চ’ৰাঘৰ / ইত্যাদি / হিন্দুত্ববাদীৰ অহৈতুকী প্ৰীতি৷৷ জিতেন বেজবৰুৱা৷৷

হিন্দুত্ববাদীৰ অহৈতুকী প্ৰীতি৷৷ জিতেন বেজবৰুৱা৷৷

পাকিস্তান! পাকিস্তান!

শব্দটো শুনি আপোনাৰ গাত একো ফিলিং হোৱা নাই নেকি বাৰু? পাকিস্তানক এক মামুলি বস্তু বুলি বা ‘ভাৰতৰ চুবুৰীয়া এখন দেশ আৰু’ বুলি ভাবিছে নেকি? তেন্তে আপোনাৰ গাত নিশ্চয়কৈ হিন্দুত্ববাদৰ অভাৱ ঘটিছে৷ যদি সেইটো বস্তু নাই তেন্তে আপোনাৰ লাইফত একোৱেই নাই৷ পাকিস্তানৰ মাহাত্ম্যৰ কথা আপুনি কেনেকৈ বুজিব? কেনেকৈ উপলব্ধি কৰিব পাকিস্তানৰ প্ৰতি হিন্দুত্ববাদীৰ নিঃস্বাৰ্থ আৰু অবিনশ্বৰ প্ৰেমৰ কাহিনী? তাৰ বাবে আপুনি দেশভক্ত সংগঠনত নামভৰ্তি কৰিব পাৰে বা নিয়মীয়াকৈ পতঞ্জলীৰ গোমূত্ৰ পান কৰিবলৈ আৰম্ভ কৰিব পাৰে৷ তাৰ মাজেৰেহে আপুনি সাধাৰণ নৰমনিচৰপৰা হিন্দুত্ববাদীলৈ উত্তীৰ্ণ হ’ব পাৰিব৷

পাকিস্তানৰ প্ৰতি হিন্দুত্ববাদীৰ প্ৰেমৰ কাহিনী শুনিলে আপোনাৰ চকুলো বৈ আহিব, বুকু দহি যাব, হিয়া ফাটি যাব, মূৰ গধুৰ হৈ যাব৷ এই প্ৰেম চিৰন্তন, এই প্ৰেম অনৰ্গল, এই প্ৰেম দুৰ্দান্ত, এই প্ৰেম মহান৷ পৃথিৱীৰ আন যিকোনো প্ৰেমৰ কাহিনীয়েই, বলিউডৰ যিকোনো প্ৰেমৰ চিনেমাই ইয়াৰ সন্মুখত নিষ্প্ৰভ হৈ যাব৷

হিন্দুত্ববাদী এজন যেতিয়া জন্ম হয়, মাতৃৰ গৰ্ভৰপৰাই আকুল কণ্ঠৰে চিয়ঁৰে – “পাকিস্তান!! মই আহিছো! কেৱল তোমাৰ বাবে!” হিন্দুত্ববাদী এজন যেতিয়া জীৱনৰ শেষ বিন্দুত উপনীত হয়, মৃত্যুশয্যাত পৰি তেওঁ মাত্ৰ এটা শব্দই আওৰায় – “পাকিস্তান!! পাকিস্তান!!” আৰু জীয়াই থকাৰ প্ৰতিটো মুহূৰ্ত তেওঁ সমৰ্পণ কৰে – কেৱল পাকিস্তানৰ বাবে৷

পাকিস্তানৰ নাম শুনিলেই হিন্দুত্ববাদীৰ শৰীৰেদি পাৰ হৈ যায় এক প্ৰচণ্ড বিদ্যুৎপ্ৰৱাহ, তেজৰ চলাচল হৈ উঠে তীব্ৰ, হৃদপিণ্ডৰ স্পন্দন হৈ পৰে সঘন, পেশীবোৰ হৈ পৰে উদ্বাউল, চুলিবোৰ হৈ পৰে থিয়৷ যৌনাংগ হৈ পৰে উত্থিত, পাহাৰী নিজৰাৰ দৰে পাৰ ভাঙি বৈ আহে বীৰ্যৰ টোপাল – কেৱল পাকিস্তানৰ বাবে৷ পাকিস্তানৰ নাম শুনিলেই মনৰপৰা আঁতৰি যায় সকলো দুখ-বেদনা, সকলো চিন্তা-চেতনা – গোটেই অন্তৰ জুৰি বৈ থাকে কেৱল প্ৰেম, পাকিস্তানৰ আকলুৱা প্ৰেম৷ পাকিস্তানৰ নাম নল’লে হিন্দুত্ববাদীৰ মুখৰ ভাত পেটলৈ নাযায়, লেট্ৰিন খোলোচা নহয়, ৰাতি টোপনি নাহে, ক’তো নবহে মন৷ সপোনতো হিন্দুত্ববাদীয়ে বিচাৰি ফুৰে পাকিস্তানক৷ মাজনিশা সাৰ পাই শুনিছেনে কেতিয়াবা হিন্দুত্ববাদীৰ হিয়াভগা মাত – পাকিস্তান! পাকিস্তান!

হিন্দুত্ববাদীৰ এই প্ৰেমক গানৰ মাজেৰে অমৰ ৰূপ দি থৈছে সুমনে –

“প্রথমত আমি তোমাকে চাই,
দ্বিতীয়ত আমি তোমাকে চাই,
তৃতীয়ত আমি তোমাকে চাই,
শেষ পর্যন্ত তোমাকে চাই…

নিঝুম অন্ধকারে তোমাকে চাই,
রাত ভোর হলে আমি তোমাকে চাই,
সকালের কৈশোরে তোমাকে চাই,
সন্ধ্যের অবকাশে তোমাকে চাই…
বৈশাখী ঝড়ে আমি তোমাকে চাই,
আষাঢ়ের মেঘে আমি তোমাকে চাই,
শ্রাবণে শ্রাবণে আমি তোমাকে চাই,
অকাল বোধনে আমি তোমাকে চাই…

কবেকার কলকাতা শহরে পথে,
পূরনো নতুন মুখ ঘরে ইমারতে,
অগুন্তি মানুষের ক্লান্ত মিছিলে,
অচেনা ছুটির ছোয়া তুমি এনে দিলে,

নাগরিক ক্লান্তিতে তোমাকে চাই,
এক ফোটা শান্তিতে তোমাকে চাই,
বহুদূর হেটে এসে তোমাকে চাই,
এ জীবন ভালো বেসে তোমাকে চাই…

চৌরাস্তার মোড়ে পার্কে দোকানে,
শহরে গঞ্জে গ্রামে এখানে ওখানে,
স্টেশনটার মিনাস হাটে বন্দরে,
অচেনা ড্রয়িং রুমে চেনা অন্দরে…
বালিশ তোষক কাথা পুরনো চাদরে,
ঠান্ডা শীতের রাতে লেপের আদরে,
কড়িকাঠে চৌকাঠে মাদুরে পাপোষে,
হাসি রাগ অভিমান ঝগড়া আপোষে…
তোমাকে চাই, তোমাকে চাই,
তোমাকে চাই, তোমাকে চাই…

এক কাপ চায়ে আমি তোমাকে চাই,
ডাইনে ও বায়ে আমি তোমাকে চাই,
দেখা না দেখায় আমি তোমাকে চাই,
না বলা কথায় আমি তোমাকে চাই … …

প্রথমত আমি তোমাকে চাই,
দ্বিতীয়ত আমি তোমাকে চাই,
তৃতীয়ত আমি তোমাকে চাই,
শেষ পর্যন্ত তোমাকে চাই…”

কোন এই তুমি? পাকিস্তান৷

হিন্দুত্ববাদীৰ প্ৰেমে আমাক মনত পেলাই দিয়ে তাহানিৰ ৰহস্যবাদী কবিসকলৰ কথা৷ পাকিস্তান যেন এক চিৰন্তন অপ্ৰাপ্তিৰ নাম, এক ৰহস্যৰ নাম, এক আধিদৈহিক সত্তাৰ নাম – যাক সদায়ে বিচাৰি ফুৰা যায়, কিন্তু হাতত পোৱা নাযায়৷

হিন্দুত্ববাদীৰ প্ৰেম আমি বিচাৰি পাওঁ অম্বিকাগিৰীৰ ‘তুমি’ৰ মাজতো৷ সেই ‘তুমি’ যেন আন কোনো নহয়, পাকিস্তানহে৷

“তুমি দূৰণিৰ প্ৰেমিকৰ
হেঁপাহৰ ব্যগ্ৰ হিয়াখনি
তুমি বিৰহিণী-অন্তৰত
মিলনৰ বলিয়া কঁপনি |
তুমি মিলনৰ প্ৰথমতে
লাজুকীৰ কঁপি উঠা বুক;
তুমি সুন্দৰীয়ে সুন্দৰত
মিলনৰ তৃপ্তিহীন সুখ |
তুমি নিতম্বিনী সাদৰীৰ
নিতম্ব-চুম্বিত চুলিকোঁচা,
দেখুৱাই অন্তৰত
অতৃপ্তিৰ মহাচিত্ৰ ৰচা |”

পাকিস্তান যেন “নিতম্বিনী সাদৰীৰ নিতম্ব-চুম্বিত চুলিকোচা”, যি হিন্দুত্ববাদীৰ অন্তৰত ৰচে “অতৃপ্তিৰ মহাচিত্ৰ”৷ সেয়ে হিন্দুত্ববাদী কেতিয়াও তৃপ্ত নহয় – শেষ হোৱাৰ পাছতো শেষ নহয় যাত্ৰা৷ আজীৱন বিচাৰি থাকে পাকিস্তানক৷

হিন্দুত্ববাদীৰ প্ৰেমেৰে জীপাল হৈ আছে ভাৰতৰ ইতিহাস৷ পাকিস্তানৰ জন্মৰ আগৰপৰাই হিন্দুত্ববাদীৰ আছিল এই প্ৰেম৷ জিন্নাৰ বহু আগতেই হিন্দুত্ববাদী মহাবীৰ চাভাৰকাৰে উলিয়াইছিল দ্বিজাতি তত্ত্ব – যি তত্ত্বৰ ভিত্তিত জন্ম হৈছিল পাকিস্তানৰ৷ হিন্দুত্ববাদীৰ শত্ৰু কেতিয়াও নাছিল মুছলিম লিগ, শত্ৰু আছিল কংগ্ৰেছহে৷ কংগ্ৰেছৰ বিৰুদ্ধে মুছলিম লিগৰ লগ লাগি বহু ঠাইত প্ৰাদেশিক চৰকাৰ কৰিছিল হিন্দু মহাসভাই৷ হিন্দুত্ববাদী বীৰ দেশভক্ত গডছেজীয়ে গান্ধী বুঢ়াক হত্যা কৰিছিল পাকিস্তানৰ লগত বেছি হলিগলি কৰা বুলি৷ হত্যাৰ পূৰ্বে কেইবাবাৰো হত্যাৰ অসফল চেষ্টা চলাইছিল৷ কিন্তু আমি হিন্দুত্ববাদীয়ে জিন্নাৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱাৰ উদাহৰণ পাইছোনে? পামনো কেনেকৈ? প্ৰেমৰ মহিমা যে অপাৰ৷ জিন্নাৰ সৈতে হিন্দুত্ববাদীৰ একে মন, একে প্ৰাণ৷ পাকিস্তানৰ বাপেক যে৷ আজিও অটুট আছে সেই বন্ধন, আজিও নিছিগা ধাৰে বৈ আছে প্ৰেম৷ নহ’লেনো প্ৰধান সেৱকে মনে মনে পাকিস্তানত জন্মদিন খাবলৈ যায় নে? নহ’লেনো দেশৰ প্ৰতিৰক্ষাৰ চিন্তা বাদ দি আই এছ আইৰ লগত জড়িত পাকিস্তানী লোকক দেশৰ ভিতৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ অনুসন্ধান কৰিবলৈ দিয়েনে? ইয়াকেই কয় প্ৰকৃত প্ৰেমৰ নমুনা৷

হিন্দুত্ববাদীৰ প্ৰেমত কিন্তু এখন আঁৰবেৰ আছে৷ অন্তৰত প্ৰেম চপচপীয়া হৈ থাকিলেও কিন্তু হিন্দুত্ববাদীয়ে গাই নিদিয়ে – “খোল্লম খোল্লা প্যাৰ কৰেংগে হম দোনো৷” এই প্ৰেম বিবাহ-বহিৰ্ভূত প্ৰেমৰ নিচিনা, যাক আমি অবৈধ প্ৰেম বুলি কওঁ৷ প্ৰেম কৰিবা, কিন্তু মৰি গ’লেও স্বীকাৰ নকৰিবা৷ লগতে, লোককে দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা বেথা৷ “আপকা দিল হমাৰে পাছ হে, হমাৰা দিল আপকে পাছ হে” – কিন্তু জীয়াই থকালৈকে যাতে এই কথা আনৰ আগত কেতিয়াও খুলি কোৱা নহয়৷ পাকিস্তানৰ শপত৷ কিন্তু বিবাহ-বহিৰ্ভূত প্ৰেমৰ দৰেই এই প্ৰেম তীব্ৰ, এৰাব নোৱৰা৷

কাঠৰ গড় বান্ধিম পচিব, মাটিৰ গড় বান্ধিম খহিব৷ কিন্তু হিন্দুত্ববাদীৰ প্ৰেমৰ গড় প্ৰাণ পৰিভুগি ৰ’ব৷ অন্তঃসলিলা ফল্গুৰ দৰে হিন্দুত্ববাদীৰ অন্তৰত সদায় বৈ থাকিব পাকিস্তানৰ প্ৰেম৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে