চ’ৰাঘৰ / কথাশিল্প / বাটৰ কবিতা৷৷ টুনুজ্যোতি গগৈ৷৷

বাটৰ কবিতা৷৷ টুনুজ্যোতি গগৈ৷৷

আইতা, মোক কলৰ ঠোৰাৰে
আকৌ ঘেঁাৰা এটা সাজি দে
মই চেকুৰাই দিওঁ
ল’ৰালিৰ সেই ধূলিয়ৰি বাটেৰে

সৌখন টেপুৰামৰ দোকান
চাৰি অনা দে আইতা
মই সাউতকৈ তোলৈ
কিনি আনোঁ বান্দৰ বিড়ি

অ’ পিতাই
তই যে গাঁৱৰ ধূলিয়ৰি বাট এৰি
মোক গুচি যাব কৈছিলি
এটা পোহৰৰ বাটেৰে

সেই বাট জানো মহানগৰীৰৰ এই বাট
মই গৈ গৈ হেৰুৱাইছেঁা হৃদয়
মই গৈ গৈ হেৰুৱাইছেঁা নিজক
আৰু অঁাকোৱালি লৈছেঁা
অসীম একাকীত্ব
অন্ধকাৰ

আই মই উভতি যাব খোজেঁা
ল’ৰালিৰ ধূলিয়ৰি বাটটোলৈ
পাৰিলে তোৰ জৰায়ুলৈও
তোৰ জৰায়ুৰ জলজ অন্ধকাৰতেই
মোৰ বাবে আছে পোহৰ৷

এটা মন্তব্য

  1. আই মই উভতি যাব খোজেঁা
    ল’ৰালিৰ ধূলিয়ৰি বাটটোলৈ
    পাৰিলে তোৰ জৰায়ুলৈও
    তোৰ জৰায়ুৰ জলজ অন্ধকাৰতেই
    মোৰ বাবে আছে পোহৰ৷

    বিৰাট ভাল লাগিল l

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে