৰ্ণ আন্তৰিকতা, কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সৰু ঠাইখনৰ স্থানীয় লোকসকলৰ মৰম-ভালপোৱাই মোক কেনেকৈ সমৃদ্ধ কৰি তুলিলে এই কথা মই কেনেকৈ পাহৰিম ! মই খেৰণী এৰাৰ দুমাহৰ পিছতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডাক্তৰ খুৰা হঠাতে ঢুকাই থাকিল । খুৰাৰ বয়স আছিল তেতিয়া প্ৰায় ৭৮ বছৰ । গোটেই খেৰণী অঞ্চল শোকত ম্ৰিয়মাণ হৈ পৰিল । এই পিতৃতুল্য মানুহজনৰ স্নেহসিক্ত সান্নিধ্যৰ স্মৰণে মোকো শোকাভিভূত কৰি তুলিলে । কেইমাহমানৰ পিছত বিয়াৰ নিমন্ত্ৰণ দিবলৈ খেৰণীলৈ গৈছিলোঁ । খুৰীক সেৱা কৰোঁতে তেখেতে হাতৰ মুঠিত লুকুৱাই ৰখা সোণৰ আঙঠি এটা দি মোক কৈছিল- “তই মোৰ নিজৰ ছোৱালীৰ দৰে আছিলি অ’ !” কোনো প্ৰতিদান আশা নকৰাকৈ খুৰীহঁতৰ ঘৰখনে এতিয়াও জাতি-ধৰ্ম নিৰ্বিশেষে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিয়ে আছে । খুৱাইছে, পিন্ধাইছে, পঢ়াইছে, বিয়া পাতি দিছে । এয়া যেন তেওঁলোকৰ এৰাব নোৱাৰা দায়িত্ব ! স্বাৰ্থপৰতা আৰু আত্মকেন্দ্ৰিকতাৰে ভৰা পৃথিৱীখনত খুৰীহঁতৰ দৰে মানুহ দেৱদূত হৈ এই পৃথিৱীলৈ আহে । তেওঁলোকে স্বীকৃতি নিবিচাৰে, প্ৰশংসা আশা নকৰে, কেৱল নিজৰ কৰ্ম কৰি যায় নীৰৱে । খুৰীহঁতৰ আশ্ৰম সদৃশ ঘৰখনত ডাঙৰ হোৱা ল’ৰা-ছোৱালীবোৰৰ সংস্থাপনৰ খবৰ শুনিলে ঘৰখনে আনন্দৰ চকুলো মচে । প্ৰেম আৰু কৰুণাৰ প্ৰতিমূৰ্ত্তি এই খুৰীগৰাকীৰ বয়স এতিয়া আশীৰো অধিক । খুৰীহঁতৰ দৰে প্ৰচাৰবিমুখ ব্যক্তিসকলেই আচলতে সমাজৰ উপযুক্ত মানৱ সম্পদ । খেৰণীলৈ নোযোৱা হলে এই ধুনীয়া ঠাইখনৰ ধুনীয়া মনৰ মানুহখিনিৰ কথা কেতিয়াও নাজানিলোহেঁতেন মই । কথাবোৰ ভাবিলে নিজকে বৰ সৌভাগ্যশালী যেন লাগে।

এটা মন্তব্য

  1. At the outset, I would like to apologise that I don’t have the software to type in Assamese. wring Assamese in English/Roman script may not seem proper.So my short comment is in English—
    First thing, the very mention of Karbi Anglong and Kheroni drew me to this write-up. After going through it I can definitely say it that the descriptions are really beautiful. As if I am a live witness to the events that the author, Meenakshi Baruah is describing. Being familiar to the environment, of course, helped. Rather a little more familiar. For I knew “Dr. Bora” and was quite aware about his acts of practical benevolence.
    I should thank Ms Meenakshi Baruah for sharing her sweet and sour memories.
    I hope to enjoy more fro her writings.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে