চ’ৰাঘৰ / কথাশিল্প / এলপ্ৰাজোলাম৷৷ মমিন বৰা৷৷

এলপ্ৰাজোলাম৷৷ মমিন বৰা৷৷

নগ্ন নাভিৰ ওপৰেৰে নষ্ট আলাপৰ জুনুকা বজাই পাৰ হোৱা ক’লা ঘোঁৰাৰ জাকটো
ৰাতিৰ ৰে’লত উঠি গুচি যায় গোপন গন্তব্যস্থানলৈ

সামন্তবাদী সময়ৰ ডেউকাত উঠি
কিৰিলিয়াই থাকোঁতে
আমি ভ্ৰূক্ষেপহীন
এই ক’লা ঘোঁৰাবোৰক লৈ

সম উচ্চতাৰ পৰা পকা আম চিঙি খোৱা বা
নিজস্ব পৰিসীমাৰ হেৰফেৰ নোহোৱাকৈ ব্যক্ত কৰা কথাবোৰ একে

তেনে মাহেন্দ্ৰক্ষণত চুহিবলৈ নেৰো আমি
সাময়িক সুযোগৰ মজ্জাৰ পৰা ভৱিষ্যতৰ ভ্ৰূণ পৰ্যন্ত

বন্দী বিহংগৰ কথা দোহাৰাৰ প্ৰয়োজন নাই
মুক্ত হৈয়ো চেঁকা লগা চোলাৰ সাধু ভাল পোৱা পতংগ আমি

এইদৰেই সন্মুখৰ নগ্ন চৰিত্ৰবোৰ নেওচি
প্ৰতিদিনে লিখি আছোঁ
ভংগুৰ ভৱিষ্যতৰ আত্মজীৱনী

বিস্মিত সময়ে অৱশ্যেই ধাৰণ কৰে এই অভিশাপ
আৰু সমান্তৰালকৈ সেই দস্তাবেজৰ চলন্ত বিৱৰণী…

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে