চ’ৰাঘৰ / প্ৰকৃতি / সেউজীয়া অৰ্থনীতি কিমান সেউজীয়া?৷৷ ইন্দ্ৰজিৎ বৰা৷৷

সেউজীয়া অৰ্থনীতি কিমান সেউজীয়া?৷৷ ইন্দ্ৰজিৎ বৰা৷৷

পৰিৱেশ বিজ্ঞানৰ অগ্ৰগতিয়ে বিশ্ব পৰিৱেশ দিৱসৰ আনুষ্ঠানিকতাকেই প্ৰত্যাহ্বান জনাব পাৰে নেকি? বিজ্ঞান আৰু প্ৰযুক্তিগত ক্ষমতাৰ সম্প্ৰসাৰণ আৰু পৰিৱেশ সঞ্চালনৰ মাপকাঠি উন্নিতকৰণৰ কোনো গত্যন্তৰ নাই। পৰিবেশ বিজ্ঞান নতুবা জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত জ্ঞানৰ সহায়ত এক কাৰ্যকৰী মাপকাঠিৰ ভিত্তিত মানৱ প্ৰযুক্তিৰ পৰিৱেশৰ ওপৰত থকা প্ৰভাৱ নিৰ্ধাৰণ (Environmental Impact Assessment) কৰা হয়। গতিকে সঠিক মাপকাঠি আৰু দক্ষ পৰিৱেশ প্ৰশাসন দুয়োটাই অনিবাৰ্য৷ চিন্তনীয় যে এই প্ৰশাসনিক গতানুগতিকতাই বান্ধি ৰখা পৰিধিৰ ভিতৰত পৰিৱেশকেন্দ্ৰিক বাহ্যিকতাৰ প্ৰত্যাহ্বান প্ৰায় অসাধ্য হৈ পৰে৷ আজি ক্ষয়িষ্ণু সম্পদৰ ব্যৱহাৰৰ পটভূমিতেই মানৱতাৰ সন্মুখত প্ৰমূল্য, অগ্ৰাধিকাৰ, দক্ষতা, সমতা আদি ঐতিহাসিক প্রশ্নবোৰ আহি পৰিছে৷

মানৱ প্ৰতিষ্ঠিত ব্যবস্থাই মানৱতাকেই বহিৰাগতলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে নেকি? উল্লেখযোগ্য যে পৰিৱেশকেন্দ্ৰিক বাহ্যিকতাবোৰ মানৱ নিৰ্মিত ব্যৱস্থাৰ সৰলীকৰণ তথা সূষমভাবে সাঙুৰি লোৱাৰ ক্ষেত্ৰত থকা ব্যর্থতাৰ সৃষ্টি৷ এই পটভূমিত বহনীয়তাৰ প্ৰতি জাগৰণ হ’ল এই আধুনিক মানৱীয় ব্যৱস্থাবোৰৰ পার্শ্বপ্রতিক্রিয়াবোৰ অতিক্রম কৰাৰ সংকল্প৷ প্ৰশ্ন হয়, তথাকথিত পাশ্চাত্যৰ উন্নত দেশবোৰ বহনক্ষম বিকাশৰ পথ প্ৰদৰ্শক হ’ব পাৰে নেকি ? প্রকৃতপক্ষে, এই দেশবোৰ ঐতিহাসিকভাৱে পৃথিৱীৰ কিছু বিশেষাধিকাৰপ্ৰাপ্ত ৰম্যভূমি যি মানৱীয় বাহ্যিকতাৰ নিৰ্মাণকেন্দ্ৰলৈ ৰূপান্তৰ হয়। আনুষ্ঠানিকভাৱে বহনক্ষম মানৱ উন্নয়ন পুঁজিৰ সৰবৰাহৰ উৎকৃষ্ট সঞ্চালন, সমষ্টিগত অৰ্থনীতিৰ নিয়ন্ত্ৰণ তথা জাতীয় আৰু বিশ্বস্তৰীয় পৰিকল্পনাৰ মাজত সৌহাৰ্দ আৰু উচিত ব্যবস্থাপনাৰ ওপৰত বৃহৎ পৰিমাণে নির্ভৰ কৰে। এই প্রক্রিয়াত, জাতিসঙ্ঘৰ পৰিৱেশ যোজনাৰ (United Nations Environment Plan) দ্বাৰা সংজ্ঞায়িত ”সেউজীয়া অর্থনীতি”ৰ মাজত সামাজিকতা, সমতা আৰু উন্নয়নৰ দিশবোৰ অন্তৰ্নিহিত হৈ আছে আৰু অৰ্থায়নেৰে ভৱিষ্যত প্রযুক্তি বিকাশৰ পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে। এই ক্ষেত্ৰত তাৎকালীনভাৱে বিশেষকৈ উন্নয়নশীল দেশবিলাকৰ অর্থনীতিক পৰিৱেশগতভাবে অধিক বন্ধুত্বপূর্ণ কৰি তোলাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আহি পৰিছে। সেয়ে, ”সেউজীয়া অর্থনীতি” এটা বহুপাক্ষিক আলোচনাৰ প্রক্রিয়া যি এতিয়াও সম্পূর্ণৰূপে এক নিখুঁত কৰ্মসূচী, বিশ্বস্তৰীয় ঐক্যমত নতুবা চুক্তিলৈ ৰূপান্তৰ হোৱা নাই।

এইখিনিতে বহনীয়তাৰ সৈতে ভৌতিক বিজ্ঞানৰ যোগসূত্ৰ বিচাৰি চোৱা যাওঁক । তাপগতি বিজ্ঞানৰ প্রথম সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত শাস্ত্রীয় অর্থনীতিৰ সীমাবদ্ধতাই হ’ল বহনীয়তাৰ পটভূমি । তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰই এনট্রপিৰ (Entropy) ধাৰণা দিয়ে আৰু অপৰিবর্তনীয় প্রক্রিয়াক (Irreversible Process) সংজ্ঞায়িত কৰে । এই অপৰিবর্তনীয় প্রক্রিয়াবোৰেই সম্পদৰ অৱক্ষয় আৰু জলবায়ু পৰিবর্তনৰ মূল । মানৱ উন্নয়নৰ এই দিশত পদক্ষেপ আৰু তাৰ দীৰ্ঘকালীন প্ৰভাৱবোৰৰ ওপৰত বিতৰ্ক আহি পৰে। তেনেকৈ অভিযোজনৰ (Adaptability) ক্ষেত্ৰত লব লগা মানৱীয় পদক্ষেপবোৰো বহনক্ষম বিকাশৰ পৰিকল্পনাৰ অংশ। প্ৰশ্ন হয়, নিম্ন শক্তিৰ উৎপাদন-বিনিয়োগ অনুপাত সূচকযুক্ত (Energy Return On Energy Invested) পুনর্নবীকৰণযোগ্য শক্তিৰ (Renewable Energy) উৎসবোৰৰ বৰ্ধিত ব্যৱহাৰে ক্ষয়িষ্ণু জীবাশ্মৰ ইন্ধনবোৰ (Non-renewable Fossil Fuels) সংৰক্ষণ কৰিবনে ? শক্তি দক্ষতাৰ অভিযানবিলাকৰ (Energy Efficiency Drives) বাবে প্ৰয়োজনীয় পুঁজিৰ বিনিয়োগৰ ক্ষেত্ৰতো শক্তি প্ৰাবল্যতাৰ প্ৰশ্নটো আহিব। তেনেহলে, স্কেন্ডিনেভিয়ান দেশবিলাকৰ পৰা আমাৰ কিবা গ্ৰহনযোগ্য আছেনে ? নিজ দেশক উদ্যোগিক উৎপাদনৰ পৰা মুক্ত কৰি কেৱলমাত্ৰ তৃতীয় সেৱা খণ্ডৰ সম্প্ৰসাৰণ কৰি পৰিৱেশগত বাহ্যিকতাক অন্য দেশলৈ স্থানান্তৰিত কৰিব পাৰি । অন্য দেশত উৎপাদিত উইন্ডমিল আৰু চ’লাৰ পেনেল আমদানি কৰি নিজ দেশত ব্যৱহাৰ কৰিব পাৰি। কিন্তু অন্য দেশত হ’লেও জীবাশ্মৰ ইন্ধনবোৰ নোহোৱাকৈ আমি উইন্ডমিল উৎপাদন কৰিব পাৰিমনে ? তেন্তে অর্থনৈতিক বিকাশৰ হাৰ বজাই ৰাখিবলৈ প্ৰয়োজনীয় হৈ উঠা বৰ্ধিত শক্তিৰ চাহিদা পূৰণ কৰাৰ বাবে ৰাজস্বভাৱে আৰ্থিক ৰেহাইপ্ৰাপ্ত পুনর্নবীকৰণযোগ্য শক্তি উৎপাদনত বিশ্বব্যাপী জীবাশ্মৰ ইন্ধনবোৰৰ ব্যৱহাৰ অধিক নহ’বনে? তেনেহ’লে এয়া বিশ্বস্তৰৰ নে কেৱল ক্ষেত্ৰবিশেষৰ “সেউজীয়া অৰ্থনীতি”?

মূল প্ৰত্যাহ্বান হ’ল সমষ্টিগত অৰ্থনীতিৰ পৰিধি তথা বর্তমান আৰু ভবিষ্যতৰ কল্যাণৰ মাজত ভাৰসাম্যশীলতা বজাই ৰখাৰ ক্ষেত্ৰত এনট্রপিৰ সীমাবদ্ধতা নিৰূপণ আৰু তাৰ প্ৰতিকাৰ । অৰ্থনীতিৰ তৃতীয়াকৰণ বৃহৎ উৎপাদনৰ ক্ষেত্ৰত থকা অৰ্থনৈতিক মুনফাৰ ওপৰতেই প্ৰতিষ্ঠিত আৰু ই আচলতে অর্থনীতিৰ বস্তুগত সমৃদ্ধিৰেই পৰোক্ষ সূচক । সেয়ে প্ৰকৃততে তৃতীয় খণ্ডৰ ঐতিহাসিক বিকাশে ক্ষেত্ৰ বিশেষে প্ৰতি উৎপাদন এককৰ শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিলেও সামগ্ৰিকভাৱে জনমূৰী শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰিবনে ? ৰাজহুৱা পুঁজিৰ সহায়ত শক্তিৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে নিম্নমানৰ শক্তিৰ উৎপাদন-বিনিয়োগৰ অনুপাত থকা শক্তি সম্পদৰ ক্রমবর্ধমান ব্যবহাৰে ক্ষয়িষ্ণু সম্পদসমূহৰ দ্রুত অৱক্ষয় ঘটাব পাৰে ৷ ফলস্বৰূপে অৰ্থনীতিত বিনিয়োগক্ষম শক্তিৰ (Discretionary Energy) পৰিমান হ্ৰাস পোৱাৰ লগে লগে দীৰ্ঘকালীন ভাৱে অর্থনৈতিক অৱনতি ঘটিব পাৰে নেকি? এইখিনিতে, মানৱ উন্নয়নৰ অধিকাৰ অৱশ্যেই পূৰণ কৰা উচিত যাতে বর্তমান আৰু ভবিষ্যত প্রজন্মৰ উন্নয়নমূলক আৰু পৰিবেশগত প্ৰয়োজনীয়তাক সমানে গুৰুত্ব দিয়া হয় । সেউজীয়া অর্থনীতিৰ ভিত্তি হিচাবে পৰিবেশৰ সুৰক্ষা আৰু উন্নয়ন দুয়োটাই অপৰিহার্য হোৱা উচিত ৷ এই পৰিবেশ আৰু উন্নয়ন দুয়োটা দিশক সন্মিলিত কৰিব পাৰিব এক সামগ্ৰিক নীতি আৰু কাৰ্যসূচীয়েহে । অৱশ্যে সমৃদ্ধিৰ সীমা (Limits to Growth) আৰু শিখৰ পেট্ৰোলিয়ামৰ (Peak Oil) দৰে তত্বই সৃষ্টি কৰা আশংকাই ইতিমধ্যে বিদ্যয়তনিক ক্ষেত্ৰবোৰ দখল কৰিছে ।

গতিকে বিকল্প শক্তি সম্পদ আৰু শক্তি দক্ষতা দুটি সুস্পষ্ট পদক্ষেপ কিন্তু দুয়োটাৰে সুস্পষ্ট সীমাবদ্ধতাও আছে । বিকল্প শক্তি সম্পদৰ গুণগত মান, তীব্রতা আৰু শক্তিৰ উৎপাদন আৰু বিনিয়োগৰ অনুপাত সূচক খুব কম আৰু সেয়ে ইয়াৰ ওপৰত নিৰ্ভৰশীল মানে হ’ল কম বিনিয়োগক্ষম শক্তি । অন্যহাতেদি, শক্তি দক্ষতাৰ অভিযানো এক বিতৰ্কিত প্ৰশ্ন কিয়নো ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা সঞ্চয়ে পুঁজি বিনিয়োগক পৰিশোধ কৰিব পাৰিবনে, কাৰণ এই বিনিয়োগ সদায় শক্তি প্ৰধান। তেন্তে সেউজীয়া ৰাশিৰ বিনিয়োগ মানেই পদ্ধতিগত অৱনমিত বিকাশৰ পথ গ্রহন নেকি? কিয়নো ৰাজস্ব উপাদান অবিহনে এই সেউজীয়া ৰাশি আর্থিকভাবে সম্ভৱপৰ নহয় । প্ৰাসঙ্গিক প্ৰশ্নটো হ’ল সেউজীয়া লেবেলবোৰ ব্যয়বহুল কিয়, অৰ্থাৎ আজি সেউজীয়া হ’বলৈ আমাক অতিৰিক্ত পুঁজিৰ কিয় প্ৰয়োজন ?

সেউজীয়া অর্থনীতি আচলতে এক ৰেহাই হাৰৰ (Discount Rate) ওপৰত প্ৰতিষ্ঠিত যি ভবিষ্যত প্রজন্মৰ কল্যাণৰ স্বাৰ্থত ভবিষ্যতৰ অর্থনৈতিক কার্যক্রমৰ ওপৰত বিৰূপ প্রভাৱ নপৰাকৈ পৰিৱেশগত ক্ষতিৰ প্ৰতিৰোধৰ বাবে লোৱা বৰ্তমানৰ অর্থনৈতিক সিদ্ধান্তৰ মূল্যাঙ্কন কৰে। এই ক্ষেত্ৰত প্ৰজন্মবিলাকৰ পূর্ণ সমতাৰ বাবে প্রযুক্তিগত পৰিবর্তনৰ প্রত্যাশিত হাৰৰ সমতুল্য এক ৰেহাই হাৰৰ ব্যৱহাৰ হয়তো যুক্তিযুক্ত। জাতিসঙ্ঘৰ পৰিৱেশ যোজনাৰ কৰ্তৃত্বত সেউজীয়া আৰ্থনৈতিক প্রতিবেদনত (Green Economic Report) প্ৰকাশ কৰা মতে সেউজীয়া অর্থনীতিৰ ক্ষেত্ৰত বিনিয়োগৰ পুনর্নির্ধাৰণৰ আঁচনিৰ অধীনত প্ৰাকৃতিক পুনর্নবীকৰণযোগ্য শক্তি ব্যৱহাৰৰ বাবে কিছু বছৰ অর্থনৈতিক বিকাশৰ হাৰ হ্ৰাস পাব, কিন্তু দীৰ্ঘকালীনভাৱে দ্রুত অর্থনৈতিক বিকাশৰ সম্ভাৱনা আছে ।

পৰিবেশগত মানৰ ওপৰত বৰ্ধিত মানৱ সাম্ৰাজ্যৰ দীৰ্ঘদিনীয়া প্রভাৱ সুপ্রতিষ্ঠিত। পৰিবেশগত সমস্যাবোৰৰ ক্ষেত্ৰত বিকাশৰ সীমাবোৰ প্ৰায়ে উনুকিওৱা হয়। সেয়ে বহনক্ষম বিকাশৰ অৰ্থায়ন তেতিয়াহে সম্ভৱ হব যেতিয়া মানৱ সাম্ৰাজ্যৰ সম্প্রসাৰণত অহা সীমাবদ্ধতাৰ কোনো কাৰ্যকৰী বিকল্প থাকিব। সেয়ে বহনীয়তাৰ প্ৰশ্ন হৈছে এটা ঐতিহাসিক প্ৰশ্ন যি কেৱল এক বিনিয়োগৰ ক্ষেত্ৰ আৰু তাৰ অৰ্থায়নতেই সীমাবদ্ধ নহয় ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে